জাতকৰ্ম
জাতকৰ্ম(সংস্কৃত: जातकर्मन्) (আক্ষৰিক অৰ্থত, জন্মৰ আচাৰ-অনুষ্ঠান) শিশুৰ জন্মৰ পিছত উদযাপন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান সংস্কাৰ।[1] সাধাৰণতে ই এক ব্যক্তিগত ৰীতি-নীতিৰে নতুনকৈ পিতৃ-মাতৃ হোৱা দম্পতী, কেঁচুৱাটোৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পালন কৰা অনুষ্ঠান।
ব্যুৎপত্তি
[সম্পাদনা কৰক]জাতকৰ্ম সংস্কৃতৰ এক সংমিশ্ৰিত শব্দ, আৰু ইয়াৰ মূল শব্দদুটা হৈছে 'জাত' আৰু 'কৰ্ম'। জাত শব্দৰ আক্ষৰিক অৰ্থ হৈছে "জন্ম, অস্তিত্বলৈ অনা, জন্ম দিয়া, উৎপত্তি হোৱা, কাৰণ হোৱা, আবিৰ্ভাৱ হোৱা।" [2] কৰ্ম শব্দৰ আক্ষৰিক অৰ্থ হৈছে "কাম, কৰ্তব্য, বাধ্যবাধকতা, যিকোনো ধৰ্মীয় কাৰ্য্যকলাপ বা ৰীতি, প্ৰাপ্তি।" [3] এইদৰে জাতকৰ্মৰ অৰ্থ হৈছে "জন্মৰ সময়ত কৰা এটা আচাৰ" বা "জন্ম অনুষ্ঠান।" [4][5]
এই ৰীতি-নীতি সমূহ মুখ্যতঃ নৱজাতকৰ সৈতে জড়িত।[5]
বিৱৰণ
[সম্পাদনা কৰক]হিন্দু ধৰ্মৰ প্ৰাচীন গ্ৰন্থসমূহত উল্লেখ থকা অনুসৰি নৱজাত শিশুৰ বাবে জন্মৰ পিছৰ প্ৰথমটো ৰীতি-নীতিৰ অনুষ্ঠানেই হৈছে জাতকৰ্ম। ইয়াত শিশুৰ জন্মৰ লগতে পিতৃৰ সৈতে গঢ়ি উঠা বান্ধোনক উদযাপন কৰা হয়।[6] পৰম্পৰাগত জাতকৰ্ম অনুষ্ঠানৰ সময়ত পিতৃয়ে শিশুটিৰ ওঁঠত মৌ আৰু ঘিঁউ স্পৰ্শ কৰি আদৰণি জনায়। কেতিয়াবা, এই অনুষ্ঠানত বৈদিক শ্লোক মতা হয়। এই অনুষ্ঠানৰ প্ৰথম তাৎপৰ্য গৃহসূত্ৰ গ্ৰন্থত মেধাজনন (সংস্কৃত: মেধান) বুলি ব্যাখ্যা কৰা হৈছে, বা মাতৃৰ গৰ্ভত শিশুৰ শৰীৰ গঠন সম্পূৰ্ণ হোৱাৰ পিছত জগতৰ গৰ্ভত শিশুৰ মন আৰু বুদ্ধিৰ আৰম্ভ কৰা। গীতসমূহৰ দ্বিতীয় খণ্ডত শিশুটিৰ দীৰ্ঘায়ু কামনা কৰা হৈছে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Pandey, Rajbali (1992). Hindu samskaras: socio-religious study of the Hindu sacraments. Motilal Banarsidass. পৃষ্ঠা. 70–77. ISBN 978-81-208-0396-1.
- ↑ jAta, Monier Williams Sanskrit–English Dictionary, (2008 revision), Cologne Digital Sanskrit Lexicon, Germany
- ↑ karman, Monier Williams Sanskrit–English Dictionary, (2008 revision), Cologne Digital Sanskrit Lexicon, Germany
- ↑ jAtakarman, Monier Williams Sanskrit–English Dictionary, (2008 revision), Cologne Digital Sanskrit Lexicon, Germany
- ↑ 5.0 5.1 jAtakarman Apte Sanskrit English Dictionary, University of Chicago
- ↑ 6.0 6.1 Kathy Jackson (2005), Rituals and Patterns in Children's Lives, University of Wisconsin Press, আই.এচ.বি.এন. 978-0299208301, page 46