ফাগুন
February | ফাগুন | March | ||||
দে | সো | ম | বু | বৃ | শু | শ |
০১ 14 |
০২ 15 |
০৩ 16 |
০৪ 17 | |||
০৫ 18 |
০৬ 19 |
০৭ 20 |
০৮ 21 |
০৯ 22 |
১০ 23 |
১১ 24 |
১২ 25 |
১৩ 26 |
১৪ 27 |
১৫ 28 |
১৬ 29 |
১৭ 01 |
১৮ 02 |
১৯ 03 |
২০ 04 |
২১ 05 |
২২ 06 |
২৩ 07 |
২৪ 08 |
২৫ 09 |
২৬ 10 |
২৭ 11 |
২৮ 12 |
২৯ 13 |
৩০ 14 |
||
১৪৩০ ভাস্কৰাব্দ |
ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] ফাগুনত ৩০ দিন থাকে।[2] ১ ফাগুন হ'ল এই মাহৰ প্ৰথম দিন।
অন্য পঞ্জিকাত ফাগুনৰ সমসাময়িক মাহ[সম্পাদনা কৰক]
অসমীয়া পঞ্জিকাত ফাগুন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত ফেব্ৰুৱাৰী আৰু মাৰ্চ হয়। ফাগুন ১৪ বা ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু মাৰ্চৰ মধ্যলৈকে থাকে।[3] ব'হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত মাঘা মাহ চলি থাকে[4] ভাৰতীয় অন্যান্য প্ৰান্তত ফাগুন মাহক দ্বাদশ মাহ বুলি ধৰা হয়। আনহাতে গুজৰাটত কাতি মাহক বছৰৰ প্ৰথম মাহ বুলি ধৰা হয় বাবে ফাগুন পঞ্চম মাহ। মাগুন মাহৰ উৎসৱ সমূহৰ ভিতৰত মহা শিৱৰাত্ৰি আৰু ফাকুৱা উল্লেখযোগ্য। ফাকুৱা সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। বৈষ্ণৱ কেলেণ্ডাৰৰ মতে ফাগুন মাহটো গোবিন্দৰ দ্বাৰা পৰিচালিত হয়। ভাৰতৰ কোনো কোনো প্ৰান্তৰ লোকে এই মাহত গৌড় পূৰ্ণিমা উদযাপন কৰে। গোৱাৰ লোক সকলে এই মাহত শিগমো উৎসৱ পালন কৰে।

উৎসৱ পাৰ্বন[সম্পাদনা কৰক]

(ইংৰাজী ২০২০ বৰ্ষৰ মতে)
- ৫ ফাগুন: কাৰ্বি দাহাল কাচিৰ দম
- ৬ ফাগুন: আলি-আই-লৃগাং
- ৮ফাগুন: মহা শিৱৰাত্ৰি
- ১১ফাগুন: বাথৌ পূজা
- ১২ফাগুন: ৰামকৃষ্ণ দেৱৰ জন্মদিন
- ১৫ ফাগুন: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
- ১৯ ফাগুন: বিশ্ব বন্যপ্ৰাণী দিৱস
- ২২ ফাগুন: দামোদৰ দেৱৰ তিথি
- ২৪ফাগুন: আন্তৰ্জাতিক নাৰী দিৱস
- ২৫ ফাগুন: দৌলযাত্ৰা
- ২৬ ফাগুন: ফাকুৱা
- ৩০ ফাগুন: পঞ্চমদোল
প্ৰাকৃতিক পৰিৱৰ্তন[সম্পাদনা কৰক]

ফাগুন মাহৰ সময়ত বতৰৰ উষ্ণতা ভাৰসাম্য অৱস্থাত থাকে। এই সময়ত বৰষুণ প্ৰায় নোহোৱাৰ বাবে বতৰ শুকান আৰু ধূলিময় হয়। এই সময়ত অসমৰ হাবিত মদাৰ, শিমলু আৰু পলাশ ফুল ফুলা দেখা যায় আৰু হেটুলুকা চৰাইৰ মাত সঘনাই শুনিবলৈ পোৱা যায়। এই সময়ত নদ-নদী, পুখুৰী ইত্যাদিৰ পানী শুকাবলৈ আৰম্ভ কৰে। এই সময়ত দ-মাটিৰ বাবে বাওঁ ধান সিঁচা হয়।
তথ্য সূত্ৰ[সম্পাদনা কৰক]
- ↑ http://hindupad.com/assamese-months/
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ http://hindupad.com/assamese-months/