আন্তৰ্জাতিক নাৰী দিৱস
আন্তজাৰ্তিক নাৰী দিৱস | |
---|---|
![]() ৮ মাৰ্চ , ১৯১৪ চনত নাৰী দিৱসৰ বিজ্ঞাপনচিত্ৰ | |
পালন কৰে | সকলো দেশত |
প্ৰকাৰ | আন্তৰ্জাতিক |
মহত্ব | জনসচেতনতা দিৱস নাৰী আৰু কন্যা দিৱস |
তাৰিখ | ৮ মাৰ্চ |
সম্পৰ্কিত | মা দিৱস, বিশ্ব শিশু দিৱস, আন্তৰ্জাতিক পুৰুষ দিৱস |
আন্তৰ্জাতিক নাৰী দিৱস (পূৰ্বৰ নাম আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস) প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়।[1] গোটেই বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদ্যাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ। ক'ৰবাত নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা উদ্যাপনৰ মুখ্য বিষয় হয়, আকৌ ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠায়ে বেছি গুৰুত্ব পায়।
ইতিহাস[সম্পাদনা কৰক]
এই দিৱস উদ্যাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ পৰা ১০০ জন নাৰী প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰ পৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজতন্ত্ৰীসকল আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হ’ল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পিছৰ পৰা গোটেই পৃথিৱীজুৰি এই দিন নাৰীৰ সমঅধিকাৰ আদায়ৰ প্ৰত্যয় পুনৰ্ব্যক্ত কৰাৰ অভীপ্সা লৈ পালন কৰা হৈছে।
আধুনিক সংস্কৃতি[সম্পাদনা কৰক]
বিশ্বেৰ অনেক দেশত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আনুষ্ঠানিকভাৱে চৰকাৰী ছুটীৰ দিন হিচাপে পালন কৰা হয়। তাৰে ভিতৰত - আফগানিস্তান,[2] আৰ্মেনিয়া,[3] আজাৰবাইজান,[4] বেলাৰুছ,[5] বুৰকিনা ফাচো,[6] কম্বোডিয়া,[7] কিউবা,[8] জৰ্জিয়া,[9] গিনি-বিচাউ,[2] ইৰিত্ৰিয়া,[2] কাজাখাস্তান,[10] কিৰগিজিস্তান,[11] লাওচ,[12] মলদভা,[13] মংগোলিয়া,[14] মন্টেনিগ্ৰো, ৰুছিয়া,[2] তাজিকিস্তান,[2] তুৰ্কমেনিস্তান,[2] উগাণ্ডা,[2] ইউক্ৰেন,[2] উজবেকিস্তান,[15] ভিয়েতনাম[15] আৰু জাম্বিয়া।[16]
তাৰোপৰি চীন,[17] মেচিডনিয়া, মাদাগাস্কাৰ,[18] নেপালত[2] কেৱল নাৰীসকলে চৰকাৰী ছুটীৰ দিন উপভোগ কৰে।
নাৰী দিৱসত ৰাষ্ট্ৰসংঘৰ প্ৰতিপাদ্য[সম্পাদনা কৰক]
বছৰ | ৰাষ্ট্ৰসংঘৰ প্ৰতিপাদ্য [19] |
---|---|
১৯৯৬ | অতীত উদযাপন আৰু ভৱিষ্যৎ পৰিকল্পনা (Celebrating the Past, Planning for the Future) |
১৯৯৭ | নাৰী আৰু শান্তি (Women and the Peace Table) |
১৯৯৮ | নাৰী আৰু মানৱাধিকাৰ (Women and Human Rights) |
১৯৯৯ | নাৰীৰ প্ৰতি হিংসামুক্ত পৃথিৱী (World Free of Violence Against Women) |
শান্তি স্থাপনত এক্যবদ্ধ নাৰী (Women Uniting for Peace) | |
২০০১ | নাৰী আৰু শান্তি : সংঘাতৰ সময়ত নাৰীৰ অৱস্থান (Women and Peace: Women Managing Conflicts) |
২০০২ | আফগানিস্তানৰ নাৰীসকলৰ বাস্তৱ অৱস্থা আৰু ভৱিষ্যৎ (Afghan Women Today: Realities and Opportunities) |
২০০৩ | লিংগ সমতা আৰু সহস্ৰাব্দ উন্নয়ন লক্ষ্যমাত্ৰা (Gender Equality and the Millennium Development Goals) |
২০০৪ | নাৰী আৰু এইচ আই ভি/ এইডচ্ (Women and HIV/AIDS) |
২০০৫ | লিংগ সমতাৰ মাধ্যমত নিৰাপদ ভৱিষ্যৎ (Gender Equality Beyond 2005; Building a More Secure Future) |
২০০৬ | সিদ্ধান্ত গ্ৰহণত নাৰী (Women in Decision-making) |
২০০৭ | নাৰী আৰু কন্যাৰ ওপৰত হিংসা দায়মুক্তিৰ সমাপ্তি (Ending Impunity for Violence Against Women and Girls) |
২০০৮ | নাৰী আৰু ও কিশোৰীসকলৰ ক্ষেত্ৰত বিনিয়োগ(Investing in Women and Girls) |
২০০৯ | নাৰী আৰু কিশোৰীৰ প্ৰতি হিংসাৰ বিৰুদ্ধে এক্যবদ্ধ নাৰী পুৰুষ (Women and Men United to End Violence Against Women and Girls) |
২০১০ | সমঅধিকাৰ, সমসুযোগ- সকলোৰ অগ্ৰগতি (Equal Rights, Equal Opportunities: Progress for All) |
২০১১ | শিক্ষা, প্ৰশিক্ষণ, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত নাৰীৰ সমান অংশগ্ৰহণ (Equal Access to Education, Training, and Science and Technology:
Pathway to Decent Work for Women) |
২০১২ | গ্ৰামীণ নাৰীসকলৰ ক্ষমতায়ন- ক্ষুধা আৰু দাৰিদ্ৰতা সমাপ্তি (Empower Rural Women, End Poverty and Hunger) |
২০১৩ | এক প্ৰতিশ্ৰুতি : নাৰীৰ প্ৰতি হিংসা বন্ধৰ পদক্ষেপ লোৱাৰ এতিয়া সময় (A Promise is a Promise: Time for Action to End Violence Against Women) |
২০১৪ | নাৰীৰ সমান অধিকাৰ সকলোৰ অগ্ৰগতিৰ নিশ্চয়তা (Equality for Women is Progress for All) |
২০১৫ | নাৰীৰ ক্ষমতায়ন আৰু মানৱতাৰ উন্নয়ন (Empowering Women, Empowering Humanity: Picture it!) |
২০১৬ | ২০৩০ চনত পৃথিৱী ৫০-৫০ : লিংগ সমতাৰ দিশত এক খোজ ( Planet 50-50 by 2030: Step It Up for Gender Equality) |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Origins and Evolution: Perspectives of Two International Days
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 [1]Angola.
- ↑ Armeniainfo.am.
- ↑ MSNtour.az.
- ↑ ৰুছ President's decree on public holidays in Belarus,
- ↑ Visarequest.co.za.
- ↑ Cambodiaevisa.com.
- ↑ [2].
- ↑ [3].
- ↑ E.gov.kz.
- ↑ "Kyrgyz and American Holidays (In Russian)". U.S. Embassy Bishkek. http://russian.bishkek.usembassy.gov/kyrgyz_american_holidays_ru.html। আহৰণ কৰা হৈছে: 7 March 2012.
- ↑ Laoyp.com.
- ↑ সাঁচ:Ro icon Article 111 (1c) of the work codex of Moldova, PDF, page 53 "Article 111. Non-working holidays. (1) in Moldova, non-working holidays, maintaining the average salary, are: (...) c) March 8 - International Women's Day; (...)".
- ↑ Mongolia-web.com.
- ↑ 15.0 15.1 "National Holidays (In Russian)". Ministry of Foreign Affairs of the Republic of Uzbekistan. http://mfa.uz/rus/ob_uzbekistane/naselenie_i_naionalnie_prazdniki/। আহৰণ কৰা হৈছে: 7 March 2012.
- ↑ QPPstudion.net।
- ↑ Mofcom.gov.cn.
- ↑ QPPstudion.net.
- ↑ {{cite web|url=http://www.un.org/womenwatch/feature/iwd/index.html |title=WomenWatch: International Women's Day |publisher=Un.org |date= |accessdate=2013-02-21}}
বহিঃসংযোগ[সম্পাদনা কৰক]
আন্তৰ্জাতিক নাৰী দিৱস প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
![]() |
চিত্ৰ আৰু মিডিয়া কমন্সত |
![]() |
বা-বাতৰি ৱিকিসংবাদত |
![]() |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত |
![]() |
কিতাপ, লিখনি আদি ৱিকিউৎসত |
- Women and war - International Committee of the Red Cross
- International Museum of Women
- Article from international communist organization on International Women's Day
- Differences between International Women's Day and International Men's Day
- International Women's Day 2007 - United Nations web site
- Internationalwomensday.com
- International Women's Day Celebration
- More detailed overview
- Sewing a better future on International Women’s Day
- Towards International Women's Day 2011
- Worldwide Stamps Released On International Women's Day
- Wings & Dreams: 4 Elements of a New Feminism
- International Women’s Day Marked Around the World - video by Democracy Now!'
- International Women's Day - live blogging from Reuters
- On IWD's centenary, historian Jinty Nelson looks at its genesis and achievements - and the ground still to cover