সমললৈ যাওক

মহা শিৱৰাত্ৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱৰাত্ৰি
শিৱৰাত্ৰি
শিৱ লিঙ্গ
পালন কৰে হিন্দু সম্প্ৰদায়
প্ৰকাৰ হিন্দু
মহত্ব আত্ম পঠন, শিৱ-পাৰ্বতীৰ বিবাহ, যোগ[1]
তাৰিখ ফেব্ৰুৱাৰী / মাৰ্চ
আচাৰ উপবাস, শিৱ লিঙ্গৰ পূজা
সম্পৰ্কিত শিৱ
সংঘটন বাৰ্ষিক

মহা শিৱৰাত্ৰি (ইংৰাজী: Maha Shivratri) ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।[2][3]

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ "অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা"ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে।[3] কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।[3]

কাশ্মীৰ শৈৱধৰ্মত এই উৎসৱক ভক্তসকলে হৰ-ৰাত্ৰি বা সহজ উচ্চাৰণৰ Haerath বা Herath বুলি কয়।[4][5]

ইতিহাস আৰু গুৰুত্ব

[সম্পাদনা কৰক]
বহু কাহিনীয়ে মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণন কৰে, তাৰে এটা হৈছে এয়া শিৱৰ নৃত্যৰ নিশা।

কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।[3]

মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধবংসৰ স্বৰ্গীয় নৃত্য কৰিছিল।[6][7] প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল।[6][8] আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক যেনে লিংগত উছৰ্গা কৰি কোনো পাপ থাকিলে সেয়া খণ্ডাই পুণ্যৰ পথত চলিব পাৰি আৰু শেষত মুক্তি লভিব পাৰি।[6]

এই উৎসৱৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোণাৰ্ক, খাজোৰাহো, পাট্টাডকল, সূৰ্য মন্দিৰ, মধেৰা, মধেৰা আৰু থিল্লাই নটৰাজ মন্দিৰত এই সময়ত বাৰ্ষিক নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগম হয়।[9] নাট্য শাস্ত্ৰৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি, বা "নৃত্যৰ জৰিয়তে উপাসনা" বোলা হয়।[10][11] একেদৰে খাজোৰাহো শিৱ মন্দিৰসমূহত মহা শিৱৰাত্ৰিত মেলা আৰু নৃত্যৰ উৎসৱৰ লগতে মাইলৰ পিছত মাইল শিৱ ভক্তৰ শিবিৰৰ কথা ১৮৬৪ চনত আলেকজেণ্ডাৰ কানিংহামে লিখি গৈছে।[12]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Melton, J. Gordon (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃষ্ঠা. 541–542. ISBN 978-1-59884-206-7. https://books.google.com/books?id=lD_2J7W_2hQC. 
  2. Dalal, Roshen (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 137, 186. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  3. 3.0 3.1 3.2 3.3 Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 269. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC&pg=PA269. 
  4. Brunn, Stanley D. (2015). The Changing World Religion Map: Sacred Places, Identities, Practices and Politics. Springer. পৃষ্ঠা. 402–403. ISBN 978-94-017-9376-6. https://books.google.com/books?id=CGh-BgAAQBAJ&pg=PA403. 
  5. Maitra, Asim (1986). Religious Life of the Brahman: A Case Study of Maithil Brahmans. Munshilal. পৃষ্ঠা. 125. ISBN 978-81-210-0171-7. https://books.google.com/books?id=f3LXAAAAMAAJ. 
  6. 6.0 6.1 6.2 Dhoraisingam, Samuel S. (2006). Peranakan Indians of Singapore and Melaka. Institute of Southeast Asian Studies. পৃষ্ঠা. 35. ISBN 978-981-230-346-2. https://books.google.com/books?id=QHwcAgAAQBAJ&pg=PA35. 
  7. Om Prakash Juneja; Chandra Mohan (1990). Ambivalence: Studies in Canadian Literature. Allied. পৃষ্ঠা. 156–157. ISBN 978-81-7023-109-7. https://books.google.com/books?id=39FHAAAAYAAJ. 
  8. Leuthold, Steven (2010). Cross-Cultural Issues in Art: Frames for Understanding. Routledge. পৃষ্ঠা. 142–143. ISBN 978-1-136-85455-2. https://books.google.com/books?id=z9GsAgAAQBAJ&pg=PA142. 
  9. Pintchman, Tracy (2007). Women's Lives, Women's Rituals in the Hindu Tradition. Oxford University Press. পৃষ্ঠা. 194–195. ISBN 978-0-19-803934-1. https://books.google.com/books?id=7lOc8ZoLV0wC&pg=PA194. 
  10. Pintchman, Tracy (2007). Women's Lives, Women's Rituals in the Hindu Tradition. Oxford University Press. পৃষ্ঠা. 194–196. ISBN 978-0-19-803934-1. https://books.google.com/books?id=7lOc8ZoLV0wC&pg=PA194. 
  11. Pugh McCutchen, Brenda (2006). Teaching Dance as Art in Education. Human Kinetics. পৃষ্ঠা. 450. ISBN 978-0-7360-5188-0. https://books.google.com/books?id=C0yjXGJ3EEoC. 
  12. Shobita Punja (1999). Khajuraho: the first thousand years. Penguin Books. পৃষ্ঠা. 71–74. https://books.google.com/books?id=CwfWAAAAMAAJ. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]