কৰম পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কৰম পূজা
সম্পুৰ্ণ নাম অসমীয়া: কৰম পূজা
পালন কৰে অসমৰ চাহ জনগোষ্ঠী
প্ৰকাৰ কৃষিভিত্তিক উৎসৱ
অসমৰ উৎসৱ
ভাৰতীয় উৎসৱ

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সাৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মূখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পুজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মুলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।[1]

পূজাৰ সময়[সম্পাদনা কৰক]

ভাদ আৰু আহিন মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত তিনি দিন, ক'ৰবাত পাঁচ দিন আৰু ক'ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়।

কৰম জাৱা[সম্পাদনা কৰক]

কৰম পূজাৰ জাৱা জগোৱা নামৰ অনুষ্ঠানটোৱেই আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। ইয়াত মুখ্যতঃ গাভৰুসকলে আগভাগ লয়। এওঁলোকক 'কৰমতী' আখ্যা দিয়া হয়। এই পূজাৰ পাঁচ বা সাত দিন মানৰ পৰা ব্ৰতত থাকি ঢোল, তাল, বাঁহী আদি বজাই নৈবেদ্য সহকাৰে নৈৰ গাটলৈ গৈ, গা ধুই, আৰতি কৰি, লগত নিয়া নতুন পাচি এটাত সকলোৱে একো আজলিকৈ বালি ভৰাই তাতে কৰমতীসকলে নিয়া মাটিমাহ, বুতমাহ, মগুমাহ, ধান, বজৰা, সৰিয়্হ আদি ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ মাহ-সৰিয়হ আদিয়ে গঁজালি মেলা অৱস্থাটোক জাৱা বোলা হয়। শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জড়িয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়।[1]

পূজাৰ বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ 'ঝুমুই গীত' আৰু নৃত্য পৰিৱেশন কৰা হয়।[1]

কৰম পূজাৰ ঝুমুই গীত-নৃত্য[সম্পাদনা কৰক]

কৰম পূজাত, বিশেষকৈ জাৱাত ঝুমুৰ বা ঝুমুই গীত-নৃত্যৰ বিশেষ ভূমিকা আছে। কৰম জাৱাৰ প্ৰথম দিনা কৰমতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুই গোৱা হয়:

কৰম কৰম কহলে আয়ো
কৰম কৈ-দি কৈসে আয়ো
শাওন ভাদ চইলে গেল ৰে
কুমাৰী ছড়ী কৰম গাড়েৰে।

ঝুমুই গীত আৰু নৃত্যৰ আৰম্ভনিত শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে গীত-মাত পৰিৱেশন কৰা হয়। এই গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয়। প্ৰহৰ অনুসৰি ঝুমুই গীতৰ সুকীয়া বৈশিষ্ট্য থাকে। 'ৰেইসকা' সকলে এইবোৰক 'ঝিগা ফুলীয়া গীত', 'সোণাফুলীয়া গীত', গলবাৰীয়া গীত', 'ভিনচৰীয়া গীত' আদি নামেৰে নামকৰণ কৰে। কৰম পূজা হোৱাৰ আগে আগে বয়োজ্যেষ্ঠ এজনে এনেকৈ ঝুমু্‌ই আখৰা আৰম্ভ কৰে:

আখৰা বন্দনা কৰি
সৰস্বতী মা কে ধৰি
আখৰা বন্দনা কৰি
মদনে ঝুমুই লাগল ভাৰী।

পাছদিনা ৰাতিপুৱা 'ভিনচৰীয়া গীত' গাই আখৰা সমাপ্ত কৰা হয় আৰু কৰমতীসকলে সাতখন আঞ্জাৰে বাহীভাত খাই কৰম দেৱতেক নৈত উটুৱাই দিয়ে। এই মূহূৰ্তত বিষাদ মনেৰে ঝুমুইৰ গোৱা হয়:

দেহো দেহো কৰম গসাই
দেহো আশীষষে, দেহো আশীষ
আৱত ভাদ মাস
আন ঘুৰাই।

শেষত ঝুমুই গীতেৰে কথা কটা-কটি কৰি ডেকা গাভৰুসকল ঘৰমুৱা হ্য় আৰু কৰম পূজাৰো সামৰণি পৰে।[1]

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 লেখাৰু, জিতু কুমাৰ (১-১৫ এপ্ৰিল ১৯৯৬). "চাহ জনগোষ্ঠীৰ পূজা পৰব". প্ৰান্তিক খণ্ড ১৫ (৯): ২৩.