গণেশ চতুৰ্থী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গণেশ চতুৰ্থী
{{{holiday_name}}}
Lalbaugcha Raja, মুম্বাই
সম্পুৰ্ণ নাম Chaturthi/Vinayaka Chaturthi/Vinayaka Chavithi
অন্য নাম গণেশ পূজা, গণোত্‍সৱ
পালন কৰে হিন্দুসকলৰ
প্ৰকাৰ ধাৰ্মিক
আৰম্ভ হয় ভাদ্ৰপদশুক্ল চতুৰ্থী
শেষ হয় আৰম্ভ হোৱাৰ ১১ দিন পিছত
তাৰিখ ভাদ্ৰপদ (আগষ্ট-ছেপ্টেম্বৰ)
২০২০ৰ তাৰিখ ২২ আগষ্ট (শনিবাৰ)[1]
উদযাপন বেদ শাস্ত্ৰৰ মতে হিন্দু মন্ত্ৰ আৰু প্ৰাৰ্থনা গোৱা হয়, শেষৰ দিনা মূৰ্তি বিসৰ্জন কৰা হয়
সংঘটন বাৰ্ষিক

গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উত্‍সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পাণ্ডল(অস্থায়ী পৰ্যায়) স্থাপন কৰি গণেশক পূজা কৰা হয়। পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদ শাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ, প্ৰাৰ্থনা আদি গায়।[2]এই পূজাত প্ৰসাদ হিচাপে বিশেষভাৱে "মোডক" মিঠাইবিধ আগবঢ়াই, কিয়নো মোডক ভগবান গণেশৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়।[3][4]এই উত্‍সৱৰ দশমদিনা অন্ত পৰে আৰু সেইদিনা সকলোৱে মিলি গণেশ দেৱতাক আনন্দ উলাহেৰে, বাজনা-নৃত্য, হৰ্ষ-ধ্বনিৰে নদী বা সাগৰত বিসৰ্জন দিয়া হয়। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধা ৰক্ষক আৰু লগতে জ্ঞান আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ বুলি মানি এই উত্‍সৱ উদযাপন কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

Ganesha, Basohli miniature, circa 1730.

ভাৰতীয় স্বাধীনতা সংগ্ৰামী লোকমান্য তিলকে ১৮৯২ চনত ৰাজহুৱা-ৰোধী বিধানসভা আইনৰ মাধ্যমেৰে ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ হিন্দু সন্থাৰ ওপৰত বিৰাজকৰা ঔপনিৱেশিক শাসন ব্যৱস্থাৰ নিষিদ্ধ কৰণৰ এক উপায় হিচাপে ইয়াক প্ৰৱৰ্তন কৰিছিল।[5][6][7]

গণপতি[সম্পাদনা কৰক]

যদিও গনপতিৰ উল্লেখ শাস্ত্ৰীয় ৰূপত কৰা হোৱা নাই, কিন্তু গনপতিৰ প্ৰথম উল্লেখ প্ৰাচীনতম হিন্দু ধৰ্মগ্ৰন্থ ঋকবেদত পোৱা গৈছে। দুটি ঋক মন্ত্ৰত, শ্লোক ২.২৩.১ আৰু শ্লোক ১০.১১২.৯., গণপতিৰ কথা উল্লেখ আছে। [8][9][10]কিন্তু, এয়া অনিশ্চিত যে বৈদিক শব্দ গণপতি যাৰ আক্ষৰিক অৰ্থ হৈছে "জনসাধাৰণৰ অভিভাৱক", ইয়ে বিশেষভাৱে পৰৱৰ্তী যুগত গণেশৰ বিষয়ে উল্লেখ কৰিছে; তদুপৰি বৈদিক মন্ত্ৰসমূহত গণেশ চতুৰ্থীৰ বিষয়ে উল্লেখ কৰা হোৱা নাই।

খৈৰাটাবাদ, হাইডৰাবাদত গণেশৰ মূৰ্তি স্থাপনৰ দৃশ্য

উত্‍সৱ[সম্পাদনা কৰক]

যদিও গণেশ চতুৰ্থী উত্‍সৱ প্ৰথম কেতিয়া (বা কেনেদৰে) পালন কৰা হৈছিল গ’ম পোৱা নাযাই, তথাপি শিৱাজীৰ যুগ(১৬৩০-১৬৮০)ৰ পৰা এই উৎসৱ পুনেত ৰাজহুৱাভাৱে পালন কৰি অহা হৈছে বুলি জনা যায়।

গণেশ বিসৰ্জন[সম্পাদনা কৰক]

গণেশ উত্‍সৱৰ অন্তিম দিনা ঐতিহ্যপূৰ্ণ বিসৰ্জন কাৰ্যসূচী অনুষ্ঠিত হয়। ১০ দিনীয়া উৎসৱটোৰ শেষৰ দিনটোক অনন্ত চতুৰ্দশী বুলিও জনা যায়। ‘বিসৰ্জন’ শব্দটোৱে এইটোৱে বুজাই যে এই দিনটোতে ভগৱান গণপতিৰ প্ৰতিমা নদী, সাগৰ বা পানীত উটুৱাই দিয়া হয়।

ভাৰতত গণেশ চতুৰ্থী[সম্পাদনা কৰক]

ভাৰতত, গণেশ চতুৰ্থী প্ৰাথমিকভাৱে মধ্য আৰু পশ্চিম ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা আৰু দক্ষিণ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, টেলেংগানা, টামিলনাডু, কেৰালা আৰু পূৱৰ ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ আৰু উৰিষ্যাত বিশেষভাৱে স্থানীয় সমাজ গোটৰ দ্বাৰা ঘৰত আৰু ৰাজহুৱাভাৱে পালন কৰা হয়। অসমতো কোনো কোনো ঠাইত অনুস্থুপীয়াকৈ গণেশ চতুৰ্থী অনুষ্ঠিত কৰা দেখা যায়।

পৰিৱেশৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

মাদ্ৰাজ উচ্চ আদালতে ২০০৪ চনত গণেশৰ প্ৰতিমাসমূহৰ বিসৰ্জনে সাগৰীয় পানী দূষিত কৰে বুলি এটা গুৰুত্বপূৰ্ণ ৰায় দিছিল। প্ৰতিমাসমূহ সাগৰীয় পানী দূষিত কৰিব পৰা ৰাসায়নিক পদাৰ্থৰে বনোৱা হয় বুলি প্ৰতিমা বিসৰ্জন কাৰ্য্য বেআইনী বুলি ঘোষণা কৰিছে।[11]তদুপৰি,গোৱা ৰাজ্যচৰকাৰে গোৱাত প্লাষ্টাৰ-অব-পেৰিছ ব্যৱহৃত গণেশৰ প্ৰতিমা বিক্ৰীৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰিছে আৰু পাৰম্পৰিক কলাকুশলীসকলৰ দ্বাৰা নিৰ্মিত প্ৰতিমা ব্যৱহাৰৰ বাবে উদগনি প্ৰদান কৰে।[12]

চিত্ৰবিথিকা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "National Portal of India". https://www.india.gov.in/calendar?date=2020-08. 
  2. "গণেশ চতুৰ্থী". The Editors of Encyclopaedia Britannica. https://www.britannica.com/topic/Ganesh-Chaturthi। আহৰণ কৰা হৈছে: 6 December 2020. 
  3. Darra Goldstein (2015). The Oxford Companion to Sugar and Sweets. Oxford University Press. পৃষ্ঠা. 82, 254, 458. ISBN 978-0-19-931361-7. https://books.google.com/books?id=R1bCBwAAQBAJ. 
  4. K. T. Achaya (2001). A Historical Dictionary of Indian Food. Oxford University Press. পৃষ্ঠা. 68–69, 132. ISBN 978-0-19-565868-2. https://books.google.com/books?id=A8ERHQAACAAJ. 
  5. Paul B. Courtright (1985). Ganesa. Oxford University Press. পৃষ্ঠা. 230–37. ISBN 978-0-19-503572-8. https://books.google.com/books?id=YXnXAAAAMAAJ. 
  6. Trimbak Vishnu Parvate (1958). Bal Gangadhar Tilak: A Narrative and Interpretative Review of His Life, Career and Contemporary Events. Navajivan. https://books.google.com/books?id=lqE9AAAAMAAJ. 
  7. "Ganesh Temple at Tasgaon: Apotheosis of Maratha Temple Architecture". South Asian Studies খণ্ড 27 (1): 51-73. doi:10.1080/02666030.2011.556011. 
  8. Michael 1983, পৃষ্ঠা. 99–102.
  9. "shloka 2.23.1". https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_२.२३। আহৰণ কৰা হৈছে: 6 December 2020. 
  10. Wikisource "Sanskrit Original: नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम्। नgdऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च॥९॥ – Rigveda 10.112.9". https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.११२ Wikisource। আহৰণ কৰা হৈছে: 6 December 2020. 
  11. "Ganesha immersions ruled unlawful". bbc.co.uk. 8 September 2004. http://news.bbc.co.uk/2/hi/south_asia/3638860.stm। আহৰণ কৰা হৈছে: 6 December 2020. 
  12. Special Correspondent (29 August 2013). "Goa bans plaster of Paris Ganesh idols". The Hindu. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/goa-bans-plaster-of-paris-ganesha-idols/article5070472.ece। আহৰণ কৰা হৈছে: 6 December 2020. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]