ঋষি পঞ্চমী
ঋষি পঞ্চমী | |
পালন কৰে | হিন্দু |
প্ৰকাৰ | ধৰ্মীয়, ভাৰত আৰু নেপাল |
তাৰিখ | চান্দ্ৰ কেলেণ্ডাৰৰ পঞ্চম মাহ ভাদ্ৰপদ |
আচাৰ | ঋষি পূজন |
ঋষি পঞ্চমী হৈছে চান্দ্ৰ কেলেণ্ডাৰৰ পঞ্চম মাহ ভাদ্ৰপদৰ পঞ্চমটো দিনত এই উৎসৱ পালন কৰা হয়। ই গণেশ চতুৰ্থীৰ পিছৰটো দিন। এই উৎসৱৰ জৰিয়তে পৰম্পৰাগত ভাৱে সপ্ত ঋষি ক্ৰমে কাশ্যপ, অত্ৰী, ভৰদ্বাজ, বিশ্বামিত্ৰ, গৌতম মহৰ্ষি, জমদগ্নি আৰু ঋষি বশিষ্ঠ। কেৰালাৰ কোনো অংশত এইদিনটো বিশ্বকৰ্মা পূজা হিচাপে পালন কৰা হয়।[1][2]
এই ব্ৰতৰ দিনা ভক্ত সকলে এই মহান ঋষি সকলে সমাজ কল্যাণৰ প্ৰতি কৰা নিজৰ জীৱন উৎসৰ্গাৰ বাবে তেওঁলোকৰ প্ৰতি ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। মহিলা সকলে উক্ত দিনটো উপবাসে কটায়।
কোনো কোনো অঞ্চলত ঋষি পঞ্চমীৰ দিনটো ব্ৰাহ্মণ, অগৰৱালা, মহেশ্বৰী সমূদায়ৰ লোক সকলে ৰাখী বন্ধনৰ দিন হিচাপেও পালন কৰা দেখা যায়। উক্ত দিনা বায়েক ভনীয়েকে ককায়েক ভায়েকৰ হাতত ৰাখী বা মাংগলীক সূতা বান্ধি ইজনে আনজনৰ মংগল কামনা কৰে আৰু বিপদত সুৰক্ষা প্ৰদানৰ কথা দিয়ে।
ৰীতি
[সম্পাদনা কৰক]ঋষি পঞ্চমীৰ দিনা পবিত্ৰ নদী, পুখুৰী আদিত ৰীতিগত ভাৱে গা ধোৱা হয়। এই দিনটোত গণেশ, নৱগ্ৰহ, সপ্তৰ্ষি, আৰু অৰুন্ধতীৰ পূজা কৰা হয়। মহিলা সকলে দিনটো উপবাসে থাকি ভগৱান প্ৰসাদ অৰ্পণ কৰে আৰু নিজৰ স্বামীৰ ভৰি ধুৱাই দিয়ে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Rishi Panchami". Archived from the original on 2018-04-22. https://web.archive.org/web/20180422052613/http://www.festivalsofindia.in/rishipanchmi/rishi-panchmi.aspx#sthash.wDS8IYMz.dpuf। আহৰণ কৰা হৈছে: 2020-12-06.
- ↑ "Rishi Panchami". Archived from the original on 2020-02-05. https://web.archive.org/web/20200205025222/http://www.shreedarshan.com/rishi-panchami.htm। আহৰণ কৰা হৈছে: 2020-12-06.
- ↑ "Rishi Panchami". Archived from the original on 2015-10-04. https://web.archive.org/web/20151004111449/http://www.sikkim-culture.gov.in/Cultural%20Festivals/Rishi%20Panchami.aspx। আহৰণ কৰা হৈছে: 2020-12-06.
|