সাবিত্ৰী ব্ৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাবিত্ৰী ব্ৰত
সাবিত্ৰী ব্ৰত
অন্য নাম সাবিত্ৰী আমাৱস্যা
প্ৰকাৰ হিন্দু
তাৰিখ জেঠ মাহৰ অমাৱস্যা
সম্পৰ্কিত সাবিত্ৰী আৰু সত্যভান

সাবিত্ৰী ব্ৰত বা সাবিত্ৰী আমাৱস্যা হৈছে জেঠ মাহৰ আমাৱস্যা তিথিত ভাৰতীয় হিন্দু বিবাহিত মহিলাৰ এক উপাবাসৰ দিন। ভাৰতৰ উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালত এই ব্ৰত পালন কৰা হয়। উৰিষ্যা পশ্চিম অংশত ইয়াক সাবিত্ৰী উৱানাচ বুলি কোৱা হয়[1]

বিবাহিত সধবা মহিলাই এই ব্ৰত ৰাখি তেওঁলোকৰ স্বামীৰ দীৰ্ঘ আয়ুস কামনাৰে প্ৰাৰ্থনা কৰে। এই ব্ৰত সাবিত্ৰী দেৱীৰ নামত উৎসৰ্গিত যিয়ে তেওঁৰ স্বামী সত্যৱানৰ জীৱন ভিক্ষা বিচাৰি তেওঁক মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিছিল।

এই একেই উৎসৱটি ভাত পূৰ্ণিমা হিচাপে জেঠ মাহৰ পূৰ্ণিমা তিথিত ভাৰতৰ অন্যান্য প্ৰান্তত যেনে মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, কৰ্ণাটক আদিত পালন কৰা হয়।

উৎসৱৰে জড়িত বিশ্বাস[সম্পাদনা কৰক]

মাদ্ৰা দেশৰ ৰজা অশ্বপতিৰ সুন্দৰী কন্যা সাবিত্ৰীৰ নামেৰে এই ব্ৰতটোৰ নামকৰণ কৰা হৈছিল। তেওঁ সত্যৱানক জীৱন সংগী হিচাপে নিৰ্বাচন কৰে, সেই সময়ত কোঁৱৰ সত্যৱান তেওঁৰ অন্ধ পিতৃ ধূম্যাতসেনৰ সৈতে অৰণ্যত বাস কৰা বাবে সাবিত্ৰীয়েও ৰাজ প্ৰসাদ ত্যাগ কৰি অৰণ্যত স্বামী আৰু শহুৰেকৰ সৈতে বাস কৰিছিল। এগৰাকী অনুগত পত্নী আৰু বোৱাৰী হিচাপে তেওঁ তেওঁলোকৰ যত্ন ল'বলৈ যথেষ্ট কষ্ট কৰিছিল। এদিন জংঘলত কাঠ কাটি থাকোঁতে সত্যৱানৰ মুৰ আচন্দ্ৰাই কৰাত তেওঁ কাটি থকা গছৰ পৰা খহি পৰে। সেই সময়তে তেওঁৰ আত্মাক দেহৰ পৰা আঁতৰাই নিবলৈ যম ৰজা আহি ঘটনাস্থলীত উপস্থিত হয়। শোকাকূল সাবিত্ৰীয়ে যমৰাজক স্বামীৰ পৰা পৃথক নকৰিবলৈ প্ৰাৰ্থনা কৰে আৰু কয় যে যদি তেওঁ সত্যভানৰ আত্মা লৈ যায় তেন্তে সাবিত্ৰীয়েও তেওঁৰ জীৱন ত্যাগ কৰিব। সাবিত্ৰীয়ে স্বামীৰ জীৱন ভিক্ষা বিচাৰি কৰা প্ৰাৰ্থনাত যমৰাজ সন্তুষ্ট হৈ সত্যৱানক তেওঁৰ জীৱন ঘূৰাই দিয়ে। ইয়াৰ পিছতেই সত্যৱানে তেওঁৰ হেৰুওৱা ৰাজ্যও পুনৰ লাভ কৰে।[2][3]

নিয়ম[সম্পাদনা কৰক]

সকলো হিন্দু মহিলাই সাবিত্ৰীক দেৱী হিচাপে পূজা আৰু আৰাধনা কৰি এই উৎসৱ পালন কৰে।[4] ৰাতিপুৱা মহিলাসকলে স্নান কৰি নিজকে সূচি কৰে, নতুন কাপোৰ আৰু খাৰু পিন্ধে, আৰু তেওঁলোকৰ কপালত সেন্দূৰ লয়। দেৱীক ন প্ৰকাৰৰ ফল আৰু ন প্ৰকাৰৰ ফুল আগবঢ়োৱা হয়। ভিজোৱা মাহ, চাউল, আম, কঠাল, প্লাম, কেণ্ডু, কল আৰু আন কেইবাটাও ফল ভোগ হিচাপে আগবঢ়োৱা হয় আৰু 'সাবিত্ৰী ব্ৰত কথা' পাঠৰ সৈতে এই ব্ৰত পালন কৰা হয়। গোটেই দিনটো উপবাস কৰাৰ পিছত, উপবাস সম্পূৰ্ণ হয় আৰু মহিলাসকলে ভোগ গ্ৰহণ কৰে। আবেলি পৰত যেতিয়া পূজাৰ আনুষ্ঠানিকতা শেষ হয়, তেওঁলোকে তেওঁলোকৰ স্বামী আৰু বৃদ্ধ লোকসকলক সেৱা কৰে।[5]

তথ্যসূত্ৰ [সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]