পিতৃপক্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পিতৃপক্ষ
পিতৃপক্ষ
পিতৃপক্ষ প্ৰেততৰ্পণ অনুষ্ঠান, ৭ ছেপ্তেম্বৰ, ২০০৭ (মুম্বাইৰ বানগংগা পুখুৰীৰ পাৰত)
পালন কৰে হিন্দু
প্ৰকাৰ হিন্দু
আৰম্ভ হয় ভাদ্ৰ পূৰ্ণিমা তিথি
শেষ হয় মহালয়া (সৰ্বপিতৃ অমাৱস্যা তিথি)
তাৰিখ ছেপ্টেম্বৰ-অক্টোবৰ
উদযাপন ১৬ চান্দ্ৰ দিৱস
মানিবলগা ধাৰ্মিক কাৰ্য্য পিতৃপুৰুষৰ উদ্দেশ্যে জলতৰ্পণ (পিণ্ড)
সম্পৰ্কিত পূৰ্বপুৰুষ পূজন

পিতৃপক্ষ (সংস্কৃত: पितृ पक्ष) হিন্দুধৰ্ম অনুসৰি, পূৰ্বপূৰুষৰ তৰ্পণাদিৰ বাবে প্ৰশস্ত এক বিশেষ পক্ষ। এই পক্ষ পিত্ৰুপক্ষ, ষোলা শ্ৰাদ্ধ, কানাগাত, জিতিয়া, মহালয়া পক্ষ আৰু অপৰপক্ষ নামেৰেও পৰিচিত[1][2][3]

হিন্দু বিশ্বাস অনুযায়ী, পিতৃপক্ষত প্ৰেতকৰ্ম (শ্ৰাদ্ধ), তৰ্পণ ইত্যাদি মৃত্যু-সংক্ৰান্ত আচাৰ-অনুষ্ঠান পালিত হোৱা হেতুকে এই পক্ষ শুভকাৰ্যৰ বাবে প্ৰশস্ত নহয়। দক্ষিণ আৰু পশ্চিম ভাৰতত গণেশ উৎসৱৰ পৰৱৰ্তী পূৰ্ণিমা (ভাদ মাহৰ পূৰ্ণিমা) তিথিত এই পক্ষ আৰম্ভ হৈ সৰ্বপিতৃ অমাৱস্যা, মহালয়া অমাৱস্যা বা মহালয়াৰ দিনা সমাপ্ত হয় । উত্তৰ ভাৰত আৰু নেপালত ভাদৰ পৰিবৰ্তে আহিন মাহৰ কৃষ্ণপক্ষক পিতৃপক্ষ বোলে।

কিংবদন্তি[সম্পাদনা কৰক]

হিন্দু পুৰাণ অনুযায়ী, জীৱিত ব্যক্তিৰ পূৰ্বৰ তিনি পুৰুষ পৰ্যন্ত পিতৃলোকত বাস কৰে। এই লোক স্বৰ্গ আৰু মৰ্ত্যৰ মাজত অৱস্থিত। পিতৃলোকৰ শাসক মৃত্যুদেৱতা যম। তেওঁ সদ্যমৃত ব্যক্তিৰ আত্মাক মৰ্ত্যৰ পৰা পিতৃলোকলৈ লৈ যায়। পৰৱৰ্তী প্ৰজন্মৰ এজনৰ মৃত্যু হ’লে পূৰ্বৱৰ্তী প্ৰজন্মৰ এজন পিতৃলোকৰ পৰা স্বৰ্গলৈ গমন কৰে আৰু পৰমাত্মাত (ঈশ্বৰ) লীন হয় আৰু এই প্ৰক্ৰিয়াৰে তেওঁ শ্ৰাদ্ধানুষ্ঠানৰ ওপৰলৈ উঠে। এই কাৰণে, জীবিত ব্যক্তিৰ মাত্ৰ পূৰ্বৱৰ্তী তিনি প্ৰজন্মৰহে শ্ৰাদ্ধানুষ্ঠান হৈ থাকে; আৰু এই শ্ৰাদ্ধানুষ্ঠানত যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে[4]

হিন্দু মহাকাব্য ( হিন্দুশাস্ত্ৰৰ মাজত যি ইতিহাস নামেৰে পৰিচিত) অনুযায়ী, সূৰ্য কন্যাৰাশিত প্ৰৱেশ কৰিলে পিতৃপক্ষ সূচিত হয়। লোকবিশ্বাস অনুযায়ী, এই সময়তে পূৰ্বপুৰুষগণে পিতৃলোক পৰিত্যাগ কৰি তেওঁসৱৰ উত্তৰপুৰুষসকলৰ ঘৰত অৱস্থান কৰে। ইয়াৰ পিছত সূৰ্য বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিলে, তেখেতসকল পুনৰায় পিতৃলোকলৈ ঘুৰি যায়। পিতৃগণৰ অৱস্থানৰ প্ৰথম পক্ষত হিন্দুসকলে পিতৃপুৰুষগণৰ উদ্দেশ্যে তৰ্পণাদি কৰিব লাগে[2][5]

মহাভাৰত অনুযায়ী, প্ৰসিদ্ধ দাতা কৰ্ণৰ মৃত্যুৰ পিছত তেখেতৰ আত্মাই স্বৰ্গ গমন কৰে। স্বৰ্গত তেঁওক স্বৰ্ণ আৰু ৰত্ন খাদ্য হিচাপে প্ৰদান কৰা হয়। কৰ্ণই ইন্দ্ৰক ইয়াৰ কাৰণ সোধাত কৰলে ইন্দ্ৰই কৈছিল যে কৰ্ণই গোটেই জীৱন স্বৰ্ণই দান কৰিছে, তেওঁ পিতৃগণৰ উদ্দেশ্যে কোনোদিন খাদ্য প্ৰদান কৰা নাই। এতেকে স্বৰ্গত তেওঁক স্বৰ্ণহে খাদ্য হিচাপে প্ৰদান কৰা হৈছে। কৰ্ণই কৈছিল, তেওঁ যিহেতু তেখেতৰ পিতৃগণৰ সম্পৰ্কে অৱগত নাছিল, গতিকে তেওঁ ইচ্ছাকৃতভাৱে পিতৃগণক স্বৰ্ণ প্ৰদান কৰা নাছিল। এই কাৰণে কৰ্ণক ষোল্ল দিনেৰ বাবে মৰ্ত্যলৈ গৈ পিতৃলোকৰ উদ্দেশ্যে অন্ন আৰু জল প্ৰদান কৰাৰ অনুমতি দিয়া হয়। এই পক্ষই পিতৃপক্ষ নামেৰে পৰিচিত হয়[6]। এই কাহিনীৰ কোনো কোনো পাঠত, ইন্দ্ৰৰ সলনি যমৰ উল্লেখ দেখা যায়[7]

মহালয়া পক্ষৰ পোন্ধৰটা তিথিৰ নাম হ’ল প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু অমাৱস্যা। হিন্দু বিশ্বাস অনুযায়ী, যি ব্যক্তি তৰ্পণত ইচ্ছুক, তেওঁ তেওঁৰ পিতৃৰ মৃত্যু তিথিত তৰ্পণ কৰিব লাগে।

গুৰুত্ব[সম্পাদনা কৰক]

পিতৃপক্ষে পুত্ৰ দ্বাৰা শ্ৰাদ্ধানুষ্ঠান হিন্দুধৰ্মত অৱশ্যেই কৰণীয় এটা অনুষ্ঠান। এই অনুষ্ঠানৰ ফলত মৃতকৰ আত্মাই স্বৰ্গত প্ৰৱেশাধিকাৰ পায়। এই প্ৰসংগত গৰুড় পুৰাণ গ্ৰন্থত কোৱা হৈছে, "পুত্ৰ বিনা মুক্তি নাই।"[4] ধৰ্মগ্ৰন্থত গৃহস্থসকলৰ দেৱ, ভূত আৰু অতিথিসকলৰ সঙ্গত পিতৃতৰ্পণৰ নিৰ্দেশ দিয়া হৈছে।[1] মাৰ্কণ্ডেয় পুৰাণ গ্ৰন্থত কোৱা হৈছে- পিতৃগণ শ্ৰাদ্ধত তুষ্ট হ’লে স্বাস্থ্য, ধন, জ্ঞান, দীৰ্ঘায়ু আৰু পৰিশেষত উত্তৰপুৰুষকক স্বৰ্গ আৰু মোক্ষ প্ৰদান কৰে[2]

বাৎসৰিক শ্ৰাদ্ধানুষ্ঠান পাতিবলৈ অপাৰগ হ'লে সৰ্বপিতৃ অমাৱস্যা পালন কৰি পিতৃদায়ৰপৰা মুক্ত হ'ব পাৰি। শ্ৰাদ্ধ বংশৰ প্ৰধান ধৰ্মানুষ্ঠান বুলি অভিহিত কৰা হয়[1]। এই অনুষ্ঠানত পূৰ্বৱৰ্তী তিনি পুৰুষৰ উদ্দেশ্যে পিণ্ড আৰু জল প্ৰদান কৰা হয়, তেওঁলোকৰ নাম উচ্চাৰণ কৰা হয় আৰু গোত্ৰৰ পিতাকক স্মৰণ কৰা হয়। এই কাৰণে এজন ব্যক্তিৰ পক্ষে বংশৰ ছয় প্ৰজন্মৰ নাম স্মৰণ ৰখা সম্ভৱ হয় আৰু তাৰ ফলত বংশৰ বন্ধন দৃঢ় হয়।[1] ড্ৰেক্সেল বিশ্ববিদ্যালয়ৰ পুৰাতাত্ত্বিক উষা মেননৰ মতেও, পিতৃপক্ষই বংশৰ বিভিন্ন প্ৰজন্মৰ মাজত সম্পৰ্ককে সুদৃঢ় কৰে। এই পক্ষত বংশৰ বৰ্তমান প্ৰজন্মই পূৰ্বপুৰুষৰ নাম স্মৰণ কৰি তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰে। পিতৃপুৰুষৰ ঋণ হিন্দুধৰ্মত পিতৃমাতৃঋণ অথবা গুৰুঋণৰ সমানেই গুৰুত্বপূৰ্ণ[8]

শ্ৰাদ্ধৰ নিয়ম[সম্পাদনা কৰক]

কাল আৰু স্থান[সম্পাদনা কৰক]

জীৱিত ব্যক্তিৰ পিতা বা পিতামহৰ যি তিথিত মৃত্যু হয়, পিতৃপক্ষৰ সেই তিথিতে তেখেতৰ শ্ৰাদ্ধানুষ্ঠান অনুষ্ঠিত হয়। এই নিয়মৰ কিছু ব্যতিক্ৰমো হয়। পূৰ্বৱৰ্তী বছৰে মৃত ব্যক্তিৰ শ্ৰাদ্ধ হয় চতুৰ্থী (চৌথা ভৰণী) বা পঞ্চমী (ভৰণী পঞ্চমী) তিথিত। সধবা নাৰীৰ মৃত্যু হ’লে তেখেতৰ শ্ৰাদ্ধ হয় নৱমী (অবিধবা নৱমী) তিথিত। বিপত্নীক ব্যক্তি ব্ৰাহ্মণী নাৰীসকলৰ শ্ৰাদ্ধ নিমন্ত্ৰণ কৰে। শিশু বা সন্ন্যাসীৰ শ্ৰাদ্ধ হয় চতুৰ্দশী (ঘট চতুৰ্দশী) তিথিত। অস্ত্ৰাঘাতে বা অপঘাতত মৃত ব্যক্তিসকলৰও শ্ৰাদ্ধ হয় এই তিথিতেই[2][4]

মহালয়াৰ দিন দুৰ্গাপূজাৰ প্ৰকৃত সূচনা

সৰ্বপিতৃ অমাৱস্যা দিৱসত তিথিৰ নিয়মৰ বাহিৰে সকলো পূৰ্বপুৰুষেৰই শ্ৰাদ্ধ কৰা হয়[2][4]। নিৰ্দিষ্ট দিনত শ্ৰাদ্ধ কৰিবলৈ পাহৰি গ'লে এই দিনত শ্ৰাদ্ধ কৰিব পাৰি। এই দিনত গয়াত শ্ৰাদ্ধ কৰিলে বিশেষভাৱে ফলপ্ৰসূ হয়। উল্লেখ্যযোগ্য যে, গয়াত সমগ্ৰ পিতৃপক্ষ জুৰি মেলা চলে।[3] মহালয়াৰ দিনা দুৰ্গাপূজাৰ সূচনা হয়। লোকবিশ্বাস অনুযায়ী, এই দিনত দেৱী দুৰ্গা মৰ্ত্যলোকত আৱিৰ্ভাৱ হয়। মহালয়াৰ দিনা অতি পুৱাই চণ্ডীপাঠ কৰাৰ ৰীতি আছে।[9][10]

মহালয়াৰ দিনা পিতৃপুৰুষৰ শ্ৰাদ্ধ অনুষ্ঠিত হয় দ্বিপ্ৰহৰত নদী বা শ্ৰাদ্ধকৰ্তাৰ গৃহত[4]। অনেক লোকে বাৰাণসী বা গয়ালৈ গৈ শ্ৰাদ্ধানুষ্ঠান কৰে[2][3][11]

পূৰ্বপুৰুষ আৰু শ্ৰাদ্ধকৰ্তা[সম্পাদনা কৰক]

মৃত ব্যক্তিৰ পুত্ৰ (বহুপুত্ৰক হ’লে জ্যেষ্ঠ পুত্ৰ) বা পিতৃকুলৰ কোনো পুৰুষ আত্মীয়ই শ্ৰাদ্ধানুষ্ঠানৰ অধিকাৰী আৰু শ্ৰাদ্ধ কেৱল পূৰ্বৱৰ্তী তিনি পুৰুষৰেই হৈ থাকে। মাতৃৰ কুলত পুৰুষ সদস্য নাথাকিলে সৰ্বপিতৃ অমাৱস্যাত দৌহিত্ৰ মাতামহৰ শ্ৰাদ্ধ কৰিব পাৰি[2][4] কোনো কোনো বৰ্ণত পূৰ্বৱৰ্তী এক পুৰুষৰেই শ্ৰাদ্ধ কৰা হয়[2]

শ্ৰাদ্ধানুষ্ঠান[সম্পাদনা কৰক]

পিতৃপক্ষৰ অন্তত কলকাতাৰ জগন্নাথ ঘাটত এজন লোকে পিণ্ডদান কৰিছে

শ্ৰাদ্ধকৰ্তাই স্নান কৰি শুদ্ধ হৈ ধুতি পিন্ধি শ্ৰাদ্ধ কৰে। শ্ৰাদ্ধৰ পূৰ্বে তেওঁ কুশাঙ্গুৰীয় (কুশ ঘাঁহৰ আঙুঠি) ধাৰণ কৰে। সেই আঙটিত পূৰ্বপুৰুষসকলক আৱাহন কৰা হয়। শ্ৰাদ্ধ খালি গাৰে কৰা হয়, কাৰণ শ্ৰাদ্ধ চলি থাকোঁতে যজ্ঞোপবীতৰ অৱস্থান বাৰে বাৰে সলাব লাগে। শ্ৰাদ্ধেৰ সময়ত সিদ্ধ অন্ন আৰু ময়দা ঘিঁ আৰু তিল দি মাখিৰ পিণ্ডৰ আকাৰে উৎসৰ্গ কৰা হয়। ইয়াক পিণ্ডদান বোলে। দুৰ্বাঘাস, শালগ্ৰাম শিলা বা স্বৰ্ণমূৰ্তিত বিষ্ণু আৰু যমৰ পূজা কৰা হয়। তাৰপিছত পিতৃপুৰুষৰ উদ্দেশ্যে খাদ্য প্ৰদান কৰা হয়। এই খাদ্য সাধাৰণত ছাদত ৰাখি অহা হয়। যদি কোনো কাউৰীয়ে সেই খাদ্য খায়, তেনেহ’লে ধৰা হয় যে খাদ্য পিতৃগণ দ্বাৰা গৃহীত হৈছে। ধৰি লোৱা হয় যে চৰাইটো যম বা পিতৃগণৰ আত্মাৰ প্ৰতিনিধি[2]। গৰু আৰু কুকুৰকো খাদ্য দিয়া হয়। ব্ৰাহ্মণসকলক ভোজন কৰোৱা হয়। পূৰ্বপুৰুষ (কাউৰীৰ বেশত) আৰু ব্ৰাহ্মণে ভোজন কৰিলে পৰিয়ালৰ সদস্যয়ো অন্নগ্ৰহণ কৰে[4]

অন্যান্য প্ৰথা[সম্পাদনা কৰক]

কোনো কোনো পৰিয়ালত পিতৃপক্ষত ভাগৱত পুৰাণ, শ্ৰীমদ্ভগৱতগীতা বা শ্ৰীশ্ৰীচণ্ডী পাঠ কৰা হয়[4][12]। অনেকে পূৰ্বপুৰুষৰ মঙ্গল কামনাত ব্ৰাহ্মণসকলক বয় বস্তু দান কৰে[12]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Sharma, Usha (2008). "Mahalaya". Festivals In Indian Society. 2. Mittal Publications. পৃষ্ঠা. 72–73. ISBN 9788183241137. http://books.google.com/?id=Z6OYRUEAF7oC&pg=PA72&dq=pitru+paksha&q=pitru%20paksha. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 Underhill, M M (2001). The Hindu religious year. Asian Educational Services. পৃষ্ঠা. 112–116. ISBN 9788120605237. http://books.google.com/?id=Fb9Zc0yPVUUC&pg=PA114&dq=mahalaya&q=sraddha. 
  3. 3.0 3.1 3.2 Vidyarathi, L P. The Sacred Complex in Hindu Gaya. Concept Publishing Company. পৃষ্ঠা. 13, 15, 33, 81, 110. http://books.google.com/?id=S4FidiusPr0C&pg=PA34&dq=mahalaya&q=mahalaya. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 Dilipsingh, K S (2004). Kutch in festival and custom. Har-Anand Publications. পৃষ্ঠা. 61–64. ISBN 9788124109984. http://books.google.com/?id=oPUFiGRH07IC&pg=PA66&dq=pitru+paksha&q=pitru%20paksha. 
  5. Sastri, S. M. Natesa (1988). Hindu feasts, fasts and ceremonies. Asian Educational Services. পৃষ্ঠা. 15–17. ISBN 9788120604025. http://books.google.com/?id=_ibsEj8ihuoC&pg=PA15&dq=mahalaya&q=mahalaya. 
  6. Chauturvedi, B K (2006). "The Best Charity: Food and water". Tales from the Vedas and other Scriptures. Diamond Pocket Books (P) Ltd.. পৃষ্ঠা. 192–193. ISBN 9788128811999. http://books.google.com/?id=Z8zjLliIBGQC&pg=PA193&dq=pitru+paksha&q=. 
  7. Chatterjee, Deepam (18 September 2009). "Speaking Tree: Mahalaya Amavasya & Navaratri: Legend of Karna". The Times of India. http://timesofindia.indiatimes.com/opinion/edit-page/Speaking-Tree-Mahalaya-Amavasya-Navaratri-Legend-of-Karna/articleshow/5023627.cms। আহৰণ কৰা হৈছে: 2009-09-27. 
  8. Menon, Usha (2003). "Morality and Context: A Study of Hindu Understandings". In Valsiner, Jaan; Connolly, Kevin J.. Handbook of developmental psychology. SAGE. পৃষ্ঠা. 446. ISBN 9780761962311. http://books.google.com/?id=4d7FOANFv00C&pg=PA446&dq=pitru+paksha&q=. 
  9. Sharma, S P; Gupta, Seema (2006). "Durga Puja: Mahalaya". Fairs and Festivals of India. Pustak Mahal. পৃষ্ঠা. 38. ISBN 9788122309515. http://books.google.com/?id=wPPr9HdmnHcC&pg=PA38&dq=mahalaya+Durga+Puja&q=mahalaya%20Durga%20Puja. 
  10. TNN (19 September 2009). "Mahalaya ushers in the Puja spirit". The Times of India. http://timesofindia.indiatimes.com/news/city/delhi/Mahalaya-ushers-in-the-Puja-spirit/articleshow/5028658.cms। আহৰণ কৰা হৈছে: 2009-09-27. 
  11. Justice, Christopher (1997). Dying the good death: the pilgrimage to die in India's Holy City. SUNY Press. পৃষ্ঠা. 43. ISBN 9780791432617. http://books.google.com/?id=TW4jG0hxHcUC&pg=PA244&dq=pitru+paksha&q=pitri%20paksh. 
  12. 12.0 12.1 Bryant, Clifton D. (2003). Handbook of Death and Dying. SAGE. পৃষ্ঠা. 647. ISBN 9780761925149. http://books.google.com/?id=3z9EpgisKOgC&pg=RA1-PA647&dq=pitru+paksha&q=paksha. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]