সমললৈ যাওক

ধুতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধুতি-কুৰ্তা পৰিধান কৰা এজন ভাৰতীয় কৃষক
দিল্লীত ধুতি পৰিধান কৰা দুজন ব্যক্তি

ধুতি বা চুৰিয়া হৈছে এক বস্ত্ৰ বিশেষ। ই ভাৰতীয় মূলৰ এক পৰম্পৰাগত কাপোৰ।[1] ভাৰতীয় পুৰুষে দৈনন্দিনৰ বস্ত্ৰ হিচাপে বা পৰম্পৰাগত ভাৱে কোনো বিশেষ অনুষ্ঠান যেনে: বিবাহ ইত্যাদিত ধুতি পৰিধান কৰে। ভাৰতৰ বিভিন্ন স্থানত ইয়াক বিভিন্ন নামেৰে জনা যায়। পুৰুষ সকলে কঁকালৰ পৰা নিম্ন অংশ ঢাকিবলৈ এই ধুতি পৰিধান কৰে। ধুতি সাধাৰণতে এক আয়ত আকৃতিৰ দীঘলীয়া নিচিলোৱা কাপোৰ। এখন ধুতিৰ দৈঘ্য প্ৰায় ৪.৫ মিটাৰ আৰু প্ৰস্থ ১ মিটাৰ। ই এখন এক ৰঙী উকা কাপোৰ। কাষৰী থকা ধুতিবোৰ বিশেষ অনুষ্ঠানত পৰিধান কৰা হয়।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ধুতি শব্দটো সংস্কৃতৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "পৰিষ্কাৰ বা প্ৰক্ষালন কৰা। "[2] বস্ত্ৰৰ সন্দৰ্ভত ই দৈনন্দিন পৰিধান কৰা পৰিষ্কাৰ কৰি ৰখা বস্ত্ৰকে বুজায়।[3]:129 প্ৰাচীন কালত দুইভৰিৰ মাজেৰে পিছফালে নি, ভৰিকেইটা শিথিলকৈ আৱৰি ৰখাকৈ খুচি লৈ, পুনৰাই সন্মুখত ভৰিৰ ফালে দীঘলীয়া কোঁচ দি পিন্ধা অন্ত্ৰিয়ৰ পৰা ধুতিয়ে বিকাশ লাভ কৰিছে আৰু আজিকালিৰ ঔপচাৰিক ধুতিসমূহো এনেকৈয়ে পৰিধান কৰা হয়।[3]:130 আনহাতে ঘৰুৱাভাৱে ধুতি এখন, দুইভৰিত ঢিলাকৈ মেৰিয়াই ইয়াৰ পিছ অংশ সন্মুখলৈ আনি কঁ‌কালত খুচি লৈ মুকলি হৈ থকা আগ দুটা পিছফালে গুঁ‌জি লোৱা হয়। ইয়াৰ ফলত ধুতিখন দুইভৰি মেৰিয়াই ৰখা পায়জামা একোটাৰ দৰে হয়।[4][5]

ব্যৱহাৰ

[সম্পাদনা কৰক]
পৌৰাণিক পদ্ধতিৰে পঞ্চপৰিধান কৰা প্ৰথম শতিকাৰ এক ভাস্কৰ্য
ধুতি পৰিহিত ডিডাৰগঞ্জ যক্ষী।

পুৰাতন জৈন পুৰুষ সকল যেতিয়া পূজাৰ বাবে মন্দিৰলৈ গৈছিল, তেতিয়া তেওঁলোকে ধুতি পৰিধান কৰিছিল। তেওঁলোকৰ কিছু লোকে বিশ্বাস কৰিছিল যে "একবস্ত্ৰ পৰিধান প্ৰদূষণৰ অভেদ্য। " সেয়ে মাংগলিক কাম কাজত অন্য বস্ত্ৰতকৈ ধুতি পৰিধান কৰাটো অধিক শুভ বুলি গণ্য কৰা হয়।[6] অধোবস্ত্ৰ হিচাবে পৰিচিত এই বস্ত্ৰ মুলতঃ পুৰুষসকলে পৰিধান কৰে। কঁকালৰ পৰা আঁঠুৰ তললৈকে পৰাকৈ এই চুৰিয়া পৰিধান কৰা হয়। সমাজৰ বিশেষ ব্যক্তিসকলে ৰেচম মুগা আদিৰে তৈয়াৰী ধুতি বা চুৰিয়া পৰিধান কৰিছিল। চুৰিয়াক ভুনি হিচাবেও জনা যায়। পূৰ্বতে চুৰিয়াৰ দৈৰ্ঘ্য আৰু পিন্ধাৰ ধৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ মৰ্যাদা নিৰূপন কৰিছিল। অসমীয়া পুৰুষ সকলে পৰম্পৰাগত ভাৱে বিভিন্ন সময় আৰু প্ৰয়োজনত ধুতি বা চুৰিয়া পৰিধান কৰে। বিহু নৃৃত্য কৰোঁতে পুৰুষ সকলে আঁঠুৰ মুৰলৈকে চুৰিয়া পৰিধান কৰা নিয়ম। আনহাতে গায়ন-বায়ন, ওজাপালি, সূত্ৰধাৰ নৃত্য আদি পৰিবেশন কৰিবৰ বাবে চুৰিয়াখন ভৰিৰ তল গাঁঠিলৈকে ঢাক খোৱাকৈ পৰিধান কৰে।

অন্যান্য নাম

[সম্পাদনা কৰক]
প্ৰথম শতাব্দীৰ এক ভাস্কৰ্যত ধুতি পৰিধান কৰা ব্যক্তি।
কলিকতা বিশ্ববিদ্যালয়ত অন্য বৈজ্ঞানিক সকলৰ সৈতে জগদীশ চন্দ্ৰ বসু। সকলোৱে ধুতি আৰু চোলা পিন্ধা অৱস্থাত
স্থানীয় নাম ভাষা
ধোতিসংস্কৃত, পালি
धोती
मर्दानी
হিন্দী
ਚਾਦਰਾChaadraপঞ্জাবী
ଧୋତିDhotiওড়িয়া
धोतिনেপালী
ધૉતિયુDhotiuগুজৰাটী
धोतरdhotar panchমাৰাঠী
চুৰিয়া
ধুতি
Suriya
Dhuti
অসমীয়া
ধুতিDhutiবঙালী
ಧೋತ್ರ
ಕಚ್ಚ ಪಂಚೆ
Dhotra
Kachcha Panche
কন্নড়
धोतर
आंगोस्तर
आड नेसचे
पुडवे
Dhotar
Angostar
Aad-neschey
Pudve
কোংকণী
పంచె
ధోవతి
Panché
Dhovathi
তেলেগু
வேட்டிVeshtiতামিল
മുണ്ട്Munduমালয়ালম
دھوتیDhotiউৰ্দু

বিভিন্ন অসমীয়া ধুতি বা চুৰিয়া

[সম্পাদনা কৰক]
  • মুগাৰ বৰ চুৰিয়া,
  • পাটৰ চুৰিয়া,
  • কপাহী চুৰিয়া,
  • চিকণ পাটৰ চুৰিয়া,
  • ধল পাটৰ চুৰিয়া,
  • পাট মুগা মিহলি চুৰিয়া,
  • মেজাংকৰি তিতাকৰীয়া চুৰিয়া আদি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://www.indianmirror.com/culture/clothing/dhoti.html
  2. http://spokensanskrit.de/index.php?script=HK&beginning=0+&tinput=dhoti&trans=Translate&direction=AU
  3. 1 2 Govind Sadashiv Ghurye (1951) Indian Costume
  4. Indian Costume by Govind Sadashiv Ghurye 1966
  5. Ancient Indian Costume By Roshen Alkazi 1996
  6. Cort, John E. (2001). Jains in the World: Religious Values and Ideology in India. Oxford University Press. পৃষ্ঠা. 221. ISBN 9780195132342. Archived from the original on 2019-10-19. https://web.archive.org/web/20191019093108/https://www.oxfordscholarship.com/view/10.1093/0195132343.001.0001/acprof-9780195132342 আহৰণ কৰা হৈছে: 2020-08-14.