খেৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


খেৰাই
খেৰাই.jpg
খেৰাই
ঠাই অসম

খেৰাই অসমবড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ[1]৷ এই উৎসৱ সাধাৰনতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্‌যাপন কৰা হয়[2]৷ এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য৷ সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে৷

নামৰ অৰ্থ[সম্পাদনা কৰক]

খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল ’খাৰ’ + ’আই’, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু "আই" মানে গোঁসানী৷ আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য৷ কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য[3]

বিৱৰণ[সম্পাদনা কৰক]

বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে৷ ওজাই পিছত বহি আঠুলৈ মন্ত্ৰ মাতে৷ ওজাৰ পিছত বুঢ়া-মেথাসকল বহে৷ দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে৷ সেইসময়তে খেৰাই নৃত্য চলি থাকে৷ পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে৷ খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ[3]


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Ms. Anjalee Hazowary, Dr. Mangal Singh Hazowary. "Kherai Festival: A Traditional Religious Festival of Bodos". http://www.ssmrae.com/admin/images/389c85633377db507e080ade202c9f52.pdf। আহৰণ কৰা হৈছে: March 11, 2013. 
  2. "Festivals of the Bodo tribes". vedanti.com. 18th Jan, 2011. http://www.vedanti.com/News/festivals_of_the_bodo_tribes.htm। আহৰণ কৰা হৈছে: March 11, 2013. 
  3. 3.0 3.1 অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড° পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ৯৮)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]