জাপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


অসমীয়া জাপি

জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ৰূপে সৰ্বজনবিদিত। প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ, ৰং, সজাৰ অৰ্থাৎ তৈয়াৰী কৰা সঁজুলি ভিন্ন ধৰণৰ হ'ল। বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ। কোনো কোনো দেশত গছপাত আৰু জন্তুৰ ছালেৰেও জাপি সজা হয়। ৰূপ-সজ্জাৰ ফালৰপৰা ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা জাপি। জাপিৰ ইতিহাস বহু পুৰণি। আগৰ দিনত জাপিৰ বিভিন্ন প্ৰকাৰৰ জাপি ব্যৱহাৰ হৈছিল। বৰদৈয়া জাপি, সৰুদৈয়া জাপি আদিও আছিল। ইয়াৰোপৰি পানীজাপি, গৰখীয়া জাপি আদিৰ প্ৰচলন আছিল। জাপি সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল। ইয়াৰ পাছত জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল।[1][2][3][4] ইয়াৰ পাছত চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল‌ কৰি বহুতো জাপি লাভ কৰিছিল। [5] চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল।[6]ইয়াৰ বাহিৰে মধ্য অসমৰ বাৰ ভূঞা সকলেও জাপি ব্যৱহাৰ কৰিছিল। সাতসাৰী বুৰঞ্জীৰ মতে আহোম ৰজা সকলে বচুৱাল, তঙালি আৰু টকৌ-পতীয়া জাপি ভূঞা সকলৰ পৰা ল'বলৈ শিকিছিল। [7] আহোমৰ দিনত ডা-ডাঙৰীয়াসকলে মৰ্য্যাদা অনুসৰি বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল। যেনে- বুঢ়াগোহাঁই, বৰপাত্ৰগোহাঁই, বৰগোহাঁয়ে সোণৰ চুলাৰে পানী জাপি আৰু টুপি জাপি। বৰফুকন সকলে ৰুপৰ চুলাৰ জাপি, উকা বৰজাপি ব্যৱহাৰ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]