সমললৈ যাওক

ঢোল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঢোল
শ্ৰেণী তালাশ্ৰয়ী বাদ্য
আনুষঙ্গিক বাদ্য
ঢোলক
অধিক প্ৰবন্ধ
গৰবা, বিহু নৃত্য

ঢোল (হিন্দী উচ্চাৰণ: [ɖʰoːl]) সমগ্ৰ ভাৰতীয় উপমহাদেশতে আঞ্চলিক তাৰতম্যৰ সৈতে বহুলভাৱে ব্যৱহৃত এক প্ৰকাৰৰ বাদ্যযন্ত্ৰ। ভাৰত উপমহাদেশ বিভিন্ন অঞ্চলত ঢোলৰ ব্যৱহাৰ কৰা হয় বিশেষকৈ উত্তৰ অঞ্চলৰ জম্মু, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, দিল্লী, কাশ্মীৰ, সিন্ধ, অসম উপত্যকা, উত্তৰাখণ্ড, পশ্চিম বংগ, ওড়িশা, গুজৰাট, মহাৰাষ্ট্ৰ, কংকন, গোৱা, কৰ্ণাটক, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ আদি। ঢোলৰ সৈতে জড়িত অন্য এটা বাদ্য হ’ল ঢোলক বা ঢোলকী। ভাৰতীয় বিবাহ অনুষ্ঠানৰ শোভাযাত্ৰা তথা অন্য বিভিন্ন অনুষ্ঠানত ঢোল বজোৱা হয়।

ঢোল বজোৱা ব্যক্তিজনক ঢুলীয়া (হিন্দী: ढोलि) বুলি জনা যায়।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

সংস্কৃত ভাষাৰ ঢোল শব্দৰ ঢোল শব্দটোৰ উদ্ভৱ হৈছে।[1]


স্থানীয় প্ৰকাৰসমূহ

[সম্পাদনা কৰক]

পঞ্জাব অঞ্চল

[সম্পাদনা কৰক]
এজন পাকিস্তানী চুফী ঢুলীয়া।

পাকিস্তান আৰু উত্তৰ ভাৰতৰ পঞ্জাব অঞ্চলত পঞ্জাবী ঢোল ব্যৱহাৰ কৰা হয়। সাধাৰণতে পাকিস্তানৰ পঞ্জাৱ অঞ্চলতেই বেছিভাগ ঢোল বজোৱা হয় যদিও সমগ্ৰ দেশতে ঢোলৰ ব্যৱহাৰ দেখা পোৱা যায়। ভাৰতৰ পঞ্জাব, হিমাচল প্ৰদেশ, হাৰিয়ানা, আৰু দিল্লীত ঢোল বজোৱা হয়। চুফী সাধকসকল আৰু তেওঁলোকৰ অনুগামীসকলৰ অনুষ্ঠানত সততে ঢোলৰ ব্যৱহাৰ কৰা হয়।

বিহুত ঢুলীয়াই ঢোল বজাইছে।

অসমত ৰঙালী বিহুৰ সময়ত ব্যাপকভাবে ঢোল বজোৱা হয়। প্ৰতি বছৰে এপ্ৰিল মাহৰ মাজভাগত (সাধাৰণতে অসমীয়া পৰম্পৰাগত পঞ্জিকা অনুসৰি ১৪ বা ১৩ এপ্ৰিলত) উদযাপন কৰা ৰঙালী বিহুৰ বিহু নৃত্যত ঢোল এক গুৰুত্বপূৰ্ণ আৰু মূল বাদ্যযন্ত্ৰ। অসমত চতুৰ্দশ শতিকাত ঢোলৰ উৎপত্তি হৈছিল। অসমৰ বুৰঞ্জীত অসমৰ খিলঞ্জীয়া লোকসকলে ঢোল বজোৱা বুলি উল্লেখ কৰা হৈছিল। ইয়াৰ পৰা বুজা যায় যে অসমত ঢোলৰ উৎপত্তি ভাৰতৰ বাকী অংশতকৈ বহু পুৰণি আছিল, আৰু এই নামটো সম্ভৱতঃ সংস্কৃতকৰণৰ পৰাই উদ্ভৱ হৈছিল। অসম উপত্যকাৰ মানুহে হিচাপ কৰে যে ঢোলৰ স্পন্দনবোৰ বহু দূৰত থাকিলেও মানুহৰ বাবে মোহনীয়। ঢোল বজোৱাজনক ধুলীয়া আৰু ঢোলৰ বিশেষজ্ঞজনক ওজা বুলি কোৱা হয়।

ধোল গোৱাত উদ্‌যাপন কৰা শিগমো উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ।[2] ই গোৱাৰ মন্দিৰ সংগীতৰো এক গুৰুত্বপূৰ্ণ অংশ; মন্দিৰৰ ঢোল পৰম্পৰাগতভাৱে এটা নিৰ্দিষ্ট জাতিৰ লোকৰ দ্বাৰাহে বজোৱা হৈছিল।[3]

গুজৰাটী আদিবাসীসকলৰ ঢোল

গুজৰাটত নৱৰাত্ৰিৰ সময়ত উদযাপন কৰা গৰবা লোক নৃত্যত ঢোল বজোৱা হয়। গৰবাৰ গীতবোৰ সাধাৰণতে নগৰাকী দেৱীৰ বিষয়ৰ। ঢোল গুজৰাটৰ এটা গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ।

মহাৰাষ্ট্ৰ

[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰত ঢোল গণেশ উৎসৱত ব্যৱহৃত প্ৰধান বাদ্য। পুনে চহৰত স্থানীয় লোকে একত্ৰিত হৈ ঢোল পাঠক (দল) গঠন কৰে। কথিত আছে যে ভাৰতৰ ভিতৰত পুনেত সৰ্বাধিক ঢোল ব্যৱহৃত হয়। নাগপুৰ চহৰত উৎসৱ আৰু আন আন অনুষ্ঠানত ঢোল বজোৱা হয়। ইয়াত ঢোলক ‘সন্ধল’ বুলি কোৱা হয়। এনে ঢোলৰ এটা ফালে মাজত কলা ৰঙৰ লেপন দিয়া অংশত "টিপাৰু" নামৰ এডাল কাঠৰ লাঠিৰে বজোৱা হয়। ঢোলৰ এই ফালটোক "ধুম" বোলা হয়। ঢোলৰ আনটো ফালক "থাপি" বা "চতি" বোলা হয়। ঢোলৰ বোল হৈছে "তা", "ধিন" আৰু "ধা"। "থাপি"ৰ ফালে "তা", "ধূম"ৰ ফালে "ধিন" আৰু দুয়োফালে একেলগে বজালে "ধা" বোল সৃষ্টি কৰে।

কৰ্ণাটক

[সম্পাদনা কৰক]

কন্নড় ভাষাত ঢোলক ঢোল্লু আৰু ইয়াৰ সৈতে সম্পৰ্কীত লোকনৃত্যক ঢোল্লু কুনিটা বুলি কোৱা হয়। কুনিটা মানে নৃত্য। এই লোকনৃত্য মূলতঃ কৰ্ণাটকৰ কুৰুবা সম্প্ৰদায়ৰ লোকসকলে সংৰক্ষণ আৰু পৰিবেশন কৰে।[4]

উত্তৰাখণ্ড

[সম্পাদনা কৰক]

গড়ৱাল অঞ্চলত আউজি, দাস বা ঢোলীৰ দৰে কিছুমান নিৰ্দিষ্ট সংগীতজ্ঞ জনগোষ্ঠীয়ে ঐতিহাসিকভাৱে এই অঞ্চলৰ দুটা বিশেষ লোকবাদ্য ঢোল আৰু দামাউ কিছুমান বিশেষ অনুষ্ঠান বা ধৰ্মীয় উৎসৱত পৰিৱেশন কৰে। ঢোলসাগৰ নামৰ প্ৰাচীন গ্ৰন্থখনৰ মতে এই পৰম্পৰা মৌখিকভাৱে আৰু ব্যৱহাৰিক শিক্ষাৰ দ্বাৰা প্ৰচাৰিত হৈছিল।[5]

পশ্চিমবংগ

[সম্পাদনা কৰক]

পশ্চিমবংগত "ঢাক" নামৰ এবিধ ঢোল বজোৱা হয়। ইয়াক ডিঙিত ওলোমাই কঁকালত বান্ধি কোলাত বা মাটিত ৰখা হয় আৰু সাধাৰণতে কাঠৰ লাঠিৰে বজোৱা হয়। ঢাকৰ শব্দ দুৰ্গা পূজাৰ এক অবিচ্ছেদ্য অংগ। বেছিভাগ বঙালী সমাজতে ঢাকৰ প্ৰচলন দেখা পোৱা যায়।

পাঠানী অঞ্চল

[সম্পাদনা কৰক]

আত্তন নামেৰে জনাজাত পাঠানী নৃত্যৰ মূল বাদ্যযন্ত্ৰ হৈছে ঢোল। দোহল নামে জনাজাত আফগান আৰু ইৰাণৰ এই ঢোল ভাৰত উপমহাদেশৰ ঢোল সৈতে একে নহয়।

ককেছাছৰ ঢোলক আৰ্মেনিয়াত ঢোল, জৰ্জিয়া আৰু আবখাজিয়াত ঢোলি বা ডোলি আৰু উত্তৰ ককেছাছত ডৌল বুলি কোৱা হয়।

গোলকীয় সংস্কৃতিত

[সম্পাদনা কৰক]

ভাৰতীয় উপমহাদেশ আৰু ভাৰতীয় প্ৰব্ৰজন ফলত ঢোল বিশ্বৰ অন্যান্য প্ৰান্তত জনপ্ৰিয় হৈ পৰিছে। দশক দশক ধৰি বিশ্বৰ বিভিন্ন দেশত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক নৃত্য পৰিবেশনত ঢোল জনপ্ৰিয় বাদ্যযন্ত্ৰ হিচাপে পৰিগণিত হৈছে।

লগতে চাওক

[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. McGregor, R. S. (Ronald Stuart) (1993). "The Oxford Hindi-English dictionary". dsal.uchicago.edu. https://dsal.uchicago.edu/cgi-bin/app/mcgregor_query.py?qs=%E0%A4%A2%E0%A5%8B%E0%A4%B2&searchhws=yes&matchtype=exact। আহৰণ কৰা হৈছে: 2023-03-17. 
  2. Goa, Daman and Diu (India). Gazetteer Dept (1979). Gazetteer of the Union Territory Goa, Daman and Diu: district gazetteer, Volume 1. Gazetteer Dept., Govt. of the Union Territory of Goa, Daman and Diu. পৃষ্ঠা. 263. 
  3. Śiroḍakara, Mandal, Pra. Pā, H. K (1993). People of India: Goa. প্ৰকাশক Calcutta: Anthropological Survey of India. পৃষ্ঠা. 45.263. ISBN 978-81-7154-760-9. 
  4. "Janapadaloka -World of Folk art". Janapadaloka.in. Archived from the original on 2018-11-22. https://web.archive.org/web/20181122215443/https://www.janapadaloka.in/articles/9/Kunitha-The-drum-dance-of-Karnataka/। আহৰণ কৰা হৈছে: 2024-06-17. 
  5. Alter, Andrew, ed (19 April 2014). "Drum Strokes, Syllables and Rhythmic Patterns". Mountainous Sound Spaces. Foundation Books. পৃষ্ঠা. 80–96. doi:10.1017/9789384463069.008. ISBN 9789384463069. https://www.cambridge.org/core/books/mountainous-sound-spaces/drum-strokes-syllables-and-rhythmic-patterns/0F12A9EAA8A3802BDDBF91CB78032CDE। আহৰণ কৰা হৈছে: 19 April 2021.