গৰবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গৰবা
Garba (dance).jpg
নৱৰাত্ৰী উপলক্ষে গৰবা নৃত্যৰত শিল্পী
শৈলী লোকনৃত্য
উৎপত্তিমূল গুজৰাট, ভাৰত

গৰবা (ইংৰাজী: Garba) ভাৰতগুজৰাট ৰাজ্যৰ পাৰম্পৰিক লোকনৃত্য। গৰবা নামটো সংস্কৃত শব্দ 'গৰ্ভ' আৰু 'দীপ'ৰ পৰা আহৰণ কৰা হৈছে। এই নৃত্য বিশেষকৈ নৱৰাত্ৰিত কেন্দ্ৰীয়ভাৱে জ্বলোৱা চাকি বা দেৱী শক্তিৰ ছবি বা মূৰ্তিৰ চাৰিওফালে পৰম্পৰাগতভাৱে ঘূৰি ঘূৰি কৰা হয়।[1]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

গৰবা শব্দটো সংস্কৃত শব্দ গৰ্ভ’ৰ পৰা আহিছে। ই গৰ্ভধাৰণ কৰা বুজায়। পৰম্পৰাগতভাৱে এই নৃত্য মাটিৰ চাকি জ্বলাই তাৰ চাৰিওফালে কৰা হয়। ইয়াক গৰ্ভ দীপ বুলি কোৱা হয়। এই চাকিয়ে জীৱন, আৰু বিশেষকৈ গৰ্ভৰ ভ্ৰূণক প্ৰতিনিধিত্ব কৰে। নৃত্যশিল্পীসকলে এনেদৰে শক্তিৰূপিনী দেৱী দুৰ্গাক সন্মান প্ৰদৰ্শন কৰে।[2]

হিন্দু দৰ্শন মতে, বৃত্ত সময়ৰ প্ৰতীক। ইয়াক বুজাবলৈও বৃত্তত গৰবা কৰা হয়। নৃত্যশিল্পীসকলৰ শাৰীবোৰ চক্ৰীয়ভাৱে ঘূৰি থাকে। কিয়নো হিন্দু ধৰ্মৰ সময় চক্ৰীয়। সময়ৰ চক্ৰয়ে জন্মৰ পৰা জীৱনলৈ, মৃত্যুলৈ আৰু পুনৰ জন্মলৈ ঘূৰি আহে আৰু ইয়াৰ মাজতে একমাত্ৰ বস্তু যি নিৰন্তৰ হয় সেয়া হৈছে দেৱী। এই নৃত্যয়ে সূচায় যে স্ত্ৰীৰূপত প্ৰতিনিধিত্ব কৰা ঈশ্বৰ হৈছে একমাত্ৰ বস্তু যি নিৰন্তৰ পৰিৱৰ্তিত বিশ্বব্ৰহ্মাণ্ডত অপৰিৱৰ্তিত হৈ থাকে।

গৰ্ভ দীপৰ আন এক সাংকেতিক ব্যাখ্যা আছে। এই দীপ বা চাকি নিজেই শৰীৰৰ প্ৰতীক যাৰ ভিতৰত দেৱতা (দেৱীৰ ৰূপত) বাস কৰে। সকলো মানুহৰ ভিতৰত দেৱীৰ ঈশ্বৰীয় শক্তি আছে বুলি সন্মান কৰিবলৈ গৰবাক এই চাকিৰ চাৰিওফালে নৃত্য কৰা হয়।[3]

বৰ্ণনা[সম্পাদনা কৰক]

আধুনিক গৰবা দাণ্ডিয়া ৰাসৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত। দাণ্ডিয়া ৰাস পুৰুষসকলে পৰম্পৰাগতভাৱে পৰিৱেশন কৰা নৃত্য। এই দুয়ো নৃত্যৰ একত্ৰীকৰণে বৰ্তমান সময়ত দেখা পোৱা উচ্চ শক্তিনৃত্য গঠন কৰিছে।[4]

পুৰুষ আৰু মহিলা উভয়ে সাধাৰণতে গৰবা আৰু দাণ্ডিয়া নৃত্য কৰোঁতে ৰঙীন পোছাক পিন্ধে। ছোৱালী আৰু মহিলাসকলে চানিয়া চোলি পিন্ধে, এটা চোলিৰ সৈতে তিনি টুকুৰা পোছাক। চানিয়া চোলিত এটা এম্ব্ৰইডাৰী কৰা আৰু ৰঙীন ব্লাউজ থাকে। জটিল কামৰ স্কাৰ্ট আৰু দুপাট্টাৰ সৈতে সাধাৰণতে পৰম্পৰাগত গুজৰাটী শৈলীত চানিয়া পিন্ধা হয়। চানিয়া চোলিবোৰ মণি, শামুকৰ খোলা, আয়না, তৰা, আৰু এমব্ৰেডাৰী কাম, মাটি আদিৰে সজ্জিত কৰা হয়। পৰম্পৰাগতভাৱে, মহিলাসকলে নিজকে ঝুমকা, হাৰ, বিন্দি বা ফোঁট, বাজুবন্ধ, চুড়া আৰু কংগন বা খাৰু, কমৰবন্ধ, পায়েল আৰু মোজিৰিৰে সজ্জিত কৰে। ল’ৰা আৰু পুৰুষে ঘগ্ৰাৰ সৈতে কাফণি পায়জামা পিন্ধে। আঁঠুৰ ওপৰৰ এটা চুটি ঘূৰণীয়া কুৰ্তা আৰু মুৰত বান্ধিনী দুপাট্টা, কাদা আৰু মোজিৰিৰ সৈতে পাগুৰী পিন্ধে। গুজৰাটীত পুৰুষে পিন্ধা এই পোছাকক 'কেদিয়ু' বুলি কোৱা হয়। বহু বছৰ ধৰি গৰবা প্ৰতি আগ্ৰহ বৃদ্ধি পাই আহিছে। ভাৰতৰ যুৱসকলৰ মাজত আৰু বিশেষকৈ গুজৰাটী প্ৰবাসীসকলৰ মাজত গৰবাৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। পৰম্পৰাগতভাৱে এই নৃত্যটো সমকেন্দ্ৰিক বৃত্তত পৰিৱেশন কৰা হয় আৰু গোটেই গোটটোৱে এবাৰ একত্ৰীকৰণত পদচালনা কৰে। ইয়াৰ গতি ধীৰৰ পৰা লাহে লাহে বাঢ়ি যায়।[5]

গাৰবা আৰু দাণ্ডিয়া ৰাস আমেৰিকা যুক্তৰাষ্ট্ৰতো জনপ্ৰিয় য'ত ২০ খনতকৈও অধিক বিশ্ববিদ্যালয়ত পেছাদাৰী কোৰিঅ’গ্ৰাফীৰ সৈতে প্ৰতি বছৰে বৃহৎ পৰিমাণত ৰাস/গৰবা প্ৰতিযোগিতা থাকে। কানাডাৰ চহৰ টৰণ্টোয়ে এতিয়া অংশগ্ৰহণকাৰীৰ সংখ্যা ভিতৰত উত্তৰ আমেৰিকাৰ সৰ্ববৃহৎ বাৰ্ষিক গৰবা অনুষ্ঠিত কৰে।[6] যুক্তৰাজ্যতো গৰবা অতি জনপ্ৰিয়। ইয়াত গুজৰাটী সম্প্ৰদায়ে গৰবা গোটেই ৰাতি ধৰি উদযাপন কৰে।

পৰম্পৰা[সম্পাদনা কৰক]

গৰবা হৈছে নৱৰাত্ৰিত উদযাপন কৰা এক গুজৰাটী লোক নৃত্য, যি ন ৰাতি স্থায়ীভাৱে উদযাপন কৰা হয়। গৰবা গীতবোৰ সাধাৰণতে নগৰাকী দেৱীৰ বিষয়ৰ। গুজৰাটৰ স্থানভেদে গৰবাৰ শৈলী পৃথক হয়।

গৰবা নৃত্যশিল্পীৰ পৰম্পৰাগত পোছাক ৰঙা, গোলাপী, হালধীয়া, কমলা, আৰু উজ্জ্বল ৰঙৰ চানিয়া, চোলি বা ঘাগ্ৰা চোলি; বান্ধনী (টাই-ডাই), অভলা (ডাঙৰ আয়না) বা ডাঠ গুজৰাটী সীমাৰ সৈতে দুপাট্টা। তেওঁলোকে বহুত গহনা পিন্ধে, যেনে ২-৩টা নেকলেচ, উজ্জ্বল খাৰু বা চুড়ি, কঁকালৰ বেল্ট, আৰু দীঘল কানফুলি। পৰম্পৰাগতভাৱে পুৰুষসকলে কেদিয়া আৰু পাজামা আৰু ব্ৰেছলেট আৰু নেকলেছৰ সৈতে ধুতি পিন্ধে। সাধাৰণতে দাণ্ডিয়া লাঠিবোৰ কাঠৰ।[7]

চিত্ৰবিথিকা[সম্পাদনা কৰক]

বদোদৰাৰ নৱৰাত্ৰি উদযাপনৰ অংশ হিচাপে গৰবা প্ৰদৰ্শন কৰা মহিলা আৰু পুৰুষ

তথ্য উৎস[সম্পাদনা কৰক]