মুজ্‌ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মুজ্‌ৰা (ইংৰাজী: Mujra) হৈছে মোগল ৰাজত্ব কালত উত্থান ঘটা মহিলাৰ দ্বাৰা পৰিৱেশিত নৃত্য প্ৰদৰ্শন, য'ত ভাৰতীয় সমাজৰ অভিজাত বৰ্গ আৰু নৱাবসকলৰ দৰে স্থানীয় শাসকসকলে নিশা নিজৰ মনোৰঞ্জনৰ বাবে সঘনে গণিকাসকলক ব্যৱহাৰ কৰিছিল। ক্ষয়িষ্ণু মোগল সাম্ৰাজ্যৰ পতনৰ বছৰতে এই প্ৰবৃত্তি ক্ৰমবৰ্ধমান ভাৱে স্পষ্ট হৈ পৰিছিল।[1]

ইতিহাস[সম্পাদনা কৰক]

মুজ্‌ৰাত থুমৰি আৰু গজলৰ দৰে দেশীয় ধ্ৰুপদী নৃত্য আৰু দেশীয় সংগীতৰ সমন্বয় ঘটিছে। সম্ৰাট আকবৰৰপৰা বাহাদুৰ শ্বাহ জাফৰলৈকে মোগল ৰাজত্বকালত প্ৰচলিত কবিতাসমূহেও ইয়াত স্থান পাইছে।[2] পৰম্পৰাগতভাৱে 'কোঠা' বুলি কোৱা বিশেষ ঘৰবোৰত আৰু 'মেহফিল'ত মুজ্‌ৰা পৰিৱেশন কৰা হয়।

মোগল ৰাজত্বকালত দিল্লী, লক্ষ্ণৌ, জয়পুৰ আদি ঠাইবোৰত মুজ্‌ৰা পৰিৱেশন কৰা পৰম্পৰাটো পৰিয়ালকেন্দ্ৰিক শিল্প আছিল, যিটো মাতৃসকলপৰা তেওঁৰ ছোৱালীহঁতলৈ হস্তান্তৰিত হৈছিল। অভিজাত বৰ্গৰ সৈতে থকা নিকট সম্পৰ্কৰ বাবে এই গণিকা বা তৱাইফ সকলৰ কিছুমান শক্তি থাকিছিল আৰু তেওঁলোকৰ কিছুৱে সাংস্কৃতিক ক্ষেত্ৰত প্ৰভুত্ব বিস্তাৰ কৰিছিল। কিছুমান নামকৰা পৰিয়ালে তেওঁলোকৰ পুৰুষ সন্তানক শিষ্টাচাৰ (তেহজীৱ) আৰু কথা কোৱাৰ শিল্পটি শিকিবলৈ তৱাইফসকলৰ ওচৰলৈ পঠিয়াইছিল।[1] তেওঁলোকক কেতিয়াবা বাঈ বুলিও কোৱা হৈছিল, যি নাচিছিল, গাইছিল আৰু তেওঁলোকৰ পৃষ্ঠপোষকতা কৰা নৱাবসকলৰ সংগিনী আছিল।[1]

বৰ্তমান[সম্পাদনা কৰক]

আধুনিক মুজ্‌ৰা শিল্পীসকলে সেইবোৰ দেশৰ বিয়া-সবাহ, জন্মদিন আৰু প্ৰাক বৈবাহিক ভোজত পৰিৱেশন কৰে; য'ত ভাৰতৰ দৰে পৰম্পৰাগত মোগল সংস্কৃতিৰ প্ৰচলন আছে। ক্ষুদ্ৰ পৰিসৰত এই নৰ্তকসকলে ভাৰতত স্থানীয় সংগীতৰ তালে তালে এক আধুনিক মুজ্‌ৰা পৰিৱেশন কৰে।[3][1]

২০০৫ চনত, মহাৰাষ্ট্ৰ চৰকাৰে যেতিয়া 'ডান্স বাৰ'বোৰ বন্ধ কৰি দিলে, বাৰত কাম কৰা বহুতো ছোৱালী মুম্বাইৰ গ্ৰাণ্ট ৰ'ডত থকা কেনেডী ব্ৰীজৰ ওচৰৰ 'কংগ্ৰেছ হাউচ'লৈ গুচি যায় আৰু তাত মুজ্‌ৰা পৰিৱেশন কৰিবলৈ লয়। 'কংগ্ৰেছ হাউচ' হৈছে মুম্বাই মহানগৰীৰ আটাইতকৈ পুৰণি মুজ্‌ৰা কেন্দ্ৰ। ভাৰতৰ আগ্ৰা আৰু পাকিস্তানৰ লাহোৰ আৰু কৰাছীত মুজ্‌ৰাৰ প্ৰশিক্ষণ দিয়া হয়। কৰাছীৰ ড'ন বাতৰিকাকতে লাহোৰৰ হীৰা মণ্ডী অঞ্চলক পাকিস্তানত অৱস্থিত পৰম্পৰাগত যৌন উত্তেজক নৃত্য, সংগীতকাৰ আৰু গণিকাৰ শতিকাজোৰা পুৰণি 'ৰেড লাইট' অঞ্চল বুলি কৈছে।[4]

ভাৰতীয় উপমহাদেশৰ বিভিন্ন ঠাইত তেওঁলোক বিভিন্ন নামেৰে জনাজাত। উত্তৰ ভাৰত আৰু পাকিস্তানহিন্দী আৰু উৰ্দু ভাষা প্ৰচলিত অঞ্চলত তেওঁলোকক তৱাইফ, দক্ষিণ ভাৰতদেৱদাসী আৰু পশ্চিমবংগত বাঈজী বুলি কোৱা হয়।

বেছিভাগ মহিলাই এটি চলচ্চিত্ৰ ষ্টুডিঅ'ত আন্তৰ্জাতিক নৃত্য কেৰিয়াৰ বা দক্ষিণ এছিয়াৰ নৃত্য কেৰিয়াৰৰ আশা কৰে। মাৰাঠী আৰু হিন্দু-উৰ্দু ভাষাত মুজ্‌ৰা মানে সন্মান প্ৰদান, এজনী নৰ্তকী ছোৱালীয়ে কৰা সাংগীতিক পৰিৱেশন বা স্খলিত অভিবাদন।

জনপ্ৰিয় সংস্কৃতি[সম্পাদনা কৰক]

পাকিজা (১৯৭২), জিন্দেগী য়া টুফান (১৯৫৮) আৰু দেৱদাস (১৯৫৫)ৰ দৰে হিন্দী চলচ্চিত্ৰ বা অন্য ছবিসমূহ য'ত মোগল শাসন আৰু ইয়াৰ সংস্কৃতিক দেখুওৱা হয়- মুজ্‌ৰাক চিত্ৰিত কৰা হৈছে।

পাকিস্তানৰ ললীউড ছবি অঞ্জুমানত (১৯৭০) ছবিখন শেষ হোৱাৰ আগতে বহুকেইটা মুজ্‌ৰা নৃত্য দেখুওৱা হৈছে।[5]

তথ্য সূত্ৰ[সম্পাদনা কৰক]