দেৱদাসী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১৯২০ চনৰ এক ছবিত দক্ষিণ ভাৰতৰ তামিলনাডুৰ দুগৰাকী দেৱদাসীক দেখা গৈছে

দক্ষিণ আৰু পূব ভাৰতৰ কিছু অংশত দেৱদাসী বা যোগিনীসকল হ’ল কিছুমান যুৱতী যিসকলে হিন্দু দেৱতা বা কোনোবা মন্দিৰত উপাসনাৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছিল। এগৰাকী দেৱদাসী হবলৈ নূন্যতম বয়স সাত বছৰ পৰ্য্যন্ত হব পাৰে। দেৱদাসী হবলৈ পট্টুকাট্টু বা আৰম্ভণি উৎসৱ পালন কৰা হয় যিটো উৎসৱ হিন্দু বিবাহৰ নিয়ম নীতিৰ সৈতে একেই হয়।দেৱদাসীসকলে মন্দিৰ আৰু আন ধৰ্মীয় উপাচাৰসমূহ চোৱা-চিতা কৰাৰ লগতে ভাৰতনাট্যম আৰু ওদিছি নৃত্যৰ দৰে কলাসমূহ সাধনা কৰিবলগীয়া হয়। সংগীত আৰু নৃত্য মন্দিৰ উপাসনাৰ অন্যতম অংগ হোৱা হেতুকে তেওঁলোকৰ সামাজিক স্থিতি উচ্চ আছিল।

দেৱদাসী হোৱাৰ পিছত তেওঁলোকে ধৰ্মীয় আচাৰ, নীতি-নিয়ম আৰু নৃত্য সাধনাৰ জৰিয়তে সময় পাৰ কৰিছিল। তেওঁলোকৰ মন্দিৰৰ পূজাৰী বা আন উচ্চখাপৰ ব্যক্তিৰ সৈতে বিয়া হৈছিল আৰু তেওঁলোকৰ সন্তানসকলকো সংগীত আৰু নৃত্যৰ শিক্ষা দিয়া হৈছিল। সেই সম্প্ৰদায়ৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল হৈছে ভাৰতৰত্ন বিজয়ী এম এছ চুব্বালক্ষ্মী আৰু পদ্মবিভূষণ বঁটা বিজয়ী বালাসৰস্বতী

ভাৰতৰ ৰজা-মহাৰজাসকল মন্দিৰৰ পৃষ্ঠপোষক আছিল যদিও ব্ৰিটিছৰ শাসনকালত তেনে বহু ৰজাই ক্ষমতা হেৰুৱাবলগীয়া হয়। যাৰ ফলত দেৱদাসীসকলেও পৰম্পৰাগত সমৰ্থন আৰু পৃষ্ঠপোষকতা হেৰুৱাবলগীয়া হয়। ঔপনিৱেশিক কালত কেইবাজনো সমাজসংস্কাৰকে দেৱদাসী প্ৰথা নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল। ব্ৰিটিছসকলে কোনো অনুষ্ঠানত নৃত্য কৰাসকল আৰু দেৱতাৰ ওচৰত নিজকে উছৰ্গা কৰা আধ্যাত্মিক দেৱদাসীসকলৰ মাজত পাৰ্থক্য উলিয়াব পৰা নাছিল। যাৰ ফলত সামাজিক অৱনতি আৰু লোকনৃত্যৰ উত্তৰণ ঘটিছিল।[1][2][3][4]

১৯৮৮চনত বেআইনী ঘোষণা কৰাৰ পিছৰে পৰা এই প্ৰথা লাহে লাহে নোহোৱা হৈ আহে।[5]

দেৱদাসীসকলক যোগিণী নামেৰেও জনা গৈছিল।তদুপৰি এই প্ৰথাক কৰ্ণাটকত বাচিভি, মহাৰাষ্ট্ৰত মাতঙ্গী আৰু গোৱাত ভাবিন আৰু কালাবান্তিন নামেৰে জনা গৈছিল।[6] আয়াৰ সম্প্ৰদায়ৰ দেৱদাসীসকলে ভাৰতনাট্যম পৰিৱেশন কৰিছিল।[7]

ইতিহাস[সম্পাদনা কৰক]

মন্দিৰৰ নিয়মাৱলী অনুসৰি নৃত্য আৰু সংগীত পূজাবিধিৰ অন্তৰ্গত আছিল।

প্ৰাচীন আৰু মধ্যযুগ[সম্পাদনা কৰক]

দেৱদাসী প্ৰথা ক’ত উদ্ভৱ হৈছিল সেইবিষয়ে সঠিককৈ জনা নাযায়। বুদ্ধৰ সময়ত আম্ৰপালি নামৰ এগৰাকী দেৱদাসীৰ বিষয়ে উল্লেখ আছে।[8] বহুতো পণ্ডিতে কয় যে এই প্ৰথা কোনো শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা নাছিল। এল্টেকাৰে কৈছ, “মন্দিৰত নৃত্যাঙ্গনা ৰখাটো জাতক সাহিত্যৰ অন্তৰ্গত নহয়। গ্ৰীক লিখকসকলেও এই বিষয়ে একো উল্লেখ কৰা নাই আৰু অৰ্থশাস্ত্ৰত পতিতাৰ বিষয়ে লিখা আছে যদিও দেৱদাসীৰ বিষয়ে লিখা নাই।”

নৃত্যাঙ্গনাৰ সৈতে মন্দিৰৰ সংযোগ তৃতীয় শতিকাৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয়। প্ৰাচীন ভাৰতৰ গুপ্তযুগৰ প্ৰখ্যাত সংস্কৃত সাহিত্যিক কালিদাসমেঘদূতত নৃত্যাঙ্গনাৰ বিষয়ে উল্লেখ আছে।[8] এই বিষয়ত আন উৎসসমূহ হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাঙ আৰু কাশ্মীৰি ইতিহাসবিদ কলহনৰ লিখনি।

একাদশ শতিকাৰ এখন শিলালিপিত পোৱা মতে দক্ষিণ ভাৰতৰ তাঞ্জোৰৰ এটা দেৱালয়ত চাৰিশ দেৱদাসী আছিল। সেইদৰে গুজৰাটৰ সোমেশ্বৰত পাঁচশ দেৱদাসী আছিল।[8] ষষ্ঠৰ পৰা ত্ৰয়োদশ শতাব্দীৰ ভিতৰত দেৱদাসীসকলৰ বহুত প্ৰতিপত্তি আছিল। তেওঁলোকক সংগীত আৰু নৃত্যৰ দৰে কলাৰ ৰক্ষক হিচাপে চোৱা হৈছিল। ৰজাঘৰৰ পৰা মাটি-বাৰী, সম্পত্তি আৰু অলংকাৰেৰে বিভূষিত কৰা হৈছিল।[8]

দক্ষিণ ভাৰত আৰু চোলা সাম্ৰাজ্যত দেৱদাসী[সম্পাদনা কৰক]

চোলা সাম্ৰাজ্যত দেৱদাসী প্ৰথাক উৎসাহিত কৰা হৈছিল। তামিল ভাষাত তেওঁলোকক দেৱৰ আদিগলৰ হিচাপে জনা হৈছিল। পুৰুষ আৰু মহিলা দেৱদাসীয়ে মন্দিৰ আৰু দেৱতাৰ সন্মুখত নিজৰ সেৱা আগবঢ়াইছিল। মন্দিৰৰ উৎসৱত তেওঁলোক সংগীত আৰু নৃত্য পৰিৱেশন কৰিছিল।[9]

থানঞ্জাভুৰৰ বৃহদেশ্বৰ মন্দিৰত চাৰিশগৰাকী দেৱদাসী তেওঁলোকৰ গুৰু আৰু বাদ্যযন্ত্ৰৰ সৈতে আছিল বুলি শিলালিপিত উল্লেখ আছে।[10] তাত আৰু দৈনিক ব্যৱহৃত সামগ্ৰী যেনে তেল,হালধি আৰু তামোল-পাণ আছিল।[11]

নত্তুভানৰসকল আছিল দেৱদাসীসকলৰ মহিলা সহযোগী। তেওঁলোকে বাদ্যযন্ত্ৰ সংগত কৰিছিল। শিলালিপিত উল্লেখ থকা মতে নত্তুভানসকলে চোলা ৰাজকুমাৰীক হাজাৰ বছৰ আগেয়ে শিক্ষাদান কৰিছিল।[11]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Crooke, W., , Encyclopaedia of Religion and Ethics, Vol. X, Eds., James Hastings and Clark Edinburg, Second Impression, 1930.
  2. Iyer, L.A.K, Devadasis in South India: Their Traditional Origin And Development, Man in India, Vol.7, No. 47, 1927.
  3. V.Jayaram. "Hinduism and prostitution". http://www.hinduwebsite.com/hinduism/h_prostitution.asp। আহৰণ কৰা হৈছে: 28 April 2013. 
  4. "Donors, Devotees, and Daughters of God: Temple Women in Medieval Tamilnadu - Reviews in History". http://www.history.ac.uk/reviews/paper/daudAli.html। আহৰণ কৰা হৈছে: 20 November 2018. 
  5. Devdasi.(2007). Retrieved 4 July 2007, Encyclopædia Britannica
  6. De Souza, Teotonio R. (1994). Goa to Me. Concept Publishing Company. পৃষ্ঠা. 68. ISBN 978-8170225041. 
  7. "devadasi, at The Skeptic's Dictionary". http://www.skepdic.com/devadasi.html। আহৰণ কৰা হৈছে: 8 January 2017. 
  8. 8.0 8.1 8.2 8.3 Ruspini, Elisabetta, ed (2018). "Divine shadows:". Women and religion: Contemporary and future challenges in the Global Era (1 সম্পাদনা). Bristol University Press. পৃষ্ঠা. 79–92. doi:10.2307/j.ctv301d7f.9. ISBN 9781447336365. https://www.jstor.org/stable/j.ctv301d7f. 
  9. "Temple Run: The Sacred Structures of the Chola Dynasty in Tamil Nadu". http://www.natgeotraveller.in/temple-run-the-sacred-structures-of-the-chola-dynasty-in-tamil-nadu/। আহৰণ কৰা হৈছে: 20 November 2018. 
  10. "Thanjavur through the ages". 15 March 2009. https://www.thehindu.com/todays-paper/tp-features/tp-sundaymagazine/Thanjavur-through-the-ages/article15941242.ece। আহৰণ কৰা হৈছে: 20 November 2018. 
  11. 11.0 11.1 [1][সংযোগবিহীন উৎস]