আম্ৰপালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আম্ৰপালি

আম্ৰপালি বুদ্ধক স্বাগতম জনাইছে; হাতীদাঁতৰ শিল্প; ৰাষ্ট্ৰীয় যাদুঘৰ, নতুন দিল্লী
জন্ম ৫০০ খ্ৰীঃপূঃ
প্ৰাচীন বৈশালী নগৰ
মৃত্যু বৈশালী
পেচা নৃত্যাংগনা
জনা যায় নগৰবধূ (ৰাজকীয় গণিকা)

আম্ৰপালি বা আম্ৰ্পালিকা বা আম্বপালি (ইংৰাজী: Āmrapālī) প্ৰাচীন বৈশালী নগৰৰ (বৰ্তমান বিহাৰত) প্ৰায় ৫০০ খ্ৰীঃপূঃৰ এগৰাকী প্ৰখ্যাত নগৰবধূ বা ৰাজকীয় গণিকা আছিল।[1][2][3] বুদ্ধৰ ওচৰত শৰণ লৈ তেওঁ এগৰাকী 'অৰ্হৎ' বা 'অৰহন্ত' হৈছিল। প্ৰাচীন পালি সাহিত্যত বা বুদ্ধ পৰম্পৰাত তেওঁৰ সৈতে বুদ্ধৰ সংযোগৰ উল্লেখ আছে। তেওঁৰ আমৰ বাগিছা 'আম্ৰপালি বন'ত বুদ্ধ আছিল আৰু বিখ্যাত আম্ৰপালি সূত্ৰৰ প্ৰচাৰ কৰিছিল; যিখন বাগিছা পিছত বুদ্ধৰ আদেশত তেওঁ দান কৰি দিছিল।[4][5][6][7]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

আম্ৰপালি ৫০০ খ্ৰীঃপূঃ মানত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মহানাম। মাতৃৰ নাম অজ্ঞাত। ব্যুৎপত্তিৰ দিশৰ পৰা চাব গ’লে তেওঁৰ নামটো দুটা সংস্কৃত শব্দৰ যগ্মৰূপ; আম্ৰ- মানে আম আৰু পল্লৱ- মানে কুমলীয়া পাত।[8] এইটোও কোৱা হয় যে তেওঁৰ জন্ম বৈশালীৰ এখন ৰাজকীয় আমৰ বাগানত হৈছিল, যাৰবাবে তেওঁৰ এই নাম।[9]

আম্ৰপালি অতি ৰূপৱতী আছিল। কথিত আছে যে এজন সামন্ত প্ৰভুৱে তেওঁৰ সৌন্দৰ্যৰ প্ৰতি মন্ত্ৰমুগ্ধ হৈ নিজৰ ৰাজ্য ত্যাগ কৰি বৈশালীৰ ওচৰৰ আম্বৰা গাঁৱলৈ গুছি গৈছিল; যিখন গাঁও বৰ্তমানৰ মুজফ্ফৰপুৰৰ ওচৰত।[10]

নগৰবধূৰ ৰূপত[সম্পাদনা কৰক]

বৈশালী লিচ্চৱিসকলৰ ৰাজধানী আছিল। বৃজি মহাজনপদ গঠন কৰা ৮টা ক্ষত্ৰিয় ৰাজবংশৰ এটা আছিল লিচ্চিৱিসকল।[11] যুৱৰাজ আৰু আভিজাতসকলে ৰজা নিৰ্বাচন কৰিছিল। এগৰাকী ৰূপৱতী নাৰীয়ে মাত্ৰ এজন পুৰুষৰ সৈতে বিবাহ কৰাৰ সলনি বহু পুৰুষৰ সন্তুষ্টিৰ বাবে নিজকে উৎসৰ্গিত কৰাৰ ৰীতি এটা সেই সময়ত প্ৰচলিত আছিল।[12]

আম্ৰপালি অতি ৰূপৱতী হোৱাৰ উপৰিও বিভিন্ন কলাত তেওঁ পাৰদৰ্শী আছিল।[12] বহুতো যুৱ আভিজাতে তেওঁৰ সংগ কামনা কৰিছিল। বৈশালীৰ ৰজাই আম্ৰপালিক এদিন যেতিয়া নগৰত নৃত্য কৰি থকা দেখিলে, তেওঁক নিজৰ কৰি পাবলৈ ৰজাই আম্ৰপালিৰ শৈশৱৰ প্ৰেমিক পুষ্পকুমাৰৰ বধ কৰায় আৰু বৈশালীৰ নগৰবধূ ৰূপে ঘোষণা কৰে। তেওঁক 'বৈশালী জনপদ কল্যাণী' উপাধিও প্ৰদান কৰে। তেওঁ যিকোনো পুৰুষকে ভাল পাব পাৰে, কিন্তু ৰীতি অনুসৰি কাকো নিজৰ কৰি লব নোৱাৰে। নগৰবধূ ৰূপে নিৰ্বাচিত কৰাৰ পিছত তেওঁ বৈশালীৰ ৰাজ-নৰ্তকী হৈছিল।[13] তেওঁৰ প্ৰতিভা আৰু সৌন্দৰ্যই বহুতো পুৰুষক আকৰ্ষিত কৰিছিল। এই সময়ছোৱাত আম্ৰপালিৰ খ্যাতিয়ে বৈশালীক গৌৰৱান্বিত কৰিছিল বুল কোৱা হয়। আম্ৰপালিৰ কলা পৰিবেশন উপভোগ কৰিবলৈ এনিশাৰ বাবে পঞ্চাশ কাৰ্ষাপন পৰিশোধ কৰিব লাগিছিল আৰু তেওঁৰ কোষাগাৰৰ আকাৰ কিছুমান ৰজাৰ কোষাগাৰতকৈ বহুগুণে ডাঙৰ আছিল।[12]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]