সমললৈ যাওক

কৰ্ণাটক

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কৰ্ণাটক
Karnataka
ಕರ್ನಾಟಕ
Coat of arms of কৰ্ণাটক Karnataka
ভাৰতত কৰ্ণাটকৰ অৱস্থান
ভাৰতত কৰ্ণাটকৰ অৱস্থান
স্থানাংক (বেংগালুৰু): 12°58′N 77°30′E / 12.97°N 77.50°E / 12.97; 77.50স্থানাংক: 12°58′N 77°30′E / 12.97°N 77.50°E / 12.97; 77.50
দেশ  ভাৰত
অঞ্চল দক্ষিণ ভাৰত
প্ৰতিস্থা ১ নবেম্বৰ ১৯৫৬
ৰাজধানী চহৰ বাংগালোৰ (বেংগালুৰু)
বৃহৎ চহৰ বেংগালুৰু
জিলা ৩০
চৰকাৰ
 • পৰিচালনা কৰ্ণাটক চৰকাৰ
 • ৰাজ্যপাল থাৱৰ চন্দ গেহলত
 • মুখ্যমন্ত্ৰী সিদ্দাৰামায়া (INC)
 • উচ্চ ন্যায়ালয় কৰ্ণাটক উচ্চ ন্যায়ালয়
কালি
 • মুঠ
১,৯১,৭৯১ বৰ্গকিমি (৭৪,০৫১ বৰ্গমাইল)
 • স্থান সপ্তম
জনসংখ্যা
 (২০১১)[2]
 • মুঠ
৬,১১,৩০,৭০৪
 • স্থান অষ্টম
 • ঘনত্ব ৩২০/km (৮৩০/sq mi)

কৰ্ণাটক (কন্নড়: ಕರ್ನಾಟಕ) দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ১৯৫৬ চনৰ ১ নবেম্বৰত ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত এই ৰাজ্য গঠন হয়। ৰাজ্যখনৰ প্ৰাচীন নাম আছিল মহীশূৰ ৰাজ্য। ১৯৭৩ চনত ৰাজ্যখনৰ নাম কৰ্ণাটকলৈ সলনি হয়।

ৰাজ্যখনৰ পশ্চিমে লক্ষদ্বীপ সাগৰ, উত্তৰ-পশ্চিমে গোৱা, উত্তৰে মহাৰাষ্ট্ৰ, উত্তৰ-পূৱে তেলেংগানা, পূৱে অন্ধ্ৰপ্ৰদেশ, দক্ষিণ-পূৱে তামিলনাডু, আৰু দক্ষিণ-পশ্চিমে কেৰালা ৰাজ্য আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৬১,১৩০,৭০৪ জন বাসিন্দাৰে কৰ্ণাটক জনসংখ্যাৰ হিচাপত ভাৰতৰ অষ্টম বৃহত্তম ৰাজ্য। ১৫,২৫৭,০০০ জন বাসিন্দাৰে ৰাজ্যখনৰ ৰাজধানী বেংগালুৰু কৰ্ণাটকৰ আটাইতকৈ ডাঙৰ চহৰ।[5]

২০২৩–২৪ বিত্তীয় বৰ্ষত কৰ্ণাটকৰ অৰ্থনীতিৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) ২৫.০১ লাখ কোটি টকা (৩০০ বিলিয়ন মাৰ্কিন ডলাৰ) আৰু জনমূৰি জি এছ ডি পি ৩৩২,৯২৬ টকা (৩,৯০০ মাৰ্কিন ডলাৰ)। সেই বিত্তীয় বৰ্ষতে ৰাজ্যখনৰ ১০.২% জিএছডিপি বৃদ্ধি হৈছিল। বেংগালুৰু নগৰ অঞ্চলৰ পিছত ক্ৰমে দক্ষিণ কানাড়া, হুবলি–ধাৰৱাদ, আৰু বেলাগাৱী জিলাই ৰাজ্যখনলৈ সৰ্বাধিক ৰাজহৰ অৰিহণা যোগায়। তথ্য প্ৰযুক্তি খণ্ডলৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে ৰাজ্যখনৰ ৰাজধানী বেংগালুৰু ভাৰতৰ ছিলিকন ভেলী নামেৰে পৰিচিত। ২০০৭ চনলৈকে ৰাজ্যখনৰ মুঠ ১৯৭৩টা কোম্পানী আই টি খণ্ডৰ সৈতে জড়িত হোৱা দেখা গৈছিল।

কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ আন চাৰিখন ভগ্নী ৰাজ্যৰ সৈতে স্থল সীমা স্পৰ্শ কৰা একমাত্ৰ দক্ষিণৰ ৰাজ্য। ৰাজ্যখনৰ আয়তন ১৯১,৭৯১ বৰ্গকিলোমিটাৰ (৭৪,০৫১ বৰ্গমাইল) বা ভাৰতৰ মুঠ ভৌগোলিক আয়তনৰ ৫.৮৩ শতাংশ। আয়তনৰ হিচাপত ই ষষ্ঠ বৃহত্তম ভাৰতীয় ৰাজ্য। ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষা কন্নড় ৰাজ্যখনৰ সৰ্বাধিক প্ৰচলিত আৰু চৰকাৰী ভাষা। কথিত আন সংখ্যালঘু ভাষাসমূহৰ ভিতৰত উৰ্দু, কোংকণী, মাৰাঠী, তুলু, তামিল, তেলুগু, মালয়ালম, কোদাভা আৰু বেয়াৰী অন্যতম। কৰ্ণাটকত ভাৰতৰ কিছুমান একমাত্ৰ গাঁও আছে য'ত প্ৰধানকৈ সংস্কৃত ভাষা কোৱা হয়।[6][7][8]

কৰ্ণাটক নামটোৰ উৎপত্তি সম্পৰ্কে কেইবাটাও ব্যুৎপত্তি প্ৰস্তাৱ কৰা হৈছে, সাধাৰণতে গ্ৰহণ কৰা ব্যুৎপত্তিটো হ'ল কৰ্ণাটক কন্নড় ভাষাৰ কাৰু (karu) আৰু নাডু (nādu) শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "উচ্চ ভূমি"। ৰাজ্যখনৰ বায়ালু ছিমে অঞ্চলত পোৱা ক'লা কপাহী মাটিৰ উল্লেখ হিচাপে কাৰু নাডুকাৰু অৰ্থাৎ "ক'লা" আৰু নাডু অৰ্থাৎ "অঞ্চল" বুলিও পঢ়িব পাৰি। কৃষ্ণা নদীৰ দক্ষিণে থকা উপদ্বীপীয় ভাৰতৰ দুয়োপাৰ বৰ্ণনা কৰিবলৈ ব্ৰিটিছে কৰ্ণাটিক (Carnatic), কেতিয়াবা কৰ্ণাটক (Karnatak) শব্দটো ব্যৱহাৰ কৰিছিল।[9] প্ৰত্নপ্ৰস্তৰ যুগৰ প্ৰাচীনতাৰে কৰ্ণাটক প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতৰ কিছুমান শক্তিশালী সাম্ৰাজ্যৰ বাসস্থান হৈ আহিছে। এই সাম্ৰাজ্যসমূহৰ পৃষ্ঠপোষকতাত থকা দাৰ্শনিক আৰু সংগীত সাধকসকলে সামাজিক-ধৰ্মীয় আৰু সাহিত্যিক আন্দোলন আৰম্ভ কৰিছিল যিবোৰ আজিও প্ৰচলিত। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটক আৰু হিন্দুস্তানী দুয়োটা পৰম্পৰালৈ কৰ্ণাটকে যথেষ্ট অৰিহণা যোগাইছে।

কৰ্ণাটকৰ প্ৰাক-ইতিহাস প্ৰত্নপ্ৰস্তৰ যুগৰ হস্ত কুঠাৰ সংস্কৃতিৰ পৰাই আৰম্ভ হয় যাৰ প্ৰমাণ অন্যান্য বিষয়ৰ লগতে এই অঞ্চলত আৱিস্কাৰ হোৱা হস্ত কুঠাৰ আৰু জোঙা অস্ত্ৰৰ পৰা পাব পাৰি।[10] ৰাজ্যখনত নৱপ্ৰস্তৰ যুগ আৰু মধ্যপ্ৰস্তৰ সংস্কৃতিৰো প্ৰমাণ পোৱা গৈছে। হৰপ্পাত আৱিষ্কৃত সোণ কৰ্ণাটকৰ খনিৰ পৰা আমদানি কৰা দেখা গৈছিল, যাৰ ফলত পণ্ডিতসকলে প্ৰাচীন কৰ্ণাটক আৰু সিন্ধু উপত্যকা সভ্যতাৰ মাজৰ সংস্পৰ্শৰ বিষয়ে অনুমান কৰিবলৈ বাধ্য হৈছিল।[11][12]

খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ আগতে কৰ্ণাটকৰ অধিকাংশ অঞ্চল সম্ৰাট অশোকৰ মৌৰ্য সাম্ৰাজ্যৰ অংশ আছিল। ইয়াৰ পিছত চতুৰ্থ শতিকাত সাতবাহন ৰাজবংশৰ শাসন চলিছিল, যাৰ ফলত তেওঁলোকে কৰ্ণাটকৰ বৃহৎ অঞ্চল নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। সাতবাহন ক্ষমতাৰ অৱনতিৰ ফলত আদিম থলুৱা ৰাজ্য কদম্ব আৰু পশ্চিম গংগা ৰাজবংশৰ উত্থান ঘটে আৰু এই অঞ্চলৰ স্বতন্ত্ৰ ৰাজনৈতিক সত্তা হিচাপে উত্থান ঘটে। ময়ুৰশৰ্মাই প্ৰতিষ্ঠা কৰা কদম্ব ৰাজবংশৰ ৰাজধানী আছিল বানাবাসী;[13][14] তালাকাদক ৰাজধানী হিচাপে লৈ পশ্চিম গংগা ৰাজবংশ গঠন কৰা হৈছিল।[15][16]

হালমিদী শিলালিপি আৰু বনবাসীত আৱিষ্কৃত পঞ্চম শতিকাৰ তামৰ মুদ্ৰাৰ পৰা এই ৰাজ্যসমূহেও প্ৰশাসনত কন্নড় ভাষা ব্যৱহাৰ কৰা প্ৰথম ৰাজ্য আছিল বুলি প্ৰমাণ পোৱা যায়।[17][18] এই বংশসমূহৰ পিছত ইয়াত সাম্ৰাজ্যবাদী কানাড়া সাম্ৰাজ্য যেনে বাদামী চালুক্য,[19][20] মন্যখেটাৰ ৰাষ্ট্ৰকুট সাম্ৰাজ্য[21][22] আৰু পশ্চিম চালুক্য সাম্ৰাজ্যই[23][24] দাক্ষিণাত্যৰ বৃহৎ অংশত শাসন কৰিছিল আৰু বৰ্তমানৰ কৰ্ণাটকত ৰাজধানী পাতিছিল। পশ্চিমীয়া চালুক্যসকলে স্থাপত্য আৰু কানাড়া সাহিত্যৰ এক অনন্য শৈলীৰ পৃষ্ঠপোষকতা কৰিছিল, যি দ্বাদশ শতিকাৰ হয়ছাল শিল্পৰ পূৰ্বসূৰী হৈ পৰিছিল।[25][26] আধুনিক দক্ষিণ কৰ্ণাটকৰ (গংগাবাদী) কিছু অংশ একাদশ শতিকাৰ আৰম্ভণীত চোল সাম্ৰাজ্যই দখল কৰিছিল।[27] দ্বাদশ শতিকাৰ আৰম্ভণিতে চোল আৰু হয়ছালসকলৰ মাজত এই অঞ্চলটোক লৈ যুদ্ধ হৈছিল আৰু তাৰ পিছত শেষত হয়ছাল শাসনৰ অধীনলৈ আহিছিল।[27]

ৰাজ্যখনৰ তিনিটা প্ৰধান ভৌগোলিক অঞ্চল আছে:

  1. উপকূলীয় অঞ্চল কাৰাৱলী আৰু তুলুনাডু অঞ্চল,
  2. পশ্চিম ঘাটসমূহক সামৰি লোৱা পাহাৰীয়া মালেনাডু অঞ্চল, আৰু
  3. ডেকান মালভূমিৰ সমভূমিক সামৰি লোৱা বয়ালুসীমা অঞ্চল৷

জলবায়ু

[সম্পাদনা কৰক]

কৰ্ণাটকত চাৰিটা ঋতু দেখা পোৱা যায়। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত শীতকালৰ পিছত মাৰ্চ আৰু মে’ৰ ভিতৰত গ্ৰীষ্মকাল, জুন আৰু ছেপ্টেম্বৰৰ ভিতৰত বৰ্ষা ঋতু আৰু অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে বৰ্ষাৰ পিছৰ বতৰ। বতৰ বিজ্ঞানৰ ফালৰ পৰা কৰ্ণাটক তিনিটা মণ্ডলত বিভক্ত – উপকূলীয়, উত্তৰ অভ্যন্তৰীণ আৰু দক্ষিণ অভ্যন্তৰীণ। ইয়াৰে উপকূলীয় অঞ্চলত আটাইতকৈ বেছি বৰষুণ হয় আৰু বছৰি গড় বৰষুণ প্ৰায় ৩,৬৩৮.৫ মিলিমিটাৰ (১৪৩ ইঞ্চি) পৰ্যন্ত হয়, এয়া ৰাজ্যৰ গড় বৰষুণৰ পৰিমান ১,১৩৯ মিলিমিটাৰ (৪৫ ইঞ্চি)তকৈ বহু বেছি।

বন্যপ্ৰাণী আৰু উদ্ভিদ

[সম্পাদনা কৰক]

কৰ্ণাটক বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ বাসস্থান। ইয়াৰ বনাঞ্চল ৩৮,৭২০ কিলোমিটাৰ বৰ্গমাইল (১৪,৯৫০ বৰ্গমাইল) যি ৰাজ্যখনৰ মুঠ ভৌগোলিক আয়তনৰ ১২.৩%।[28] এই অৰণ্যসমূহে ভাৰতৰ ২৫% হাতী আৰু ১০% বাঘৰ জনসংখ্যা বহন কৰে। কৰ্ণাটকৰ বহু অঞ্চল এতিয়াও অন্বেষণ নোহোৱাৰ বাবে সময়ে সময়ে নতুন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ সন্ধান পোৱা যায়। জৈৱ বৈচিত্ৰ্যৰ আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ পশ্চিম ঘাটত কৰ্ণাটকৰ পশ্চিম অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে। বান্দীপুৰ আৰু নাগাৰাহোলে ৰাষ্ট্ৰীয় উদ্যানক ১৯৮৬ চনত ইউনেস্ক’ৰ দ্বাৰা নীলগিৰি জীৱমণ্ডল সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছিল।[29]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "State-wise break up of National Parks". Wildlife Institute of India. Government of India. Archived from the original on 22 June 2008. http://www.wii.gov.in/nwdc/nparks.htm। আহৰণ কৰা হৈছে: 12 June 2007. 
  2. "Figures at a glance". 2011 Provisional census data. Ministry of Home Affairs, Government of India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/karnataka/3-figure-7.pdf। আহৰণ কৰা হৈছে: 17 September 2011. 
  3. "The Karnataka Local Authorities (Official Language) Act, 1981" (PDF). http://dpal.kar.nic.in/.%5C30%20of%201981%20%28E%29.pdf। আহৰণ কৰা হৈছে: 9 December 2011. 
  4. "The New Indian Express (IBN Live) - Namaskara, Swalpa Swalpa Kannada Gottu". Ibnlive.in.com. Archived from the original on 3 July 2014. https://web.archive.org/web/20140703233153/http://ibnlive.in.com/news/namaskara-swalpa-swalpa-kannada-gottu/200001-60-115.html। আহৰণ কৰা হৈছে: 9 December 2011. 
  5. "Population". http://www.demographia.com/db-worldua.pdf. 
  6. "Seven Indian villages where people speak in Sanskrit". 24 September 2017. https://detechter.com/seven-sanskrit-speaking-villages-in-india/। আহৰণ কৰা হৈছে: 7 April 2019. 
  7. "Know about these 4 Indian villages where Sanskrit is still their first language". Archived from the original on 6 January 2019. https://web.archive.org/web/20190106055308/https://mdaily.bhaskar.com/news/NAT-TOP-4-। আহৰণ কৰা হৈছে: 7 April 2019. 
  8. "Five Indian villages where Sanskrit is spoken". https://www.cteindia.org/five-indian-villages-where-sanskrit-is-spoken/। আহৰণ কৰা হৈছে: 7 April 2019. 
  9. See Lord Macaulay's life of Clive and James Talboys Wheeler: Early History of British India, London (1878) p.98. The principal meaning is the western half of this area, but the rulers there controlled the Coromandel Coast as well.
  10. Paddayya, K. (10 September 2002). "Recent findings on the Acheulian of the Hunsgi and Baichbal valleys, Karnataka, with special reference to the Isampur excavation and its dating". Current Science খণ্ড 83 (5): 641–648. 
  11. S. Ranganathan. "THE Golden Heritage of Karnataka". Department of Metallurgy. Indian Institute of Science, Bangalore. Archived from the original on 21 January 2007. https://web.archive.org/web/20070121024542/http://metalrg.iisc.ernet.in/~wootz/heritage/K-hertage.htm। আহৰণ কৰা হৈছে: 7 June 2007. 
  12. "Trade". The British Museum. http://www.ancientindia.co.uk/staff/resources/background/bg16/home.html। আহৰণ কৰা হৈছে: 6 May 2007. 
  13. From the Talagunda inscription (B. L. Rice in Kamath (2001), p. 30.)
  14. Moares (1931), p. 10.
  15. Adiga and Sheik Ali in Adiga (2006), p. 89.
  16. Ramesh (1984), pp. 1–2.
  17. From the Halmidi inscription (Ramesh 1984, pp. 10–11.)
  18. Kamath (2001), p. 10.
  19. The Chalukyas hailed from present-day Karnataka (Keay (2000), p. 168.)
  20. The Chalukyas were native Kannadigas (N. Laxminarayana Rao and S. C. Nandinath in Kamath (2001), p. 57.)
  21. Altekar (1934), pp. 21–24.
  22. Masica (1991), pp. 45–46.
  23. Balagamve in Mysore territory was an early power centre (Cousens (1926), pp. 10, 105.)
  24. Tailapa II, the founder king was the governor of Tardavadi in modern Bijapur district, under the Rashtrakutas (Kamath (2001), p. 101.).
  25. Kamath (2001), p. 115.
  26. Foekema (2003), p. 9.
  27. 27.0 27.1 Sastri (1955), p.164
  28. Statistics related to forests in Karnataka is provided by "Statistics". Online Webpage of the Forest Department. Government of Karnataka. Archived from the original on 27 September 2007. https://web.archive.org/web/20070927093340/http://karnatakaforest.gov.in/English/forest_glance/forest_at_glance.htm। আহৰণ কৰা হৈছে: 6 May 2007. 
  29. "Seville 5, Internal Meeting of Expects, Proceedings, Pamplona, Spain, 23–27 October 2000". UNESCO. http://www.unesco.org.uy/mab/documentospdf/sevilla5.pdf। আহৰণ কৰা হৈছে: 1 November 2007.