মিজোৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিজোৰাম
—  ৰাজ্য  —
আইজল

Seal
ভাৰতবৰ্ষৰ মানচিত্ৰত মিজোৰামৰ অৱস্থিতি
ভৌগোলিক স্থানাংক (আইজল): 23°22′N 92°48′E / 23.36°N 92.8°E / 23.36; 92.8স্থানাংক: 23°22′N 92°48′E / 23.36°N 92.8°E / 23.36; 92.8
দেশ  ভাৰত
গঠন ২০ ফেব্ৰুৱাৰী ১৯৮৭
ৰাজধানী আইজল
জিলা ৪ খন
চৰকাৰ
 - ৰাজ্যপাল
 - মুখ্যমন্ত্ৰী
 - বিধান সভা আসন এককক্ষীয় (৪০ খন আসন)
 - লোকসভা সমষ্টি
 - উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয় আইজল আসন
মাটিকালি
 - মুঠ ২১,০৮১ কি.মি. 
(৮,১৩৯.৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাক 24th
জনসংখ্যা (২০১১)
 - মুঠ ১০,৯১,০১৪ জন
 - স্থান 27th
 - জনঘনত্ব ৫১.৮ প্ৰতি বৰ্গ কি.মি. 
(১৩৪ প্ৰতি বৰ্গ মিটাৰ)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-MZ
মানব বিকাশ সূচাংক (HDI) বৃদ্ধি 0.790 (high)
মানব বিকাশ সূচাংকস্থান দ্বিতীয় (২০০৫)
সাক্ষৰতা হাৰ ৮৯.৯% (দ্বিতীয়)
চৰকাৰী ভাষা মিজো.[1]
ৱেবছাইট mizoram.gov.in


মিজোৰাম (ইংৰাজী: Mizoram) (ইয়াৰ অৰ্থ হৈছে: মি 'মানুহ', জো 'পাহাৰ', ৰাম 'দেশ', পাহাৰীয়া লোকৰ দেশ/ মিজো লোকৰ") হৈছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়। মিজোৰামৰ ৰাজধানী হৈছে আইজল

ভূগোল[উৎস সম্পাদনা]

মিজোৰাম ৰাজ্যখন পাহাৰ, নদী আৰু হ্ৰদৰে ভৰা। মিজোৰামত বিভিন্ন উচ্চতাৰ প্ৰায় ২১টা মান পাহাৰ আছে। ৰাজ্যখনৰ পশ্চিম দিশে থকা পাহাৰৰ গড় উচ্চতা হৈছে প্ৰায় ১০০০মিটাৰ (৩,৩০০ ফুট)। এইবিলাকৰ উচ্চতা পূব দিশলৈ ১৩০০মিটাৰ (৪,৩০০ ফুট) লৈকে বাঢ়ি গৈছে। অন্যহাতে, কিছুমান অঞ্চলৰ উচ্চতা ২০০০মিটাৰ (৬,৬০০ ফুট) তকৈও বেছি। ৰাজ্যখনৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত ২২১০মিটাৰ (৭,২৫০ ফুট) উচ্চতাৰ ফাঙপুই ট্লাঙ (নীলা পৰ্বত নামেৰেও জনা যায়) হৈছে মিজোৰামৰ উচ্চতম শৃংগ।

মিজোৰামৰ আটাইতকৈ দীঘল নদীখন হৈছে ছিমটুইপুই (কালাদান নামেৰেও জনা যায়)। ম্যানমাৰৰ "ছিন ৰাজ্য"ত এই নদীৰ উৎপত্তি হৈ দক্ষিণ মিজোৰামৰ ছাইহা আৰু লঙট্লাই জিলাৰ মাজেদি বৈ গৈছে। ইয়াৰ পিছত পুনৰ ম্যানমাৰত প্ৰৱেশ কৰি বংগোপ সাগৰত পৰিছেগৈ। আন কেইখনমান উল্লেখযোগ্য নদী হৈছে ট্লাং, টুট, টুইৰেল আৰু টুইৱল। এই নদীসমূহ উত্তৰ অঞ্চলেদি বৈ গৈ কাছাৰ জিলাবৰাক নদীত লগ লাগিছেগৈ। দক্ষিণ মিজোৰামৰ উল্লেখযোগ্য নদী হৈছে ম্যানমাৰত উৎপত্তি হোৱা ছিমটুইপুই নদী। এই নদীৰ চাৰিখন উপনদী আছে। স্বাধীনতাৰ পূৰ্বে, উত্তৰ দিশত ছিমটুইপুই নদীয়েদি কাছাৰ হৈ আৰু দক্ষিণ দিশে বাংলাদেশৰ "চিট্টাগঙ" হৈ মিজোৰামলৈ যাব পৰা গৈছিল। ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভক্ত হোৱাৰ পিছত চিট্টাগঙ জলপথটো বন্ধ কৰি দিয়া হ’ল।

হ্ৰদ[উৎস সম্পাদনা]

ছাইহা জিলাত অৱস্থিত "পালক হ্ৰদ" হৈছে মিজোৰামৰ আটাইতকৈ ডাঙৰ হ্ৰদ। ই প্ৰায় ৩০ হেক্টৰ (৭৪ একৰ) জুৰি বিস্তৃত হৈ আছে। বিশ্বাস কৰা হয় যে, কোনো এক ভূমিকম্প অথবা বানপানীৰ ফলত এই হ্ৰদটোৰ সৃষ্টি হৈছিল। অন্য এটা প্ৰাকৃতিক হ্ৰদ হৈছে টামডিল হ্ৰদ। ই আইজলৰ পৰা ৮৫ কিঃমিঃ (৫৩ মাইল) দূৰত অৱস্থিত। কিংবদন্তি মতে, এসময়ত সেই ঠাইত এজোপা ডাঙৰ সৰিয়হ গছ আছিল। যেতিয়া সেই গছজোপা কাটি পেলোৱা হৈছিল, তেতিয়া গছজোপাৰ পৰা ওলোৱা পানীয়ে এটা জলাশয়ৰ সৃষ্টি কৰিছিল। সেয়ে এই হ্ৰদটোৰ নাম "টামডিল হ্ৰদ" (অৰ্থাৎ সৰিয়হ গছৰ হ্ৰদ) ৰখা হ’ল। বৰ্তমান এই হ্ৰদটো পৰ্য্যটকৰ এক কেন্দ্ৰস্থল হৈ পৰিছে। মিজো বুৰঞ্জীৰ আন এটা উল্লেখযোগ্য হ্ৰদ হৈছে "ৰিহ ডিল"। ভাৰত-ম্যানমাৰ সীমান্তৰপৰা কেই কিঃমিঃ দূৰত এই হ্ৰদটো অৱস্থিত (বৰ্তমান এই হ্ৰদটো ম্যানমাৰৰ অন্তৰ্গত)। বিশ্বাস কৰা হয় যে, মৃত্যুৰ পাছত আত্মাবিলাক এই হ্ৰদ পাৰ হৈ "পিয়ালৰাল" বা স্বৰ্গলৈ যায়।

জলবায়ু[উৎস সম্পাদনা]

মিজোৰামৰ গড় উষ্ণতা ৭ ডিগ্ৰী ছেলছিয়াছ (৬৮ ডিগ্ৰী ফাৰেনহাইট )ৰপৰা ২১ডিগ্ৰী ছেলছিয়াছ (৮৪ ডিগ্ৰী ফাৰেনহাইট )ৰ ভিতৰত। মৌচুমী বায়ুৰ প্ৰভাৱত ইয়াত মে’ মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ ঘন বৃষ্টিপাত হয় আৰু ঠাণ্ডা কালত কম বৰষুণ হয়। মিজোৰামৰ বাৰ্ষিক গড় হৈছে বৃষ্টিপাত ২৫৪ছেঃমিঃ (১০০ ইঞ্চি)। ইয়াৰ ৰাজধানী আইজলৰ বাৰ্ষিক গড় বৃষ্টিপাত ২০৮ছেঃমিঃ (৮২ ইঞ্চি) আৰু লুংলেৰবাৰ্ষিক গড় বৃষ্টিপাত ৩৫০ছেঃমিঃ (১৩৮ ইঞ্চি)।

ইতিহাস[উৎস সম্পাদনা]

স্বাধীনতা আন্দোলন[উৎস সম্পাদনা]

মিজোৰামক সাৰ্বভৌমত্ব স্বাধীন কৰাৰ লক্ষ্যৰে ১৯৬১ চনৰ ২২ অক্টোবৰত লালডেঙগাৰ নেতৃত্বত "মিজো নেচনেল ফ্ৰণ্ট" নামৰ এটা ৰাজনৈতিক দল গঠন হৈছিল। ১৯৬৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আইজল, লুংলে, ছৱাংটে, ছিমলুৱাঙ আৰু মিজোৰামৰ বিভিন্ন ঠাইত বিদ্ৰোহ আৰম্ভ হৈছিল। এই আন্দোলন দমন কৰিবৰ বাবে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে বিমান বাহিনী ব্যৱহাৰ কৰা হৈছিল। আইজলৰ ৬২ বছৰীয়া ৰ’থাংপুইয়াৰ ভাষ্য মতে, "১৯৬৬ চনৰ ৪ মাৰ্চৰ পিছবেলা জেট বিমানৰদ্বাৰা আইজল আক্ৰমণ কৰিছিল। পিছদিনাখন কেইবাঘণ্টা ধৰি বোমাবৰ্ষণ কৰাৰ ফলত দ্বাৰপুই আৰু ছিংগা ভেং অঞ্চল বিধ্বস্ত হৈছিল"।[2] ১৯৬৭ চনত মিজো নেচনেল ফ্ৰণ্টক বেআইনী ঘোষণা কৰা হয় আৰু ইয়াৰ ফলত তেওঁলোকৰ মিজোৰাম ৰাজ্যৰ দাবী বাঢ়ি যায়। মিজো জিলা পৰিষদৰ প্ৰতিনিধি দলে সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক লগ কৰে আৰু মিজোৰামক এখন পূৰ্ণ ৰাজ্য হিচাপে দাবী কৰে। ১৯৭১ চনৰ জুলাই মাহত ভাৰত চৰকাৰে "মিজো হিলছ"ক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ দিয়ে। মিজো নেতাসকলে এই প্ৰস্তাৱ মানি লয়।

উৎসৱসমূহ[উৎস সম্পাদনা]

মিজো যুৱক-যুৱতীসকলে পৰম্পৰাগত ৰীতি-নীতি পৰিত্যাগ কৰি পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰিছে। এওঁলোকে বৰদিন আটাইতকৈ উলহ-মালহেৰে পালন কৰে। নিকটৱৰ্তী গীৰ্জাসমূহে বৰদিনৰ আয়োজন কৰে। ইয়াত স্থানীয় লোকসকলে মিলি সমজুৱাকৈ ভোজ খায়। পৰম্পৰাগত মিজো উৎসৱসমূহ কৃষি কাৰ্য্যৰ লগত সম্বন্ধ আছে।

  • মিম কুট (Mim Kut)

গোমধান খেতি চপোৱাৰ পিছত সাধাৰণতে আগষ্ট আৰু ছেপ্তেম্বৰ মাহত "মিম কুট" উদযাপন কৰা হয়। গান গায়, নৃত্য কৰি, লাওপানী গ্ৰহণ কৰি আৰু ভোজৰ আয়োজন কৰি মিম কুট উৎসৱ উদযাপন কৰা হয়।

  • চাপচাৰ কুট (Chapchar Kut)

ঝুম খেতি চপোৱাৰ পাছত মাৰ্চ মাহত "চাপচাৰ কুট" উৎসৱ উদযাপন কৰা হয়।

  • পাৱ্ল কুট (Pawl Kut)

পাৱ্ল মানে হৈছে “খেৰ” । "পাৱ্ল কুট" মানে হৈছে "খেৰ চপোৱা উৎসৱ"। পাৱ্ল কুট হৈছে মিজোৰামৰ আন এক উল্লেখযোগ্য উৎসৱ। সাধাৰণতে ডিচেম্বৰ মাহত এই উৎসৱ উদযাপন কৰা হয়।

নৃত্য[উৎস সম্পাদনা]

  • চেৰাও (Cheraw)

মিজোসকলৰ আটাইতকৈ ৰঙীন আৰু বৈশিষ্ট্যপূৰ্ণ নৃত্য হৈছে চেৰাও। এই নৃত্যৰ বৈশিষ্ট্য হৈছে যে ইয়াত দীঘল বাঁহৰ লাঠী ব্যৱহাৰ কৰা হয়। সেয়ে বহুতে ইয়াক বাঁহ নৃত্য (Bamboo Dance)বুলিও কয়। এই নৃত্য কৰিবলৈ দক্ষতা আৰু সতৰ্কতাৰ প্ৰয়োজন। ২০১০ চনৰ ১২ মাৰ্চ তাৰিখে, মিজোৰামৰ ৬৭১ টা গোটৰ ১০,৭৩৬ গৰাকী লোকে একেলগে চেৰাও নৃত্য প্ৰদৰ্শন কৰি গিনিছ ৱৰ্ল্ডত অভিলেখ গঢ়ে।

  • খুৱাল্লম (Khuallam)

সন্মানীয় অতিথিসকল যেতিয়া কোনো এখন গাঁৱৰ ভোজমেলত প্ৰৱেশ কৰে, তেতিয়া খুৱাল্লম নৃত্য প্ৰদৰ্শন কৰা হয়। কোনো বিশেষত্ব প্ৰাপ্তিৰ বাবে, মিজোসকলে অতিথিসকলৰ সন্মুখত বিভিন্ন অনুষ্ঠান আৰু নৃত্য প্ৰদৰ্শন কৰে। খুৱাল্লম হৈছে এক দলীয় নৃত্য। ৰঙ-বিৰঙৰ পোছাক পৰিধান কৰি ঢোলৰ সুৰে সুৰে নৃত্য কৰা হয়।

  • ছেইহ লাম (Chheih Lam)

লাওপানী খোৱাৰ পিছত সন্ধীয়া সময়ত ছেইহ লাম নৃত্য প্ৰদৰ্শন কৰা হয়।

জনগাঁথনি[উৎস সম্পাদনা]

২০১১ চনৰ লোকপিয়ল মতে, মিজোৰামে হৈছে একমাত্ৰ ৰাজ্য, য’ত গৃহহীন লোক পোৱা নাযায়। মিজোৰামৰ সাক্ষৰতা হাৰ হৈছে ৯১.৫৮%, কেৰালাৰ পাছতেই দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক।

ভাষা[উৎস সম্পাদনা]

মিজো হৈছে মিজোৰামৰ চৰকাৰী ভাষা আৰু বহুলভাৱে ব্যৱহৃত ভাষা। কিন্তু শিক্ষা, প্ৰশাসন আৰু আনুষ্ঠানিক কাৰ্য্যত ইংৰাজী ভাষা বহুলভাৱে ব্যৱহৃত কৰা হয়। দুহলিয়ান উপভাষা (লুছাই ভাষাও বোলা হয়) মিজোৰামৰ প্ৰথম ভাষা আছিল আৰু পৰৱৰ্তী কালত ই "মিজো ভাষা" নামেৰে জনা যায়। এই ভাষাটো বিভিন্ন উপভাষা যেনে "হ্মাৰ ভাষা", "মাৰা ভাষা", "লাই ভাষা", "পাইতে ভাষা", "গাঙতে ভাষা" ইত্যাদিৰ লগত মিহলি হৈ যায়। খ্ৰীষ্টীয়ান মিছনাৰীসকলে মিজো পাণ্ডুলিপি প্ৰস্তুত কৰি উলিয়াইছিল। অষ্টম মান শ্ৰেণীলৈকে হিন্দী পঢ়া বাধ্যতামূলক। তথাপি হিন্দী ভাষাৰ প্ৰচলন বহুত কম। ইয়াৰ নেপালী প্ৰব্ৰজন লোকসকলে নেপালী ভাষা ব্যৱহাৰ কৰে।

ধৰ্ম[উৎস সম্পাদনা]

মিজো লোকসকলৰ ভিতৰত প্ৰায় ৮৭% হৈছে খ্ৰীষ্টান ধৰ্ম লোক।[4] ২০০১ চনৰ লোকপিয়ল মতে, মুঠ জনসংখ্যাৰ ৩.৬% লোক হিন্দু ধৰ্মৰ, ১১% লোক মুছলমান ধৰ্মৰ আৰু প্ৰায় ৮.৩% হৈছে বৌদ্ধ ধৰ্মৰ লোক। [4] ইয়াৰ উপৰিও প্ৰায় ৮,০০০ মান লোকে জুদাইক গোটৰ ব্নেই মেনাছে (Bnei Menashe)ক বিশ্বাস কৰে।

মিজোৰামৰ ধৰ্ম
ধৰ্ম শতকৰা হাৰ
খ্ৰীষ্টান ধৰ্ম
  
৮৬.৯৭%
বৌদ্ধ ধৰ্ম
  
৭.৯৩%
হিন্দু ধৰ্ম
  
৩.৫৫%
ইছলাম ধৰ্ম
  
১.১২০৯৯%
মিজো ধৰ্ম
  
০.১৫%
Judaism
  
০.১%
অন্যান্য
  
০.১৭%

শিক্ষা[উৎস সম্পাদনা]

১৮৯৪ চনত খ্ৰীষ্টান মিছনেৰীসকলে প্ৰাথমিক শিক্ষা আৰম্ভ কৰা সময়লৈকে মিজোসকল অশিক্ষিত আছিল। তেওঁলোকৰ কোনো লিখিত লিপি নাছিল। ১৮৯৮ চনত প্ৰথমখন প্ৰাইমেৰী স্কুল স্থাপন কৰা হৈছিল। ১৯০১ চনত মিজোৰামৰ সাক্ষৰতা হাৰ আছিল ০.৯% আৰু ২০০৫ চনৰ লোকপিয়ল মতে মিজোৰামৰ সাক্ষৰতা হাৰ হৈছে ৯৫%। বৰ্তমান মিজোৰামৰ সাক্ষৰতা হাৰ দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক। শিক্ষা মন্ত্ৰালয়ৰ অধীনত কেইবাখনো বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। মিজোৰাম বিশ্ববিদ্যালয়ৰ অধীনত ২৯ খন স্নাতক ডিগ্ৰীৰ মহাবিদ্যালয় আৰু দুখন পেচাদাৰী প্ৰতিষ্ঠান আছে। "নেচনেল ইনষ্টিটিউট অফ টেকন’লজি, মিজোৰাম" আৰু "ইণ্ডিয়ান ইনষ্টিটিউট অফ মাচ কমিউনিকেশ্বন" নামৰ দুখন শৈক্ষিক প্ৰতিষ্ঠান কাৰ্য্যক্ষম হৈ উঠিছে। ব্যৱসায় সম্বন্ধীয় শিক্ষাৰ বাবে "আই চি এফ এ আই, মিজোৰাম" আৰু পশু চিকিৎসা সম্বন্ধীয় শিক্ষাৰ বাবে "কলেজ অফ ভেটেৰিনেৰী চায়েঞ্চেচ এণ্ড এনিমেল হাজবেন্দ্ৰী, আইজল, মিজোৰাম" নামৰ শৈক্ষিক প্ৰতিষ্ঠানখন আইজলত প্ৰতিষ্ঠা কৰা হৈছে।[5]

ৰাজনীতি[উৎস সম্পাদনা]

১৮৯০ দশকত ব্ৰিটিছসকলে মিজোৰাম দখল কৰাৰ পিছত অসমৰ লুছাই হিলছ জিলা হিচাপে শাসন কৰা হৈছিল। ১৯৫৪ চনত অসম ৰাজ্যৰ মিজো হিলছ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছিল। সেই বছৰতেই "মিজো যুৱক সমিতি" (Young Mizo association) গঠন হৈছিল আৰু বৰ্তমানো এই সমিতিটো কাৰ্য্যক্ষম হৈ আছে। নিজ জাতিৰ পৰিচয় ৰক্ষা আৰু ৰাজনৈতিক মতৰ পাৰ্থক্যৰ ফলত ১৯৬৬ চনত সশস্ত্ৰ মিজো নেচনেল ফ্ৰণ্ট গঠন কৰা হয়। এনেদৰে মিজোৰামত বিদ্ৰোহ আৰম্ভ হয়। এই বিদ্ৰোহৰ ফলতেই ১৯৭২ চনত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল। ইয়াৰ পিছত ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে।

প্ৰশাসন[উৎস সম্পাদনা]

মিজোৰামৰ জিলাসমূহ

১৯৮৬ চনত ভাৰত চৰকাৰ আৰু "মিজো নেচনেল ফ্ৰ’ণ্ট"ৰ মাজত এখন স্মাৰকপত্ৰ নিস্পত্তিকৰণ স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছত প্ৰাদেশিক মৰ্য্যাদা আইন (Statehood Act of 1986) মতে, ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে এখন পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।

ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰেই, মিজোৰামৰ ৰাজ্য চৰকাৰৰ প্ৰধান হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত ৰাজ্যপাল। অন্যহাতে, ৰজ্যখনৰ প্ৰশাসনিক ক্ষমতা থাকে মুখ্যমন্ত্ৰীৰ হাতত। মুখ্যমন্ত্ৰীৰ উপদেশ মতে ৰাজ্যপালে কেবিনেট মন্ত্ৰীসকলক নিয়োগ কৰে। মিজোৰামৰ বিধান সভা আসনৰ প্ৰকাৰ হৈছে এককক্ষীয় (unicameral legislature)। লাইছ, মাৰাছ আৰু ছাকমাৰ সুকীয়া স্বায়ত্ব শাসিত জিলা পৰিষদ আছে।

মিজোৰামৰ বিধান সভাৰ মুঠ আসনৰ সংখ্যা ৪০ খন। মিজোৰমৰ গাঁও পৰিষদসমূহ হৈছে গণতন্ত্ৰ আৰু নেতৃত্বৰ মূল ভেটি।

মিজোৰামৰ জনজাতিসমূহৰ কাৰণে তিনিখন স্বায়ত্ব শাসিত জিলা পৰিষদ আছে।

  • ছাকমা স্বায়ত্ব শাসিত জিলা পৰিষদ (Chakma Autonomous District Council) : মিজোৰামৰ দক্ষিণ-পশ্চিম সীমান্তৰ ছাকমা জনজাতিৰ লোকসকলৰ বাবে।
  • লাই স্বায়ত্ব শাসিত জিলা পৰিষদ (Lai Autonomous District Council) : মিজোৰামৰ দক্ষিণ অঞ্চলৰ লাই জনজাতিৰ লোকসকলৰ বাবে।
  • মাৰা স্বায়ত্ব শাসিত জিলা পৰিষদ (Mara Autonomous District Council) : মিজোৰামৰ দক্ষিণ-পূব অঞ্চলৰ মাৰা জনজাতিৰ লোকসকলৰ বাবে।

অৰ্থনৈতিক ব্যৱস্থা[উৎস সম্পাদনা]

বাঁহ উদ্যোগ[উৎস সম্পাদনা]

মিজোৰামত প্ৰায় ২০ বিধমান থলুৱা প্ৰজাতিৰ বাঁহ পোৱা যায়। ৰাজ্যখনৰ প্ৰায় ৩০% অঞ্চল বাঁহ গছৰ হাবিৰে আৱৰি আছে। মিজোৰামে বাৰ্ষিক ভাৰতৰ ৪০% বাঁহ (প্ৰায় ৮ কোটি টন) উৎপাদন কৰে। বাঁহ গছসমূহ ইন্ধন, সাৰ ইত্যাদি হিচাপে ব্যৱহাৰ কৰিবলৈ বিভিন্ন গৱেষণা চলি আছে।

কৃষি[উৎস সম্পাদনা]

মিজোৰামৰ জলবায়ু বিষুৱীয় আৰু নাতিশীতোষ্ণ হোৱাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা যায়। মিজোৰামৰ বছৰত প্ৰায় আঠৰপৰা দহ মাহলৈকে বৰষুণ হয়। বাৰ্ষিক বৃষ্টিপাত ১৯০০ ছেঃমিঃ (৭৫ ইঞ্চি)ৰপৰা ৩০০০মিঃমিঃ (১২০ইঞ্চি)লৈকে হয়। সেয়ে ৭০% শতাংশৰো অধিক লোক কৃষিৰ লগত জড়িত। গাঁও অঞ্চলত প্ৰধানতঃ ঝুম খেতি কৰা হয়। সাম্প্ৰতিক কালত, "গডৰেজ এগ্ৰ’ৱেট লিমিটেড" নামৰ সংস্থানটোৱে মিজো লোকসকলক জীৱ-ইন্ধন (Biofuel) বাবে জেট্ৰ’ফা খেতিৰ প্ৰতি উৎসাহিত কৰা দেখা গৈছে।[6]

খাদ্য সংৰক্ষণ[উৎস সম্পাদনা]

সাম্প্ৰতিক কালত মিজোৰামত খাদ্য সংৰক্ষণ কৰাত গুৰুত্ব দিছে। "MIFCO" নামৰ সংস্থানটোৱে স্থানীয় বাঁহৰ খৰিছা সংৰক্ষণ কৰি সফলতা অৰ্জন কৰিছে।

হস্তশিল্প[উৎস সম্পাদনা]

মিজো মহিলাই বস্ত্ৰ আৰু বয়ন শিল্পৰ বাবে তাঁতশালৰ ব্যৱহাৰ কৰে। স্থানীয় উৎপাদিত বস্তুসমূ্হ আন আন বস্তুৰ লগত মিহলি কৰি চৌখিন তথা উৎকৃষ্ট মানৰ সামগ্ৰী উৎপাদন কৰা হয়। মিজোসকলে পিন্ধিবলৈ পোৱান ছে (puan chei) আৰু কাৱৰ ছেই (Kawr chei) ব্যৱহাৰ কৰে। ভিন্নৰঙী পৰাম্পৰাগত মোনাক খিয়াঙ কাৱি (Khiang kawi) বোলা হয়। মিজোৰামৰ বৈশিষ্ট্যস্বৰূপ ব্লেংকেটক প’নপুই (Pawnpui)বোলা হয়।

পাচি প্ৰস্তুত কৰাও মিজোসকলৰ মাজত দেখা যায়। পাচিবিলাকক এম (Em) আৰু ধান চাফা কৰিবলৈ ব্যৱহাৰ কৰা থালবোৰক থ্লাংগ্ৰা (Thlangra) বোলা হয়। এইবোৰ সঁজুলি বাঁহৰপৰা প্ৰস্তুত কৰা হয়। মিজোৰামৰ ঘৰসমূহৰ বৈশিষ্ট্য হৈছে যে, ইয়াক বাঁহ, শুকান খেৰ, মাটি আৰু কাঠ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। কিন্তু সাম্প্ৰতিক কালত ঘৰসমূহ ইটা, কংক্ৰিট আৰু টিনপাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। আইজলৰপৰা কেই কিঃমিঃমান নিলগৰ "ৰেইক"ত এখন মিজো আদৰ্শ গাঁও পুনৰ নিৰ্মাণ কৰা হৈছে।

পৰ্য্যটন[উৎস সম্পাদনা]

ৱানট্ৱাং জলপ্ৰপাত

মিজোৰামৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু জলবায়ু কাৰণে ৰাজ্যখনক পৰ্য্যটন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰি ইয়াৰপৰা কৰ সংগ্ৰহ কৰি ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা উন্নতি কৰাৰ বহুতো থল আছে। সেয়ে পৰ্য্যটন বিভাগত কেইবাটাও প্ৰকল্প আৰম্ভ কৰা হৈছে। ৰাজ্যখনত বিভিন্ন প্ৰজাতিৰ পক্ষী পোৱা যায় আৰু ইয়াক পৰ্য্যটকৰ গন্তব্যস্থললৈ উন্নীত কৰাৰো থল আছে।[7] মিজোৰামত বনৰীয়া ম’হ (Wild Water Buffalo)< ref>Choudhury, A.U. (2010). The vanishing herds: wild water buffalo. Gibbon Books & The Rhino Foundation for Nature in NE India, Guwahati, India. 184pp. [Supported by CEPF & Taiwan Forestry Bureau]</ref> আৰু "লুছাই হিল"ত সুমাত্ৰান গঁড় পোৱা যায়।[8] গেঙপুই (Ngengpui) আৰু ডাম্পা অভয়াৰণ্যত কিছু সংখ্যক বনৰীয়া হাতীও পোৱা যায়।[9] যিসকল পৰ্য্যটকৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি আগ্ৰহ বেছি, তেওঁলোকৰ বাবে মিজোৰামৰ পূব অঞ্চল বেছি আকৰ্ষণীয়। কেইটামান উল্লেখযোগ্য আকৰ্ষণীয় কেন্দ্ৰ হৈছে: মিজো কবিসকলৰ মুকলিক্ষেত্ৰ, (মিজো ভাষাত মিজো হ্লকুংপুই মুৱাল () নামেৰে জনাজাত), প্ৰাগৈতিহাসিক যুগৰ বৃহৎ আকাৰৰ শিলাখণ্ড (স্থানীয় ভাষাত কাৱ্তছুআহ ৰ’পুই (Kawtchhuah Ropui) নামেৰে জনাজাত) লামছিয়াল গুহা আৰু ৱানট্ৱাং জলপ্ৰপাত।

বনৌষধ[উৎস সম্পাদনা]

মিজোৰামৰ গাঁৱৰ লোকসকলে স্থানীয় বনৌষধি বনাঞ্চলৰপৰা সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বনৌষধিৰ চাহিদা বাঢ়ি যোৱাৰ লগে লগে বহুতো স্থানীয় প্ৰজাতি বিৰল হৈ পৰিছে।

শক্তি খণ্ড[উৎস সম্পাদনা]

মিজোৰামত পৰ্য্যাপ্ত পৰিমাণৰ শক্তিৰ অভাৱ। তথাপি জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা শক্তি আহৰণ কৰি ইয়াৰ চাহিদা পূৰণ কৰিব পৰা যাব। কিছুমান অঞ্চলত বিজুলীবাতিৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা হয়। মিজোৰামত ২২ টাকৈ ডিজেল চালিত পাৱাৰ ষ্টেছন (২৬.১৪ মেগাৱাট) আৰু ৯ টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প (৮.২৫ মেগাৱাট) আছে। ৬৪ মেগাৱাট ক্ষমতা সম্পন্ন টুইৰিয়াল বান্ধৰ নিৰ্মাণ কাৰ্য্য চলি আছে আৰু ২০১৩ চনলৈ ই কাৰ্য্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে।

পৰিবহনৰ আন্তঃগাঁথনি[উৎস সম্পাদনা]

পথ প্ৰসাৰণ[উৎস সম্পাদনা]

মিজোৰামৰ পথৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় ৪০০০কিঃমিঃ (২৫০০ মাইল)। ৰাজ্যখন ভাৰতবৰ্ষৰ লগত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা সংযোগ আছে। আনটো ৰাষ্ট্ৰীয় ঘাইপথ ১৫০নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে মিজোৰামৰ ছেলিঙক মণিপুৰইম্ফলক আৰু ৪০এ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে ত্ৰিপুৰাৰ লগত সংযোগ কৰিছে।

বিমানপথ[উৎস সম্পাদনা]

মিজোৰামৰ একমাত্ৰ বিমানবন্দৰ হৈছে আইজলৰ ওচৰত অৱস্থিত লেংপুই বিমানবন্দৰ। কলকাতাৰ বিমানবন্দৰৰ পৰা ইয়ালৈ পৰা প্ৰায় ৪০ মিনিট সময় লাগে। মিজোৰামৰ নিকটৱৰ্তী অন্যটো বিমানবন্দৰ হৈছে অসমত অৱস্থিত শিলচৰ বিমানবন্দৰআইজলৰপৰা শিলচৰলৈ প্ৰায় ২০০ কিঃমিঃ (১২০ মাইল) দূৰত্ব।

ৰেলপথ[উৎস সম্পাদনা]

মিজোৰামৰ একমাত্ৰ ৰেল ষ্টেচন হৈছে "বৈৰবী ৰেল ষ্টেচন"। এই ৰেল ষ্টেচন মুখ্যতঃ বয়-বস্তু পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হয়। আনটো নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে অসমৰ "শিলচৰ ৰেল ষ্টেচন", আইজলৰ পৰা প্ৰায় ৬ ঘণ্টাৰ যাত্ৰা। ‌আইজলৰপৰা বৈৰবী ৰেল ষ্টেচনলৈ দূৰত্ব হৈছে ১১০ কিঃমিঃ (৬৮ মাইল) আৰু শিলচৰ ৰেল ষ্টেচনলৈ দূৰত্ব হৈছে ১৮০ কিঃমিঃ (১১০ মাইল)। বৰ্তমান চৰকাৰে ব্ৰড গজ লাইনৰ "বৈৰবী ছাইৰাঙ ৰেলৱে" নিৰ্মাণ কৰাৰ যো-জা চলাৰ আছে।

জলপথ[উৎস সম্পাদনা]

তথ্য সংযোগ[উৎস সম্পাদনা]

  1. Commissioner, Linguistic Minorities, 41st report: July 2002 - June 2003, p. paras 28.4, 28.9, archived from the original on 24 February 2007, http://web.archive.org/web/20070224124226/http://nclm.nic.in/shared/linkimages/23.htm, r কৰা হৈছে: 16 July 2007 
  2. http://www.newslink.in/2007/03/06/memories-of-inferno-still-remain-fresh
  3. "Census Population" (PDF). Census of India. Ministry of Finance India. http://indiabudget.nic.in/es2006-07/chapt2007/tab97.pdf। আহৰণ কৰা হৈছে: 18 December 2008. 
  4. 4.0 4.1 THE SCHEDULED TRIBES Census of India 2001, p. 4
  5. シャークスチームポータブル みんなの口コミ
  6. Godrej Agrovet Limited (GAVL) – Top Diversified Agribusiness Company
  7. Choudhury, A.U. (2008) A pocket guide to the birds of Mizoram. Gibbon Books & The Rhino Foundation for Nature in North East India, Guwahati, India. 122pp. [Supported by Oriental Bird Club, UK]
  8. Choudhury, A.U. (1997) The status of the Sumatran rhinoceros in north-eastern India. Oryx 31(2):151–152
  9. Choudhury, A.U. (2001) The wild elephant Elephas maximus in Mizoram. J. Bombay nat. Hist. Soc. 98(3): 439–441

বাহ্যিক সংযোগ[উৎস সম্পাদনা]