সমললৈ যাওক

শিলচৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিলচৰ
মহানগৰ
বৰাক নদীৰ সৈতে শিলচৰ মহানগৰ
বৰাক নদীৰ সৈতে শিলচৰ মহানগৰ
দেশ ভাৰত
ৰাজ্য অসম
জিলা কাছাৰ জিলা
উচ্চতা
২২ মিটাৰ (৭২ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ
২,২৮,৯৮৫

শিলচৰ ভাৰতৰ অসমকাছাৰ জিলাৰ সদৰ মহানগৰ আৰু দক্ষিণ অসমৰ এখন মুখ্য বাণিজ্যকেন্দ্ৰ।[4] মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই মহানগৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যৱসায়ীয়ে বসতি স্থাপন কৰিছে।

বৰাক নদীৰ পাৰত অৱস্থিত এই মহানগৰক উত্তৰ-পূব ভাৰতৰে ভিতৰত শান্তিপূৰ্ণ ঠাই হিচাপে তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে "শান্তিৰ দ্বীপ" আখ্যা দিছিল। [5] তৎকালীন পূৰ্ববঙ্গৰ চিলেটিসকল এই মহানগৰৰ অন্যতম প্ৰধান জনগোষ্ঠী। ভাত আৰু মাছ ইয়াৰ লোকসকলৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও "শুঁটকি" আৰু "চুঙা পিঠা" এই অঞ্চলৰ বিখ্যাত উপাদেয় খাদ্য।

বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[6][7][8]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

শিলচৰ অসমৰ দক্ষিণ সীমাত অৱস্থিত।[9] বৰাক নদীৰ পাৰত অৱস্থিত এই মহানগৰ চাহ, চাউল আৰু নানাৰকমৰ কৃষিজাত দ্ৰব্যৰ বাবে বিখ্যাত। পঞ্চগ্ৰাম কাগজ কল, চিমেণ্ট কাৰখানা আৰু চাহ-পাত উৎপাদন এই ঠাইৰ প্ৰধান শিল্প। গুৱাহাটীৰ পিছত শিলচৰ অসমৰ দ্বিতীয় বৃহত্তম মহানগৰ। শিলচৰ ভাৰতৰ অন্যান্য ঠাইৰ সতে ৰেল, স্থলপথ আৰু আকাশপথৰ মাধ্যমেৰে সংযুক্ত। গড় হিচাপত শিলচৰ সমুদ্ৰপৃষ্ঠৰ পৰা ২২ মিটাৰ (৭২ ফুট) উচ্চতাত আছে। [10]

ৰাজনীতি

[সম্পাদনা কৰক]

শিলচৰ হৈছে শিলচৰ লোকসভা সমষ্টিৰ অংশ। শিলচৰৰ পৰা সংসদৰ বৰ্তমান সদস্য হৈছে সুস্মিতা দেৱ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰবীণ ৰাজনীতিবিদ সন্তোষ মোহন দেৱৰ কনিষ্ঠ কন্যা। [11]

শৈক্ষিক প্ৰতিষ্ঠান

[সম্পাদনা কৰক]
ত্ৰিগুনা সেন প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়

দৰ্শনীয় স্থান

[সম্পাদনা কৰক]

শিলচৰ মহানগৰৰ অন্যতম দৰ্শনীয় স্থানসমূহ হ'ল:

খাচপুৰৰ কছাৰী ৰাজ্যৰ মহলৰ ধ্বংসাৱশেষ
  • খাচপুৰ: শিলচৰৰ পৰা ২০ কিঃমিঃ দূৰত্বত খাচপুৰ নামেৰে ডিমাচা কছাৰী ৰজাসকলৰ এক বিৰাট ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ৰাজধানী গঢ়ি উঠিছিল। যাৰ নিৰ্মাণ ১৬৯০ খ্ৰীষ্টাব্দৰ মাজত হৈছিল। এই ঠাইৰ প্ৰধান আকৰ্ষণ হৈছে সিংহদ্বাৰ, সূৰ্যদ্বাৰ আৰু প্ৰাচীন ৰজাসকলৰ মন্দিৰ। মূল প্ৰাসাদটি প্ৰায় অস্তিত্বহীন, কিন্তু ইয়াৰ অধীনস্থ, প্ৰধান প্ৰৱেশদ্বাৰ, সূৰ্যদ্বাৰ, দেৱালয় অক্ষত অৱস্থাত আছে। প্ৰৱেশপথত হাতী-নিদৰ্শন আছে।
  • ইচকন মন্দিৰ: বিশ্ব বিখ্যাত সনাতন নাটকীয় আধ্যাত্মিক সংগঠন (ইচকন)-ৰ দ্বাৰা পৰিচালিত শিলচৰ মহানগৰৰ অম্বিকাপট্টিস্থিত ভগৱান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰ আছে। প্ৰতিষ্ঠানটোৰ ওচৰতে ইচকন মন্দিৰৰ দ্বাৰা পৰিচালিত "গোবিন্দভোজনালয়" নামেৰে এখন নিৰামিষ ৰেস্তোৰাও আছে।
  • গান্ধীবাগ পাৰ্ক: গান্ধীবাগ পাৰ্ক মহানগৰৰ কেন্দ্ৰ, পাৰ্ক ৰোডত অৱস্থিত। পাৰ্কখন মহাত্মা গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছিল। পাৰ্কত ভাষা শ্বহীদসকলৰ এটি শ্বহীদ মিনাৰ আছে যিসকলে ১৯৬২ চনৰ ১৯ মে'ত বঙালী ভাষা ৰক্ষাৰ বাবে অসম চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল।
  • ভুৱনেশ্বৰ মন্দিৰ: এই মন্দিৰটো সমগ্ৰ দক্ষিণ অসমৰ ভিতৰতে ভগৱান শিৱৰ সকলোতকৈ সুপ্ৰসিদ্ধ মন্দিৰ। শিলচৰৰ পৰা প্ৰায় ৫০ কিমি দূৰত আৰু ভুৱন পাহাৰৰ ওপৰত এই তীৰ্থস্থানখন অৱস্থিত। প্ৰতি মাৰ্চ মাহত শিৱৰাত্ৰিৰ সময়ত বহুতো মানুহে অনেক দূৰৰ পৰা শিৱৰ উপাসনা কৰিবলৈ ইয়ালৈ আহে। মন্দিৰটো সমতলৰ পৰা অন্ততঃ ১৭ কি়ঃমিঃ উচ্চতাত অৱস্থিত।
  • কাঁচা কান্তি কালী মন্দিৰ: শিলচৰৰ পৰা প্ৰায় ১১ কিঃমিঃ অৰ্থাৎ দক্ষিণ অসমত দেৱী মা "কাঁচাকান্তি"-ৰ এক ঐতিহাসিক আৰু সুপ্ৰসিদ্ধ মন্দিৰ আছে। এই দেৱী দুই শক্তিশালী হিন্দু দেৱতা মা দুৰ্গা আৰু মা কালীৰ সংযোজন। মূল মন্দিৰটো কছাৰী ৰজাই ১৮০৬ খ্ৰীষ্টাব্দত নিৰ্মিত কৰিছিল। ১৮১৮ খ্ৰীষ্টাব্দ পৰ্যন্ত দেৱীৰ ওচৰত নৰবলি প্ৰদান কৰা হৈছিল। পুৰণি মন্দিৰটো ধ্বংস হৈ গৈছিল আৰু ১৯৭৮ খ্ৰীষ্টাব্দত নতুন মন্দিৰটো পুনঃ প্ৰতিষ্ঠাপিত কৰা হয়।
  • মনিহৰণ সুৰংগ: ভুৱনেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰৈত ই এক জনপ্ৰিয় স্মৃতি। পৱিত্ৰ নদী ত্ৰিবেনী এই সুৰংগৰ তলেৰে প্ৰবাহিত হয়। পৌৰাণিক কাহিনী মতে, এই সুৰংগটো এবাৰ ভগৱান শ্ৰীকৃষ্ণই ব্যৱহাৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰটোক মনিহৰণ সুৰংগ নামেৰে নামকৰণ কৰা হয়।

উল্লেখযোগ্য ব্যক্তি

[সম্পাদনা কৰক]

আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Assam recognises Manipuri as associate official language in four districts" (en ভাষাত). Hindustan Times. 2024-02-24. https://www.hindustantimes.com/india-news/assam-recognises-manipuri-as-associate-official-language-in-four-districts-101708770769105.html। আহৰণ কৰা হৈছে: 2024-02-24. 
  2. PTI (2024-02-24). "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/assam-cabinet-gives-nod-to-recognise-manipuri-as-associate-official-language-in-four-districts/article67881260.ece. 
  3. "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en ভাষাত). The Indian Express. 2024-02-24. https://indianexpress.com/article/north-east-india/assam/assam-cabinet-recognise-manipuri-associate-official-language-four-districts-9178285/। আহৰণ কৰা হৈছে: 2024-02-24. 
  4. Goswami, BB (1 Jul 2025). "Silchar, Assam upgraded to municipal corporation after 143 years". ETInfra.com. https://infra.economictimes.indiatimes.com/amp/news/urban-infrastructure/silchar-assam-upgraded-to-municipal-corporation-after-143-years/122181950। আহৰণ কৰা হৈছে: 16 Aug 2025. 
  5. লোকসভাত দিয়া বক্তব্য
  6. "Assam recognises Manipuri as associate official language in four districts" (en ভাষাত). Hindustan Times. 2024-02-24. https://www.hindustantimes.com/india-news/assam-recognises-manipuri-as-associate-official-language-in-four-districts-101708770769105.html। আহৰণ কৰা হৈছে: 2024-02-24. 
  7. PTI (2024-02-24). "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/assam-cabinet-gives-nod-to-recognise-manipuri-as-associate-official-language-in-four-districts/article67881260.ece. 
  8. "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en ভাষাত). The Indian Express. 2024-02-24. https://indianexpress.com/article/north-east-india/assam/assam-cabinet-recognise-manipuri-associate-official-language-four-districts-9178285/। আহৰণ কৰা হৈছে: 2024-02-24. 
  9. শিলচৰৰ মানচিত্ৰ
  10. শিলচৰৰ ভৌগোলিক অৱস্থান
  11. "List of Parliamentary & Assembly Constituencies" (PDF). Assam. Election Commission of India. http://eci.nic.in/eci_main/press/List%20of%20Winning%20Candidated%20Final%20for%2016th%20May.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 
  12. "TSSOT". http://www.aus.ac.in/TSSOT/। আহৰণ কৰা হৈছে: 8 June 2015. 
  13. "আৰ্কাইভ কপি". Archived from the original on 2019-12-04. https://web.archive.org/web/20191204160005/http://silcharpolytechnic.in/। আহৰণ কৰা হৈছে: 2015-06-26. 
  14. http://ampletrails.com/vtp-list/silchar-assam-rifles-institute-of-technology-418210002--silchar/
  15. http://cdac.in/index.aspx?id=pk_itn_spot919
  16. "আৰ্কাইভ কপি". Archived from the original on 2015-06-26. https://web.archive.org/web/20150626123519/http://www.guwahati.nielit.gov.in/aboutsec.php। আহৰণ কৰা হৈছে: 2015-06-26.