সমললৈ যাওক

ডিগবৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিগবৈ
নগৰ
Photo of Digboi Centenary Museum at Digboi
ডিগবৈ শতবৰ্ষ সংগ্ৰহালয়
Map
স্থানাংক: 27°23′N 95°38′E / 27.38°N 95.63°E / 27.38; 95.63স্থানাংক: 27°23′N 95°38′E / 27.38°N 95.63°E / 27.38; 95.63
দেশ  ভাৰত
ৰাজ্য অসম
জিলা তিনিচুকীয়া
উচ্চতা
১৬৫ মিটাৰ (৫৪১ ফুট)
জনসংখ্যা
 (2001)
  মুঠ
২০,৪০৫

ডিগবৈ (ইংৰাজী: Digboi) অসমতিনিচুকীয়া জিলাৰ এক নগৰাঞ্চল। ই উজনি অসমৰ অন্যতম ঔদ্যোগিক চহৰ।

১৯শ শতিকাৰ শেষৰফালে ইয়াত খাৰুৱা তেলৰ খনি আৱিষ্কাৰ হৈছিল। এছিয়াত প্ৰথম খাৰুৱা তেলৰ খনন কৰা স্থান ডিগবৈক অসমৰ তৈল নগৰ বুলিও অভিহিত কৰা হয়। ১৯০১ চনত ইয়াৰ শোধনাগাৰটো আৰম্ভ কৰা হৈছিল। আটাইতকৈ পুৰণা তেলৰ কূপটো এতিয়াও কাৰ্যক্ষম। স্বাধীনতাৰ পাছৰ দশকলৈকে তেল কোম্পানীত বহু ব্ৰিটিছ লোকে কাম কৰাৰ গুণে নগৰখনৰ পৰিকাথামো যথেষ্ট উন্নত আৰু কেইবাটাও আকৰ্ষণীয় বাংলো আছে।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

ডিগবৈ নামটোৰ উৎপত্তিক লৈ এটা জনপ্ৰিয় কাহিনী আছে। ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এডৱিন ড্ৰেকে বিশ্বৰ প্ৰথমটো তেলৰ কুপ খন্দাৰ আঠ বছৰ পাছতে অসমত তেলৰ খনি আৱিষ্কাৰ হয়।[1] আছাম ৰেইলৱে' এণ্ড ট্ৰেডিং কোম্পানীয়ে কেইজনমান ইটালীয়ান অভিযন্তাক ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে ৰেল লাইন বহুৱাবলৈ দায়িত্ব দিছিল। তেওঁকে মাৰ্ঘেৰিটাৰ পৰা দহ মাইল দূৰৰ ডিগবৈত দুৰ্ঘটনাবশতঃ তেলৰ সন্ধান পায়। ঘন হাবিৰ পৰা ভৰিত তেলৰ দাগ লৈ হাতীবোৰ ওলাই অহাৰ পাছত ইংৰাজ অভিযন্তা মি: ডব্লিউ এল লে'কে হেনো শ্ৰমিকক ‘Dig boy, dig’, বুলি চিঞৰিছিল।[2] অৱশ্যে এই মুখৰোচক কাহিনীটোৰ বিষয়ে কোনো বিশ্বাসযোগ্য তথ্য পোৱা নায়ায। নানা ৱেবছাইটত হাতীৰ ভৰিৰ কাহিনীটো সামান্য পৰিৱৰ্তিত ৰূপত পোৱা যায়, কিন্তু সকলোৱে এই কথাত সহমত পোষণ কৰে যে আছাম ৰেইলৱে' এণ্ড ট্ৰেডিং কোম্পানীয়ে (AR&TC) ১৮৮২ চনত ডিব্ৰু-শদিয়া ৰেল পথচোৱা লিডুলৈকে সম্প্ৰসাৰিত কৰা কামত নিয়োজিত অভিযন্তাসকলে কামত হাতী লগাইছিল। আৰু এই হাতীৰে ভৰিত তেলৰ দাগ দেখি উক্ত স্থানত ইংৰাজ ৱিলি লিঅ'ভা লে'কে কোম্পানীক খনন কৰিবলৈ সন্মত কৰায়। অ‌ইল ইণ্ডিয়া লিমিটেডৰ ইতিহাসত এই হাতীৰ কাহিনীটোৰ কথা নাই, কিন্তু পূৰ্বৰ ৱেবছাইটত উল্লেখ আছিল যে লে'কে "বৰভিল অঞ্চলত তেল বিৰিঙি ওলোৱা দেখিছিল"। খনন প্ৰকল্প অনুমোদন হোৱাৰ পাছত লে'কে যন্ত্ৰ-পাতি, মানুহ গোটাই কম ১৮৮৯ চনৰ ছেপ্টেম্বৰত কাম আৰম্ভ কৰে। ১৭৮ ফুট (৫৪ মিটাৰ) গভীৰতাত কিছু তেল পোৱা গ'ল। ১৮৯০ চনৰ নৱেম্বৰলৈকে খনন কাৰ্য চলি ৬৬২ ফুট (২০২ মিটাৰ) গভীৰতালৈকে যায়।[1] এই সময়ছোৱাতে লে'কে শ্ৰমিকক "Dig, boy!" বুলি চিঞৰা বুলি কাহিনীটোৰ সৃষ্টি হয়।

এই অঞ্চলতে থকা জান এটাকো ডিগবৈ বুলি কোৱা হয়। তাৰ পৰাও অঞ্চলটোৰ নাম ডিগবৈ হ'ব পাৰে।[3]

তৈল নগৰী হিচাপে ডিগবৈ

[সম্পাদনা কৰক]

১৮৮৯ চনত ডিগবৈতে এছিয়া আৰু ভাৰতৰ সৰ্বপ্ৰথম ব্যৱসায়িক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়। ১৮৯৯ চনত এই কাম-কাজ চালবলৈ আছাম অ‌ইল কোম্পানী গঠন কৰা হয়। ১৯০১ চনত ইয়াতে এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইয়াত প্ৰতিদিনে সৰ্বোচ্চ ৭,০০০ বেৰেল (১,১০০ ঘন মিটাৰ/দিন) খাৰুৱা তেল উৎপাদন হৈছিল। তৈলক্ষেত্ৰখনৰ ৰক্ষণাবেক্ষণক আওকাণ কৰি অধিক তেল উৎপাদনৰ চেষ্টা চলোৱা বাবে বিশ্বযুদ্ধৰ পাছতে তেল উৎপাদন কমি আহে। বৰ্তমান ইয়াত প্ৰতিদিনে প্ৰায় ২৪০ বেৰেল (৩৮ ঘন মিটাৰ/দিন) তেল উৎপাদন হয়। ১৮৮৯ চনৰ পৰা এতিয়ালৈকে ডিগবৈতে ১০০০ৰো অধিক কূপ খন্দা হৈছে। ১৯৮৯ চনত ডিগবৈ তৈলক্ষেত্ৰৰ ১০০ বছৰ উপলক্ষে ভাৰতীয় ডাক বিভাগে এটা ডাক টিকট মুকলি কৰে।

বৰ্তমান খাৰুৱা তেলৰ উৎপাদন অধিক নহ'লেও ডিগবৈ ভাৰতৰ ভিতৰতে অবিৰত কাৰ্যক্ষম তৈলক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়ান ঐ-অ‌ইল কৰ্পৰেচনৰ অন্তৰ্গত ডিগবৈ শোধনাগাৰৰ সক্ষমতা প্ৰায় ০.৬৫ MMTPA।

ডিগবৈ শোধনাগাৰ

[সম্পাদনা কৰক]

পুৰণি শোধনাগাৰটোৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ ১৯৯৬ চনত বহল পৰিসৰত ডিগবৈ শোধনাগাৰৰ আধুনিকীকৰণ প্ৰণালী হাতত লোৱা হয়। ইয়াৰ পাছত আধুনিকীকৰণৰ বাবে অসম তেল সংমণ্ডলে আন কেইবাটাও প্ৰকল্প ৰূপায়ণ কৰে। ডিগবৈ শোধনাগাৰক ISO-14001 আৰু OHSMC চাৰ্টিফিকেট প্ৰদান কৰা হৈছে।

ভৌগোলিক তথ্য

[সম্পাদনা কৰক]

ডিগবৈৰ স্থানাংক 27°22'48.0"N 95°37'48.0"E।[4] সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১৬৫ মিটাৰ (৫৪১ ফুট)। অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ পৰা ই পূবে ৫১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি[5] ডিগবৈৰ জনসংখ্যা ২১,৭৩৬ যাৰ ১০,৯৬৪ জন পুৰুষ আৰু ১০,৭৭২ গৰাকী মহিলা। ০-৬ বছৰীয়া শিশুৰ সংখ্যা ১৭৪৫ বা ডিগবৈৰ মুঠ জনসংখ্যাৰ ৮.০৩%। প্ৰতি ১০০০ হৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮২ গৰাকী। সাক্ষৰতাৰ হাৰ ৯২.০৮ % যি অসমৰ হাৰ ৭২.১৯% তকৈ যথেষ্ট বেছি। পুৰুষৰ সাক্ষৰতাৰ হাৰ প্ৰায় ৯৫.০৯% আৰু মহিলাৰ প্ৰায় ৮৯.০২%।

২০১১ চনৰ লোকপিয়লত ডিগবৈক সুকীয়া লোকপিয়ল চহৰ হিচাপে গণ্য কৰা হৈছিল।[5] অসমীয়া, বঙালী, নেপালী, বিহাৰী, মাৰৱাৰী আদি সকলো লোকে ইয়াত বসবাস কৰে। বড়ো, আদিবাসী, মিছিং আদি জনগোষ্ঠীৰ লোকে ইয়াত বসতি কৰে।

উল্লেখযোগ্য ঠাই

[সম্পাদনা কৰক]
ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ

ৰাজনীতি

[সম্পাদনা কৰক]

ডিগবৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বানন্দ সোনোৱাল ইয়াৰ প্ৰতিনিধি। বিধানসভাত ই ডিগবৈ সমষ্টিৰ অন্তৰ্গত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সুৰেন ফুকনে প্ৰতিনিধিত্ব কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]