হোজাই জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হোজাইৰ পৰা পুনঃনিৰ্দেশিত)
হোজাই জিলা
—  অসমৰ জিলা  —
অসমত হোজাইৰ অৱস্থান
অসমত হোজাইৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ হোজাই
মহকুমা
চৰকাৰ
 - লোকসভা সমষ্টি নগাঁও লোকসভা সমষ্টি
 - বিধানসভা সমষ্টি যমুনামুখ, হোজাই, লামডিং
জনসংখ্যা (২০১১)
 - মুঠ ৯,৩১,২১৮ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়।[1] হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।

মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[2][3][4]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

মধ্যযুগত হোজাই ডিমাচা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জী মতে, ডিমাচা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাচা-কছাৰী সকল "হোজাই- কছাৰী" নামে জনাজাত আছিল। "হোজাই" ডিমাচা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম "হোজাই" গোষ্ঠীৰ নামৰ পৰা আহিছে।

জন গাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল মতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮ জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩% । ডবকা ৰাজহ চক্ৰৰ মুছলমানৰ জনসংখ্যাৰ শতকৰা হাৰ প্ৰায় ৮৭% । হোজাই জিলাৰ আন দুটা ৰাজহ চক্ৰ হিন্দুপ্ৰধান।[5] ২০০১ চনত বৰ্তমান হোজাই জিলাৰ জনসংখ্যা আছিল ৭৪,৪৭৯১জন; তাৰে ভিতৰত ৩৭,৪২০৫জন মুছলমান আৰু ৩৬,৫১৮০জন হিন্দু। অৰ্থাৎ হোজাই জিলাত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ৪৯.০৩% আৰু মুছলমান আছিল ৫০.২৪% । হোজাই জিলাত ২০০১ চনৰ পৰা ২০১১ চনলৈ জনসংখ্যা ২৫.০৩% বৃদ্ধি হৈছে।

তহচিল  অনুযায়ী হোজাই জিলাৰ ধৰ্মীয় তথ্য [6]
তহচিল সৰ্বমুঠ হিন্দু মুছলমান  হিন্দু % মুছলমান %
হোজাই ২২৮৫৩০ ১৩৫৩৭৭ ৯২৫৯০ ৫৯.২৪% ৪০.৫২%
ডবকা ৩০৩৭৬৭ ৩৭৮৭২ ২৬৫৩৬৬ ১২.৪৭% ৮৭.৩৫%
লংকা ৩৯৮৯২১ ২৫০৮১৬ ১৪১৬০৯ ৬২.৮৭% ৩৫.৫০%
জিলা-২০১১ ৯৩১২১৮ ৪২৪০৬৫ ৪৯৯৫৬৫ ৪৫.৫৩% ৫৩.৬৫%
জিলা-২০০১ ৭৪৪৭৯১ ৩৬৫১৮০ ৩৭৪২০৫ ৪৯.০৩% ৫০.২৪%

ৰাজনীতি[সম্পাদনা কৰক]

হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ'ল-

  • যমুনামুখ
  • হোজাই
  • লামডিং

হোজাই জিলা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বহিসংযোগ[সম্পাদনা কৰক]