বজালী জিলা
অৱয়ব
বজালী জিলা | |
|---|---|
অসমত বজালীৰ অৱস্থান | |
| দেশ | |
| ৰাজ্য | অসম |
| প্ৰশাসনিক বিভাগ | নামনি অসম |
| স্থাপিত | ১২ জানুৱাৰী, ২০২১ |
| সদৰ | মদন-ৰাউতা নগৰ, পাঠশালা |
| চৰকাৰ | |
| • লোকসভা সমষ্টি | বৰপেটা লোকসভা সমষ্টি |
| • বিধানসভা সমষ্টি | ২৬,বজালী বিধানসভা সমষ্টি, ২১,ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টি। |
বজালী জিলা অসমৰ এখন জিলা। ২০২০ চনৰ ১০ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে।[1] ২০২১ চনৰ ১২ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বজালীক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। বজালীক জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪খন হয়।[2]
বজালী জিলাৰ সদৰ হৈছে মদন-ৰাউতা নগৰ, পাঠশালা। বজালী মহকুমাৰ অন্তৰ্গত বজালী, সৰুপেটা আৰু জালাহ ৰাজহ চক্ৰৰ কিছু অংশৰে বজালী জিলা গঠিত হৈছে। দোলোৰ পথাৰ বজালী জিলাৰ অন্তৰ্গত আটাইতকৈ জনপ্ৰিয় গাঁও আৰু পাঠশালা জিলাখনৰ মূল চহৰ।
শৈক্ষিক অনুষ্ঠানসমূহ
[সম্পাদনা কৰক]- ভট্টদেৱ বিশ্ববিদ্যালয়, পাঠশালা
- আনন্দৰাম বৰুৱা একাডেমি, পাঠশালা
- নিৰ্মল হালৈ মহাবিদ্যালয় পাটাছাৰকুছি
- বজালী শিক্ষক প্ৰশিক্ষণ মহবিদ্যালয়,পাটাছাৰকুছি
- নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰা
- ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়, সৰুপেটা
- ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়, ভৱানীপুৰ
- বজালী মহাবিদ্যালয়(কনিষ্ঠ),পাঠশালা
- বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,পাঠশালা
- ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,ভৱানীপুৰ
- বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাঘমাৰা
- হঠিনাপুৰ বিদ্যামন্দিৰ হাইস্কুল,হঠিনাপুৰ
- ছহীদ খৰ্গেশ্বৰ তালুকদাৰ উচ্চ মাধ্যমিক বিদ্যালয়, উজান-বৰবৰী
- কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয়,কৰ্দৈগুৰি
- চেংলিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, চেংলিমাৰী
- চাউলীয়াবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, চাউলীয়াবাৰী
- ভালাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়,ভালাগুৰি
- কঁঠালমুৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়, কঁঠালমুৰিঘাট
- বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়
চিকিৎসা সেৱাসমূহ
[সম্পাদনা কৰক]- মহকুমা অসামৰিক চিকিৎসালয়, পাঠশালা
- পাঠশালা মেটাৰনিটি কাম পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেণ্টাৰ
- সতীশ শৰ্মা মেমৰিয়েল হস্পিতাল, পাঠশালা
- ভৱানীপুৰ ৰাজহুৱা হস্পিতাল, ভৱানীপুৰ
- বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ (CHC)
- সৰুপেটা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ (CHC)
- পাটাছাৰকুছি ক্ষুদ্ৰ ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ(Mini PHC)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Desk, Sentinel Digital (2020-08-10). "'Bajali' to become the 34th full-fledged district of Assam - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/bajali-to-become-the-34th-full-fledged-district-of-assam-494424। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ Desk, Sentinel Digital (2021-01-13). "'Bajali' Becomes the 34th Full-Fledged District of Assam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/bajali-becomes-the-34th-full-fledged-district-of-assam-520780। আহৰণ কৰা হৈছে: 2021-01-16.