পাঠশালা
![]() | এই প্ৰবন্ধটোৰ পৰিচিতি খণ্ডটো ইয়াৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি অলপ বিস্তাৰ কৰাৰ প্ৰয়োজন আছে। ৱিকিপিডিয়াৰ পৰিচিতি অংশ লিখাৰ নিয়ম অনুসৰি, এই অংশটোক এটা বিস্তৃত পৰিচিতি প্ৰদানেৰে প্ৰবন্ধটো সুন্দৰ কৰি তোলক। (আলোচনা) |
পাঠশালা | |
— নগৰ — | |
স্থানাঙ্ক | 26°29′58″N 91°10′45″E / 26.499382°N 91.179271°E |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | বজালী |
জনসংখ্যা | 11,242 (2011[update]) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
পাঠশালা ভাৰত ৰ অসম ৰাজ্যৰ বজালী জিলাৰ অন্তৰ্গত এখন নগৰ। ই বজালী জিলাৰ সদৰ ঠাই। ভ্ৰাম্যমাণৰ বাটকটীয়া আৰু নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই নগৰ।
ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]
২৬.৫০৩১৫ ডিগ্ৰী অক্ষাংশ আৰু ৯১.১৪৯৫ ডিগ্ৰী দ্ৰাঘিমাংশত পাঠশালা নগৰ অৱস্থিত। [1]
জনগাঁঠনি[সম্পাদনা কৰক]
২০০১ চনৰ লোকপিয়ল[2] মতে পাঠশালাৰ মুঠ জনসংখ্যা ৯৬৫২জন । ইয়াৰে প্ৰায় ৫৩% পুৰুষ আৰু ৪৭% মহিলা । পাঠশালাৰ মুঠ সাক্ষৰতাৰ হাৰ প্ৰায় ৬৮%, উল্লেখ্য যে এই হাৰ ৰাজ্যৰ সাক্ষৰতাৰ হাৰ (৫৯.৫%)তকৈ বেছি । পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭২% আৰু মহিলাৰ ৬১%, মুঠ জনসংখ্যাৰ প্ৰায় ৪৭% লোকৰ বয়স ৬ বছৰতকৈ কম । পাঠশালাৰ প্ৰায় ৯০% লোকেই অসমীয়া লোক; বাকীখিনি প্ৰধানতঃ বঙালী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ।
শিক্ষানুষ্ঠান, কাৰ্য্যালয় ইত্যাদি[সম্পাদনা কৰক]
বৰপেটা জিলাৰ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল পাঠশালা। ইয়াত কেইবাখনো প্ৰাথমিক, মজলীয়া বিদ্যালয় আৰু মহাবিদ্যালয়ৰ লগতে কিছুসংখ্যক ব্যক্তিগত পৰ্য্যায়ৰ বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয় আছে। সেইসমূহ হৈছে:
- বিদ্যালয়
- পাঠশালা মজলীয়া বিদ্যালয়,
- বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- বিশ্ববিদ্যালয়
- মহাবিদ্যালয়
- ব্যক্তিগত পৰ্য্যায়ৰ বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়
- বজালী একাডেমী অব একচিলেঞ্চ,
- আনন্দৰাম বৰুৱা একাডেমী
- কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ
তাৰোপৰি পাঠশালাত কেইবাটাও চৰকাৰী কাৰ্য্যালয়, আৰক্ষী চকী আদি আছে ।
মঠ-মন্দিৰ[সম্পাদনা কৰক]
পাঠশালাৰ পৰা ৩ কিঃমিঃ নিলগত অৱষ্ঠিত পৰিহৰেশ্বৰ দেৱালয় । জনবিশ্বাস মতে, গাই এজনীয়ে ঘৰত গাখীৰ খিৰাবলৈ নিদিয়ে । এদিন গৃহস্থই দেখিলে যে ওচৰৰে ঘাহনি এডৰাত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলায় আৰু এইটো লক্ষ্য কৰি গৃহস্থই এদিন তাত খান্দি চোৱাত তাত শিৱ মূৰ্ত্তি এটা পায় আৰু তাতেই এই মন্দিৰ প্ৰতিষ্ঠা কৰে । মন্দিৰটোৰ আন এটা বৈশিষ্ট হ'ল ওচৰৰে প্ৰায় ৩ কঠা মাটি আৱৰি থকা কেতেকী বাৰীখন ।
কলা-কৃষ্টি[সম্পাদনা কৰক]
পাঠশালা অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জন্মস্থান। অচ্যুত লহকৰৰ প্ৰচেষ্টাত ১৯৬২ চনত নটৰাজ থিয়েটাৰ নামেৰে প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰ দলৰ জন্ম হৈছিল[3]। বৰ্তমান পাঠশালাত কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰকে ধৰি কেইবাটাও ভ্ৰাম্যমান নাট্যদল আছে।
উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]
- নীলিম কুমাৰ, এগৰাকী কবি তথা ঔপন্যাসিক।
- অচ্যুত লহকৰ, এগৰাকী নাট্যকাৰ তথা অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ জনক।
- ৰতন লহকৰ, এগৰাকী নাট্যকাৰ আৰু কহিনুৰ থিয়েটাৰৰ প্ৰতিষ্ঠাতা।
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "whoyiz.com". Whoyiz. http://www.whoyiz.com/india/Assam/Pathsala/16715। আহৰণ কৰা হৈছে: 2012-07-11.
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ এলেক্স ফিগো (অনুলেখক), মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ভ্ৰাম্যমাণ থিয়েটাৰ, বুক ৱৰ্ল্ড পাব্লিকেশ্বন, পাঠশালা (২০১০)