ভট্টদেৱ বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভট্টদেৱ বিশ্ববিদ্যালয়

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কলা বিভাগ
স্থাপিত ২০১৯
ধৰণ ৰাজহুৱা
আচাৰ্য জগদীশ মুখী (অসমৰ ৰাজ্যপাল)
উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাস
স্থান পাঠশালা, বজালী জিলা, অসম
26°30′12″N 91°11′6″E / 26.50333°N 91.185°E / 26.50333; 91.185স্থানাংক: 26°30′12″N 91°11′6″E / 26.50333°N 91.185°E / 26.50333; 91.185
চৌহদ উপ-চহৰীয়া
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট http://www.bhattadevuniversity.ac.in/

ভট্টদেৱ বিশ্ববিদ্যালয় অসমবজালী জিলাপাঠশালাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে। বৰপেটাৰ পাঠশালাত অৱস্থিত বজালী মহাবিদ্যালয়ক উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।[1]

২০১৯ চনৰ ২৫ জুন তাৰিখে অধ্যাপক ড° বিৰিঞ্চি কুমাৰ দাসে বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।[2] বিশ্ববিদ্যালয়খন অসমীয়া গদ্য সাহিত্যৰ জনক শ্ৰী শ্ৰী ভট্টদেৱৰ নামেৰে নামকৰণ কৰা হৈছে।[3]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]