ঢকুৱাখনা মহাবিদ্যালয়
ঢকুৱাখনা মহাবিদ্যালয় | |
---|---|
ঢকুৱাখনা মহাবিদ্যালয়ৰ লগ' | |
মূলমন্ত্ৰ | অজ্ঞানৰ আন্ধাৰ বিনাশোঁ |
স্থাপিত | ১৯৬৬ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড॰ যোগানন্দ সূত |
শৈক্ষিক কৰ্মচাৰী | ৪৯ |
প্ৰশাসনিক কৰ্মচাৰী | ২৪ |
শিক্ষাৰ্থী | ১১০০ |
স্থান | ঢকুৱাখনা, লখিমপুৰ, অসম, ভাৰত |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
ঢকুৱাখনা মহাবিদ্যালয় (ইংৰাজী: Dhakuakhana College)১৯৬৬ চনত সেইসময়ৰ ঢকুৱাখনাৰ উচ্চশিক্ষানুৰাগী ৰাইজৰ সহযোগত ৰাইজৰ অনুদানৰ যোগেদি ঢকুৱাখনা চহৰৰ পৰা প্ৰায় ২ কিমি দূৰত্বত, নৱকাঠৰবাৰী গাঁৱত স্থাপিত হৈছিল। মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু ইউজিচিৰ অধ্যায় ২(এফ) আৰু ১২(বি) দ্বাৰা অনুমোদিত। পোনপ্ৰথমে “Deficit system of grant in aid in 1975” ৰ অধীনত থকা মহাবিদ্যালয়খন ২০০৫ চনৰ ডিচেম্বৰ মাহত অসম চৰকাৰৰ দ্বাৰা প্ৰাদেশীকৃত হয়। মহাবিদ্যালয়খনৰ বৰ্তমান অধ্যক্ষ ড॰ যোগানন্দ সূত আৰু উপাধ্যক্ষ চন্দ্ৰ শৰ্মা। মহাবিদ্যালয়খনে সৰ্বমুঠ ১৩। ৯৫ একৰ মাটিকালি আগুৰি আছে।[1]
ইতিহাস
[সম্পাদনা কৰক]ঢকুৱাখনা মহাবিদ্যালয় ঢকুৱাখনাৰ সেইসময়ৰ বিদ্যানুৰাগী সমাজৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু উচ্চ শিক্ষাৰ বাবে থকা দায়বদ্ধতাৰ এক সুন্দৰ প্ৰতিফলন। ইতিমধ্যে সোণালী বৰ্ষত ভৰি থোৱা মহাবিদ্যালয়খনে ২৫ জুলাই, ২০১৫ তাৰিখে এখন ৰাজহুৱা সভাৰ যোগেদি সোণালী বৰ্ষৰ শুভাৰম্ভণি কৰি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।[2]
সা-সুবিধা
[সম্পাদনা কৰক]মহাবিদ্যালয়খনৰ মুঠ বিভাগৰ সংখ্যা ১৬ টা। ইয়াৰোপৰিও উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবেও দুটা শাখাত (কলা আৰু বিজ্ঞান)পাঠদানৰ সুবিধা আছে। মহাবিদ্যালয়খনৰ মুঠ শিক্ষক ৪৯ আৰু কৰ্মচাৰী ২৪ জন।
অন্যান্য
[সম্পাদনা কৰক]- গ্ৰন্থাগাৰ—প্ৰায় ১৮০০০ ৰো অধিক গ্ৰন্থসমৃদ্ধ আৰু বাতৰি কাকত আলোচনী উপলব্ধ। মহাবিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ডিজিটেল লাইব্ৰেৰীৰ ব্যৱস্থাও ৰাখিছে।
- বিভিন্ন বিভাগৰ নিজা পৰীক্ষাগাৰ
- সুকীয়া খেলপথাৰ
- ছাত্ৰ আৰু ছাত্ৰী নিবাস
- বায়’টেক হাৱ
- এন এচ এচ
- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যলয়ৰ শাখা
মহাবিদ্যালয় সংগীত
[সম্পাদনা কৰক]মহাবিদ্যালয়ৰ সংগীতটি মহাবিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে ৰচনা কৰিছে।
আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ
পোহৰৰ গতি খেদি
অজ্ঞানৰ আন্ধাৰ ভেদি
নিতে নৱ সৃষ্টিৰ আপোন প্ৰতিভা বিকাশোঁ
আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ
সময়ৰ সংগতি ৰাখি
পুৰণি দুস্কৃতি নাশি
আমি নৱ জ্ঞানৰ দিগন্ত প্ৰকাশোঁ
আমি অজ্ঞানৰ আকাশ বিনাশোঁ
সাম্য মৈত্ৰীৰ গান ৰচি
বঞ্চিতক প্ৰাপ্য যাঁচি
ভাতৃসম বন্ধুত্বৰে নতুন সমাজ গঢ়োঁ
আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ।