দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | তমসো মা জ্যোতিৰ্গময় |
স্থাপিত | ১৯৫৫ |
ধৰণ | চৰকাৰী |
অধ্যক্ষ | ড° জীনামণি ভূঞা (দুৱৰা) |
স্থান | যোৰহাট, অসম, |
চৌহদ | নগৰাঞ্চল |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | www.dcbgirlscollegejorhat.org |
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৫৫ চনত স্থাপিত এই মহাবিদ্যালয়খন উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়। ২০১১ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাকে (NAAC) মহাবিদ্যালয়খনক A গ্ৰেডেৰে মূল্যাংকন কৰে আৰু ইয়াৰ লগে লগে মহাবিদ্যালয়খন নাকে A গ্ৰেড প্ৰদান কৰা ৰাজ্যৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ মৰ্যদা লাভ কৰে।[1]
ইতিহাস
[সম্পাদনা কৰক]১৯৫৫ চনত ৰায়বাহাদুৰ দেৱীচৰণ বৰুৱাৰ চাৰি পুত্ৰ ক্ৰমে হেৰম্ব প্ৰসাদ বৰুৱা, উমাচৰণ বৰুৱা, দেৱপ্ৰসাদ বৰুৱা আৰু বিষ্ণুপ্ৰসাদ বৰুৱাৰ অনুদানেৰে যোৰহাটত দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় স্থাপন কৰা হয়। প্ৰথমাৱস্থাত ৫৬ গৰাকী ছাত্ৰী আৰু ১২ গৰাকী অধ্যাপকেৰে মহাবিদ্যালয়খনত কলা শাখাৰ পাঠদান আৰম্ভ হয়। ১৯৮১ চনত কলেজখনত বিজ্ঞান শাখাৰো শুভাৰম্ভ কৰা হয়।[1]
বিভাগসমূহ
[সম্পাদনা কৰক]কলা শাখা
|
বিজ্ঞান শাখা
|
পাঠ্যক্ৰমসমূহ
[সম্পাদনা কৰক]সাধাৰণ পাঠ্যক্ৰম
|
স্নাতক শিক্ষান্ত বৰ্ষৰ ছাত্ৰীৰ বাবে কাৰিকৰী পাঠ্যক্ৰম
|
সাহিত্য-সংস্কৃতি
[সম্পাদনা কৰক]আলোচনী
[সম্পাদনা কৰক]- ডিচিবিয়ান মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী।
- ইনটিউয়িট হৈছে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মানদণ্ড নিশ্চিতকৰণ কোষৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক আন্তৰ্জাতিক গৱেষণা পত্ৰিকা। এই পত্ৰিকাৰ অনলাইন সংস্কৰণো উপলব্ধ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "আনুষ্ঠানিক ৱেবছাইট". https://dcbgirlscollegejorhat.org/। আহৰণ কৰা হৈছে: 12 July 2020.