বৰনগৰ মহাবিদ্যালয়
| বৰনগৰ মহাবিদ্যালয় | |
|---|---|
| বি এন কলেজ, সৰভোগ | |
| স্থাপিত | ৩ ছেপ্টেম্বৰ, ১৯৬২ |
| অধ্যক্ষ | দীপশিখা দাস দত্ত (ভাৰপ্ৰাপ্ত) |
| স্থান | সৰভোগ, অসম, ভাৰত |
| উপনাম | বি এন কলেজ |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় |
| ৱেবছাইট | www |
বৰনগৰ মহাবিদ্যালয় বা চমুকৈ বি এন কলেজ অসমৰ বৰপেটা জিলাৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। এই মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত। বৰনগৰ মহাবিদ্যালয়ক NAAC-ৰ B গ্ৰেড প্ৰদান কৰা হৈছে। ২০২৩ বৰ্ষত NAAC B++ গ্ৰেড লাভ কৰে ।[1]
শৈক্ষিক
[সম্পাদনা কৰক]পাঠ্যক্ৰমসমূহ
[সম্পাদনা কৰক]বৰনগৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক স্তৰত কলা, বিজ্ঞান আৰু বাণিজ্য শাখা আৰু স্নাতক পৰ্যায়ত কলা, বাণিজ্য় আৰু বিজ্ঞান শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। শেহতীয়াকৈ এই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান, অসমীয়া আৰু ইতিহাস বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে।তদুপৰি শেহতীয়াকৈ জৈৱ প্ৰযুক্তিবিদ্যা, গাড়ীচালনা, টুৰিজিম আদি ভ'কেছনেল পাঠ্যক্ৰমো এই মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে।বৰনগৰ মহাবিদ্যালয়ৰ স্নাতক শাখা আৰু উচ্চতৰ মাধ্যমিক শাখা ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ।
বিভাগসমূহ
[সম্পাদনা কৰক]কলা শাখা
|
বাণিজ্য শাখা
|
বিজ্ঞান শাখা
|
মহাবিদ্যালয়ৰ সুবিধাসমূহ
- গ্ৰন্থাগাৰ
- কেৰিয়াৰ কাউন্সেলিং
- ছাত্ৰাবাস
- ছাত্ৰীনিবাস
- খেলপথাৰ
অধ্যক্ষৰ তালিকা
১৯৬২ চনৰপৰা ২০১৫ চনলৈকে মহাবিদ্যালয়খনত মুঠতে নজন অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।
| ক্ৰমিক নং | অধ্যক্ষ | কাৰ্যকাল |
|---|---|---|
| ১ | স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ | ০৩/০৯৯/১৯৬২-২৮/০২/১৯৮৯ |
| ২ | অধ্যাপক এ দাস স্বৰ্গীয় | ০১/০৩/১৯৮৯-২০/১০/১৯৮৯ |
| ৩ | অধ্যাপক গোলক চন্দ্ৰ দাস | ২১/১০/১৯৮৯-২৮/০২/১৯৯৯ |
| ৪ | স্বৰ্গীয় বি. চি. দাস (i/c) | ০১/০৩/১৯৯৯-১৬/০৬/১৯৯৯ |
| ৫ | আৰ. এন. পাটোৱাৰী | ১৭/০৬/১৯৯৯-৩১/০১/২০০৮ |
| ৬ | অধ্যাপক আৰ. কে. দাস (i/c) | ০১/১১/২০০৮-৩১/০১/২০০৯ |
| ৭ | অধ্যাপক বি. বি. দাস (i/c) | ০১/০০২/২০০৯-২০/১১/২০০৯ |
| ৮ | অধ্যাপিকা স্বপ্না দাস (j/e) | ০১/১২/২০০৯-১৭/০১/২০১২ |
| ৯ | ড° বীৰেণ কুমাৰ চক্ৰবৰ্তী | ১৯/০১/২০১২- ২০২৩ |
১০) ড০ জগদীশ চন্দ্ৰ শৰ্মা(ভাৰপ্ৰাপ্ত) ১/১/২০২৪ - ৩১/০৮/২০২৫
১১) শ্ৰী দীপশিখা দাস দত্ত(ভাৰপ্ৰাপ্ত) ১/৯/২০২৫ -
তথ্য সংগ্ৰহ
- ↑ "Introduction about the College". Archived from the original on 13 June 2020. https://web.archive.org/web/20200613164130/http://www.barnagarcollege.org.in/introduction.php। আহৰণ কৰা হৈছে: 13 June 2020.
বাহ্যিক সংযোগ
| |||||||||||||||||||||||