যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
JEC Main Building.JPG
স্থাপিত ১৯৬০
ধৰণ ৰাজহুৱা/চৰকাৰী
অধ্যক্ষ ৰীতা শৰ্মা
স্থান জে ই চি পথ, গড়মূৰ, যোৰহাট, অসম
চৌহদ চহৰাঞ্চল
চমু নাম জে ই চি (JEC)
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট www.jecassam.in

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা ১৯৬০ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াত (২০১২ চনৰ মতে) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইন্সট্ৰুমেন্টেশ্যন ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিং -অৰ স্নাতক পৰ্য্যায়ৰ আৰু আৰু মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যন (MCA) -অৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়। মহাবিদ্যালয়খন আৰু ইয়াৰ পাঠ্যক্ৰমসমূহ AICTE (All India Council of Technical Education) -অৰ মান্যতাপ্ৰাপ্ত।[1]

অৱস্থান আৰু পৰিবহন[সম্পাদনা কৰক]

ষোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসমযোৰহাট জিলাৰ সদৰ যোৰহাট মহানগৰৰ পূৱে প্ৰায় চাৰি কি.মি. দূৰত অৱস্থিত। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা যোৰহাটলৈ দিনৰ আৰু ৰাতিৰ বাচ পোৱা যায়, পথ প্ৰায় ৬ ঘন্টাৰ। যোৰহাটৰ ৰৰৈয়া বিমানকোঠলৈ গুৱাহাটী আৰু কলিকতাৰপৰা বায়ু সংযোগ আছে। ৰেলপথেৰে গুৱাহাটীৰ পৰা ওচৰৰ মৰিয়নিলৈকে প্ৰত্যক্ষ ৰেল সংযোগ পোৱা যায়। যোৰহাটৰপৰা মহাবিদ্যালয়লৈ মহাবিদ্যালয়ৰ বাচ আৰু ব্যক্তিগত অট'ৰিক্সা পোৱা যায়।

চৌহদ[সম্পাদনা কৰক]

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় এক সম্পূৰ্ণৰূপে আবাসিক মহাবিদ্যালয়। ইয়াৰ চৌহদ ভোগদৈ নদীৰ পাৰত যোৰহাটৰ ৪ কি:মি: পূবে অৱস্থিত। ইয়াতেই হোষ্টেলসমূহ আৰু শিক্ষক আৰু অন্যান্য কৰ্মচাৰীৰ আবাসসমূহ অৱস্থিত। ইয়াত এখন চিকিৎসালয়, এখন প্ৰাথমিক বিদ্যালয়, ক'অপাৰেটিভ ষ্ট'ৰ, কেন্টিন আৰু অন্যান্য আনুসংগিক দোকান আদিও আছে। ছাত্ৰ-ছাত্ৰী সকলৰ খেলাৰ বাবে মহাবিদ্যালয়ৰ খেলপথাৰ আৰু অন্যান্য কাৰ্য্যকলাপৰ বাবে হ'বি চেন্টাৰ আছে। মহাবিদ্যালয়ৰ পৰা নিৰ্দিষ্ট সময়ৰ অন্তৰত যোৰহাট নগৰলৈ মহাবিদ্যালয়ৰ বাচ চলাচল কৰে।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিত্বৰ কাৰণে মহাবিদ্যালয়ত গণতান্ত্ৰিক "একতা সভা" আছে। প্ৰত্যেক বছৰতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ খেল আৰু সংস্কৃতি উৎসৱ "মহাবিদ্যালয় সপ্তাহ" উদ্‌যাপন কৰে।

ছাত্ৰাবাস[সম্পাদনা কৰক]

মহাবিদ্যালয়ত ৮ টা ল'ৰাৰ আৰু ১ টা ছোৱালীৰ হোষ্টেল আছে। প্ৰত্যেক ছাত্ৰাবাসত এজনকৈ শিক্ষক পৰিদৰ্শক আৰু ৩-৪ জনকৈ ছাত্ৰ/ছাত্ৰী মণিটৰে তত্বাৱধান কৰে। ছাত্ৰাবাসত মেচ, কমনৰূম আদি সুবিধাসমূহ আছে। ছাত্ৰাবাসসমূহৰ নিজৰ নিজৰ পুথিভঁৰাল, অধ্যয়নকক্ষ আৰু জীমনেচীয়াম আছে।

শিক্ষা[সম্পাদনা কৰক]

মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু ডিগ্ৰী প্ৰদান কৰা হয়-

স্নাতক পর্যায়ৰ[সম্পাদনা কৰক]

স্নাতক পর্যায়ৰ বিষয়সমূহ আৰু শিক্ষাৰ্থীৰ সংখ্যা (২০১২ চন)
বিষয় ক্ষমতা
মেকানিকেল ইঞ্জিনিয়াৰিং ৯০
কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং ৬০
ইলেক্ট্রনিকেল ইঞ্জিনিয়াৰিং ৬০
ইন্সট্ৰুমেন্টেশ্যন ইঞ্জিনিয়াৰিং ৩০
চিভিল ইঞ্জিনিয়াৰিং ৭৫

স্নাতকোত্তৰ[সম্পাদনা কৰক]

স্নাতকোত্তৰ পৰ্য্যায়ৰ বিষয়সমূহ আৰূ শিক্ষাৰ্থীৰ সংখ্যা (২০১২ চন)
বিষয় সময় ক্ষমতা
মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যন (MCA) ৩ বছৰ ৩০
প্ৰডাকশ্যন এণ্ড ইন্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং ২ বছৰ ১৫

ট্ৰেইনিং আৰু প্লেচমেন্ট[সম্পাদনা কৰক]

মহাবিদ্যালয়ৰ ট্ৰেইনিং আৰু প্লেচমেন্ট চেল -এ ছাত্ৰ-ছাত্ৰীৰ ইন্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইন্টাৰভিউসমূহ চোৱাচিতা কৰে। ২০১২ চনৰ ওচৰে পাজৰে অহা কোম্পানীসমূহ হ'ল ONGC, OIL, TCS, Punj Lloyd, Indian Army, Assam State Electricity Board(ASEB),Numaligarh Refinary Ltd(NRL),Vedanta আদি। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে[উদ্ধৃতিৰ প্ৰয়োজন]

পুথিভঁৰাল আৰু বুক বেংক[সম্পাদনা কৰক]

মহাবিদ্যালয়ত এটা কেন্দ্ৰীয় পুথিভঁৰালৰ বাহিৰেও বিভাগ আৰু ছাত্ৰাবাসসমূহত নিজা লাইব্ৰেৰী আৰু এটা বুক বেংক আছে। পুথিভঁৰালসমূহ পৰিপুষ্ট। বুক বেংকৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে বছৰটোৰবাবে পঢ়িবলৈ নিজৰ নিজৰ বিষয়সমূহৰ বাবে কিতাপ ধাৰলৈ পায়।

বহিৰ্সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

গেলেৰী[সম্পাদনা কৰক]

পেনোৰামা দৃশ্য