বুঢ়ীগোসানী দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বুঢ়ীগোসানী দেৱালয়
স্থান
দেশ: ভাৰত
ৰাজ্য/অঞ্চল: অসম
জিলা: যোৰহাট
এলেকা: গড় আলি
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/দেৱী: দুৰ্গা
প্ৰধান উৎসৱ: দুৰ্গা পূজা, শিৱ পূজা
স্থাপনকাল: ১৭০৮ খ্ৰীষ্টাব্দ

বুঢ়ীগোসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।[1] মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।

ইতিহাস[সম্পাদনা কৰক]

১৭০৮ চনত জয়ন্তীয়া ৰজা ৰামসিংহ‍ই কছাৰী ৰজা তাম্ৰধ্বজক হৰুৱাই আহোম ৰজাৰ বশ্যতা অস্বীকাৰ কৰে। তেতিয়া আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ‍ই জয়ন্তীয়া ৰজাক আক্ৰমণ কৰি পৰাস্ত কৰে। জয়ন্তীয়া ৰাজ্য দমন কৰোঁতে সেই ৰাজ্যৰ আন আন উপঢৌকনৰ লগতে বুঢ়ী গোঁসানীৰ মূৰ্তি আৰু যোনিকো স্বৰ্গদেৱে গড়গাঁৱলৈ আনিবলৈ ইচ্ছা কৰে। তেতিয়া জয়ন্তীয়া ৰাজ-পৰিয়াল শাক্ত আছিল আৰু জয়ন্তীয়া গোসানী জাগ্ৰত বুলি সৰ্বসাধাৰণে বিশ্বাস কৰিছিল। জয়ন্তেশ্বৰী দেৱীক আহোম ৰাজ্যলৈ আনিবলৈ খোজাত আহোম সেনাৰ মাজত হেনো নানা যোগে দেখা দিলে। তাৰপিছত আহোম সেনাপতিক দেৱীয়ে সপোনত দেখা দি কয় যে তেওঁ সেই দেশ এৰি নাযায় আৰু আহোমসকলে মূৰ্তি নিব খুজিলে বুঢ়ী নৈৰ কানত থকা সোসানীৰ মূৰ্তি আৰু যোনি নিব পাৰে। এই সপোনৰ পিছত আহোম সেনাপতিয়ে বুঢ়ী নৈৰ কানৰ পৰা দেৱীৰ মূৰ্তি আনি স্বৰ্গদেউক দিয়েহি। বুঢ়ী নৈৰ কানৰ পৰা অনা বাবেই এইজনা মূৰ্তিক "বুঢ়ীগোসানী" বুলি কয় বুলি অনুমান কৰা হয়।[1]

জয়ন্তীয়াৰ পৰা গোসানীক আনোতে লগতে পূজাৰী সনাতনক অনা হৈছিল। বৰ্তমানৰ পূজাৰীসকল সেই সনাতনৰেই সতি-সন্ততি। স্বৰ্গদেৱে তেওঁলোকক "পূজাঘৰীয়া বৰুৱা" উপাধিৰে সন্মানিত কৰিছিল।[1] স্বৰ্গদেউ ৰাজনগৰৰ পৰা কিবা কৰণত বাহিৰলৈ গ'লে পূজাৰীয়ে গোসানীকো লগত লৈ গৈছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী তুলি আনোতে বুঢ়ী গোসানীকো যোৰহাটলৈ লৈ অনা হয়। এই দেৱালয় বৰ্তমান যোৰহাট নগৰৰ গড় আলিৰ পূবে দেৱালয় পথত স্থাপিত।

দেৱালয়ত থকা সোণৰূপৰ ছত্ৰ, ফুল, কোষা-অৰ্ঘা, তামি, বলিকটা দা আদিত ওজন আৰু কোনে সেয়া গঢ়াই দিছিল সকলো স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ নামেৰে লিখি থোৱা হৈছিল। যোৰহাটলৈ ৰাজধানী অনাৰ পিছত মৰাণ আৰু মানৰ উপদ্ৰৱত আহোমসকলে বুঢ়ী গোসানীৰ দ'ল সজাব নোৱাৰিলে। কালক্ৰমত দেৱালয়ৰ মাটি-বাৰী আৰু সেৱায়তৰ তামৰ ফলিখনো হেৰাল। সেইবাবেই ব্ৰিটছৰ দিনত এই দেৱালয়ে একো সাহায্য নাপালে। পুৰন্দৰ সিংহ‍ই বৰ্তমানৰ দেৱালয় থকা ঠাইতে খেৰৰ ঘৰ সাজি পূজাৰ ব্যৱস্থা কৰি দিছিল। ৰায় বাহাদুৰ ৰাধাকন্ত সিংহ‍ই চৰকাৰলৈ লিখা-মেলা কৰি মাটিখিনি দিয়ালে আৰু কৰ ৰেহাই দিয়ালে। ৰাইজৰ বৰঙণিৰে সজা টিনৰ ঘৰটো বৰভুঁইকপত নষ্ট হোৱাত পিছাত বৰ্তমানৰ ঘৰটো সজা হয়।[1]

পূজা-অৰ্চনা[সম্পাদনা কৰক]

পূজাৰীসকলৰ মতে মূৰ্তিজনা দেৱী দুৰ্গাৰ। গোসানীক দৈনিক পূজা-পাতল কৰা হয়। দেৱীক আৱাহন আৰু স্নানৰ সময়ত পূজাঘৰত কাকো সোমাবলৈ দিয়া নহয়। আহোম ৰাজ্য গ'লত ৰাইজে দৈনিক পূজাৰ নৈবদ্য আদি আগবঢ়াইছিল। আজিকালিও ৰাইজৰ বৰঙণিৰে পূজাৰ ব্যৱস্থা কৰা হয়।

পুৰণি দিনতো গোসানীক দৈনিক পূজা কৰি পূজাৰ নিৰ্মালি আৰু হোমৰ ফোঁট পূজাৰীয়ে স্বৰ্গদেউক দিব লাগিছিল। নিৰ্মালিৰ লগতে পূজাৰীয়ে ডাঙৰ শৰাই এখনত বলিকটা ছাগলীও প্ৰসাদ স্বৰূপে দিছিল।

মন্দিৰটোত প্ৰতিবছৰে দুৰ্গা পূজা আৰু শিৱ পূজা ধুমধামেৰে আয়োজন কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 সম্পাদনা: ড০ মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ৬৮-৭০.