বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | |
---|---|
![]() | |
জন্ম | ১৪ অক্টোবৰ, ১৯২৪ চফ্ৰাই চাহবাগিচা, অসম |
মৃত্যু | ৬ আগষ্ট, ১৯৯৭ (৭২ বছৰ) |
পেছা | সহিত্যিক, শিক্ষাবিদ, সাংবাদিক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
উল্লেখনীয় কৰ্মৰাজি | মৃত্যুঞ্জয়, ঈয়াৰুইঙ্গম |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৬১) জ্ঞানপীঠ বঁটা (১৯৭৯) |
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৪ অক্টোবৰ, ১৯২৪ – ৬ আগষ্ট, ১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল।[1] তেওঁ ১৯৬১ চনত 'ঈয়াৰুইঙ্গম' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল।[2] ২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়।[3] ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল।
চমু জীৱনী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
১৯২৪ চনৰ ১৮ অক্টোবৰত চফ্ৰাই চাহবাগিচাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়।
শিক্ষা[সম্পাদনা কৰক]
চফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম ই স্কুল, যোৰহাট হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ, কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ। ১৯৫১ চনত বি এ। তেওঁ প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯৫৩ চনত। ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ। গৱেষণাৰ বিষয় আছিল 'অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস'।
কৰ্মজীৱন[সম্পাদনা কৰক]
- সহকাৰী সম্পাদক– বাঁহী (১৯৪৫), দৈনিক অসমীয়া (১৯৪৭-৪৯), Advance (১৯৪৬), জনতা (১৯৪৯-৫১)
- সম্পাদক- ৰামধেনু (১৯৫২), সাদিনীয়া নৱযুগ
- শিক্ষকতা- ওখল হাইস্কুল (১৯৫১-৫২)
মৃত্যু[সম্পাদনা কৰক]
১৯৯৭ চনৰ ৬ আগষ্টত ৭৩ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে।
সাহিত্য কৰ্ম[সম্পাদনা কৰক]
|
|
|
সাহিত্যৰ সমালোচনা[সম্পাদনা কৰক]
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ সুন্দৰভাবে প্ৰতিফলিত হোৱা দেখা যায়। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাৱে চিত্ৰিত হৈছে। বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ। তেওঁৰ গল্পক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানবীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে। তেওঁৰ গল্পসমূহত মানব পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে। তেওঁৰ আটাইবোৰ গল্পতে গভীৰ মানৱতাবোধ বিভিন্নধৰণে প্ৰতিভাত হৈ উঠিছে। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসমূহ সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মুহূৰ্তত চৰিত্ৰৰ পৰিষ্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাৱে ফুটি উঠিছে। সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাবে চিত্ৰিত কৰিছে। তেওঁৰ 'মৃত্যুঞ্জয়', 'আই' আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাবে উপস্থাপন কৰিছে।[4][5]
স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]
- সাহিত্য অকাডেমি বঁটা (১৯৬০)[6]
- জ্ঞানপীঠ বঁটা (১৯৭৯)
- অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি (১৯৮৩)[7]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Jnanpith Laureates Official listings". Jnanpith Website. http://jnanpith.net/laureates/index.html.
- ↑ George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19
- ↑ "Life beyond violence, vendetta". The Hindu. July 15, 2005. http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm.
- ↑ সঞ্চয়ন- ড॰ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- worldcat.org ৱেবছাইটত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কেইখনমান গ্ৰন্থ
|
|