শংখ ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শংখ ঘোষ

২০১১ চনত শংখ ঘোষ
জন্ম চিত্তপ্ৰিয় ঘোষ
৫ ফেব্ৰুৱাৰী, ১৯৩২ (২২ মাঘ, ১৩৩৮ বঙ্গাব্দ)
চাঁদপুৰ, বাংলাদেশ
মৃত্যু ২১ এপ্ৰিল, ২০২১ (৮৯ বছৰ)
কলিকতা, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
জনা যায় বঙালী সাহিত্য
পদবী কবি
দাম্পত্যসঙ্গী প্ৰতিমা (বিশ্বাস) ঘোষ (জন্ম: ১৯৩১ ইং - মৃত্যু:২৯/০৪/২০২১ ইং )[1]
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (২০১১)
জ্ঞানপীঠ বঁটা (২০১৬)
সাহিত্য অকাডেমি বঁটা (১৯৭৭)

শংখ ঘোষ (ইংৰাজী: Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১)[2][3] হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক।[4] ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বাবৰৰ প্ৰাৰ্থনা কাব্যগ্ৰন্থৰ বাবে তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০১১ চনত পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটাৰে বিভূষিত হৈছিল। ‘গন্ধৰ্ব কবিতা গুচ্ছ’ কাব্য-সংকলনৰ বাবে কে কে বিৰলা ফাউণ্ডেচনে ১৯৯৮ চনত ঘোষক সৰস্বতী সন্মান প্ৰদান কৰিছিল।

জন্ম আৰু ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

শংখ ঘোষৰ প্ৰকৃত নাম আছিল চিত্তপ্ৰিয় ঘোষ। তেওঁৰ দেউতাক মনীন্দ্ৰকুমাৰ ঘোষ আৰু মাতৃ অমলা ঘোষ। বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চাঁদপুৰ জিলাত ১৯৩২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে শংখ ঘোষৰ জন্ম হৈছিল। পৈতৃক গৃহ আছিল বাংলাদেশৰ বৰিশাল জিলাত। কিন্তু তেওঁ ডাঙৰ হৈছিল পাবনাত। দেউতাকৰ চাকৰিসূত্ৰে পাবনাত থাকি তেওঁ তাৰ চন্দ্ৰপ্ৰভা বিদ্যাপীঠৰপৰা মেট্ৰিক পাছ কৰিছিল।

কেৰিয়াৰ[সম্পাদনা কৰক]

ঘোষে বংগভাষী কলেজ, চিটি কলেজ, যাদৱপুৰ বিশ্ববিদ্যালয়, জংগীপুৰ কলেজ, বঢ়হমপুৰ গাৰ্লচ কলেজ আদি কলিকতা আৰু পশ্চিমবংগৰ বহুকেইটা শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদান কৰিছিল। ১৯৯২ চনত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ আইৱাত অনুষ্ঠিত এখন আন্তৰ্জাতিক লেখক সন্মিলনত অংশগ্ৰহণ কৰিছিল। ঘোষে দিল্লী বিশ্ববিদ্যালয়, ছিমলাৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ’ আৰু বিশ্ব-ভাৰতীতো অধ্যাপনা কৰিছিল।

কুন্তক আছিল তেওঁৰ ছদ্মনাম।[5] বঙালী সাহিত্যক এক নতুন পৰিচয় প্ৰদান কৰাৰ ক্ষেত্ৰত, শক্তি চট্টোপাধ্যায়, সুনীল গংগোপাধ্যায়, বিনয় মজুমদাৰ আৰু উৎপল কুমাৰ বসুৰ দৰে সমকালীন বঙালী সাহিত্যৰ আটাইতকৈ আদৰণীয় লিখকসকলৰ সৈতে শংখ ঘোষৰ নাম ‘পঞ্চ পাণ্ডৱ’ ৰূপে উল্লেখ কৰা হয়।

মৃত্যু[সম্পাদনা কৰক]

২০২১ চনৰ ১৮ এপ্ৰিল তাৰিখে ঘোষ ক'ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হয় আৰু ২১ এপ্ৰিলৰ দিনা কলিকতাৰ নিজা গৃহত তেওঁৰ মৃত্যু হয়।[6][7][8] তেওঁৰ মৃত্যুৰ ঠিক আঠ দিন পাছতে তেওঁৰ পত্নী প্ৰতিমা ঘোষো ক'ভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

কবিতাসমূহ[সম্পাদনা কৰক]

  • দিনগুলি ৰাতগুলি (ফাৰ্ষ্ট ষ্ট'ৰি)
  • নিহিত পাতাল ছাঁয়া
  • পাঁজৰে দাঁৰেৰ শব্দ
  • জল এ পাষাণ হয়ে আছে
  • ধুম লেগেছে হৃদ কমলে
  • গোটা দেশ জোৰা জৌঘৰ
  • প্ৰতি প্ৰশ্নে কেঁপে উঠে ভিটে
  • হাচি খুচি মুখে সৰ্বনাশ
  • আদিম লতা-গুল্মময় (এঞ্চিয়েণ্ট ভাইনচ্‌ এণ্ড ট্ৰীজ)
  • মূৰ্খ বৰ, সামাজিক নয় (বিগ ফুল, ন'ট ছ'চিয়েল)
  • কবিৰ অভিপ্ৰায় (দ্য পয়েট্‌চ ইণ্টেনচন)
  • মুখ ধেকে যায় বিজ্ঞাপনে (ফেচেচ আৰ হিডিন বাই এডভাৰটাইজমেণ্ট)
  • বাবৰেৰ প্ৰাৰ্থনা (বাবৰ'চ্‌ প্ৰেয়াৰ)
  • দ্য নীল মানুষ চিৰিজ (ষ্ট'ৰি অৱ দ্য ব্লু জিয়াণ্ট)

বঁটা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "প্ৰয়াত শঙ্খ ঘোষেৰ স্ত্ৰী, কবিৰ প্ৰয়াণেৰ ৮ দিনেৰ মাথায় জীবনাবসান প্ৰতিমাদেবীৰ". bangla.hindustantimes.com. 29 Apr 2021. https://bangla.hindustantimes.com/bengal/kolkata/shankha-ghosh-s-wife-pratima-ghosh-passes-away-was-infected-with-covid19-31619668088415.html। আহৰণ কৰা হৈছে: 30 April 2021. 
  2. Pharida Kabira (1986) (bn ভাষাত). Pañcāsa Bacharera Premera Kabitā: Bāṃlādeśa O Paścimabāṃlāra Kabitāra Panḍulipi Saṃkalana. Signorinā. পৃষ্ঠা. 82. https://books.google.com/books?id=YndjAAAAMAAJ. 
  3. Inc., Parabaas. "Sankha Ghosh - Biographical Sketch [Parabaas Translation"]. parabaas.com. http://parabaas.com/translation/database/authors/texts/sankhaghosh.html। আহৰণ কৰা হৈছে: 5 January 2017. 
  4. "Sankha Ghosh, 1932-". Library of Congress, New Delhi Office. 11 January 2016. https://www.loc.gov/acq/ovop/delhi/salrp/sankhaghosh.html। আহৰণ কৰা হৈছে: 24 December 2016. 
  5. "Acclaimed Bengali poet Shankha Ghosh to get 2016 Jnanpith Award". Daily News Analysis. 23 December 2016. http://www.dnaindia.com/india/report-acclaimed-bengali-poet-shankha-ghosh-to-get-2016-jnanpith-award-2285768. 
  6. KolkataApril 21, India Today Web Desk; April 21, 2021UPDATED; Ist, 2021 13:00. "Celebrated Bengali poet Sankha Ghosh dies of Covid at 89 in Kolkata" (en ভাষাত). India Today. https://www.indiatoday.in/lifestyle/people/story/celebrated-bengali-poet-sankha-ghosh-dies-of-covid-at-89-in-kolkata-1793361-2021-04-21। আহৰণ কৰা হৈছে: 21 April 2021. 
  7. https://frontline.thehindu.com/dispatches/legendary-bengali-poet-shankha-ghosh-dies-of-covid/article34379343.ece
  8. Atri, Mitra (21 April 2021). "Bengali poet Shankha Ghosh passes away due to Covid-19 complications" (en ভাষাত). The Indian Express. https://indianexpress.com/article/books-and-literature/noted-poet-and-critic-shankha-ghosh-passes-away-at-the-age-of-89-7282715/. 
  9. 9.0 9.1 "Bengali poet Shankha Ghosh chosen for Jnanpith Award" (en ভাষাত). Hindustan Times. 23 December 2016. https://www.hindustantimes.com/india-news/bengali-poet-shankha-ghosh-chosen-for-jnanpith-award/story-ddIcYgm4Il8iwJrcAa62ZK.html. 
  10. 10.0 10.1 "..:: SAHITYA : Akademi Awards ::..". sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/sahitya-akademi/awards/anuvad_samman_suchi.jsp। আহৰণ কৰা হৈছে: 4 January 2017. 
  11. "Saraswati Samman for Shankha Ghosh". The Tribune. 6 February 1999. http://www.tribuneindia.com/1999/99feb07/nation.htm#5। আহৰণ কৰা হৈছে: 26 October 2008. 
  12. Kumar, Kuldeep (14 December 2018). "Shankha Ghosh: A gifted and sensitive writer" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/books/books-authors/shankha-ghosh-a-gifted-and-sensitive-writer/article25733280.ece. 
  13. "Jnanpith award for veteran poet Shankha Ghosh". The Times of India. 24 December 2016. http://timesofindia.indiatimes.com/city/kolkata/Jnanpith-award-for-veteran-poet-Shankha-Ghosh/articleshow/56146837.cms। আহৰণ কৰা হৈছে: 24 December 2016.