সমললৈ যাওক

প্ৰতিভা ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰতিভা ৰায়
জন্ম ২১ জানুৱাৰী, ১৯৪৩ (৮১ বছৰ)
আলাবোল, বালিকোডা, জগতসিঙপুৰ জিলা, উৰিষ্যা
ভাষা ওড়িয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত ওড়িয়া
শিক্ষা M.A. (শিক্ষাতত্ত্ব), PhD (শৈক্ষিক মনোবিজ্ঞান)[1]
মাতৃশিক্ষায়তন Ravenshaw College
উল্লেখনীয় কৰ্মৰাজি যজ্ঞাসেনী, শীলাপদ্মা
উল্লেখযোগ্য বঁটা জ্ঞানপীঠ বঁটা, মূৰ্তিদেৱী বঁটা
ৱেবছাইট pratibharay.org

প্ৰতিভা ৰায় (ইংৰাজী: Pratibha Ray; ওড়িয়া: ପ୍ରତିଭା ରାୟ) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। ২০১১ বৰ্ষত তেওঁক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিভা ৰায়ৰ জন্ম হয় ১৯৪৩ চনৰ ২১ জানুৱাৰীত উৰিষ্যাৰ অবিভক্ত কটক জিলাত(বৰ্তমানৰ জগতসিঙপুৰ জিলা)।[2] বালিকুডা অঞ্চলৰ এখন অত্যন্ত ভিতৰুৱা গাঁও আলাবোলত জন্মগ্ৰহণ কৰা প্ৰতিভা ৰয় সন্মানীয় মূৰ্তিদেৱী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। ১৯৯১ চনত তেওঁ এই বঁটা লাভ কৰে।[3]

উৰিয়া ভাষাত সাহিত্য চৰ্চা কৰা প্ৰতিভা ৰয় এগৰাকী প্ৰসিদ্ধ কথা-শিল্পী। তেওঁ প্ৰধানকৈ উৰিয়া ভাষাত গল্প আৰু উপন্যাস ৰচনা কৰে। তেওঁৰ প্ৰথমখন উপন্যাস হ’ল “বৰ্ষা বসন্ত বৈশাখা”।[4] ১৯৭৪ চনত প্ৰকাশ পোৱা এইখন উপন্যাসে সমগ্ৰ উৰিষ্যাৰে মহিলা সাহিত্যপ্ৰেমীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিভা ৰয়ৰ সাহসী লিখনি শৈলীৰ মাজত তেওঁৰ প্ৰবল মানৱতাবাদী মনৰ বহি:প্ৰকাশ ঘটিছে। বৈষ্ণৱ আদৰ্শত বিশ্বাসী পৰিয়ালৰ সদস্য হিচাপে তেওঁৰ লিখনিসমূহ ঠেক ধৰ্মীয় গোড়ামী, সাম্প্ৰদায়িকতাৰ পৰা উৰ্দ্ধত। এই ক্ষেত্ৰত তেওঁৰ গান্ধীবাদী পিতৃ তথা শিক্ষক পৰশুৰাম দাসৰ প্ৰভাৱ অপৰিসীম।

বৈষম্যহীন, প্ৰেম, শান্তি আৰু ঐক্য-সম্প্ৰীতিৰ সমাজ দৰ্শনত বিশ্বাসী প্ৰতিভা ৰায়ে ন বছৰ বয়সতে কলম হাতত লৈছিল। তেওঁৰ প্ৰায়বোৰ ৰচনাতে শ্ৰেণীবিভাজন, ধৰ্মীয় বিভাজন, লিঙ্গ বৈষম্যতা ইত্যাদি সমাজৰ বৈষম্যতাক সমালোচনা কৰা হোৱা দেখা পোৱা যায়। সেয়েহে বহু সমালোচকে প্ৰতিভা ৰায়ক কমিউনিষ্ট আৰু নাৰীবাদী হিচাপেও অভিহিত কৰিব বিচাৰে। কিন্ত্ত প্ৰতিভা ৰায়ৰ ভাষাৰে “তেওঁ মানৱতাবাদী। সুস্থ সমাজ পৰিচালনাৰ বাবে নাৰী আৰু পুৰুষ দুয়োৰে সমান প্ৰয়োজনীয়তা আছে। সেয়েহে নাৰী সকলকো নিজৰ প্ৰতিভা বিকাশৰ বাবে সম-অধিকাৰ প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।” বিবাহৰ পিছতো প্ৰতিভা ৰায়ে একে উদ্যমেৰে নিজৰ সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। তিনি সন্তানৰ লালন-পালন সমানে সমানে সাহিত্য সৃষ্টিত ব্ৰতী হোৱা প্ৰতিভা ৰায়ে সদায়ে নিজৰ স্বামী আৰু পিতৃ-মাতৃৰ সহযোগিতাৰ কথা স্বীকাৰ কৰি আহিছে। বিবাহৰ পিছত তেওঁ স্নাতকত্তোৰ পঠ্যক্ৰম সম্পূৰ্ণ কৰে আৰু শৈক্ষিক মনোবিজ্ঞান বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে 'Tribalism and Criminology of Bondo Highlander' শীৰ্ষক অতি গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ পোষ্ট ডক্টৰেট গৱেষণা সম্পূৰ্ণ কৰে। উল্লেখযোগ্য Bondo হ’ল উৰিষ্যা ৰাজ্যৰ এটি জনগোষ্ঠী।

কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰতিভা ৰায়ে স্কুল শিক্ষয়ত্ৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী কালত উৰিষ্যাৰ বিভিন্ন চৰকাৰী মহাবিদ্যালয়ত তেওঁ ত্ৰিশ বছৰৰো অধিক কাল অধ্যাপনা কৰে। তেওঁৰ অধীনত ইতিমধ্যে বহুকেইজন গৱেষক ছাত্ৰই গৱেষণা কৰিছে আৰু বহুকেইখন গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰও প্ৰকাশ কৰিছে। প্ৰতিভা ৰায়ে দীৰ্ঘকাল অধ্যাপনা কৰাৰ অন্তত অধ্যাপক পদৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে আৰু উৰিষ্যা লোকসেৱা আয়োগৰ সদস্য পদ গ্ৰহণ কৰে।[5]

অন্যান্য কৰ্মৰাজি

[সম্পাদনা কৰক]

প্ৰতিভা ৰায় এগৰাকী সক্ৰিয় সমাজকৰ্মী আছিল আৰু বহুতো ক্ষেত্ৰৰ সামাজিক অসমতাৰ বিৰুদ্ধে মাত মাতি আহিছিল। এই ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অংশগ্ৰহণ আছিল জগন্নাথ মন্দিৰৰ পুৰোহিত সকলৰ দ্বাৰা আৰোপিত বৰণ অসমতাৰ বিৰুদ্ধে কৰা প্ৰতিবাদ। বৰ্তমানে তেওঁ মন্দিৰৰ পুৰোহিতৰ দ্বাৰা অভিযোগ কৰা মানহানি গোচৰত জড়িত হৈ পৰিছে। বাতৰি কাকতত প্ৰকাশিত তেওঁৰ "The Colour of Religion is Black" (‘ধৰ্মৰ ৰংগ কালা’) শীৰ্ষক প্ৰবন্ধ এটিত মন্দিৰৰ পুৰোহিত সকলৰ অমানৱীয় ব্যৱহাৰৰ প্ৰতি তীব্ৰ বিষাদাগাৰ প্ৰকাশ কৰিছিল। এই কথাতে ক্ষুণ্ণ হৈ জগন্নাথ মন্দিৰৰ পুৰোহিত সকলে প্ৰতিভা ৰায়ৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে। প্ৰতিভা ৰায়ে উৰিষ্যাৰ ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত সকলৰ কাৰণেও দেহে-কেহে খাটি কাম কৰি গৈছে। ১৯৯৯ চনৰ অক্টোবৰ মাহত (Odisha's Super Cyclone of October,1999 ) হোৱা উৰিষ্যাৰ প্ৰচণ্ড ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত অনাথ আৰু বিধৱা সকলৰ পুনৰ সংস্থাপনৰ বাবে তেওঁ যথেষ্ট কাম কৰিছিল।

প্ৰতিভা ৰায়ে ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা আৰু সাহিত্য সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে। ১৯৮৬ বৰ্ষত ISCUSৰ দ্বাৰা অনুষ্ঠিত এক সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশহিচাপে তেওঁ বহুকেইখন বিদেশী ৰাষ্ট্ৰও ভ্ৰমণ কৰিছে। Indian Council for Cultural Relations, New Delhi ৰ দ্বাৰা ১৯৯৪ চনত অষ্ট্ৰেলিয়াত আয়োজিত ভাৰত সমাৰোহ " India Today 94"ত তেওঁ ভাৰতীয় লেখক সমাজক প্ৰতিনিধিত্ব কৰিছিল। সমাৰোহৰ সময়ত তেওঁ অষ্ট্ৰেলিয়াৰ বহু কেইখন বিশ্ববিদ্যালয়ত ভাৰতীয় ভাষা-সাহিত্যৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, লণ্ডন আৰু ফ্ৰান্সৰো বহুকেইখন সমাৰোহত বক্তৃতা প্ৰদান কৰিছিল। ১৯৯৬ চনত বাংলাদেশত আয়োজিত ভাৰত সমাৰোহত (India Festival) তেওঁ ভাৰতীয় লেখক সমাজক প্ৰতিনিধিত্ব কৰিছিল। নৰৱেৰ University of Tromsoeত ১৯৯৯ চনৰ জুন মাহত আয়োজিত '7th International Interdisciplinary Congress on Women' ত ত্তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেই বৰ্ষতে তেওঁ নৰৱে, চুইডেন, ফিনলেণ্ড আৰু ডেনমাৰ্কৰো বহুকেইখন অভিবৰ্তনত বক্তৃতা দিছিল। 'Third European Conference on Gender Equality in Higher Education' শীৰ্ষক এখন অতি গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰৰ বিষয়ে বক্তৃতা প্ৰদান কৰাৰ উদ্দেশ্যে তেওঁ ২০০০ বৰ্ষত জুৰিখ আৰু চুইজাৰলেণ্ড ভ্ৰমণ কৰে।

সদস্যপদ

[সম্পাদনা কৰক]

প্ৰতিভা ৰায় ভাৰতৰ বহুকেইখন শৈক্ষিক সমিতিৰ সদস্য। বৰ্তমানে তেওঁ Indian Council for Cultural Relations, Central Board of Film Certification, Indian Red Cross Society, India International Centre, National Book Trust of India, Central Academy of Letters আদিৰ সৈতে জড়িত হৈ আছে।

নিৰ্বাচিত ৰচনাৱলী

[সম্পাদনা কৰক]
উপন্যাস
  • বৰ্ষা বসন্ত বৈশাখ, ১৯৭৪
  • অৰণ্য"', ১৯৭৭
  • নিশিদ্ধ পৃথিৱী, ১৯৭৮
  • পৰিচয়, ১৯৭৯
  • অপৰিচিত, ১৯৭৯. ( এইখন উপন্যাসৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰয়ে উৰিষ্যা চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান বুটলিবলৈ সক্ষম হয়)
  • পুণ্যতয়া"" গাঁৱৰ এগৰাকী যুৱতী মেঘীৰ কাহিনী, ১৯৭৯. (হিন্দীলৈ অনূদিত)
  • মেঘমেদূৰা, ১৯৮০
  • আশাৱৰী, ১৯৮০
  • আয়ামৰম্ভ, ১৯৮১
  • নীলতৃষ্ণা, ১৯৮১. (হিন্দীলৈ অনূদিত)
  • সমুদ্ৰৰ স্বৰ, ১৯৮২. (হিন্দীলৈ অনূদিত)
  • শীলাপদ্মা, ১৯৮৩. (উৰিষ্যা সাহিত্য একাদেমী বঁটা, ১৯৮৫; অসমীয়া, হিন্দী, মাৰাঠী, মালায়ালাম, পঞ্জাবী আৰু ইংৰাজীলৈ অনূদিত)[6]
  • যাজ্ঞসেনী, ১৯৮৪ (মূৰ্তি দেৱী বঁটা, ১৯৯১ আৰু সৰলা বঁটা, ১৯৯০. ইংৰাজী, হিন্দী, মালায়ালাম, মাৰাঠী, অসমীয়া, বঙালী, গুজৰাটী, হাংগেৰীয়ান ভাষালৈ অনূদিত)[7]
  • দেহাতিত, ১৯৮৬
  • উত্তমাৰ্গ, ১৯৮৮. ( হিন্দী আৰু পঞ্জাবীলৈ অনূদিত)
  • আদিভূমি (হিন্দী আৰু ইংৰাজীলৈ অনূদিত)
  • মহামোহ, ১৯৯৮ (হিন্দী, বঙালী আৰু মালায়ালাম ভাষালৈ প্ৰকাশৰ পথত)
  • মগ্নমাটি, ২০০৪
ভ্ৰমণ কাহিনী
  • মৈত্ৰী পাৰাপাৰ শাখা-প্ৰশাখা (ছোভিয়েট ৰুছিয়া), ১৯৯০
  • দূৰ দ্বিবিধা (ইংলেণ্ড, ফ্ৰান্স), ১৯৯৯
  • অপৰাধিৰা স্বেদা ( অষ্ট্ৰেলিয়া), ২০০০
চুটিগল্প
  • সামান্য কথনা – ১৯৭৮
  • গঙ্গাশিউলি– ১৯৭৯
  • অসমাপ্ত – ১৯৮০
  • ঐকতান –১৯৮১
  • অনাবনা – ১৯৮৩
  • হতবক্সা – ১৯৮৩
  • ঘশ অ’ আকাশ
  • চন্দ্ৰভাগা অ’ চন্দ্ৰকলা – ১৯৮৪
  • শ্ৰেষ্ঠ গল্প – ১৯৮৪
  • অব্যক্ত ( গল্পটিৰ আধাৰত টেলিফিল্ম নিৰ্মিত হৈছে) – ১৯৮৬
  • ইতিবোত – ১৯৮৭
  • হৰিপত্ৰ – ১৯৮৯
  • প্ৰথক ঈশ্বৰা – ১৯৯১
  • ভগৱানৰ দেশ – ১৯৯১
  • মনুস্যৰ স্বৰ – ১৯৯২
  • স্ব-নিৰ্বাচিত শ্ৰেষ্ঠ গল্প – ১৯৯৪
  • ষষ্ঠসতী – ১৯৯৬
  • মোক্ষ ( গল্পটোৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখনে আঞ্চলিক শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰে) –১৯৯৬[8]
  • উলংঘা (সাহিত্য অকাডেমি বঁটা, ২০০০) – ১৯৯৮
  • নিবেদনম-ইদম – ২০০০
  • গান্ধিকা – ২০০২
  • জুতি পকা কথা – ২০০৬
  • উল্লেখযোগ্য যে ড॰ ৰয়ৰ বিভিন্ন কিতাপ ইতিমধ্যে ভালেমান ভাৰতীয় ভাষালৈ অনুবাদ হৈছে।

সন্মান আৰু বঁটা-বাহন

[সম্পাদনা কৰক]
  • ১৯৮৫ – শীলাপদ্মা উপন্যাসৰ বাবে ‘উৰিষ্যা সাহিত্য অকাডেমি’ বঁটা
  • ১৯৯০ – যজ্ঞাসেনী উপন্যাসৰ বাবে ‘সৰলা বঁটা’
  • ১৯৯১ – যজ্ঞাসেনী উপন্যাসৰ বাবে 'মূৰ্তিদেৱী বঁটা'[9]
  • ২০০০ – ‘উলংঘা’ চুটি গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা
  • ২০০৬ – 'অমৃতা কীৰ্তি পুৰস্কাৰ'[10]
  • ২০০৭ – সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান
  • ২০১১ – 'জ্ঞানপীঠ বঁটা'[11]
  • ২০১৩ – উৰিষ্যাৰ Living Legend সন্মান ( সাহিত্য)[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Gulati, Varun (2009). "Language in India". languageinindia.com. http://www.languageinindia.com/july2009/pratibhashortstory.html। আহৰণ কৰা হৈছে: 28 December 2012. "an M.A. in Education and PhD in Educational Psychology" 
  2. "Odia writer Pratibha Ray named for Jnanpith Award : East, News – India Today". indiatoday.intoday.in. 2012. http://indiatoday.intoday.in/story/odia-writer-pratibha-ray-named-for-jnanpith-award/1/239724.html। আহৰণ কৰা হৈছে: 28 December 2012. "She was born to a Gandhian teacher on January 21, 1943, at Alabol village." 
  3. Balakrishnan, Hariharan (2007). "The Hindu : Literary Review / Personality : 'The sky is not the limit'". hindu.com. Archived from the original on 30 April 2007. https://web.archive.org/web/20070430184456/http://www.hindu.com/lr/2007/04/01/stories/2007040100260600.htm। আহৰণ কৰা হৈছে: 28 December 2012. "first woman to win the Jnanpith Moorti Devi Award." 
  4. "Odisha: Eminent fiction writer Dr Pratibha Ray to receive coveted Jnanpith Award, Oriya Orbit". orissadiary.com. 2012. Archived from the original on 11 January 2013. https://archive.is/20130111071719/http://www.orissadiary.com/ShowOriyaOrbit.asp?id=38514। আহৰণ কৰা হৈছে: 28 December 2012. "her first novel as a novice, titled "Barsha-Basanta-Baishakha" (The Rain, Spring and Summer, 1974) which immediately captured the hearts of Odia readers." 
  5. Parida, Saumya (2012). "Odisha: Eminent fiction writer Dr Pratibha Ray to receive coveted Jnanpith Award". indiaeducationdiary.in. Archived from the original on 30 June 2015. https://web.archive.org/web/20150630144254/http://indiaeducationdiary.in/Orissa/shownews.asp?newsid=18292। আহৰণ কৰা হৈছে: 28 December 2012. "She took voluntary retirement as a Professor of Education from State Government Service in 1998 and joined as Member, Public Service Commission of Odisha State" 
  6. "Assam gets a taste of governor's literary skills – Times of India". indiatimes.com. 2012. Archived from the original on 2013-01-26. https://archive.today/20130126073428/http://articles.timesofindia.indiatimes.com/2012-12-06/guwahati/35647110_1_konark-temple-assamese-books। আহৰণ কৰা হৈছে: 28 December 2012. "Roy's Sahitya Akademi winning novel ' Sheela Padma'" 
  7. "Oriya writer Pratibha Roy to receive Amrita Keerti Award – Oneindia News". news.oneindia.in. 2006. http://news.oneindia.in/2006/09/22/oriya-writer-pratibha-roy-to-receive-amrita-keerti-award-1158933153.html। আহৰণ কৰা হৈছে: 28 December 2012. "It has been translated into seven languages so far and won for the authoress Bharatiya Jnanpith Trust's Moorti Devi Award and Sarala Award of Orissa in 1990." 
  8. "Pratibha Ray". samanvayindianlanguagesfestival.org. Archived from the original on 18 December 2012. https://web.archive.org/web/20121218020242/http://www.samanvayindianlanguagesfestival.org/2012/pratibha-ray/। আহৰণ কৰা হৈছে: 28 December 2012. "Her story "Moksh" has been made into film and won the best film award from President of India." 
  9. "Manorama Online | Odia writer Pratibha Ray selected for Jnanpith award". english.manoramaonline.com. 2012. http://english.manoramaonline.com/cgi-bin/MMOnline.dll/portal/ep/contentView.do?channelId=&contentId=13111755&programId=1073750974&tabId=1&contentType=EDITORIAL। আহৰণ কৰা হৈছে: 28 December 2012. "Yjnaseni (1985), which won Jnanpith Trust's Moorti Devi Award in 1991" 
  10. "Prathiba Ray to receive Amrita Keerthi – Amma, Mata Amritanandamayi Devi". amritapuri.org. 2006. http://www.amritapuri.org/5593/prathiba-ray.aum। আহৰণ কৰা হৈছে: 28 December 2012. "Smt. Pratibha Ray will be awarded the Ashram's Amrita Keerti Puraskar for her meritorious contributions to the field of Indian literature." 
  11. "Oriya novelist and academician Pratibha Ray wins 2011 Jnanpith Award". ibnlive.in.com. 2012. Archived from the original on 2 January 2013. https://web.archive.org/web/20130102001529/http://ibnlive.in.com/news/oriya-novelist-and-academician-pratibha-ray-get-2011-jnanpith-award/312656-40-103.html। আহৰণ কৰা হৈছে: 28 December 2012. "it was decided that Ray, 69, will be the winner of the 2011 Janapith Award." 
  12. Nayak, Anuja. "OdishaDiary Conferred prestigious Living Legend, Odisha Inc and Youth Inspiration Awards". OdishaSamachar. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303224910/http://eodishasamachar.com/en/odishadiary-conferred-prestigious-living-legend-odisha-inc-and-youth-inspiration-awards/। আহৰণ কৰা হৈছে: 28 January 2015. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]