অমৰকান্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অমৰ কান্তৰ পৰা পুনঃনিৰ্দেশিত)
অমৰকান্ত
জন্ম ১৯২৫ চন
বল্লিয়া জিলা, উত্তৰ প্ৰদেশ, ভাৰত
মৃত্যু ১৭ ফেব্ৰুৱাৰী, ২০১৪ (aged 89)
এলাহাবাদ, উত্তৰ প্ৰদেশ, ভাৰত
পেচা লেখক, ঔপন্যাসিক
ভাষা হিন্দী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি ইন্হি হথিয়াৰৌ চে, কালে উজালে দিন, কুছ য়াঁদে কুছ বাঁতে
উল্লেখযোগ্য বঁটা জ্ঞানপীঠ বঁটা
২০০৯
সাহিত্য অকাডেমি বঁটা
২০০৭
সন্তান তিনি জন

অমৰকান্ত (ইংৰাজী: Amarkant; জন্ম : ১৯২৫ – ১৭ ফেব্ৰুৱাৰী, ২০১৪) হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চেৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা[1] আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ[2] লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।[3][4] অমৰকান্তক প্ৰেমচন্দৰ উত্তৰসুৰী বুলি কোৱা হয় যদিও তেওঁ নিজা শৈলীৰে এই গল্পকথন প্ৰথাক এক সুকীয়া মাত্ৰা দিছে। [2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯২৫ চনত উত্তৰ প্ৰদেশৰ বল্লিয়া জিলাত অমৰকান্তৰ জন্ম হৈছিল। ১৯৪২ চন্ৰ ভাৰত ত্যাগ আন্দোলনত তেওঁ সক্ৰিয় ভূমিকা লৈছিল। ইয়াৰ বাবে তেওঁ কেইবা বছৰো পঢ়া-শুনাৰপৰা আঁতৰি আছিল। এলাহাবাদ বিশ্ববিদ্যালয়ৰপৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু স্থানীয় হিন্দী কাকতৰ সাংবাদিকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০০০ চনৰ শেষৰফালে আশী বছৰীয়া অমৰকান্ত দৰিদ্ৰতাত ভুগিছিল।[2][5]

২০১৪ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে, ৮৯ বছৰ বয়সত অমৰকান্তৰ মৃত্যু হয়। তেওঁ দুজন ল'ৰা আৰু এজনী ছোৱালীৰ পিতৃ।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]