সমললৈ যাওক

জ্ঞানপীঠ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্ঞানপীঠ বঁটা
বঁটাৰ তথ্য
শ্ৰেণী সাহিত্য (ব্যক্তিগত)
বৰ্ণনা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান
প্ৰতিষ্ঠা ১৯৬১
প্ৰথমবাৰ প্ৰদান ১৯৬৫
অন্তিমবাৰ প্ৰদান ২০২১
মুঠ প্ৰদানৰ সংখ্যা ৬২
প্ৰদানকৰ্তা ভাৰতীয় জ্ঞানপীঠ
প্ৰথম প্ৰাপক জি শঙ্কৰ কুৰুপ (মালায়ালম)
অন্তিম প্ৰাপক নীলমণি ফুকন (কনিষ্ঠ) (অসমীয়া)

দামোদৰ মাউজো (কোংকণী)

জ্ঞানপীঠ বঁটা (ইংৰাজী: Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

সংস্কৃত ভাষাত জ্ঞানপীঠ শব্দৰ অৰ্থ হ'ল জ্ঞানৰ বেদী। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়। ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনত মালায়লম লেখক জি শংকৰ কুৰুপ-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়।

১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়।

জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল

[সম্পাদনা কৰক]
বৰ্ষ বিজয়ী সাহিত্যকৰ্ম ভাষা উৎস
১৯৬৫ জি শংকৰ কুৰুপ ওডাক্কুঝল (বাঁহী) মালয়ালম
১৯৬৬ তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় গণদেবতা বঙালী
১৯৬৭ উমাশংকৰ যোশী নিশীথা গুজৰাটী
১৯৬৮ সুমিত্ৰানন্দন পন্ত চিদম্বৰা হিন্দী
১৯৬৯ ফিৰাক গোৰখপুৰী গুল-এ-নগমা উৰ্দু
১৯৭০ বিশ্বনাথ সত্যনাৰায়ণ ৰামায়ণ কল্পবৃক্ষশমু (এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ) তেলুগু
১৯৭১ বিষ্ণু দে স্মৃতি সত্তা ভৱিষ্যৎ বঙালী
১৯৭২ ৰামধাৰী সিং দিনকৰ ঊৰ্বশী হিন্দী
১৯৭৩ দত্তাত্ৰেয় ৰামচন্দ্ৰ বেন্দ্ৰে নাকুতান্তি (চাৰিখন তাঁৰ) কন্নড়
১৯৭৩ গোপীনাথ মহান্তি মাটিমটাল ওড়িয়া
১৯৭৪ বিষ্ণু সখাৰাম খান্দেকৰ যযাতি মাৰাঠী
১৯৭৫ আকিলান চিত্ৰাপ্পাবাই তামিল
১৯৭৬ আশাপূৰ্ণা দেবী প্ৰথম প্ৰতিশ্ৰুতি বঙালী
১৯৭৭ কে শিবৰাম কৰন্থ মুকাজ্জিয়া কানাসুগালু (মুকাজ্জিৰ স্বপ্ন) কন্নড়
১৯৭৮ সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়' কিতনি নাও মেঁ কিতনি বাড় (কিমান নাৱত কিমান ঢৌ) হিন্দী
১৯৭৯ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয় অসমীয়া
১৯৮০ এচ কে পোট্টেক্কাট ওৰু দেসাত্তিন্তে কথা (এখন দেশৰ কথা) মালয়ালম
১৯৮১ অমৃতা প্ৰীতম কাগজ তে ক্যানভাস পঞ্জাবী
১৯৮২ মহাদেৱী বৰ্মা য়মা হিন্দী
১৯৮৩ মাস্তি ভেঙ্কটেশ আয়েঙ্গাৰ চিক্কাবীৰা ৰাজেন্দ্ৰ কানাড়া
১৯৮৪ থাকাজি শিবশঙ্কৰ পিল্লাই মালয়ালম
১৯৮৫ পন্নালাল পেটেল মানবী নি ভবাই গুজৰাটী
১৯৮৬ সচ্চিদানন্দ ৰাউত ৰায় ওড়িয়া
১৯৮৭ বিষ্ণু বামন শিৰওয়াদকৰ (কুসুমাগ্ৰজ) মাৰাঠী
১৯৮৮ ড॰চি নাৰায়ণ ৰেড্ডী বিশ্বম্ভৰ তেলেগু
১৯৮৯ কাৰ্টুল এন হাইদৰ আখিৰে সবকে হামসফৰ উৰ্দু
১৯৯০ ভি কে গোকাক ভাৰত সিন্ধু ৰশ্মি কন্নড়
১৯৯১ সুভাষ মুখোপাধ্যায় বঙালী
১৯৯২ নৰেশ মেহতা হিন্দী
১৯৯৩ সীতাকান্ত মহাপাত্ৰ ওড়িয়া
১৯৯৪ ইউ আৰ আনন্দমূৰ্তি সংস্কাৰ কন্নড়
১৯৯৫ এম টি বাসুদেবন নায়াৰ ৰাণ্ডামুজাম (দ্বিতীয় সুযোগ) মালয়ালম
১৯৯৬ মহাশ্বেতা দেৱী বঙালী
১৯৯৭ আলি চৰ্দাৰ জাফ্ৰি উৰ্দু
১৯৯৮ গিৰীশ কৰ্ণাড কন্নড়
১৯৯৯ নিৰ্মল বৰ্মা হিন্দী
১৯৯৯ গুৰদয়াল সিং পঞ্জাৱী
২০০০ মামণি ৰয়ছম গোস্বামী অসমীয়া
২০০১ ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ গুজৰাটী
২০০২ জয়কান্তন তামিল
২০০৩ বিন্দা কৰন্দিকৰ অষ্টদৰ্শন (কবিতা) মাৰাঠী
২০০৪ ৰহমান ৰাহি সভুক সোডা, কালামি ৰাহিসিয়া ৰোদে জাৰেন মাঞ্জ কাশ্মিৰী
২০০৫ কুঁয়াৰ নাৰায়ণ হিন্দী
২০০৬ ৰবীন্দ্ৰ কেলকৰ কোংকণী
২০০৬ সত্যব্ৰত শাস্ত্ৰী সংস্কৃত
২০০৭ ও এন ভি কুৰুপ মালায়ালাম সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে মালয়ালম
২০০৮ আখলাক মহম্মদ খান 'শাহৰিয়াৰ' উৰ্দু
২০০৯ অমৰকান্ত হিন্দী [1]
২০০৯ শ্ৰীলাল শুক্লা হিন্দী [1]
২০১০ চন্দ্ৰশেখৰ কম্বাৰ কন্নড় সাহিত্যলৈ কৰা অবদানৰ বাবে কন্নড় [1]
২০১১ প্ৰতিভা ৰায় ওড়িয়া
২০১২ ৰাভুৰি ভৰদ্বাজ তেলেগু
২০১৩ কেদাৰনাথ সিং হিন্দী
২০১৪ ভালচন্দ্ৰ নেমাডে মাৰাঠী
২০১৫ ৰঘুবীৰ চৌধৰী গুজৰাটী
২০১৬ শংখ ঘোষ বঙালী
২০১৭ কৃষ্ণা সোব্‌তি হিন্দী
২০১৮ অমিতাভ ঘোষ ইংৰাজী
২০১৯ অক্কিতম অচ্যুতম নম্বুথিৰী মালয়ালম [2]
২০২০ নীলমণি ফুকন অসমীয়া [3]
২০২২ দামোদৰ মাউজো কোংকণী [3]
২০২৩ ৰামভদ্ৰাচাৰ্য † সংস্কৃত [4]
২০২৩ গুলজাৰ উৰ্দু [5]
২০২৪ বিনোদ কুমাৰ শুক্লা হিন্দী [6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Amar Kant, Shrilal Shukla, Kambar win Jnanpith Award". PTI. The Hindu. http://www.thehindu.com/arts/books/article2470528.ece?homepage=true। আহৰণ কৰা হৈছে: December 05, 2011. 
  2. "বহুমুখী প্ৰতিভাৰ মালায়ালম কবি অক্কিতম অচ্যুতম নম্বুথিৰীলৈ ২০১৯ৰ জ্ঞানপীঠ বঁটা". প্ৰকাশক নতুন দিল্লী: প্ৰাগ নিউজ. ৩০ নৱেম্বৰ ২০১৯. https://pragnews.com/as/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%9F%E0%A6%BE%E0%A6%B2/. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 Benita Fernando (9 December, 2021). "Explained: Who are Nilmani Phookan Jr and Damodar Mauzo, the winners of Jnanpith Award?". The Indian Express. https://indianexpress.com/article/explained/nilmani-phookan-jr-damodar-mauzo-jnanpith-award-7663621/। আহৰণ কৰা হৈছে: 26 December 2021. 
  4. "Gulzar, Sanskrit scholar Rambhadracharya selected for Jnanpith Award". ইণ্ডিয়া এক্সপ্ৰেছ. 17 February 2024. https://indianexpress.com/article/lifestyle/art-and-culture/gulzar-rambhadracharya-jnanpith-award-9166698. 
  5. The Hindu (17 February 2024). "Gulzar, Sanskrit scholar Rambhadracharya selected for Jnanpith Award" (en-IN ভাষাত). https://www.thehindu.com/news/national/gulzar-sanskrit-scholar-rambhadracharya-selected-for-jnanpith-award/article67857170.ece. 
  6. "Hindi writer Vinod Kumar Shukla selected for 59th Jnanpith award". Deccan Chronicle. 2025-03-22. https://www.deccanchronicle.com/nation/hindi-writer-vinod-kumar-shukla-selected-for-59th-jnanpith-award-1868419. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]