ভাৰত ৰত্ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰত ৰত্ন
Bharat Ratna.jpg
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী সাধাৰণ
বৰ্ণনা আঁহত পাতৰ ওপৰত সূৰ্যৰ চিত্ৰৰ লগত "ভাৰত ৰত্ন" দেৱনাগৰী লিপিত খোদিত
প্ৰতিষ্ঠা ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০১৯
মুঠ প্ৰদানৰ সংখ্যা ৪৮
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
মেডেলৰ ফিটাদাল Bharat Ratna Ribbon.svg
প্ৰথম প্ৰাপক
অন্তিম প্ৰাপক
বঁটাৰ মৰ্যদা
<নাই>ভাৰত ৰত্নপদ্মবিভূষণ

ভাৰত ৰত্ন (হিন্দী: भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া[1] বা জেম অৱ ইণ্ডিয়া[2]) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।[3] সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ইয়াৰ ভাৰতীয় মানক্ৰমত বিশেষ স্থানৰ অধিকাৰী। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।[4] পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো ১৩ জুলাই, ১৯৭৭ চনৰ পৰা ২৬ জানুৱাৰী, ১৯৮০ পৰ্যন্ত বন্ধ হৈ আছিল। বৰ্তমানলৈকে (২০১৯ চন) ৪৮ জন ব্যক্তিক এই সম্মান দিয়া হৈছে। ভাৰতীয় সকলৰ বাদে অন্য বিদেশী ব্যক্তিৰ ভিতৰত খান আব্দুল গফৰ খান (পাকিস্তান), নেলছন মেণ্ডেলা (দক্ষিণ আফ্ৰিকা) আদিকো এই সন্মানেৰে বিভূষিত কৰা হৈছিল। ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল।

২০১১ চনত ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে এই বটা প্ৰাপকৰ যোগ্যতাৰ মাপকাঠি সংশোধন কৰি ক্ৰীড়াবিদ সকললৈকো এই বঁটা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে।[5]

বঁটাৰ গঠন[সম্পাদনা কৰক]

ভাৰত ৰত্নৰ মূল নিৰ্দিষ্ট বিৱৰণ অনুসৰি, এই বঁটাটো এটা বৃত্তাকাৰ সোণৰ পদক যাৰ মাজত অঙ্কিত বস্তুবোৰৰ মাজত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু নীতিবাক্য সন্নিবিষ্ট কৰা হৈছে। এই বিৱৰণী অনুসাৰে কেতিয়া ভাৰত ৰত্ন পদকটো নিৰ্মাণ কৰা হৈছিল সেইটো জনা নাযায়। প্ৰকৃত পদকটি আঁহত পাতৰ আকাৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ একোণত দেৱনাগৰী লিপিত “ভাৰত ৰত্ন” শব্দ দুটি লিপিবদ্ধ কৰা হৈছে আৰু ওপৰৰ দিশত জাতীয় প্ৰতীক আৰু নীতিবাক্যটি খোদিত আছে।

ইতিহাস[সম্পাদনা কৰক]

১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল। প্ৰথম অৱস্থাত অৰ্থাৎ জানুৱাৰী, ১৯৫৪ চনত মৰোণত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ ব্যৱস্থা নাছিল। এই কাৰণতেই হয়তো মহাত্মা গান্ধীক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা নহ’ল। ১৯৫৫ চনৰ জানুৱাৰীৰ পৰাহে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। পৰৱৰ্তী সময়ত সুভাষচন্দ্ৰ বসু সহ মুঠ ১২ জনক মৰোণত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয়। কিন্তু পাছত আইনী জটিলতাৰ বাবে সুভাষচন্দ্ৰ বসুৰ ভাৰত ৰত্ন ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰ বাধ্য হয়। এইটোৱেই পুৰস্কাৰ প্ৰত্যাহাৰৰ একমাত্ৰ নিদৰ্শন। ১৯৭৭ চনৰ ১৩ জুলাইৰ পৰা ১৯৮০ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত প্ৰায় তিনি বছৰ মোৰাৰজী দেশাই পৰিচালিত চৰকাৰৰ আমোলাত অন্যান্য পদ্ম পুৰস্কাৰৰ লগত ভাৰত ৰত্নও ৰদ কৰা হৈছিল।

বিজয়ীসকল[সম্পাদনা কৰক]

তলৰ তালিকাত ভাৰত ৰত্ন বিজয়ীসকলৰ তথ্য দিয়া হৈছে:[6]

সংকেত
   + ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা বিজয়ী
   * বিজয়ী যি ভাৰতীয় নাগৰিক নহয়
   # মৰণোত্তৰভাৱে বঁটা প্ৰদান
ভাৰত ৰত্ন বিজয়ীসকলৰ তালিকা[7]
বৰ্ষ বিজয়ী টোকা
১৯৫৪ C Rajagopalachari 1944.jpg চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী স্বাধীনতা সংগ্ৰামী, ভাৰতৰ অন্তিম গৱৰ্ণৰ জেনেৰেল[8]
Photograph of Sarvepalli Radhakrishnan presented to First Lady Jacqueline Kennedy in 1962.jpg সৰ্বপল্লী ৰাধাকৃষ্ণণ দাৰ্শনিক, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি (১৯৫২-৬২) আৰু দ্বিতীয় ৰাষ্ট্ৰপতি (১৯৬২-৬৭)।[9][10] ১৯৬২ চনৰ পৰা তেখেতৰ জন্মদিন ৫ ছেপ্টেম্বৰটো ভাৰতত শিক্ষক দিৱসৰূপে পালন কৰা হয়।[11]
Sir CV Raman.JPG চন্দ্ৰশেখৰ ভেঙ্কটৰমণ ন'বেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী[12]
১৯৫৫  – ভগৱান দাস স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপনৰ বাবেও কাম কৰে।[13]
Vishveshvarayya in his 30's.jpg মোক্ষগুণ্ডম বিশ্বেশ্বৰায় অভিযন্তা, লোকনায়ক, মহীশূৰৰ দেৱান (১৯১২-১৮)। তেখেতৰ জন্মদিন ১৫ ছেপ্টেম্বৰটো ভাৰতত অভিযন্তা দিৱসৰূপে পালন কৰা হয়।[14]
Jnehru.jpg জৱাহৰলাল নেহৰু স্বাধীনতা সংগ্ৰামী, লিখক, স্বাধীন ভাৰতৰ প্ৰথম আৰু সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী (১৯৪৭–৬৪)।[15][16]
১৯৫৭ Pandit Govind Ballabh Pant.jpg গোবিন্দ বল্লভ পণ্ট স্বাধীনতা সংগ্ৰামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী[17]
১৯৫৮ Dr Dhondo Keshav Karve Cropped.png ধন্দ কেশৱ কৰ্ৱে শিক্ষক, সমাজ সংস্কাৰক[18]
১৯৬১ Dr. Bidhan Chandra Roy in 1943.jpg বিধান চন্দ্ৰ ৰয় চিকিৎসক, পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী।[19] তেখেতৰ জন্ম আৰু মৃত্যুৰ দিন ১ জুলাইক ভাৰতত "চিকিৎসক দিৱস" ৰূপে পালন কৰা হয়।[20]
 – পুৰুষোত্তম দাস টেণ্ডন স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ। ৰাজৰ্ষি উপাধিৰে পৰিচিত টেণ্ডনে হিন্দী ভাষাক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা বিচাৰি কৰা অভিযানত অংশ লৈছিল।[21]
১৯৬২ Food Minister Rajendra Prasad during a radio broadcast in Dec 1947 cropped.jpg ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীনতা সংগ্ৰামী, ন্যায়াধীশ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি[22] He was later elected as the first President of India (1950–62).[9]
১৯৬৩ DR. ZAKIR HUSAIN - PICTORIAL BIOGRAPHY 0005.jpg জাকিৰ হুছেইন স্বাধীনতা সংগ্ৰামী, পণ্ডিত, গান্ধীবাদী, ভাৰতৰ দ্বিতীয় উপ-ৰাষ্ট্ৰপতি (১৯৬২-৬৭) আৰু তৃতীয় ৰাষ্ট্ৰপতি (১৯৬৭-৬৯)[9][10]
পাণ্ডুৰাংগ বমন কানে ভাৰততত্ত্ববিদ আৰু সংস্কৃত পণ্ডিত[23]
১৯৬৬ 1736 Lal Bahadur Shastri cropped.jpg লালবাহাদুৰ শাস্ত্ৰী[lower-roman 1]# স্বাধীনতা সংগ্ৰামী, ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী (১৯৬৪–৬৬)[15][24]
১৯৭১ Indira Gandhi in 1967.jpg ইন্দিৰা গান্ধী স্বাধীনতা সংগ্ৰামী, ভাৰতৰ চতুৰ্থ আৰু প্ৰথম মহিলা প্ৰধানমন্ত্ৰী[15][25]
১৯৭৫ V.V.Giri.jpg বৰাহগিৰি ভেংকট গিৰি ট্ৰেড ইউনিয়িন নেতা আৰু চতুৰ্থ ৰাষ্ট্ৰপতি (১৯৬৯–৭৪)[9][26][27]
১৯৭৬ K. Kamaraj.jpg কে কামৰাজ[lower-roman 2]# স্বাধীনতা সংগ্ৰামী, মাদ্ৰাছ জিলাৰ মুখ্যমন্ত্ৰী[28][29]
১৯৮০ MotherTeresa 090.jpg মাদাৰ টেৰেছা + ১৯৭৯ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী[30]
১৯৮৩ Gandhi and Vinoba.jpg বিনোৱা ভাৱে[lower-roman 3]# সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী, মহাত্মা গান্ধীৰ অন্যতম প্ৰধান শিষ্য।[31] তেওঁক আচাৰ্য উপাধিৰে বিভূষিত কৰা হয় আৰু ১৯৫৮ চনত ৰমন মেগছেছে বঁটা প্ৰদান কৰা হয়।[32]
১৯৮৭ Khan Abdul Ghaffar Khan.jpg খান আব্দুল গফৰ খান* ছৰহদী গান্ধী (সীমান্তৰ গান্ধী) নামেৰে জনাজাত স্বাধীনতা সংগ্ৰামী আৰু পাখতুন নেতা, প্ৰথম অধিকাৰপ্ৰাপ্ত ভাৰতীয় নাগৰিক[33]
১৯৮৮ MG Ramachandran 2017 stamp of India.jpg এম জি ৰামচন্দ্ৰন[lower-roman 4][lower-alpha 1]# চলচ্চিত্ৰ অভিনেতা, তামিলনাডুৰ মুখ্যমন্ত্ৰী[28]
১৯৯০ Dr. Bhimrao Ambedkar.jpg ভীমৰাও ৰামজী আম্বেদকাৰ[lower-roman 5]# ভাৰতীয় সংবিধানৰ ৰূপকাৰ, দলিত নেতা, সমাজ সংস্কাৰক, অৰ্থনীতিবিদ আৰু পণ্ডিত[35][36]
Nelson Mandela-2008 (edit).jpg নেলছন মেণ্ডেলা* দ্বিতীয় অনাগৰিক আৰু প্ৰথম অভাৰতীয়, দক্ষিণ আফ্ৰিকাবৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলনৰ নেতা আৰু ৰাষ্ট্ৰপতি, ১৯৯৩ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী।[37] তেখেতক "দক্ষিণ আফ্ৰিকাৰ গান্ধী" নামেৰেও জনা যায়।[38]
১৯৯১ Rajiv Gandhi (cropped).jpg ৰাজীৱ গান্ধী[lower-roman 6]# ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী (১৯৮৪-৮৯)[15]
Sardar patel (cropped).jpg বল্লভভাই পেটেল[lower-roman 7]# স্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। তেওঁক চৰ্দাৰ উপাধিৰে জনা গৈছিল[39][40]
Morarji Desai 1978b.jpg মোৰাৰজী দেশাই[lower-alpha 2] স্বাধীনতা সংগ্ৰামী, ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী (১৯৭৭–৭৯)।[15] পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান নিচান-এ-পাকিস্তান লাভ কৰা তেখেত হৈছে একমাত্ৰ ভাৰতীয় নাগৰিক।[42]
১৯৯২ Abul Kalam Azad 1.jpg আবুল কালাম আজাদ[lower-roman 8][lower-alpha 3]# স্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। তেওঁৰ জন্ম দিন ১১ নৱেম্বৰটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।[46]
J.R.D. Tata (1955).jpg জে আৰ ডি টাটা উদ্যোগপতি আৰু সমাজসেৱক[47]
Satyajit Ray in New York.jpg সত্যজিৎ ৰায় বঙালী চলচ্চিত্ৰ নিৰ্মাতা। তেখেতৰ পৰিচালিত পথেৰ পাঁচালী (১৯৫৫) ছবিৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আহে।[48] ১৯৮৪ চনত তেখেতলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।[49]
১৯৯৭ Gulzarilal Nanda (cropped).jpg গুলজাৰিলাল নন্দা স্বাধীনতা সংগ্ৰামী, ভাৰতৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী (১৯৬৪, ১৯৬৬) আৰু পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ[15][50]
Aruna Asaf Ali 1998 stamp of India.jpg অৰুণা আছফ আলি[lower-roman 9]# স্বাধীনতা সংগ্ৰামী, দিল্লীৰ প্ৰথম মেয়ৰ। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত বোম্বাইৰ গোৱালিয়া টেংক ময়দানত ইউনিয়ন জেক নমাই আনি তাৰ ঠাইত ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ বাবে জনা যায়।[51]
A. P. J. Abdul Kalam in 2008.jpg এ পি জে আব্দুল কালাম বিজ্ঞানী আৰু ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি (২০০২-০৭)।[9] ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ যান বিকাশ কৰাৰ প্ৰকল্পটো তেখেতে পৰিচালনা কৰিছিল। তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতক "ভাৰতৰ মিছাইল মানৱ" নামেৰেও জনা যায়।[52]
১৯৯৮ Ms subbulakshmi (cropped).jpg এম এছ চুব্বালক্ষ্মী কণ্ঠশিল্পী, কৰ্ণাটক শাস্ত্ৰীয় সঙ্গীতজ্ঞ[53]
Chidambaram Subramaniam.jpg চিদাম্বৰম সুব্ৰমনিয়াম স্বাধীনতা সংগ্ৰামী, কৃষিমন্ত্ৰী। ভাৰতৰ সেউজ বিপ্লৱলৈ কৰা অৱদানৰ বাবে তেখেতক জনা যায়।[54]
১৯৯৯ Jayaprakash Narayan 1980 stamp of India bw.jpg জয়প্ৰকাশ নাৰায়ণ[lower-roman 10]# স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। "লোক নায়ক" নামেৰে বিখ্যাত।[55]
Amartya Sen NIH.jpg অমৰ্ত্য সেন অৰ্থনীতিবিদ আৰু ১৯৯৮ চনত অৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী।[56]
Gopinath Bordoloi.jpg গোপীনাথ বৰদলৈ[lower-roman 11]# স্বাধীনতা সংগ্ৰামী, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী (১৯৪৬-৬০)।[57] "লোকপ্ৰিয়" উপাধিৰে বিভূষিত, ভাৰত ৰত্ন লাভ কৰা তেওঁ অসমৰ প্ৰথম ব্যক্তি।[58]
Ravi Shankar 2009 crop.jpg ৰবি শংকৰ গ্ৰেমী বঁটা বিজয়ী চিতাৰ বাদক[59]
২০০১ LataMangeshkar10.jpg লতা মংগেশকাৰ নেপথ্য কণ্ঠশিল্পী। [60] ১৯৯৮ চনত তেখেতলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।[49]
Bismillah at Concert1 (edited) 2.jpg বিছমিল্লাহ খান ভাৰতীয় শাস্ত্ৰীয় চেহনাই বাদক[61]
২০০৮ Pandit Bhimsen Joshi (cropped).jpg ভীমসেন যোশী ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী[62][63]
২০১৪ CNRrao2.jpg চি এন আৰ ৰাও ৰসায়ন বিজ্ঞানী[64]
Sachin at Castrol Golden Spanner Awards (crop).jpg শচীন তেণ্ডুলকাৰ ক্ৰিকেটাৰ[65][66]
২০১৫ Madan Mohan Malaviya 1961 stamp of India.jpg মদন মোহন মালৱ্য[lower-roman 12]# শিক্ষাবিদ আৰু ৰাজনীতিবিদ, অখিল ভাৰতীয় হিন্দু মহাসভাৰ আৰু কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি[67]
Ab vajpayee.jpg অটল বিহাৰী বাজপায়ী ভাৰতৰ একাদশ প্ৰধানমন্ত্ৰী[15]
২০১৯ Pranab Mukherjee Portrait.jpg প্ৰণৱ মুখাৰ্জী ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি
Dr. Bhupen Hazarika, Assam, India.jpg ভূপেন হাজৰিকা[lower-roman 13]# গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক। "সুধাকণ্ঠ" উপাধিৰে বিভূষিত, ভাৰত ৰত্ন লাভ কৰা তেওঁ অসমৰ দ্বিতীয় ব্যক্তি।[68]
Nanaji Deshmukh 2017 stamp of India.jpg নানাজী দেশমুখ[lower-roman 14]# সমাজকৰ্মী, ৰাজনীতিবিদ। তেওঁ শিক্ষা, স্বাস্থ্য গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল।

টোকা[সম্পাদনা কৰক]

  1. ১৯৬০ চনত ৰামচন্দ্ৰনক ভাৰতৰ চতুৰ্থ সৰ্ব্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছিল, কিন্তু তেখেতে ইয়াক প্ৰত্যাখ্যান কৰে কিয়নো নিমন্ত্ৰণী পত্ৰখন তামিল ভাষাৰ সলনি হিন্দী ভাষাত লিখা আছিল।[34]
  2. মোৰাৰজী দেশাই পৰিচালিত চৰকাৰৰ আমোলাত ভাৰত ৰত্ন বঁটা "মূল্যহীন আৰু ৰাজনৈতিক" হোৱা বাবে ৰদ কৰিছিল।[41]
  3. পূৰ্বতে, আবুল কালাম আজাদ ১৯৪৭-৫৮ চনলৈ শিক্ষামন্ত্ৰীৰূপে কাৰ্যৰত সময়ত ভাৰত ৰত্ন বঁটা প্ৰত্যাখ্যান কৰিছিল। তেখেতৰ অনুসৰি নিৰ্বাচন সমিতিৰ সদস্যই নিজেই বঁটা গ্ৰহণ কৰা অনুচিত।[43][44][45]

মৰণোত্তৰভাৱে বঁটা প্ৰদান

  1. লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু ১৯৬৬ চনৰ ১১ জানুৱাৰীত ৬১ বছৰ বয়সত হয়।
  2. কে কামৰাজৰ মৃত্যু ১৯৭৫ চনৰ ২ অক্টোবৰত ৭২ বছৰ বয়সত হয়।
  3. বিনোৱা ভাৱেৰ মৃত্যু ১৯৮২ চনৰ ১৫ নৱেম্বৰত ৮৭ বছৰ বয়সত হয়।
  4. এম জি ৰামচন্দ্ৰনৰ মৃত্যু ১৯৮৭ চনৰ ২৪ ডিচেম্বৰত ৭০ বছৰ বয়সত হয়।
  5. ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু ১৯৫৬ চনৰ ৬ ডিচেম্বৰত ৬৫ বছৰ বয়সত হয়।
  6. ৰাজীৱ গান্ধীৰ মৃত্যু ১৯৯১ চনৰ ২১ মে'ত ৪৬ বছৰ বয়সত হয়।
  7. বল্লভভাই পেটেলৰ মৃত্যু ১৯৫০ চনৰ ১৫ ডিচেম্বৰত ৭৫ বছৰ বয়সত হয়।
  8. আবুল কালাম আজাদৰ মৃত্যু ১৯৫৮ চনৰ ২২ ফ্ৰব্ৰুৱাৰীত ৬৯ বছৰ বয়সত হয়।
  9. অৰুণা আছফ আলিৰ মৃত্যু ১৯৯৬ চনৰ ২৯ জুলাইত ৮৭ বছৰ বয়সত হয়।
  10. জয়প্ৰকাশ নাৰায়ণৰ মৃত্যু ১৯৭৯ চনৰ ৮ অক্টোবৰত ৭৬ বছৰ বয়সত হয়।
  11. গোপীনাথ বৰদলৈৰ মৃত্যু ১৯৫০ চনৰ ৫ আগষ্টত ৬০ বছৰ বয়সত হয়।
  12. মদন মোহন মালৱ্যৰ মৃত্যু ১৯৪৬ চনৰ ১২ নৱেম্বৰত ৮৪ বছৰ বয়সত হয়।
  13. ভূপেন হাজৰিকাৰ মৃত্যু ২০১১ চনৰ ৫ নৱেম্বৰত ৮৫ বছৰ বয়সত হয়।
  14. নানাজী দেশমুখৰ মৃত্যু ২০১০ চনৰ ২৭ ফেব্ৰুৱাৰীত ৯৩ বছৰ বয়সত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mahajan, Vidya Dhar (1971). The Constitution of India. প্ৰকাশক Lucknow, Uttar Pradesh: Eastern Book Company. পৃষ্ঠা. 169. 
  2. Hoiberg, Dale; Indu Ramchandani (2000). Students' Britannica India. প্ৰকাশক New Delhi: Encyclopedia Britannica (India). Vol. 3, p198. ISBN 0-85229-760-2. 
  3. Pylee, Moolamattom Varkey (1971). The Constitution of India. প্ৰকাশক New Delhi: S. Chand & Company Ltd.. পৃষ্ঠা. 114. ISBN 978-81-219-2203-6. 
  4. Dhawan, S. K. (1991). Bharat Ratnas, 1954-1991. Wave Publications. পৃষ্ঠা. 9. 
  5. "Govt changes criteria for Bharat Ratna; now open for all". The Hindu. Press Trust of India. 16 December 2011. http://www.thehindu.com/news/national/article2720348.ece। আহৰণ কৰা হৈছে: 16 December 2011. 
  6. "ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭)". ভাৰতৰ গৃহ মন্ত্ৰালয়. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১০. 
  7. "List of recipients of Bharat Ratna (1954–2015)" (PDF). Ministry of Home Affairs (India). Archived from the original on 9 February 2018. https://web.archive.org/web/20180209002846/http://mha.gov.in/sites/upload_files/mha/files/RecipientsBR_140515.pdf। আহৰণ কৰা হৈছে: 11 September 2015. 
  8. "Profile: Chakravarti Rajagopalachari". Encyclopædia Britannica. Archived from the original on 10 March 2016. http://www.britannica.com/biography/Chakravarti-Rajagopalachari। আহৰণ কৰা হৈছে: 12 September 2015. 
  9. 9.0 9.1 9.2 9.3 9.4 "Former President of India". The President's Secretariat. Archived from the original on 16 October 2014. https://web.archive.org/web/20141016060850/http://presidentofindia.nic.in/former-presidents.htm। আহৰণ কৰা হৈছে: 12 May 2014. 
  10. 10.0 10.1 "Former Vice President of India". The Vice President's Secretariat. Archived from the original on 17 October 2014. https://web.archive.org/web/20141017115825/http://vicepresidentofindia.nic.in/former.asp। আহৰণ কৰা হৈছে: 12 May 2014. 
  11. "Dr. Sarvepalli Radhakrishnan: The Philosopher President". Press Information Bureau (PIB). Archived from the original on 28 August 2015. http://pib.nic.in/feature/feyr98/fe0898/f2808981.html। আহৰণ কৰা হৈছে: 12 September 2015. 
  12. "The Nobel Prize in Physics 1930". Nobel Foundation. Archived from the original on 11 October 2014. https://web.archive.org/web/20141011205133/http://www.nobelprize.org/nobel_prizes/physics/laureates/1930/index.html। আহৰণ কৰা হৈছে: 8 May 2014. 
  13. "About Us—Mahatma Gandhi Kashi Vidyapith Varanasi". Mahatma Gandhi Kashi Vidyapith. Archived from the original on 26 June 2014. https://web.archive.org/web/20140626084206/http://mgkvp.ac.in/history1.htm। আহৰণ কৰা হৈছে: 8 May 2014. 
  14. "Engineer's Day in India: celebrating M. Visvesvaraya's birthday". প্ৰকাশক New Delhi: IBN Live. 15 September 2012. Archived from the original on 16 September 2015. http://www.ibnlive.com/news/india/engineers-day-in-india-celebrating-m-visvesvarayas-birthday-507944.html। আহৰণ কৰা হৈছে: 12 September 2015. 
  15. 15.0 15.1 15.2 15.3 15.4 15.5 15.6 "Prime Ministers of India". Prime Minister's Office (India). Archived from the original on 9 October 2014. https://web.archive.org/web/20141009232119/http://pmindia.gov.in/en/former-prime-ministers/। আহৰণ কৰা হৈছে: 12 May 2014. 
  16. Guha, Ramachandra (11 January 2014). "Leave it to history: India's best and worst prime ministerse". প্ৰকাশক Calcutta. Archived from the original on 4 March 2016. http://www.telegraphindia.com/1140111/jsp/opinion/story_17764652.jsp। আহৰণ কৰা হৈছে: 12 September 2015. 
  17. "Chief Minister of Uttar Pradesh". Uttar Pradesh Legislative Assembly. Archived from the original on 21 July 2014. https://web.archive.org/web/20140721050934/http://uplegisassembly.gov.in/CHIEF%20MINISTERS.HTM। আহৰণ কৰা হৈছে: 9 May 2014. 
  18. Osnes 2013, পৃষ্ঠা. 104.
  19. Kalra, R.N. (3 July 2011). "A doctor par excellence". The Hindu. Archived from the original on 12 September 2015. https://web.archive.org/web/20150912170057/http://www.thehindu.com/opinion/open-page/a-doctor-par-excellence/article2153732.ece। আহৰণ কৰা হৈছে: 12 September 2015. 
  20. "Premiers/Chief Ministers of West Bengal". West Bengal Legislative Assembly. Archived from the original on 12 May 2014. https://web.archive.org/web/20140512213639/http://wbassembly.gov.in/html/permiChMin.html। আহৰণ কৰা হৈছে: 10 May 2014. 
  21. "Profile: Purushottam Das Tandon". Encyclopædia Britannica. Archived from the original on 19 September 2015. http://www.britannica.com/biography/Purushottam-Das-Tandon। আহৰণ কৰা হৈছে: 12 September 2015. 
  22. "Profile: Rajendra Prasad". Encyclopædia Britannica. Archived from the original on 9 September 2015. http://www.britannica.com/biography/Rajendra-Prasad। আহৰণ কৰা হৈছে: 12 September 2015. 
  23. "Mumbai University Alumni". University of Mumbai. Archived from the original on 4 September 2015. http://mu.ac.in/portal/alumni/। আহৰণ কৰা হৈছে: 13 September 2015. 
  24. "Profile: Lal Bahadur Shastri". Encyclopædia Britannica. Archived from the original on 6 September 2015. http://www.britannica.com/biography/Lal-Bahadur-Shastri। আহৰণ কৰা হৈছে: 13 September 2015. 
  25. "Profile: Indira Gandhi". Encyclopædia Britannica. Archived from the original on 5 September 2015. http://www.britannica.com/biography/Indira-Gandhi। আহৰণ কৰা হৈছে: 13 September 2015. 
  26. Mansingh, Surjit (2006). Historical Dictionary of India. Scarecrow Press. পৃষ্ঠা. 240. ISBN 978-0-8108-6502-0. Archived from the original on 28 February 2018. https://web.archive.org/web/20180228183849/https://books.google.com/books?id=6HAeAgAAQBAJ&pg=PA240. 
  27. Dubey, Scharada (2009). First among equals President of India. Westland. ISBN 978-81-89975-53-1. Archived from the original on 7 July 2014. https://web.archive.org/web/20140707073933/http://books.google.com/books?id=ToBFJZiRsxMC&pg=PA37. 
  28. 28.0 28.1 "Details of terms of successive legislative assemblies constituted under the constitution of India". Tamil Nadu Legislative Assembly. Archived from the original on 6 October 2014. https://web.archive.org/web/20141006083126/http://www.assembly.tn.gov.in/archive/list/assemblies-overview.htm। আহৰণ কৰা হৈছে: 10 May 2014. 
  29. "Profile: Kumaraswami Kamaraj". Encyclopædia Britannica. Archived from the original on 6 September 2015. http://www.britannica.com/biography/Kumaraswami-Kamaraj। আহৰণ কৰা হৈছে: 13 September 2015. 
  30. "Profile: Blessed Mother Teresa". Encyclopædia Britannica. Archived from the original on 6 September 2015. http://www.britannica.com/biography/Mother-Teresa। আহৰণ কৰা হৈছে: 13 September 2015. 
  31. "Profile: Vinoba Bhave". Encyclopædia Britannica. Archived from the original on 6 September 2015. http://www.britannica.com/biography/Vinoba-Bhave। আহৰণ কৰা হৈছে: 13 September 2015. 
  32. "Ramon Magsaysay Award winners". Ramon Magsaysay Award Foundation. Archived from the original on 12 May 2014. https://web.archive.org/web/20140512223151/http://www.rmaf.org.ph/newrmaf/main/awardees/filter/8/b/all/all/0/1। আহৰণ কৰা হৈছে: 12 May 2014. 
  33. "Profile: Abdul Ghaffar Khan". Encyclopædia Britannica. Archived from the original on 18 September 2015. http://www.britannica.com/biography/Khan-Abdul-Ghaffar-Khan। আহৰণ কৰা হৈছে: 13 September 2015. 
  34. "The chequered history of our national honours". Rediff.com. 1 February 2010. Archived from the original on 18 May 2014. https://web.archive.org/web/20140518002156/http://news.rediff.com/slide-show/2010/feb/01/slide-show-1-the-checkered-history-of-our-national-honours.htm। আহৰণ কৰা হৈছে: 17 May 2014. 
  35. "Profile: Bhimrao Ramji Ambedkar". Encyclopædia Britannica. Archived from the original on 7 September 2015. http://www.britannica.com/biography/Bhimrao-Ramji-Ambedkar। আহৰণ কৰা হৈছে: 13 September 2015. 
  36. "Some Facts of Constituent Assembly". Parliament of India. National Informatics Centre. Archived from the original on 11 May 2011. https://web.archive.org/web/20110511104514/http://parliamentofindia.nic.in/ls/debates/facts.htm। আহৰণ কৰা হৈছে: 12 May 2014. 
  37. "Profile: Nelson Mandela". Encyclopædia Britannica. Archived from the original on 5 September 2015. http://www.britannica.com/biography/Nelson-Mandela। আহৰণ কৰা হৈছে: 13 September 2015. 
  38. "Nelson Mandela, the 'Gandhi of South Africa', had strong Indian connections". Deccan Chronicle. Press Trust of India (Johannesburg). 7 December 2013. Archived from the original on 5 March 2016. http://www.deccanchronicle.com/131206/news-current-affairs/article/nelson-mandela-gandhi-south-africa-had-strong-indian-connections। আহৰণ কৰা হৈছে: 7 November 2015. 
  39. Patel's communalism—a documented record. Frontline. 13 December 2013. Archived from the original on 2 January 2016. http://www.frontline.in/cover-story/patels-communalisma-documented-record/article5389270.ece। আহৰণ কৰা হৈছে: 6 November 2015. 
  40. "Profile: Vallabhbhai Jhaverbhai Patel". Encyclopædia Britannica. Archived from the original on 2 November 2015. http://www.britannica.com/biography/Vallabhbhai-Jhaverbhai-Patel। আহৰণ কৰা হৈছে: 11 October 2015. 
  41. Mukul, Akshaya (20 January 2008). "The great Bharat Ratna race". The Times of India. http://timesofindia.indiatimes.com/home/sunday-toi/special-report/The-great-Bharat-Ratna-race/articleshow/2714556.cms। আহৰণ কৰা হৈছে: 17 May 2014. 
  42. Bhatia, Shyam (11 July 2001). "When India and Pakistan almost made peace". Rediff.com. Archived from the original on 10 July 2015. http://www.rediff.com/news/2001/jul/11spec.htm। আহৰণ কৰা হৈছে: 13 September 2015. 
  43. Ramachandran, Sudha (24 January 2008). "India's top award misses congeniality". প্ৰকাশক Bangalore. Archived from the original on 16 October 2014. https://archive.is/20141016085705/http://www.atimes.com/atimes/South_Asia/JA24Df01.html। আহৰণ কৰা হৈছে: 14 May 2014. 
  44. "Those who said no to top awards". The Times of India. 20 January 2008. Archived from the original on 24 November 2013. https://web.archive.org/web/20131124063906/http://timesofindia.indiatimes.com/home/specials/Those-who-said-no-to-top-awards/articleshow/2714615.cms। আহৰণ কৰা হৈছে: 14 May 2014. 
  45. "List of former Ministers in charge of Education/HRD". Ministry of Human Resource Development. Archived from the original on 18 October 2014. https://web.archive.org/web/20141018042458/http://hrm.mhrd.gov.in/ministers। আহৰণ কৰা হৈছে: 12 May 2014. 
  46. "National Education Day celebrated". The Hindu (Krishnagiri). 14 November 2011. Archived from the original on 25 March 2014. http://www.thehindu.com/news/cities/Coimbatore/national-education-day-celebrated/article2627310.ece। আহৰণ কৰা হৈছে: 11 October 2015. 
  47. "Profile: J.R.D. Tata". Encyclopædia Britannica. Archived from the original on 24 September 2015. http://www.britannica.com/biography/J-R-D-Tata। আহৰণ কৰা হৈছে: 13 September 2015. 
  48. "Sight and Sound Poll 1992: Critics". California Institute of Technology. Archived from the original on 16 October 2013. https://web.archive.org/web/20131016212355/http://alumnus.caltech.edu/~ejohnson/sight/1992_1.html। আহৰণ কৰা হৈছে: 3 February 2013. 
  49. 49.0 49.1 "Dadasaheb Phalke Awards". Directorate of Film Festivals. Archived from the original on 26 May 2016. http://dff.nic.in/dadasahebphalke.asp। আহৰণ কৰা হৈছে: 6 May 2012. 
  50. "Former PM Gulzarilal Nanda dead". Rediff.com. 15 January 1998. Archived from the original on 4 March 2016. http://www.rediff.com/news/1998/jan/15nan.htm। আহৰণ কৰা হৈছে: 14 September 2015. 
  51. Singh, Kuldeep (31 July 1996). "Obituary: Aruna Asaf Ali". Archived from the original on 25 September 2015. https://www.independent.co.uk/news/people/obituary-aruna-asaf-ali-1331351.html। আহৰণ কৰা হৈছে: 14 September 2015. 
  52. "Bio-data: Avul Pakir Jainulabdeen Abdul Kalam". Press Information Bureau (PIB). 26 July 2002. Archived from the original on 13 May 2014. https://web.archive.org/web/20140513081337/http://pib.nic.in/profile/apjak.html। আহৰণ কৰা হৈছে: 12 May 2014. 
  53. "M S Subbulakshmi: 'Nightingale' of Carnatic music". Rediff.com. 12 December 2004. Archived from the original on 8 July 2015. https://web.archive.org/web/20150708075137/http://www.rediff.com/news/2004/dec/11ms2.htm। আহৰণ কৰা হৈছে: 23 September 2015. 
  54. "C Subramaniam awarded Bharat Ratna". Rediff.com. 18 February 1998. Archived from the original on 3 February 2014. https://web.archive.org/web/20140203092215/http://www.rediff.com/news/1998/feb/18cs.htm। আহৰণ কৰা হৈছে: 12 May 2014. 
  55. "Jayapraksh Narayan: A leader betrayed". India Today. 6 March 2014. Archived from the original on 6 July 2015. http://indiatoday.intoday.in/story/insensitive-blunder-pm-morarji-desai-announces-jayaprakash-narayans-death-in-lok-sabha/1/427210.html। আহৰণ কৰা হৈছে: 17 September 2015. 
  56. "The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 1998". Nobel Foundation. Archived from the original on 11 October 2014. https://web.archive.org/web/20141011195928/http://www.nobelprize.org/nobel_prizes/economic-sciences/laureates/1998/। আহৰণ কৰা হৈছে: 9 May 2014. 
  57. "Assam Legislative Assembly—Chief Ministers since 1937". Assam Legislative Assembly. Archived from the original on 16 January 2014. https://web.archive.org/web/20140116091830/http://assamassembly.nic.in/cm-list.html। আহৰণ কৰা হৈছে: 10 May 2014. 
  58. Phukan, Sandeep (8 February 2014). "In Assam, Narendra Modi describes how Congress 'betrayed' it". প্ৰকাশক Guwahati: NDTV. Archived from the original on 27 September 2015. http://www.ndtv.com/elections-news/in-assam-narendra-modi-describes-how-congress-betrayed-it-550171। আহৰণ কৰা হৈছে: 17 September 2015. 
  59. "Profile: Ravi Shankar". Encyclopædia Britannica. Archived from the original on 23 September 2015. http://www.britannica.com/biography/Ravi-Shankar। আহৰণ কৰা হৈছে: 17 September 2015. 
  60. Gulzar, Nihalani & Chatterjee 2003, পৃষ্ঠা. 486, 487.
  61. "Indian music's soulful maestro". BBC News. 21 August 2006. Archived from the original on 17 November 2015. http://news.bbc.co.uk/2/hi/south_asia/5270968.stm। আহৰণ কৰা হৈছে: 13 September 2015. 
  62. Jamkhandi, Gururaj (26 January 2011). "Torch-bearers of kirana gharana, and their followers". The Times of India (Hubli). http://timesofindia.indiatimes.com/city/hubli/Torch-bearers-of-kirana-gharana-and-their-followers/articleshow/7356191.cms। আহৰণ কৰা হৈছে: 9 May 2014. 
  63. Thakur 2010, পৃষ্ঠা. 77–86.
  64. "Indian Fellow: Professor Chintamani Nagesa Ramachandra Rao". Indian National Science Academy. http://insaindia.org/detail.php?id=N74-0635। আহৰণ কৰা হৈছে: 18 September 2015. [সংযোগবিহীন উৎস]
  65. "Profile: Sachin Tendulkar". Encyclopædia Britannica. Archived from the original on 6 September 2015. http://www.britannica.com/biography/Sachin-Tendulkar। আহৰণ কৰা হৈছে: 18 September 2015. 
  66. "Records/Combined Test, ODI and T20I records/Batting records; Most runs in career". ESPNcricinfo. 13 September 2015. Archived from the original on 21 November 2013. http://stats.espncricinfo.com/ci/content/records/284269.html। আহৰণ কৰা হৈছে: 18 September 2015. 
  67. "Profile: Madan Mohan Malaviya". Encyclopædia Britannica. Archived from the original on 6 September 2015. http://www.britannica.com/biography/Madan-Mohan-Malaviya। আহৰণ কৰা হৈছে: 18 September 2015. 
  68. Singh, Bikash (2019-01-25). "Assam celebrates Bharat Ratna to Dr Bhupen Hazarika". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/assam-celebrates-bharat-ratna-to-dr-bhupen-hazarika/articleshow/67694145.cms. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]