ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
Jump to navigation
Jump to search
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক (ইংৰাজী: State Emblem of India) সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীকটোৰ ওপৰৰ অংশত তিনিটা মুখমেলি থকী সিংহ (চতুৰ্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায়), তাৰ তলত সোঁমাজত ই চক্ৰ (অশোক চক্ৰ); চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়। একেবাৰে তলৰ মুণ্ডক উপনিষদৰ পৰা 'সত্যমেৱ জয়তে' (সত্যৰ সদায় জয়) নামৰ বাক্যশাৰী দেৱনাগৰী লিপিত লিখা হৈছে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়।