সত্যমেৱ জয়তে
সত্যমেৱ জয়তে (সংস্কৃত: सत्यमेव जयते, 'Truth alone triumphs', উচ্চাৰণ [sɐt̪jɐmeːʋɐ ˈd͡ʑɐjɐt̪eː]) হিন্দু মুণ্ডক উপনিষদৰ এটি মন্ত্ৰ।[1] স্বাধীন ভাৰতৰ জাতীয় নীতি বাক্য হিচাপে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে, ভাৰত গণৰাজ্য হোৱাত, এই মন্ত্ৰক স্বীকৃতি প্ৰদান কৰা হৈছিল।[2][3] এই বাক্য অশোকৰ সিংহত দেৱনাগৰী লিপিত লিখা আছে। ই ভাৰতৰ জাতীয় প্ৰতীকৰ এক গুৰুত্বপূৰ্ণ অংগ। এই প্ৰতীক আৰু "সত্যমেৱ জয়তে" বাক্যশাৰী ভাৰতৰ সকলো জাতীয় দস্তাৱেজ আৰু মুদ্ৰাত উপস্থিত।
উৎপত্তি
[সম্পাদনা কৰক]এই বাক্যৰ উৎপত্তি মুণ্ডক উপনিষদৰ মন্ত্ৰ ৩.১.৬। মন্ত্ৰটি এনে ধৰণৰ:
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम्॥[4]
সত্যমেৱ জয়তে নানৃতং সত্যেন পন্থা ৱিততো দেৱযানঃ।
যেনাক্ৰমন্ত্যৃষয়ো হ্যাপ্তকামা যত্ৰ তৎ সত্যস্য পৰমং নিধানং।।
- অসমীয়া অনুবাদ:
সত্যৰে কেৱল জয় হয়, মিথ্যাৰ নহয়। সত্য়েৰে দিব্য পন্থা বিতিত হয়, যাৰে তৃষ্ণাপূৰ্তজনে পৰম নিধান লাভ কৰে।[5]
জনপ্ৰিয় সংকেত
[সম্পাদনা কৰক]অনেক জনপ্ৰিয় সংকেত এই বাক্যৰে প্ৰেৰিত। উদাহৰণস্বৰূপে, "কেৱল সত্য বৰ্তে, অসত্য নহয়"[6], লেটিন "ভেৰিটাছ ভিঞ্চিট", তামিল ভায়মাইয়ে ভেল্লুম আদি।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিজৰ দ্বিতীয় কাৰ্যকালত পণ্ডিত মদন মোহন মালৱীয়ই এই মন্ত্ৰ আধুনিক জাতীয় শব্দাৱলীত পৰিচয় কৰি দিছিল।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Mundaka Upanishad". IIT Kanpur. Archived from the original on 2020-06-04. https://web.archive.org/web/20200604085550/https://www.upanishads.iitk.ac.in/mundaka?language=dv&field_chap_value=3&field_sec_value=1&field_mantra_no_value=6&ecsiva=1&etgb=1&etsiva=1&setgb=1&choose=1। আহৰণ কৰা হৈছে: 2020-06-04.
- ↑ "Motto for State Emblem". Press Information Bureau of India - Archive. http://pib.nic.in/archive/docs/DVD_38/ACC%20NO%20806-BR/HOM-1949-05-30_393.pdf.
- ↑ Department related parliamentary standing committee on home affairs (2005-08-25). One hundred and sixteenth report on the state emblem of India (Prohibition of improper use) Bill, 2004. প্ৰকাশক New Delhi: Rajya Sabha Secretariat, New Delhi. p. 6.11.1. http://164.100.47.5/book2/reports/home_aff/116threport.htm। আহৰণ কৰা হৈছে: 2008-09-26.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;iitk3
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Swami Krishnananda. "The Mundaka Upanishad:Third Mundaka, First Khanda". swami-krishnananda.org. http://www.swami-krishnananda.org/mundak/mun_3-1.html.
- ↑ (Max Muller (SBE 15))
- ↑ "Minutes of the first meeting of the National Committee for Commemoration of 150th Birth Anniversary of Mahamana Pandit Madan Mohan Malaviya 26 July 2011 at 6.00 pm - 7, Race Course Road, New Delhi.". http://indiaculture.nic.in/indiaculture/pdf/Final%20Minutes_MMM-26july,%202011.pdf.