সমললৈ যাওক

সম্ৰাট অশোক

অসমীয়া ৱিকিপিডিয়াৰ পৰা


সম্ৰাট অশোক
চক্ৰৱৰ্তী
দেৱানংপ্ৰিয়
প্ৰিয়দৰ্শীন
মগধৰাজ

প্ৰায় খ্ৰীষ্টপূৰ্ব ১ শতিকাৰ সাঁচীৰ এখন উৎকীৰ্ণ শিলাৰ উপস্থাপন, য’ত অশোকক ৰামগ্ৰামলৈ গৈ থকা অৱস্থাত দেখুওৱা হৈছে।[1][2]
তৃতীয় মৌৰ্য সম্ৰাট
ৰাজত্ব প্ৰায় ২৬৮ – ২৩২ খ্ৰীষ্টপূৰ্ব[3]
অভিষেক প্ৰা. ২৬৯ খ্ৰী.পূ.[3]
পূৰ্বসূৰী বিন্দুসাৰ
উত্তৰাধিকাৰী দশৰথ মৌৰ্য
যুৱৰাজ, মগধ
পূৰ্বসূৰী সুশীম
উত্তৰাধিকাৰী কুনাল
উপৰাজা, অৱন্তিৰাষ্ট্ৰ
দাম্পত্য সঙ্গী
সন্তান
মাতৃ সুভদ্ৰাংগী অথবা ধৰ্মা[note 1]
পিতৃ বিন্দুসাৰ
ধৰ্ম বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল[4][5]; আন ধৰ্মবোৰো সহ্য কৰিছিল, আৰু "ধম্ম" (ধাৰ্মিকতা)ৰ প্ৰচাৰ কৰিছিল।[6]

অশোক মৌৰ্য্য[7] (৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ এজন শাসক আছিল। তেওঁক অশোক বা মহামতি অশোক হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল। তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল। তেওঁৰ সাম্ৰাজ্য প্ৰাচীন খোৰাচান, চিস্তান, বেলুচিস্তান ৰ পৰা আফগানিস্তানৰ হিন্দুকুশ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল, দক্ষিণে উত্তৰ কেৰালা আৰু অন্ধ্ৰ প্ৰদেশলৈ আছিল। তক্ষশীলা, উজ্জয়িনী আৰু পাটলিপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্যৰ তিনিখন ৰাজধানী আছিল। বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে তেওঁক প্ৰাচীন এছিয়াত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কৃতিত্ব দিয়া হয়।

অশোক সাম্ৰাজ্য
  1. উত্তৰ ভাৰতীয় উৎসসমূহত অশোকৰ মাতৃৰ নাম সুভদ্ৰাংগী বুলি উল্লেখ আছে, আনহাতে শ্ৰীলংকান উৎসসমূহত তেওঁক ধৰ্মা বুলি কোৱা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Lahiri 2015, পৃষ্ঠা. 295–296.
  2. Singh 2017, পৃষ্ঠা. 162.
  3. 3.0 3.1 Singh 2008, পৃষ্ঠা. 331.
  4. Faure, Bernard, ed (2002–2003). "Aśoka's Wives and the Ambiguities of Buddhist Kingship". Cahiers d'Extrême-Asie (Paris: École française d'Extrême-Orient) খণ্ড 13: 35–54. doi:10.3406/asie.2002.1176. https://www.persee.fr/doc/asie_0766-1177_2002_num_13_1_1176। আহৰণ কৰা হৈছে: 8 August 2021. 
  5. Lahiri 2015, পৃষ্ঠা. 219.
  6. Peter Fibiger Bang, Christopher Bayly (2021). The Oxford World History Of Empire Volume Two The History Of Empires. পৃষ্ঠা. 208. https://archive.org/details/the-oxford-world-history-of-empire-volume-two-the-history-of-empires/page/208/mode/1up. "অশোকে তেওঁৰ শিলালিপিত বৌদ্ধ ধৰ্মক ব্ৰাহ্মণ্য, জৈন আৰু আজীৱক ধৰ্মৰ কাষত স্থান দিছিল, আৰু তেওঁৰ ধম্ম বিশেষ কোনো ধৰ্ম নহয়, কিন্তু এটি বিশ্বজনীন নৈতিক নীতি বুলি উল্লেখ কৰিছিল।" 
  7. Bollard, John K., ed (1998). Pronouncing dictionary of proper names: pronunciations for more than 28,000 proper names, selected for currency, frequency, or difficulty of pronunciation (2nd সম্পাদনা). প্ৰকাশক Detroit, MI: Omnigraphics. পৃষ্ঠা. 87. ISBN 978-0-7808-0098-4.