সমললৈ যাওক

সংঘমিত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংঘামিত্ৰা
சங்கமித்திரை
সংঘামিত্তা
শ্ৰীলংকাৰ বৌদ্ধ মঠ এটা থকা সংঘামিত্ৰাৰ প্ৰতিমূৰ্তি
অন্যান্য নাম Sanghamitrā (Sanskrit)
ব্যক্তিগত
জন্ম ২৮১ খ্ৰীষ্টপূৰ্ব
উজ্জেইন, প্ৰাচীন ভাৰত
মৃত্যু ২০২ খ্ৰীঃপূঃ
অনুৰাধাপুৰম, শ্ৰীলংকা
সমাধিস্থল শ্ৰীলংকা
ধৰ্ম বৌদ্ধ ধৰ্ম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসংগী অগ্নিব্ৰহ্ম
সন্তান সুমন (পুত্ৰ)
পিতৃ-মাতৃ
Sect থেৰাবাদ
অন্য নাম Sanghamitrā (Sanskrit)

সংঘমিত্ৰা (ইংৰাজী: Sangamitra; পালি: সংঘমিত্তা) সংঘামিত্ৰা সম্ৰাট অশোক (৩০৪ খ্ৰীঃপূঃ- ২৩২ খ্ৰীঃপূঃ) আৰু দেৱীৰ জ্যেষ্ঠা কন্যা। ভাতৃ মহেন্দ্ৰৰ সৈতে তেওঁ বৌদ্ধ ভিক্ষুত্ব গ্ৰহণ কৰিছিল। সম্ৰাট অশোকৰ সমসাময়িক ৰজা দেৱনামপ্ৰিয় তিস্যৰ (২৫০ খ্ৰীঃপূঃ- ২১০ খ্ৰীঃপূঃ) অনুৰোধত এই দুই ভাই-ভনীয়ে সিংহল দ্বীপলৈ বৌদ্ধ ধৰ্মৰ বাণী প্ৰচাৰৰ গৈছিল। অশোকে প্ৰথমে নিজৰ জীয়ৰীক বিদেশলৈ পঠাবলৈ অনিচ্ছুক আছিল, কিন্তু সংঘামিত্ৰাৰ আগ্ৰহত তেওঁ অৱশেষত মান্তি হৈছিল। ৰাণী অনুলা আৰু অনুৰাধাপুৰৰ দৰবাৰৰ মহিলাসকলক মহিন্দ্ৰই বৌদ্ধ ধৰ্মত দিক্ষিত কৰাৰ পাছত তেওঁলোকে ভিক্ষুণী হোৱাৰ আগ্ৰহ প্ৰকাশ কৰাত ৰজা তিস্যৰ অনুৰোধত সংঘামিত্ৰাক অন্যান্য ভিক্ষুণীসকলৰ সৈতে একেলগে সিংহল দ্বীপলৈ পঠিওৱা হৈছিল।[1][2][3][4][5]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

সংঘমিত্তৰ পিতৃ-মাতৃ আছিল সম্ৰাট অশোক আৰু তেওঁৰ প্ৰথম পত্নী দেৱী। ২৮২ খ্ৰীষ্টপূৰ্বত তেওঁৰ জন্ম হৈছিল। প্ৰকাশিত জনপ্ৰিয় ৰচনাসমূহৰ মতে তেওঁ সম্ৰাট অশোকৰ দ্বিতীয় সন্তান আৰু মহিন্দ্ৰ তেওঁৰ ককায়েক। তেওঁৰ জন্ম উজ্জেনীত হৈছিল (বৰ্তমান মধ্য প্ৰদেশৰ উজ্জয়িনীত)। ১৪ বছৰ বয়সত তেওঁ অশোকৰ ভতিজাক অগ্ৰিব্ৰাহ্মীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। অগ্ৰিব্ৰাহ্মী এজন অৰ্হৎ আছিল। তেওঁলোকৰ পুত্ৰ সামনেৰ সুমনও পিছলৈ এজন অৰ্হৎ হৈছিল আৰু মোমায়েক মহিন্দ্ৰৰ সৈতে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবলৈ সিংহললৈ গৈছিল। ১৮ বছৰ বয়সত তেওঁ গুৰু ধৰ্মপালৰ নিৰ্দেশত থেৰাবাদী বুদ্ধধৰ্মত শৰণ লৈছিল। একে সময়তে মহিন্দ্ৰয়ো শৰণ লৈছিল। ‘ধম্ম’ৰ প্ৰতি সমৰ্পিত তেওঁৰ অধ্যাৱসায়ৰ বাবে তেওঁ অৰ্হৎ থেৰীলৈ উত্তৰণ হৈছিল আৰু পাতালিপুত্ৰত (বৰ্তমানৰ পাটনা) বাস কৰিবলৈ লৈছিল।[6][7]

শেষ জীৱন

[সম্পাদনা কৰক]

২০৩ খ্ৰীষ্টপূৰ্বত ৰজা উত্তিয়ৰ শাসনৰ নৱম বৰ্ষত অনুৰাধাপুৰত সংঘমিত্তৰ ৭৯ বছৰ বয়সত মৃত্যু হয়। ৰজা উত্তিয়ই তেওঁৰ শেষকৃত সমাপন কৰিছিল। তেওঁৰ সন্মানত সিংহলত এসপ্তাহ জুৰি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তেওঁক চিত্তশালাৰ ওচৰত থুপাৰামত, বোধিবৃক্ষৰ সন্মুখত সৎকাৰ কৰা হৈছিল। এই স্থান মৃত্যুৰ পূৰ্বে সংঘমিত্তই নিজে বাচনি কৰিছিল। থেৰীগৰাকীৰ চিতাভস্মৰ ওপৰত ৰজা উত্তিয়ই এটা স্তুপ নিৰ্মাণ কৰাই দিছিল।[6]

প্ৰতি বছৰে শ্ৰীলংকাত ডিচেম্বৰ মাহৰ পূৰ্ণিমাৰ দিনা ভিক্ষুণী সংঘ প্ৰতিষ্ঠা কৰিবলৈ সংঘমিত্তই শ্ৰীলংকালৈ অহা আৰু বোধগয়াৰ বোধিবৃক্ষৰ ডাল এটা অনুৰাধাপুৰত ৰোপন কৰা দিনটোক স্মৰণ কৰিবলৈ দেশখনত 'উন্দুভাপ পোয়া' উৎসৱ পালন কৰা হয়। এই উৎসৱক ‘সংঘমিত্ত দিৱস’ হিচাপে নিৰ্দ্ধাৰিত কৰা হৈছে। ১৯০৩ চনত শ্ৰীলংকাৰ মহাবোধি সমিতিৰ পৰামৰ্শত পুনৰ্জীৱিত কৰা এই অনুষ্ঠানটো প্ৰতি বছৰে দহগৰাকী নিৰ্দিষ্ট ভিক্ষুণীয়ে অনুষ্ঠান উদযাপন আৰম্ভ কৰে।[5]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Sanghamittā Therī". What the Buddha said in plain English!. Archived from the original on 2019-09-04. https://web.archive.org/web/20190904163231/http://what-buddha-said.net/library/DPPN/sa/sanghamitta_theri.htm আহৰণ কৰা হৈছে: 2010-04-28.
  2. "A brief history of Sanghamitta". Bodhistav Foundation. Archived from the original on 2011-07-25. https://web.archive.org/web/20110725205251/http://www.thaibhikkhunis.org/eng/index.php?option=com_content&task=view&id=51&Itemid=21 আহৰণ কৰা হৈছে: 2010-05-02.
  3. "Mahindagamanaya was more than a diplomatic mission". Daily Mirror. Archived from the original on 2017-09-06. https://web.archive.org/web/20170906165938/http://dhammatimes.blogspot.com/2007/06/mahindagamanaya-was-more-than.html আহৰণ কৰা হৈছে: 2010-05-02.
  4. "Theerrii Sanghamiitttta and The Bodhii—tree". প্ৰকাশক California: A Gift of Dhamma:Maung Paw. পৃষ্ঠাসমূহ: 1–8. Archived from the original on 2011-07-24. https://web.archive.org/web/20110724120135/http://www.usamyanmar.net/Buddha/Article/The%20Theri%20Arahant%20Sanghamitta.pdf আহৰণ কৰা হৈছে: 2010-05-02.
  5. 1 2 Harishchanndar, Walisinha (1998). The sacred city of Anuradhapura. Asian Educational Services. পৃষ্ঠা. 29–36. ISBN 81-206-0216-1. https://books.google.com/books?id=aWv0A4abVyQC&q=Sanghamitta&pg=PA30 আহৰণ কৰা হৈছে: 2010-05-02.
  6. 1 2 "Sangamitta Teri". What Buddha Said Net. Archived from the original on 2019-09-04. https://web.archive.org/web/20190904163231/http://what-buddha-said.net/library/DPPN/sa/sanghamitta_theri.htm আহৰণ কৰা হৈছে: 2010-05-02.
  7. Malalasekera, G.P. (2003). Dictionary of Pali Proper Names: Pali-English. Asian Educational Services. পৃষ্ঠা. 990. ISBN 81-206-1823-8. https://books.google.com/books?id=x8ObMQ1GGsUC&q=Sanghamitta&pg=PA990 আহৰণ কৰা হৈছে: 2010-05-02.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]