শ্ৰীলংকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলঙ্কা
ශ්‍රී ලංකා ප්‍රජාතාන්ත්‍රික සමාජවාදී ජනරජය
இலங்கை ஜனநாயக சோசலிசக் குடியரசு
ৰাষ্ট্ৰীয় সঙ্গীত
"শ্ৰী লংকা মাতা"
শ্ৰীলংকা-ৰ অৱস্থান
ৰাজধানীশ্ৰী জয়বৰ্ধনপুৰ[1]
6°54′N 79°54′E / 6.9°N 79.9°E / 6.9; 79.9
বৃহত্তম নগৰ কলম্বো
ৰাষ্ট্ৰভাষা (সমূহ) সিংহলী, তামিল
চৰকাৰ গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি
 -  প্ৰধানমন্ত্ৰী
স্বাধীনতা যুক্তৰাজ্যৰ পৰা 
 -  মুক্তি ফেব্ৰুৱাৰী ৪ ১৯৪৮ 
 -  প্ৰজাতন্ত্ৰ ২২ মে’ ১৯৭২ 
 -  জলভাগ (%) ৪.৪ ( বৰ্গ কিমি)
জনসংখ্যা
 -  ২০০৫ আনুমানিক ২,০৭,৪৩,০০০ (৫২)
 -  ২০০১ লোকপিয়ল ১,৮৭,৩২,২৫৫ 
 -  ঘনত্ব ৩১০ প্ৰতি বৰ্গকিমি (৩৫)
৮১৮ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৫ আনুমানিক
 -  মুঠ $৮৬.৭২ বিলিয়ন (৬১তম)
 -  জনমুৰি $৪৬০০ (১১১তম)
জিনি সহগ? (১৯৯৯-০০) ৩৩.২ (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৪) বৃদ্ধি০.৭৫৫ (মধ্যম) (৯৩তম)
মুদ্ৰা শ্ৰীলংকা ৰুপী (LKR)
সময় অঞ্চল (ইউটিচি+৫:৩০)
ইণ্টাৰনেট টিএলডি .lk
কলিং ক'ড ++৯৪

শ্ৰীলংকা (/srˈlɑːŋkə[unsupported input]-ˈlæŋkə/ or Listeni/ʃr-/;[2][3]) (সিংহল: ශ්‍රී ලංකාව, শ্ৰী লাংকাবা, তামিল: இலங்கை, ইলাংকাই) দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলংকা১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ধনপুৰ কোট। ইয়াৰ প্ৰধান চহৰ কলম্বোভাৰতৰ দক্ষিণ উপকূলৰ পৰা ৩১ কিলোমিটাৰ দুৰত্বত অৱস্থিত। ২ কোটি জনসংখ্যাৰ এই দেশত ১৪% ৰ অধিক লোকৰ দৈনিক আয় ১.২৫ মাৰ্কিন ডলাৰৰ তলত। প্ৰাচীনকালৰ পৰাই শ্ৰীলংকা বৌদ্ধ ধৰ্মাম্বলীসকলৰ তীৰ্থস্থান হিচাপে পৰিচিত। সিংহলি সম্প্ৰদায় এই দেশৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী। উত্তৰ-পূব দিশৰ স্বতন্ত্ৰ সাংস্কৃতিক ঐতিহ্যলৈ তামিল সম্প্ৰদায় দেশৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। অন্যান্য সম্প্ৰদায়ৰ মাজত মূৰ, বাৰ্ঘেৰ, কাফিৰ, মালায় উল্লেখযোগ্য[4]। শ্ৰীলংকাতচাহ, কফি, নাৰিকল, ৰবৰ উৎপাদন আৰু ৰপ্তানীৰ বাবে বিখ্যাত। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য সম্বলিত সমুদ্ৰতীৰ, ভূদৃশ্য তদুপৰী সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যই শ্ৰীলংকাক পৃথিৱীৰ পৰ্যটকসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় কৰি তুলিছে।

নামাকৰণ[সম্পাদনা কৰক]

প্ৰাচীনকালৰ পৰাই শ্ৰীলংকা অনেক নামেৰে পৰিচিত। প্ৰাচীন গ্ৰীক ভূগোলবিদসকলে ইয়াক তপ্ৰোবান আৰু আৰবৰ চেৰেনদীব নামেৰে মাতিছিল। ১৫০৫ খ্ৰীষ্টাব্দত পৰ্তুগিজসকলে এই দ্বীপত অহা পাছত ইয়াৰ নাম চেইলাও ৰাখে যাৰ ইংৰাজী শব্দ হ’ল Ceylon। ১৯৪৮ চন পৰ্যন্ত ব্ৰিটিছসকলৰ অধীনত থকা অৱস্থাত এই নামেৰেই পৰিচিত আছিল। ১৯৪৮ চনত এই নামেৰেই স্বাধীনতা লাভ কৰে আৰু পাছত ১৯৭২ চনত দাপ্তৰিক নাম পৰিৱৰ্তন কৰে মুক্ত, সাৰ্বভৌম আৰু স্বাধীন প্ৰজাতন্ত্ৰী শ্ৰীলংকা ৰখা হয়। শ্ৰীলংকা নামটি সংস্কৃত শব্দ "শ্ৰী" আৰু "লংকা" ৰ পৰা আহিছে। শ্ৰী শব্দৰ অৰ্থ পবিত্ৰ আৰু লংকাৰ অৰ্থ হ’ল দ্বীপ।

ভূগোল আৰু জলবায়ু[সম্পাদনা কৰক]

ভাৰত উপমহাদেশৰ দক্ষিণে ভাৰত মহাসাগৰত শ্ৰীলংকা অৱস্থিত। পক্ নামৰ এক অগভীৰ আৰু ঠেক প্ৰণালীয়ে এই দ্বীপক ভাৰত উপমহাদেশৰ পৰা পৃঠক কৰিছে। দ্বীপটো ৫°৫৫'ৰ পৰা ৯°৫০' উত্তৰ অক্ষাংশ আৰু ৭৯°৪২' ৰ পৰা ৮১°২১' পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ মুঠ আয়তন ৬৫,৬১০ বৰ্গকিঃমিঃ। দ্বীপটোৰ প্ৰায় তিনিওফালে বহল উপকূল অঞ্চলে আগুৰি থকা দক্ষিণ-মধ্য ভাগত এটা মালভূমি আছে। মালভূমিটোত প্ৰায় ২,১৩৪ মিঃ আৰু ২,৪৩৮ মিঃ উচ্চতাযুক্ত শৃংগৰ কেইবাশাৰী ওখ পৰ্বত আছে। আদাম শৃংগ আৰু পিদুৰাটালাগালা এই অঞ্চলৰ উল্লেখযোগ্য শৃংগ। পিদুৰাটালাগালা শৃংগৰ উচ্চতা ২,৫২৮ মিঃ আৰু ই শ্ৰীলংকাৰ উচ্চতম শৃংগ।

শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় মৌচুমী। উপকূলীয় সমতল আৰু নিম্নভূমি অংশত এই জলবায়ু উষ্ণ আৰু উচ্চ অংশত ই নাতিশীতোষ্ণ। উপকূল অঞ্চলত সামুদ্ৰিক বায়ুৱে জলবায়ু কিছু পৰিমাণে শীতল কৰি ৰাখে। মে' মাহত ইয়াত সৰ্বাধিক গৰম আনহাতে জানুৱাৰী মাহেই শ্ৰীলংকাৰ আটাইতকৈ শীতল মাহ, যদিও বেছি শীত অনুভৱ নহয়। দ্বীপটোৰ দক্ষিণ-পশ্চিমত বৰষুণৰ পৰিমাণ বেছি। ইয়াৰ নিম্নভূমি অঞ্চলত বৃষ্টিপাতৰ গড় ৭৫ ইঞ্চি আৰু পাৰ্বত্য অঞ্চলত ১০০ ইঞ্চিতকৈ অধিক।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 7°N 81°E / 7°N 81°E / 7; 81