লেবানন
লেবানন গণতন্ত্ৰ الجمهورية اللبنانية La République Libanaise Al-Jumhūriyyah al-Lubnāniyyah Lebanese Republic | |
|---|---|
| Motto: كلنا للوطن للعلى للعلم (আৰৱী ভাষা) "Nous sommes tous pour le pays, la sublimation et le drapeau!" (ফৰাচী ভাষা) "আমি আমাৰ দেশৰ বাবে, জাকত-জিলিকা আৰু পতাকা (We are all for the Country, the Sublime and the Flag!)" | |
| Anthem: কুল্লুনা লিল' ৱাটান লিল উলা লিল আলম | |
| ৰাজধানী and largest city | বেইৰুত |
| Official languages | আৰৱী ভাষা ফ্ৰেন্স ভাষা |
| Demonym | লেবানিছ |
| Government | গণতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
মাইকেল চুলেইমান |
• প্ৰধানমন্ত্ৰী |
চাদ হাৰীৰি |
| ফ্ৰান্সৰ পৰা স্বাধীনতা | |
• ঘোষণা |
২৬ নৱেম্বৰ ১৯৪১ |
• স্বীকীৰ্তি |
২২ নৱেম্বৰ ১৯৪৩ |
| Area | |
• Total | 10,452 বৰ্গ কি.মি. (4,036 বৰ্গ মাইল) (১৬৬ তম) |
• Water (%) | 1.6 |
| Population | |
• জুলাই ২০০৭ estimate | ৪,০৯৯,০০০ (১২৮তম) |
• Density | 358 /কিমি২ (927.2 /বৰ্গ মাইল) (২৬তম) |
| GDP (PPP) | ২০০৬ estimate |
• Total | $২১.৪৫ বিলিয়ন (১০৩তম) |
• Per capita | $৬,১০০ (৯০তম) |
| HDI (২০০৬) | Error: Invalid HDI value (৭৮তম) |
| Currency | লেবানিছ লিৰা (LL) (LBP) |
| Time zone | UTC+২ (পূব ইউৰোপীয়ান সময় (EET)) |
• Summer (DST) | UTC+৩ (পূব ইউৰোপীয়ান গ্ৰীষ্মকালীন সময় (EEST)) |
| Calling code | ৯৬১ |
| ISO 3166 code | LB |
| Internet TLD | .lb |
লেবানন, চৰকাৰী ভাবে লেবানন গণৰাজ্য, পশ্চিম এছিয়াৰ ভূমধ্যসাগৰৰ পূব পাৰত অৱস্থিত এখন ৰাষ্ট্ৰ। ইয়াৰ উত্তৰ আৰু পূবত ছিৰিয়া আৰু দক্ষিণত ইজৰাইল দেশ অৱস্থিত। ভূমধ্যসাগৰৰ আৰু আৰৱৰ ভিতৰৰ ভাগৰ এই দেশখনৰ ইতিহাস সমৃদ্ধ আৰু মিশ্ৰিত। এই অঞ্চল পেলেষ্টাইনৰ অতি প্ৰাচীন প্ৰায় ২৫০০ খ্ৰীষ্টপূৰ্বৰ পৰা ৫৩৯ খ্ৰীষ্টপূৰ্বৰ সংস্কৃতিৰ স্থল। কোনো কোনো পণ্ডিতৰ মতে ইয়াতেই লিপিৰ আৱিষ্কাৰ হৈছিল। তাৰপিছত ফাৰ্চী, ইউৰোপীয়, ৰোমান, আৰৱী, আৰু উছমানি তুৰ্কী সকলৰ দ্বাৰা শাসিত হোৱাৰ পিছত অৱশেষত লেবানন ফ্ৰান্সৰ অধীনত যায়। এই ঐতিহাসিক পৰিঘটনা সমূহৰ বাবেই দেশ খনৰ ধাৰ্মিক আৰু জাতীয় বৈচিত্ৰতাত চহকী।
লেবাননৰ প্ৰায় ৬০% লোক মুছলমান। তাৰে ভিতৰত চিয়া আৰু চুন্নী সম্প্ৰদায়ৰ অনুপাত সমান। বাকী ৩৮% খ্ৰীষ্টিয়ান ধৰ্মৰ। ১৯৪৩ চনত ফ্ৰান্সৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইয়াত একপ্ৰকাৰৰ গৃহযুদ্ধ চলিছিল আৰু ২০০৬ চনত ইজৰাইলৰ লগত এক যুদ্ধ হয়।
ইয়াত এক বিশেষ প্ৰকাৰৰ গণতান্ত্ৰীক চৰকাৰে শাসন কৰে। ইয়াৰ ৰাষ্ট্ৰপতি এজন খ্ৰীষ্টিয়ান, প্ৰধানমন্ত্ৰী এজন চুন্নী মুছলমান, নিৰ্বাচিত প্ৰতিনিধিৰ সভাৰ অধ্যক্ষ এজন চিয়া মুছলিম আৰু উপ-প্ৰধানমন্ত্ৰী এজন পৰম্পৰাগত গ্ৰীক ধৰ্মৰ। আৰৱী আৰু ফৰাচী ইয়াৰ চৰকাৰী ভাষা।
লেবাননত দুটা পৰ্বত শ্ৰেণী আছে। ইয়াৰ উপকূলীয় সীমাৰেখাও যথেষ্ট বেছি। লেবাননক প্ৰায়ে "মধ্যপ্ৰাচ্যৰ পদ্মৰাগ মণি" বুলি কোৱা হয়।
ইয়াত প্ৰায় ৪ মিলিয়ন লোকে বসবাস কৰে।[1] আনহাতে প্ৰায় ১৬ মিলিয়ন লেবানিছ মানুহ বিশ্বৰ আন আন প্ৰান্তত বাস কৰে। লেবাননৰ সংস্কৃতি ঘাইকৈ পাশ্চাত্য সভ্যতাৰ লগত মিল আছে। সেয়ে ইয়াক প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলনভূমি বুলিও কোৱা হয়।
চিদাৰ গছ লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক। ইয়াৰ পৰ্বত-পাহাৰত যথেষ্ট পৰিমাণে এই গছ পোৱা যায়। লেবাননৰ মুঠ মাটিকালি ১০,৪৫২ বৰ্গ কিমি (৪,০৩৫ বৰ্গ মাইল), ইয়াৰে ১.৬% বা ১৬৭ বৰ্গ কিমি হৈছে জলভাগ। ২০০৭ চনৰ জুলাই মাহ অনুসৰি লেবাননৰ আনুমানিক জনসংখ্যা হৈছে মুঠ ৪,০৯৯,০০০।
প্ৰশাসন
[সম্পাদনা কৰক]লেবানন ছয়খন প্ৰশাসনিক অঞ্চলত বিভক্ত। এই ছয়খন প্ৰশাসনিক অঞ্চল আকৌ ২৫খন জিলাত ভাগ কৰা হৈছে। [2] জিলা সমূহ আকৌ কেইবাখনো পৌৰসভাত বিভক্ত কৰা হৈছে।
- বেইৰুত প্ৰশাসনিক অঞ্চল
- বেইৰুত প্ৰশাসনিক অঞ্চল কোনো আন জিলাত ভাগ কৰা হোৱা নাই। ই কেৱল ৰাজধানী বেইৰুত চহৰেৰে গঠিত।
- নাবাটিয়েহ প্ৰশাসনিক অঞ্চল (জাবল আমেল)
- বিণ্ট জীবেল জিলা
- হাশ্ববায়া জিলা
- মাৰজেয়ুন জিলা
- নাবাটিয়েহ জিলা
- বেক্কা প্ৰশাসনিক অঞ্চল
- বালবেক জিলা
- হেৰমেল জিলা
- ৰাশায়া জিলা
- পশ্চিম বেক্কা জিলা (আল বেক্কা লাল ঘৰবি)
- জাহলে জিলা
- উত্তৰ প্ৰশাসনিক অঞ্চল (আল শামাল)
- অক্কাৰ জিলা
- বাটৰৌন জিলা
- বশ্বৰৰী জিলা
- কৌৰা জিলা
- মিনিয়েহ দাননীয়েহ জিলা
- ত্ৰিপলি জিলা
- জঘৰতা জিলা
- মাউণ্ট লেবানন প্ৰশাসনিক অঞ্চল (জাবল লুবনান)
- এলে জিলা
- বাব্দা জিলা
- বিবলছ (জাবেলি)
- চৌফ জিলা
- কেছেৰৱান জিলা
- মাতন জিলা
- দক্ষিণ প্ৰশাসনিক অঞ্চল (আল জানোব )
- জেঝজিন জিলা
- চিদন জিলা (চাইদা )
- টায়াৰ জিলা (চুৰ)

ৰাজনীতি
[সম্পাদনা কৰক]লেবানন এক সংসদীয় গণতন্ত্ৰ যত চৰকাৰৰ সৰ্বোচ্চ পদসমূহ আনুপাতিক হাৰে কিছু নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীৰ লোকৰ প্ৰতিনিধিৰ বাবে নিৰ্ধাৰিত। সংবিধান অনুসৰি প্ৰতি ৪ বছৰ অন্তৰালত সংসদীয় নিৰ্বাচন হয়। আইনসভাই আগন্তুক ৬ বছৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। লেবাননৰ শেষ সংসদীয় নিৰ্বাচন ২০০৯ চনত আৰু ৰাষ্ট্ৰপতি নিৰ্বাচন ২০০৮ চনত অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি আৰু আইনসভাই একত্ৰে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "The World Factbook". United States government. Archived from the original on 10 September 2017. https://web.archive.org/web/20170910080711/https://www.cia.gov/library/publications/the-world-factbook/geos/le.html#People। আহৰণ কৰা হৈছে: 20 March 2016.
- ↑ USAID Lebanon. "USAID Lebanon—Definitions of Terms used" Archived 2007-01-27 at the Wayback Machine. Retrieved 17 December 2006.
| |||||||||||||||||||||