বেইৰুত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেইৰুট
بيروت‎
—  চহৰ  —
লেবাননৰ মানচিত্ৰত বেইৰুটৰ অৱস্থান
ভৌগোলিক স্থানাংক: 33°53′13″N 35°30′47″E / 33.88694°N 35.51306°E / 33.88694; 35.51306
দেশ  লেবানন
গভৰ্ণৰেট বেইৰুট গভৰ্ণৰেট
চৰকাৰ
 - মেয়ৰ আব্দুল মুনিম আৰেছ
মাটিকালি
 - মুঠ ৮৫ কি.মি. 
(৩২.৮ বৰ্গ মাইল)
জনসংখ্যা (২০০৯)
 - মুঠ ২০,০৬,৪৫২ জন
 - জনঘনত্ব ২৩,৬০৫.৩১ প্ৰতি বৰ্গ কি.মি. 
(৬১,১৩৭.৫ প্ৰতি বৰ্গ মিটাৰ)
সময় অঞ্চল +২
 - গ্ৰীষ্ম (দি স স) +৩ (গ্ৰী.মা.স.)
ৱেবছাইট বেইৰুটৰ চৰকাৰী ৱেবছাইট

বেইৰুট (ইংৰাজী:  Beyrut) হৈছে লেবাননৰ ৰাজধানী তথা প্ৰধান চহৰ। ২০০৭ চনৰ মতে ইয়াৰ জনসংখ্যা হৈছে ২১ লাখ। লেবাননৰ অক্ষৰেখাৰ প্ৰায় সোঁমাজত ভূমধ্যসাগৰৰ এটা উপদ্বীপত বেইৰুট অৱস্থিত। ই লেবাননৰ সৰ্ববৃহৎ চহৰ তথা বিমানবন্দৰ। এই চহৰৰ সৈতে অন্য কিছু উপ-চহৰ লগ লাগি বেইৰুট জিলা গঠন কৰিছে।

ভূগোল[সম্পাদনা কৰক]

উপগ্ৰহৰ পৰা বেইৰুট চহৰ দেখা পোৱা গৈছে।
পিজ'নছ শিলা (ৰাউচে)

বেইৰুটৰ অৱস্থান হৈছে ভূমধ্যসাগৰৰ পাৰৰ পশ্চিমমূখী এটা উপদ্বীপত অৱস্থিত। [1]। ই লেবানন-ইজৰাইল সীমান্তৰ পৰা প্ৰায় Lua error in Module:Convert at line 1769: attempt to index field 'en_option_name' (a nil value). উত্তৰে অৱস্থিত। [2] চহৰখনৰ চাৰিওফালে লেবাননৰ পৰ্বতসমূহ আছে। দুটা পাহাৰৰ ওপৰ আৰু কাষত বিস্তাৰ হোৱা এই চহৰখনৰ আকৃতি প্ৰায় ত্ৰিকোণাকাৰ। পাহাৰকেইখন হৈছে আল-আছৰাফি, আৰু আল-মুছাইটিবাহ। বেইৰুত গভৰ্ণৰেটৰ এলেকা হৈছে ১৮ বৰ্গ কিলোমিটাৰ (৬.৯ বৰ্গ মাইল)। চহৰখনৰ মেট্ৰ'পলিটান এলেকাৰ ক্ষেত্ৰফল হৈছে ৬৭ বৰ্গ কিলোমিটাৰ (২৬ বৰ্গ মাইল)।[1] বেইৰুটৰ উপকূলীয় এলেকা বৈচিত্ৰময় - ইয়াত আছে শিলাময় সমভূমি, বালিৰে ভৰা মৰুভূমি আৰু পাহাৰ।

জলবায়ু[সম্পাদনা কৰক]

বেইৰুটত ভূমধ্যসাগৰীয় জলবায়ু বিদ্যমান। ইয়াত গ্ৰীষ্মকাল শুকান আৰু উত্তপ্ত হৈ থাকে। বসন্ত আৰু শৰৎ কাল বেছ আৰামদায়ক। শীতকালত ঠাণ্ডা পৰে আৰু বৰষুণ দিয়ে। আগষ্ট মাহত সৰ্বাধিক গৰম হয়, সেই সময়ত গড় তাপমাত্ৰা ২৯° ছে: (৮৪° ফা:) পৰ্যন্ত হয়। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত সকলোতকৈ বেছি ঠাণ্ডা পৰে, সেই সময়ত নিম্নতম তাপমাত্ৰা ১০° ছে: (৫০° ফা:) পৰ্যন্ত হয়। পূৱা আৰু সন্ধ্যাৰ সময়ত পশ্চিম দিশে সমুদ্ৰৰ পৰা তীৰলৈ বতাহ (জল বতাহ) বলে। ৰাতি ইয়াৰ বিপৰীত দিশত অৰ্থাৎ ভূমিৰ পৰা সমুদ্ৰলৈ বতাহ (স্থল বতাহ) বলে।

বেইৰুটৰ গড় বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ হৈছে ৮৬০ মিলিমিটাৰ (৩৪.১ ইঞ্চি)। ইয়াত শীতকালত বেছিকৈ বৰষুণ হয়। সাধাৰণতে কম পৰিমাণৰ বৃষ্টিপাত হয় যদিও কেতিয়াবা প্ৰবল বৰষুণ হোৱা দেখা যায়। বেইৰুটত তুষাৰপাত অতি বিৰল, কেতিয়াবা পৰিলেও মাটিত জমা হোৱাকৈ তুষাৰপাত নপৰে। যোৱা ১০০ বছৰত মাত্ৰ তিনিবাৰ (১৯২০, ১৯৪২ আৰু ১৯৫০ চনত) ইয়াৰ ব্যতিক্ৰম হৈছিল।

বেইৰুটৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °F 77 79 84 82 88 92 97 98 95 89 85 80 98
গড় উষ্ণতা - উচ্চ °F ৫৭ ৬০ ৬৪ 70 76 80 86 89 82 77 69 61 72.6
গড় উষ্ণতা - নিম্ন °F 49 50 52 58 63 69 74 75 72 68 59 51 61.7
বৰ্ষাপাতৰ পৰিমাণ ইঞ্চি 7.4 6 3.8 2 0.7 0.1 0 0 0.2 1.9 4.7 6.9 33.7
সৰ্বাধিক উষ্ণতা °C 25 26 29 28 31 33 36 37 35 32 29 27 37
গড় উষ্ণতা - উচ্চ °C 14 16 18 21 24 27 30 32 28 25 21 17 22.8
গড় উষ্ণতা - নিম্ন °C 9 10 11 14 17 21 23 24 22 20 15 11 16.5
বৰ্ষাপাতৰ পৰিমাণ cm 18 15 9 5.1 1.7 0.25 0 0 0.5 4 12 17 82.55
উৎস: Weatherbase[3]

জনগাঠনি[সম্পাদনা কৰক]

১৯৩২ চনৰ পৰা বেইৰুতত কোনো লোকপিয়ল কৰা হোৱা নাই,[4] আৰু বেইৰুতৰ আনুমানিক জনসংখ্যাৰ পৰিসৰ সৰ্বনিম্ন ৯,৩৮,৯৪০ জন[5] যদিও বৃহত্তৰ বেইৰুতৰ অংশ হিচাপে সৰ্বোচ্চ ১৩,০৩,১২৯ জনৰ[6] পৰা ২০,১২,০০০ জন।[7]

ধৰ্ম[সম্পাদনা কৰক]

বেইৰুত হৈছে লেবানন তথা সমগ্ৰ মধ্য পূৱৰ এখন অত্যাধিক জনসংখ্যা তথা ধাৰ্মিক বিভিন্নতাৰে ভৰা নগৰ।[8] নগৰখনত যথেষ্ট সংখ্যক খ্ৰীষ্টান আৰু মুছলমান লোক আছে। বেইৰুতত ১৮ টা স্বীকৃত ধৰ্মীয় গোট আছে।[9] গণযুদ্ধৰ পিছতেই কপ্টক ১৮তম ধৰ্ম হিচাপে স্বীকৃতি দিয়া হয়। পূৰ্বৰ ১৭ টা ধৰ্ম হৈছে, চাৰিটা মুছলীম উপভাগ: ছুন্নি, ছিয়া, আলাৱি আৰু ড্ৰুজে, বাৰটা খ্ৰীষ্টান উপভাগ: আছ্ছেৰিয়ান, কেথলিক, ছিৰিয়াক, ছিৰিয়াক অৰ্থডক্স, চালডীন, মেৰ'নিটছ, "ৰোম" কেথলিক, গ্ৰীক কেথলিক, গ্ৰীক অৰ্থডক্স, আৰ্মেনিয়ান অৰ্থডক্স, ইভানগেলিকেলছ, আৰু এটা গোট হিচাপে গণ্য কৰা অন্য ক্ষুদ্ৰ খ্ৰীষ্টান উপভাগসমূহ, আৰু জিয়ুছ (কিছুমান বৰ্তমান লেবাননত বাস কৰে, কিন্তু লেবানিজ জিয়ুছ অভিভাৱকসকলে সন্তানসকলক হয়তো লেবানিজ এম্ৰেছীৰ নাগৰিক হিচাপে পঞ্জীয়ন কৰে)।[10]

বিয়া, বিবাহ বিচ্ছেদ আদি পাৰিবাৰিক বিষয়সমূহ বৰ্তমানেও ধৰ্মীয় কতৃপক্ষক প্ৰতিনিধিত্ব কৰা বিশ্বাসৰ (মিলাট) পদ্ধতিত মিমাংসা কৰা হয়। বিংশ শতিকাৰ মধ্যভাগলৈকে বেইৰুতৰ এটা অঞ্চল জিয়ুছ সকলৰ বাসস্থান হিচাপে পৰিচিত আছিল।

পূৱ বেইৰুতত প্ৰধানকৈ খ্ৰীষ্টান ধৰ্মীলোকৰ সংখ্যা বেছি, ইয়াত মুছলমানসকল সংখ্যালঘূ, আনহাতে পশ্চিম বেইৰুতত ছুন্নি মুছলমানৰ সংখ্যা সৰহ আৰু খ্ৰীষ্টান তথা ড্ৰুজসকল সংখ্যালঘূ। গণযুদ্ধ সমাপ্ত হোৱাৰ পিছৰে পৰা পূৱ আৰু পশ্চিম বেইৰুতত খ্ৰীষ্টান আৰু মুছলমানৰ সংখ্যা বৃদ্ধি হবলৈ ধৰে। দক্ষিণ ভাগত ছিয়া মুছলমানৰ সংখ্যা অধিক সেইদৰে উত্তৰ ভাগত খ্ৰীষ্টানৰ সংখ্যা অধিক। নগৰখনত কিছু সংখ্যক ৰোমান কেথলিক লোকো আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]