পূৱ টিমুৰ
গণপ্ৰজাতন্ত্ৰী পূৱ টিমুৰ Repúblika Demokrátika Timór Lorosa'e República Democrática de Timor-Leste | |
|---|---|
| Motto: Unidade, Acção, Progresso (পতুৰ্গিজ: "একতা, কাৰ্য, উন্নতি") | |
| Anthem: Pátria | |
| ৰাজধানী and largest city | দিলি |
| Official languages | টেমুৰ আৰু পতুৰ্গিজ1 |
| Demonym | ইষ্ট টিমুৰীজ |
| Government | Parliamentary republic |
| José Ramos Horta | |
• |
Taur Matan Ruak |
| Independence পৰ্তুগালৰ পৰা2 | |
• Declared |
২৮ নৱেম্বৰ, ১৯৭৫ |
• Recognized |
২০ মে, ২০০২ |
| Area | |
• Total | 15,410 বৰ্গ কি.মি. (5,950 বৰ্গ মাইল) (১৫৮তম) |
• Water (%) | সামান্য |
| Population | |
• জুলাই ২০০৫ estimate | 947,000 (১৫৫তম) |
• Density | 64 /কিমি২ (165.8 /বৰ্গ মাইল) (১৩২তম) |
| GDP (PPP) | 2005 estimate |
• Total | $১৬৮ কোটি (২০৬) |
• Per capita | $৮০০ (১৮৮) |
| HDI (2004) | 0.513 low (১৪২তম) |
| Currency | ইউ. এছ. ডলাৰ3 (USD) |
| Time zone | UTC+৯ |
| Calling code | ৬৭০ |
| Internet TLD | .tl4 |
| |
পূৱ টিমুৰ (টেটুম: Timór Lorosa'e টিমুৰ্ লোৰোছায়ে, পৰ্তুগিজ: Timor-Leste টেমুৰ লেষ্ট্যি আ-ধ্ব-ব: [ti'moɾ 'lɛʃtɨ]) দক্ষিণ-পূৱ এছিয়াৰ এখন ৰাষ্ট্ৰ। টিমুৰ দ্বীপৰ পূৱ অৰ্ধাংশক লৈ দেশখন গঠিত। ইয়াৰ উত্তৰে ৱেটাৰ প্ৰণালী আৰু দক্ষিণে টিমুৰ সাগৰ আছে। দ্বীপৰ পশ্চিম অংশ ইণ্ডোনেছিয়া পূৱ নুছা তেংগাৰৰা প্ৰদেশৰ অন্তৰ্গত। ১৬শ শতিকাৰ আৰম্ভণিৰ পৰা ১৯৭৫ চন পৰ্যন্ত পূৱ টিমুৰ এক পতুৰ্গিজ উপনিৱেশ আছিল। ১৯৭৬ৰ পৰা ১৯৯৯ চন পৰ্যন্ত ইণ্ডোনেছিয়াই ইয়াক এখন প্ৰদেশ হিচাপে দাবী কৰে। ১৯৯৯ চনৰ আগষ্ট মাহত পুৱ টিমুৰৰ জনগণে এক গণভোটৰ মাধ্যমেৰে স্বাধীনতাৰ সপক্ষে ৰায় দান কৰে। পূৰ্ণ স্বাধীনতা লাভৰ আগলৈকে এই দেশখন ৰাষ্ট্ৰ সংঘৰ অধীনত আছিল। ২০০২ চনৰ মে মাহত দেশখনে পূৰ্ণ স্বাধীনতা লাভ কৰি সম্পূৰ্ণ প্ৰজাতন্ত্ৰত পৰিণত হয়। ইয়াৰ নাম ৰখা হয় "República Democrática de Timor-Leste" অৰ্থাৎ "গণপ্ৰজাতন্ত্ৰী পূৱ টিমুৰ। " উত্তৰ উপকূলত অৱস্থিত বন্দৰ নগৰ দিলি হৈছে পূৱ টিমুৰৰ ৰাজধানী।
ইতিহাস
[সম্পাদনা কৰক]১৯৭৫ চনলৈকে পূৱ টিমুৰ পৰ্তুগালৰ এক উপনিৱেশ আছিল। ১৯৭৫ চনত ইণ্ডোনেছিয়াই এই দ্বীপটো দখল কৰে। তাৰ পিছৰ পৰাই দ্বীপটোত চৰম নিসংহতা, উত্তেজনা আৰু অসন্তোষৰ আৰম্ভ হয়। অৱশেষত ১৯৯৯ চনৰ ৩০ আগষ্টত ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত স্বাধীনতাৰ প্ৰশ্নলৈ এক গণভোট অনুষ্ঠিত হয় আৰু স্বাধীনতাৰ সপক্ষে প্ৰায় ৭৮.৫% ভোটদান হয়। ২০০২ চনৰ ১৪ এপ্ৰিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী আলেকজেণ্ডাৰ হোছে জানানা গোছামাই ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ২০০১ চনৰ ৩০ আগষ্টত অনুষ্ঠিত হোৱা প্ৰথম সংসদীয় নিৰ্বাচনত স্বাধীনতাকামী দল ফ্ৰেটিলিনে দেশৰ আইন সভাৰ ৮৮খন আসনৰ ভিতৰত ৫৫খন আসনত জয় লাভ কৰে। আল কাটিৰিয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
নামকৰণ
[সম্পাদনা কৰক]"Timor" শব্দটো মালয় ভাষাৰ Timur শব্দৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "পূৱ", পৰ্তুগীজত Timor বুলি লিখা হৈছিল, সেইদৰে ইয়াৰ সামগ্ৰিক অৰ্থ হৈছে "পূৱ পূৱ": পৰ্তুগীজত Timor-Leste (Leste শব্দইও পূৱ বুজায়); টেতুমত Timór Lorosa'e (Lorosa'eৰ অৰ্থ "পূৱ" (কাব্যিক "উদিত সূৰ্য"))। দ্বীপটোৰ নামৰ পিছত পূৱ অৰ্থ প্ৰকাশ কৰা পৰ্তুগীজ শব্দ ব্যৱহাৰ কৰি ইণ্ডোনেছিয়ান ভাষাত দেশ খনক টিমুৰ টিমুৰ বুলি কোৱা হয়।
সংবিধান অনুসৰি দেশখনৰ চৰকাৰী নাম হৈছে ডেমক্ৰেটিক ৰিপাব্লিক অৱ টিমুৰ-লিষ্ট[1] পৰ্তুগীজত ৰিপাব্লিকা ডেম'ক্ৰেটিকা ডি টিমুৰ-লিষ্ট, আৰু টেমুন ভাষাত ৰিপাব্লিকা ডেম'ক্ৰেটিকা টিমুৰ-লিষ্ট[2] বুলি কোৱা হয়।
আন্তৰ্জাতিক মান সংস্থা (ISO) অনুসৰি ইংৰাজী আৰু অন্য সকলো ভাষাতে ৰাষ্ট্ৰ সংঘ, ইউৰোপিয়ান ইউনিয়ন,[3] আৰু বিভিন্ন উচ্চস্তৰীয় সংগঠন যেনে: ফ্ৰান্স (AFNOR), যুক্ত ৰাষ্ট্ৰ (ANSI),[4] যুক্ত ৰাজ্য (BSI), জাৰ্মানি (DIN), আৰু ছুইডেন (SIS), প্ৰ'টকল অনুসৰি সকলো চৰকাৰী অভিযান আৰু CIA World Factbook[5]ত গ্ৰহণ কৰা চৰকাৰী চমু নামটো হৈছে Timor-Leste (ক'ড: TLS আৰু TL)।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Constitution of the Democratic Republic of Timor-Leste". Government of Timor-Leste. http://timor-leste.gov.tl/wp-content/uploads/2010/03/Constitution_RDTL_ENG.pdf। আহৰণ কৰা হৈছে: 2 September 2016.
- ↑ 2.0 2.1 "Konstituisaun Repúblika Demokrátika Timór-Leste". Government of Timor-Leste. http://timor-leste.gov.tl/wp-content/uploads/2010/03/Constituicao_RDTL_TT.pdf। আহৰণ কৰা হৈছে: 2 September 2016.
- ↑ "European Union deploys Election Observation Mission to Timor Leste". Europa (web portal). http://europa.eu/rapid/pressReleasesAction.do?reference=IP/07/833&format=HTML&aged=0&language=EN&guiLanguage=en। আহৰণ কৰা হৈছে: 28 March 2010.
- ↑ "US Department of State: Timor Leste Country Page". State.gov. 20 January 2009. https://www.state.gov/p/eap/ci/tt/। আহৰণ কৰা হৈছে: 28 March 2010.
- ↑ "CIA World Factbook". US Govt.. 1 July 2014. https://www.cia.gov/index.html.
- ↑ "United Nations Member States". United Nations. http://www.un.org/members/list.shtml। আহৰণ কৰা হৈছে: 28 March 2010.
| |||||||||||||||||||||