আমেৰিকান ডলাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ বা আমেৰিকান ডলাৰ (ইংৰাজী: United States dollar; চিহ্ন: $; কোড: USD; ইয়াক আন দেশৰ ডলাৰ মুদ্ৰাৰ পৰা পাৰ্থক্য কৰিবলৈ US$ ৰূপেৰেও সংক্ষিপ্ত কৰা হয়) হৈছে ১৭৯২ চনৰ মুদ্ৰা অধিনিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অঞ্চলসমূহৰ চৰকাৰী মুদ্ৰা। এক ডলাৰক ১০০ চেণ্টত ভাগ কৰা হয় (চিহ্ন: ¢), বা একাউণ্টিং আৰু কৰ উদ্দেশ্যৰ বাবে ১০০০ মিলত (চিহ্ন: ) ভাগ কৰা হয়। ১৭৯২ চনৰ মুদ্ৰা অধিনিয়মে ডাইম, নিকেল, আৰু পেনি নামৰ দশমিক মানৰ ধাতব মুদ্ৰাকেইটা সৃষ্টি কৰাৰ লগতে ১ ডলাৰ, আধা ডলাৰ, আৰু কোৱাৰ্টাৰ ডলাৰৰ মুদ্ৰা সৃষ্টি কৰি এক দশমিক মুদ্ৰাকেইটা সৃষ্টি কৰিছিল, যি বোৰ এতিয়াও ২০২০ চনতো প্ৰচলিত আৰু বনোৱা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে এতিয়ালৈ কেইবাটাও প্ৰকাৰৰ কাগজী নোট প্ৰবৰ্তন কৰিছে, তাৰ শেহতীয়া বেংকনোট হৈছে ১৯১৩ চনৰ ফেডাৰেল ৰিজাৰ্ভ আইনৰ দ্বাৰা অনুমোদিত ফেডাৰেল ৰিজাৰ্ভ নোট। এতিয়ালৈকে প্ৰৱৰ্তন কৰা আমেৰিকান ডলাৰৰ সকলো বেংকনোটই বৈধ আইনী মুদ্ৰা।[1] পূৰ্বৰ প্ৰকাৰৰ বেংকনোটসমূহ জাৰী কৰাটো ১৯৭১ চনৰ জানুৱাৰী মাহৰ পৰা বন্ধ কৰা হৈছে।[2] ফলস্বৰূপে, বৰ্তমান প্ৰচলন থকা কাগজী নোট মুখ্যতঃ ফেডাৰেল ৰিজাৰ্ভ নোটেই হয়।

আমেৰিকান দুই ডলাৰ বিল

যিহেতু কাগজী নোটসমূহক কোনো মূল্যবান ধাতুলৈ সলনি কৰিব পৰা ব্যৱস্থাটো ১৯৭১ চনত স্থগিত কৰা হৈছিল,[3] সেয়ে আমেৰিকান ডলাৰেই দেশখনৰ ডি-ফক্টো ফিয়াট ধন।[4] আমেৰিকান ডলাৰ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় লেনদেনত সৰ্বাধিক ব্যৱহৃত মুদ্ৰা হিচাপে ই বিশ্বৰ প্ৰাথমিক সংৰক্ষিত মুদ্ৰা,[5] লগতে ই কেইবাটাও দেশত চৰকাৰী মুদ্ৰা আৰু আন বহুতো দেশৰ ডি-ফক্টো মুদ্ৰা।[6][7] আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰেও আমেৰিকান ডলাৰকে কেৰিবিয়ানৰ দুখন ব্ৰিটিছ বিশেষ প্ৰশাসনীয় অঞ্চলত একমাত্ৰ মুদ্ৰা হিচাপেও ব্যৱহাৰ কৰা হয়। সেইদুখন হৈছে ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ আৰু টাৰ্কচ আৰু কাইকোছ দ্বীপপুঞ্জ। ৩১ জানুৱাৰী ২০১৯-লৈকে প্ৰায় ১.৭ ট্ৰিলিয়ন আমেৰিকান ডলাৰ প্ৰচলন আছে, যাৰ ১.৬৫ ট্ৰিলিয়ন ডলাৰ ফেডাৰেল ৰিজাৰ্ভ নোটত আছে, বাকী ৫০ বিলিয়ন ডলাৰ আমেৰিকান নোট আৰু ধাতব মুদ্ৰাৰ ৰূপত আছে।[8]

  ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ
  আমেৰিকান ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ
  পূৰ্বতে ডলাৰ ব্যৱহাৰ কৰা দেশসমূহ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "FAQs". BOARD OF GOVERNORS of the FEDERAL RESERVE SYSTEM. 8 October 2013. https://www.federalreserve.gov/faqs/currency_12768.htm। আহৰণ কৰা হৈছে: 3 January 2020. "All U.S. currency remains legal tender, regardless of when it was issued." 
  2. "Legal Tender Status". U.S. DEPARTMENT OF THE TREASURY. 4 Jan 2011. https://www.treasury.gov/resource-center/faqs/Currency/Pages/legal-tender.aspx। আহৰণ কৰা হৈছে: 3 January 2020. "United States notes serve no function that is not already adequately served by Federal Reserve notes. As a result, the Treasury Department stopped issuing United States notes, and none have been placed into circulation since January 21, 1971." 
  3. "Nixon Ends Convertibility of US Dollars to Gold and Announces Wage/Price Controls". Federal Reserve Bank of Richmond. https://www.federalreservehistory.org/essays/gold_convertibility_ends। আহৰণ কৰা হৈছে: October 17, 2018. 
  4. "Is U.S. currency still backed by gold?". Board of Governors of the Federal Reserve System. https://www.federalreserve.gov/faqs/currency_12770.htm। আহৰণ কৰা হৈছে: October 17, 2018. 
  5. "The Implementation of Monetary Policy – The Federal Reserve in the International Sphere" (PDF). https://www.federalreserve.gov/aboutthefed/files/pf_4.pdf। আহৰণ কৰা হৈছে: October 17, 2018. 
  6. Cohen, Benjamin J. 2006. The Future of Money, Princeton University Press. আই.এচ.বি.এন. 0-691-11666-0.
  7. Agar, Charles. 2006. Vietnam, (Frommer's). আই.এচ.বি.এন. 0-471-79816-9. p. 17: "the dollar is the de facto currency in Cambodia."
  8. "How much U.S. currency is in circulation?". Federal Reserve. https://www.federalreserve.gov/faqs/currency_12773.htm। আহৰণ কৰা হৈছে: May 10, 2019.