ছিংগাপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিংগাপুৰ প্ৰজাতন্ত্ৰ
Republic of Singapore (ইংৰাজী)
Republik Singapura (মালয় ভাষা)
新加坡共和国 (চীনা ভাষা)
சிங்கப்பூர் குடியரசு (তামিল ভাষা)
ৰাষ্ট্ৰীয় সঙ্গীত
মাজুলাহ ছিংগাপুৰা (অসমীয়ানুবাদ : আগুৱাই যোৱা ছিংগাপুৰ)
ছিংগাপুৰ-ৰ অৱস্থান
ৰাজধানী ছিংগাপুৰ1
1°17′N 103°51′E / 1.283°N 103.85°E / 1.283; 103.85
ৰাষ্ট্ৰভাষা (সমূহ) ইংৰাজী
মেণ্ডাৰীন(চীনা)
মালয়
তামিল
জাতীয়তাসূচক বিশেষণ ছিংগাপুৰী
চৰকাৰ সংসদীয় গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি টনি টেন কেং ইয়াম
 -  প্ৰধানমন্ত্ৰী লি চিয়েন লুং
স্বাধীনতা
 -  নগৰৰ মৰ্যদা ৪ জুলাই ১৯৫১ 
 -  যুক্তৰাজ্যেৰ অধীনত স্বায়ত্তশাসন জুন ৩ ১৯৫৯ [1] 
 -  স্বাধীনতা ঘোষণা ৩১ আগষ্ট ১৯৬৩ 
 -  মালয়েছিয়াৰ লগত একীভূত ১৬ ছেপ্তেম্বৰ ১৯৬৩ 
 -  মালয়েছিয়াৰ পৰা পৃথক ৯ আগষ্ট ১৯৬৫ 
মাটিকালি
 -  মুঠ ৭০৪ বৰ্গ কিমি (১৯০)
২৭০ বৰ্গ মাইল 
 -  জলভাগ (%) ১.৪৪৪ %
জনসংখ্যা
 -  2007 আনুমানিক ৪,৬৮০,৬০০[2] (১১৭)
 -  ২০০০ লোকপিয়ল ৪১,১৭,৭০০ 
জিডিপি (পিপিপি) ২০০৬ আনুমানিক
 -  মুঠ US$১৩৭.৭৬২২ বিলিয়ন (৫৪)
 -  জনমুৰি US$৩০,৭২৩.৬১ (১৭)
মানৱ উন্নয়ন সূচক (২০০৭) steady ০.৯২২ (অতিউচ্চ) (২৫)
মুদ্ৰা ছিংগাপুৰী ডলাৰ (SGD)
সময় স্থান ছিংগাপুৰ মান সময় (ইউটিচি+৮)
ইণ্টাৰনেট টিএলডি .sg
.新加坡
.சிங்கப்பூர்
কলিং ক'ড ++৬৫

ছিংগাপুৰ হল দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অবস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ (মালয়: Republik Singapura ৰেপুব্লিক্‌ ছিংগাপুৰা; ইংৰাজী: Republic of Singapore ৰিপাব্লিক্‌ অফ্‌ ছিংগাপুৰ্; চীন: 新加坡共和国 চিঞ্চিয়াপু গংহেগুঅ; তামিল: சிங்கப்பூர் குடியரசு চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু)।

Singapore's Parliament House.

নামাকৰন[সম্পাদনা কৰক]

"ছিংগাপুৰ" নামটো আহিছে মালয় ভাষাৰ Singapura ছিংগাপুৰাৰ পৰা । ছিংগাপুৰা শব্দটি আহিছে সংস্কৃতৰ सिंहपुर পৰা যাৰ অসমীয়া অনুবাদ সিংহপুৰ

ধৰ্মবিশ্বাস[সম্পাদনা কৰক]

A scene in a street market in Chinatown, Singapore, during the Chinese New Year holidays.
The Armenian Church of Saint Gregory the Illuminator—the oldest Christian church in Singapore
Sultan Mosque in Singapore
ছিংগাপুৰত ধৰ্মালম্বী
ধৰ্ম শতাংশ
বৌদ্ধ
  
৪২.৫%
মুছলমান
  
১৪.৯%
নাস্তিক
  
১৪.৮%
খ্ৰীষ্টান
  
১৪.৬%
তাও ধৰ্ম
  
৮.৫%
হিন্দু
  
৪%
অন্যান্য
  
০.৬%



জলবায়ু[সম্পাদনা কৰক]

ছিংগাপুৰ বিষুৱৰেখাৰ মাত্র ১ ডিগ্রী উত্তৰত অৱস্থিত বাবে ইয়াৰ জলবায়ু নিৰক্ষীয় প্ৰকৃতিৰ।

অৰ্থনীতি[সম্পাদনা কৰক]

Skyline of the Singapore Central Business District from the Esplanade
Jurong Island hosts the bulk of Singapore's petrochemical industry
The port of Singapore with a large number of shipping containers with the skyline of the city visible in the background
The Port of Singapore, one of the top two busiest container ports in the world for at least the past ten years, with the skyline of Singapore in the background

১৯৬৫ চনত স্বাধীনতা লাভৰ পূর্বে ছিংগাপুৰ ব্ৰিটিছৰ অধীনত এক 'ক্ৰাউন কলনী ' আছিল । [3] এই দ্বীপ পূব এছিয়াত ব্ৰিটিছ নৌবাহিনীৰ প্রধান ঘাটি আছিল । ব্ৰিটিছ নৌবাহিনীৰ প্রধান ঘাটি থাকাৰ কাৰণে ছিংগাপুৰক ' জিবৰালটাৰ অফ দা ইষ্ট ' বোলা হৈছিল ।[4] ১৮৬৯ চনত চুয়েজ খাল খোলাৰ পিছত ইউৰোপ আৰু এছিয়ার মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পায় , ঠিক তেতিয়াই ছিংগাপুৰক বিশ্বৰ প্রধান সমুদ্ৰ বন্দৰ হিচাপে ব্যবহাৰ কৰা আৰম্ভ হয় । [5]

১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ মাৰ্কিন ডলাৰ । এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সবোচ্চ । স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ আহাৰ মাধ্যমত ছিংগাপুৰৰ অৰ্থনীতি ধীৰে ধীৰে শক্তিশালী হোৱা আৰম্ভ হয় । আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্যদা লাভ কৰে । [6][7][8]

জনসংখ্যা[সম্পাদনা কৰক]

ছিংগাপুৰৰ জনসংখ্যা প্ৰায় পাঁচ মিলিয়ন ।

পৰ্যটন[সম্পাদনা কৰক]

ছিংগাপুৰ নগৰ

পৰ্যটন ছিংগাপুৰৰ অন্যতম প্রধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে । প্ৰতি বছৰ কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমন কৰে।

নৈশ সাফাৰী[সম্পাদনা কৰক]

ছিংগাপুৰ চিৰিয়াখানা, পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ সাফাৰী[9]। নৈশ সাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰৰ নানান পশু-পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে।

মাৰলায়ন পাৰ্ক[সম্পাদনা কৰক]

মাৰলিন বা সিংহ-মৎস হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পুর্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্রনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্রিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল । অধিবাসীসকলেট তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল । তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীহঁতক উদ্ধাৰ কৰিছিল । মাৰলিনৰ মুৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।

ছিংগাপুৰৰ মেৰিনা বেৰ চাদ


চেন্টোচা আইলেণ্ড[সম্পাদনা কৰক]

সমুদ্ৰৰ মাজত সৰু এক দ্বীপত গঢ়ি তোলা বিনোদন কেন্দ্ৰ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]