সমললৈ যাওক

তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ
Kuzey Kıbrıs Türk Cumhuriyet
Flag of উত্তৰ চাইপ্ৰাচ
Flag
Coat of arms of উত্তৰ চাইপ্ৰাচ
Coat of arms
Anthem: 
İstiklâl Marşı
"Independence March"সাঁচ:Parabr
Location of উত্তৰ চাইপ্ৰাচ
স্থিতিসাঁচ:Unbulletedlist
ৰাজধানী
and largest city
North Nicosia (de facto)
Nicosia (de jure)[1]
35°11′N 33°22′E / 35.183°N 33.367°E / 35.183; 33.367
Official languagesTurkish language
VernacularCypriot Turkish
DemonymCypriot Turks
GovernmentUnitary state semi-presidential republic
• President of Northern Cyprus
Ersin Tatar
• Prime Minister of Northern Cyprus
Ünal Üstel
Zorlu Töre[2]
LegislatureAssembly of the Republic
Establishment
• তুৰ্কীৰ চাইপ্ৰাছ আক্ৰমণ
২০ জুলাই ১৯৭৪
• Autonomous Turkish Cypriot Administration
১ অক্টোবৰ ১৯৭৪
• Turkish Federated State of Cyprus
১৩ অক্টোবৰ ১৯৭৫
১৫ নৱেম্বৰ ১৯৮৩
Area
• Total
3,355 বৰ্গ কি.মি. (1,295 বৰ্গ মাইল) (unranked)
• Water (%)
২.৭
Population
• ২০২১ estimate
৩৮২,৮৩৬[3]
• Density
114 /কিমি (295.3 /বৰ্গ মাইল) (unranked)
GDP (nominal)2018 estimate
• Total
$4.234 billion[4]
• Per capita
$14,942[4]
CurrencyTurkish lira (₺) (TRY)
Time zoneUTC+2 (Eastern European Time(EET))
• Summer (DST)
UTC+3 (Eastern European Summer Time(EEST))
Calling code+90 392
Internet TLD.tr

উত্তৰ চাইপ্ৰাচ বা আনুষ্ঠানিকভাৱে উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্য ((Turkish Republic of Northern Cyprus, TRNC) হৈছে চাইপ্ৰাচ দ্বীপৰ উত্তৰ-পূব অংশত অৱস্থিত এখন বাস্তৱিক (de facto) ৰাষ্ট্ৰ।[5] এই দেশক কেৱল তুৰস্কইহে স্বীকৃতি দিছে। এই ভূখণ্ডক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে চাইপ্ৰাচ ৰিপাব্লিকৰ অংশ বুলি গণ্য কৰে।

উত্তৰ চাইপ্ৰাচ উত্তৰ-পূবে কাৰ্পাছ উপদ্বীপ (Karpass Peninsula)ৰ আগৰ পৰা মৰ্ফৌ উপসাগৰ (Morphou Bay) কেপ কৰ্মাকিটিছ (Cape Kormakitis) আৰু পশ্চিমে ইয়াৰ পশ্চিম বিন্দু কোকিনা এক্সক্লেভ (Kokkina exclave)লৈকে বিস্তৃত। ইয়াৰ দক্ষিণৰ বিন্দুটো হ’ল লৌৰৌজিনা (Louroujina) গাঁও। ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণত থকা এটা অঞ্চলটোৱে উত্তৰ চাইপ্ৰাচ আৰু দ্বীপটোৰ বাকী অংশক বিভক্ত কৰিছে।

১৯৭৪ চনত দ্বীপটোক গ্ৰীচৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে কৰা অভ্যুত্থানৰ ফলত তুৰ্কীয়ে চাইপ্ৰাচ আক্ৰমণ কৰে। ইয়াৰ ফলত উত্তৰৰ গ্ৰীক চাইপ্ৰাচ (Greek Cypriot)ৰ বহু লোকক উচ্ছেদ কৰা হয়। লগতে দক্ষিণৰ পৰা তুৰ্কী চাইপ্ৰাচ (Turkish Cypriots)ৰ লোকসকলেও পলায়ন কৰে। ইয়াৰ পিছতে দ্বীপটোৰো বিভাজন কৰা হয় আৰু ১৯৮৩ চনত উত্তৰৰ অংশটোৱে একপক্ষীয় স্বাধীনতা ঘোষণা কৰে। উত্তৰ চাইপ্ৰাচ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক সহায়ৰ বাবে তুৰস্কৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।[6][7]

চাইপ্ৰাচ বিবাদৰ সমাধানৰ চেষ্টা বৰ্তমানলৈকে সফল হোৱা নাই। তুৰ্কী সেনাই উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্যৰ চৰকাৰৰ সমৰ্থন আৰু অনুমোদনত উত্তৰ চাইপ্ৰাছত বৃহৎ সেনাবাহিনী বৰ্তমানেও বাহাল ৰাখিছে। আনহাতে চাইপ্ৰাচ ৰিপাব্লিক, সামগ্ৰিকভাৱে ইউৰোপীয় সংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ইয়াক দখলদাৰী সেনাবাহিনী হিচাপে গণ্য কৰে। এই সামৰিক উপস্থিতিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কেইবাটাও প্ৰস্তাৱত ধিক্কাৰ দিয়া হৈছে।[8]

প্ৰশাসনিক বিভাগসমূহ

[সম্পাদনা কৰক]

উত্তৰ চাইপ্ৰাচক ছখন জিলাত ভাগ কৰা হৈছে: লেফকোছা (Lefkoşa), গাজিমাগুছা (Gazimağusa), গিৰ্নে (Girne), গুজেলিউৰ্ট (Güzelyurt), ইস্কেলে (İskele) আৰু লেফকে (Lefke)। ২০১৬ চনত গুজেলিউৰ্ট জিলাৰ পৰা পৃথক কৰি লেফকে জিলা প্ৰতিষ্ঠা কৰা হয়।[9] ইয়াৰ উপৰিও উত্তৰ চাইপ্ৰাচৰ পাঁচখন বৃহৎ জিলাক আঠাইশটা পৌৰসভাৰ আৰু বাৰটা মহকুমাত বিভক্ত কৰা হৈছে।

ত্ৰুড'ছ পৰ্বতমালা(Troodos Mountains)ৰ পৰা দেখা পোৱা গুজেলিউৰ্ট জিলা আৰু মৰ্ফৌ উপসাগৰৰ দৃশ্য

উত্তৰ চাইপ্ৰাচৰ মাটিকালি ৩,৩৫৫ বৰ্গ কিলোমিটাৰ (১২৯৫ বৰ্গমাইল)। ই মূল দ্বীপটোৰ প্ৰায় এক তৃতীয়াংশ ঠাই জুৰি আছে। উত্তৰ চাইপ্ৰাচৰ পৰা ৭৫ কিলোমিটাৰ (৪৭ মাইল) উত্তৰত তুৰস্ক আৰু পূবে ৯৭ কিলোমিটাৰ (৬০.৩ মাইল) দূৰত্বত ছিৰিয়া অৱস্থিত। ই ৩৪° আৰু ৩৬° উত্তৰ অক্ষাংশ, আৰু ৩২° আৰু ৩৫° পূব অক্ষাংশৰ মাজত অৱস্থিত।

উত্তৰ চাইপ্ৰাচৰ উপকূলত দুখন উপসাগৰ আছে: মৰ্ফৌ উপসাগৰ আৰু ফামাগুষ্টা উপসাগৰ (Famagusta Bay)। ইয়াৰ উত্তৰ উপকূলৰ কাষত আছে ঠেক কাইৰেনিয়া পৰ্বতমালা (Kyrenia mountain range)। উত্তৰ চাইপ্ৰাচৰ সৰ্বোচ্চ স্থান মাউণ্ট চেলভিলি এই পৰ্বতমালাৰে অংশ। ইয়াৰ উচ্চতা ১,০২৪ মিটাৰ (৩,৩৬০ ফুট)।[10] গুজেলিউৰ্ট জিলাৰ পৰা পূব উপকূললৈকে বিস্তৃত মেছাওৰিয়া সমভূমি (Mesaoria plain) আন এক উল্লেখযোগ্য স্থান। মেছাওৰিয়া সমভূমি সমতল পথাৰ আৰু সৰু সৰু পাহাৰেৰে গঠিত। সমভূমিৰ পূব অংশ শুকান কৃষি যেনে ঘেঁহু আৰু বাৰ্লি আদিৰ বাবে ব্যৱহাৰ কৰা হয়।[11]

জলবায়ু

[সম্পাদনা কৰক]

উত্তৰ চাইপ্ৰাচৰ শীতকাল বিশেষকৈ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ঠাণ্ডা আৰু বৰষুণীয়া।[12] কাইৰেনিয়া পৰ্বতমালাত বৰফ পৰে বুলি জনা যায় যদিও আন ঠাইত বৰফ পৰাটো খুব কমেইহে দেখা যায়। ইয়াত বসন্ত ঋতু চমূ হয়। এই ঋতুৰ বৈশিষ্ট্য হৈছে ঘনে ঘনে সলনি হোৱা বতৰ। বসন্তৰ সময়তে "মলটেম (meltem)", বা পশ্চিমৰ বতাহে মাজে মাজে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰে। গ্ৰীষ্মকাল যথেষ্ট গৰম আৰু শুকান হোৱাৰ বাবে দ্বীপটোৰ নিম্নভূমি বাদামী ৰঙৰ হৈ পৰে। দ্বীপটোৰ কিছু অংশই উত্তৰ-পশ্চিম দিশৰ পৰা অহা বতাহ "পয়ৰাজ (Poyraz)" বা আফ্ৰিকাৰ পৰা অহা শুকান আৰু ধূলিময় বতাহ চিৰ'কো (sirocco)ৰ সন্মুখীন হয়।

জনসংখ্যা

[সম্পাদনা কৰক]

উত্তৰ চাইপ্ৰাচৰ প্ৰথম আনুষ্ঠানিক লোকপিয়ল ১৯৯৬ চনত কৰা হৈছিল। সেইসময়ত ইয়াৰ জনসংখ্যা আছিল ২০০,৫৮৭ জন।[13]। ২০০৬ চনত কৰা দ্বিতীয়টো লোকপিয়লত উত্তৰ চাইপ্ৰাচৰ জনসংখ্যা হয় ২৬৫,১০০ জন।[14] ইয়াৰে অধিকাংশই খিলঞ্জীয়া তুৰ্কী চাইপ্ৰাচ (দক্ষিণ চাইপ্ৰাচৰ পৰা অহা শৰণাৰ্থীকে ধৰি) আৰু তুৰস্কৰ পৰা অহা লোক। এই দেশৰ ১৭৮,০০০জন তুৰ্কী চাইপ্ৰাচৰ নাগৰিকৰ ভিতৰত ৮২% স্থানীয় চাইপ্ৰাচ (১৪৫,০০০)। [15]



উত্তৰ চাইপ্ৰাচৰ জনগোষ্ঠীসমূহ (২০০৬ চনৰ লোকপিয়ল) [16]

  তুৰ্কীৰ লোক (99.2%)
  গ্ৰীক (0.2%)
  ইংৰাজ (0.2%)
  মেৰ'নাইটছ (Maronites) (0.1%)
  অন্যান্য (0.1%)

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "The Constitution of the Turkish Republic of Northern Cyprus". www.cypnet.co.uk. http://www.cypnet.co.uk/ncyprus/main/polsyst/constitution/। আহৰণ কৰা হৈছে: 15 December 2019. 
  2. "Cumhuriyet Meclisi'nin yeni başkanı Zorlu Töre oldu". Kıbrıs Gazetesi. https://www.kibrisgazetesi.com/kibris/cumhuriyet-meclisinin-yeni-baskani-zorlu-tore-oldu-h125654.html। আহৰণ কৰা হৈছে: 23 March 2022. 
  3. Muhammet İkbal Arslan (10 October 2022). "KKTC'nin nüfusu 382 bin 836 olarak hesaplandı". Anadolu Agency. https://www.aa.com.tr/tr/dunya/kktcnin-nufusu-382-bin-836-olarak-hesaplandi/2707690. 
  4. 4.0 4.1 "KKTC Ekonomik Göstergeler Raporu". kei.gov.tr. Archived from the original on 7 October 2020. https://web.archive.org/web/20201007100755/http://www.kei.gov.tr/media/1782/07-2018-kktc-ekonomik-goestergeler-raporu.pdf। আহৰণ কৰা হৈছে: 13 December 2019. 
  5. Griffiths, Ryan D. (2021). Secession and the Sovereignty Game: Strategy and Tactics for Aspiring Nations. Cornell University Press. p. 127. ISBN 978-1-5017-5474-6. JSTOR 10.7591/j.ctv153k63s. Archived from the original on 26 June 2021. Retrieved 28 May 2021.
  6. Navaro-Yashin, Yael (12 March 2012). The Make-Believe Space: Affective Geography in a Postwar Polity. Durham, NC / London: Duke University Press. p. 8. ISBN 978-0-8223-5204-4. Archived from the original on 5 September 2015. Retrieved 20 June 2015. Economic embargoes have been imposed on the TRNC, making northern Cyprus almost completely dependent on Turkey.
  7. Boas, Gideon (1 January 2012). Public International Law: Contemporary Principles and Perspectives. Edward Elgar Publishing. p. 177. ISBN 978-0-85793-956-2. Archived from the original on 5 September 2015.
  8. UN Security Council resolutions 353, 357, 358, 359, 360, and 365, all from 1974.
  9. "Lefke 6. ilçe oldu!" . Kıbrıs Postası. 27 December 2016. Archived from the original on 28 December 2016. Retrieved 27 December 2016.
  10. Alptekin, Ünal; Ertaş, Aytekin. "Kuzey Kıbrıs Türk Cumhuriyeti'nde 1995 yılı orman yangını sonrasındaki ağaçlandırmalardan gözlemler". Istanbul University. Archived from the original on 9 June 2010. Retrieved 28 December 2014.
  11. Doğu Mesarya Bölgesi Archived 9 February 2015 at the Wayback Machine, EU Coordination Center, retrieved on 28 December 2012.
  12. Section source. Weather Archived 7 September 2008 at the Wayback Machine cypnet.co.uk. Retrieved 14 September 2008.
  13. "Kıbrıslı Türkler Kaç Kişi – Kıbrıs Postası Gazetesi – Haber Merkezi". Kibrispostasi.com. Archived from the original on 27 September 2013. Retrieved 14 February 2014.
  14. "Census.XLS" (PDF). Archived from the original (PDF) on 16 January 2013. Retrieved 14 February 2014.
  15. "Census.XLS" (PDF). Archived from the original (PDF) on 16 January 2013. Retrieved 14 February 2014.
  16. "Tablo – 8 : Yaş Grubu, Milliyet ve Cinsiyete Göre Sürekli İkamet Eden (de-jure) KKTC Vatandaşı Nüfus. TOPLAM". http://nufussayimi.devplan.org/Nufus-nitelikleri_main.html। আহৰণ কৰা হৈছে: 12 February 2019.