সমললৈ যাওক

মংগোলিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মংগোলিয়া
Монгол улс
মংগোল-উল্‌চ
Flag of মংগোলিয়া
Flag
Emblem of মংগোলিয়া
Emblem
Anthem: "Монгол улсын төрийн дуулал"
মংগোলিয়াৰ ৰাষ্ট্ৰীয় সংগীত
Location of মংগোলিয়া
ৰাজধানী
and largest city
উলান বাটোৰ
Official languagesমংগোলীয়
আধিকাৰিক লিপিমংগোলীয় চিৰিলিক
মংগোলীয় লিপি[1]
Ethnic groups
(২০১০)
৯৫.৩৫% মংগোলীয়,
৩.৮৬% কাজাক
০.৮% অন্যান্য[2]
Demonymsমংগোল, মংগোলিয়ান[3]
Governmentবহুদলীয় সংসদীয় গণতন্ত্ৰ
• ৰাষ্ট্ৰপতি
Tsakhiagiin Elbegdorj
• প্ৰধান মন্ত্ৰী
Sükhbaataryn Batbold
Legislatureষ্টেট গ্ৰেট খুৰাল
সংগঠন
• Xiongnu সংঘৰ প্ৰতিষ্ঠা
২০৯ খ্ৰীষ্টপূৰ্ব
• মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা
১২০৬
• স্বাধীনতা ঘোষণা (চীনৰ কিং বংশৰ পৰা)
২৯ ডিচেম্বৰ, ১৯১১
Area
• Total
15,64,115.75 বৰ্গ কি.মি. (6,03,908.47 বৰ্গ মাইল) (১৯তম)
• Water (%)
০.৪৩[4]
Population
• ২০১০ census
২,৭৫৪,৬৮৫[5]
• Density
1.76 /কিমি (4.6 /বৰ্গ মাইল) (২৩৬তম)
GDP (PPP)২০১১ estimate
• Total
১২.২৩৭ বিলিয়ন $[6]
• Per capita
৪,৩৮৪ $[6]
GDP (nominal)২০১১ estimate
• Total
৮.৮৫৯ বিলিয়ন $[6]
• Per capita
৩,১৭৪ $[6]
Gini (২০০৫)৩৩.০[7]
Error: Invalid Gini value
HDI (২০১১)বৃদ্ধি ০.৬৫৩[8]
Error: Invalid HDI value (১০০তম)
Currencyটুগৃক্‌ (টোগৃগ্‌) (MNT)
Time zoneUTC+৭ ৰ পৰা +৯ লৈ[9][10][11]
Date formatyyyy.mm.dd (CE)
Calling code976
Internet TLD.mn

মংগোলিয়া (ইংৰাজী: Mongolia;/mɒŋˈɡliə/ ( শুনক); মঙ্গোলিয়: Монгол улс, আভিধানিক অৰ্থ: মংগোল দেশ/ৰাজ্য) পূব আৰু মধ্য এছিয়াৰ এখন দেশ। দেশখনৰ চাৰিওফাল ভূ-ভাগেৰে আৱৰা। ইয়াৰ ৰাজধানী উলান বাটোৰ। মংগোলিয়া হৈছে এখন বহুদলীয় সংসদীয় গণতান্ত্ৰিক দেশ।

ভৌগোলিক অবয়ৱ

[সম্পাদনা কৰক]

মঙ্গোলিয়া হৈছে মূলতঃ স্থলবন্দী উচ্চ মালভূমিৰ দেশ। উত্তৰে ৰাছিয়া, পূব, দক্ষিণ আৰু পশ্চিমে চীনৰ বিশাল ভূ ভাগেৰে আগুৰা। পশ্চিমে স্পৰ্শ নকৰিলেও চীনৰ সামান্য ভূ-ভাগ পাৰ হৈয়ে পায় মধ্য এছিয়াৰ অন্য এখন ৰাষ্ট্ৰ কাজাখস্তান। উত্তৰে আৰু পূবে শীতল অৰ্ধ মৰুস্থল তথা মুঠ ভূ-ভাগৰ ৫০% জুৰি ষ্টেপ ঘাঁহনি সমতল আৰু মাজে মাজে পাহাৰ আছে। উত্তৰ-পশ্চিম অংশত অৰণ্য তথা কেইবাটাও বিশাল হ্ৰদ আৰু প্ৰাকৃতিক জলাশয় আছে। তাৰ ভিতৰত “হভ্গআল্‌” হ্ৰদটো (হভ্‌গল্‌ নূৰ) পুৰণি আৰু গভীৰতম, যি ৰাছিয়াৰ সীমাৰ ভিতৰত থকা তথা বিশ্বৰ ভিতৰতে গভীৰতম হ্ৰদ বৈকালৰ ওচৰতে অৱস্থিত। দেশখনত ওখ অৰণ্যই জুৰি আছে মাটিকালিৰ ৮% মাথোন। পশ্চিম আৰু দক্ষিণ-পশ্চিম অংশত কেইবাটাও সু-উচ্চ পাহাৰ আৰু পৰ্বতেৰে বিখ্যাত “আল্‌টাই” পৰ্বতমালা অৱস্থিত, যি দক্ষিণ-পূব অংশলৈকে বিস্তৃত হৈ আছে। আল্‌টাইৰ গড় উচ্চতা ২০০০-৩০০০ মিটাৰৰ ভিতৰত। দেশখনৰ সৰ্ব্বোচ্চ শৃংগটোও ইয়াতে অৱস্থিত। নাম “নাজ্‌ৰাম্ডাল ঊৰ” (টাভান-বোগ্‍ডো-উলি?)। উচ্চতা ৪৩৭৩ মিটাৰ। এই পৰ্বতমালা দক্ষিণে পৃথিৱীৰ ৪ৰ্থ বিশাল মৰুভূমি “গোবি মৰুভূমি”ৰ লগত মিলি গৈছে। মঙ্গোলিয়াৰ এক তৃতীয়াংশ ভূ-ভাগেই গোবি মৰুভূমিয়ে জুৰা।

মঙ্গোলিয়াৰ সুমধ্য বিন্দুটো হৈছে ৪৬ উত্তৰ দ্ৰাঘিমাংশ, ১০৫ পূব অক্ষাংশত অৱস্থিত।

জলবায়ু

[সম্পাদনা কৰক]

মঙ্গোলিয়াৰ জলবায়ু ভীষণ মহাদেশীয়। শীতকালত প্ৰচণ্ড তুষাৰপাত হয়। দেশখন শীতকালি ভীষণ আৰু দীৰ্ঘস্থায়ী হিমায়িত অৱস্থাপ্ৰাপ্ত হয়। দক্ষিণত শুষ্ক মৰুময় অৱস্থা বৰ্তি থাকে। গ্ৰীষ্মকাল তেনেই চুটি। তাপমাত্ৰা শীতকালি শূন্যৰো তলত -২৬ ডিগ্ৰী ছেঃৰ পৰা -৩০ ডিগ্ৰী ছেঃলৈকে নামি যায় (বিশেষকৈ জানুৱাৰী মাহত) আৰু গ্ৰীষ্মকালি সৰ্ব্বোচ্ছ ১৬ ডিগ্ৰী ছেঃ – ২২ ডিগ্ৰী ছেঃ লৈকে উঠে। বাৰ্ষিক গড় বৰ্ষাৰ পৰিমাণ ২০৮ মিঃমিঃ।

জনগাঁথনি আৰু সংস্কৃতি

[সম্পাদনা কৰক]
মঙ্গোলিয়াৰ পাৰম্পৰিক তম্বু "গে’ৰ" (ইয়ুৰ্ট)

২০১০ চনৰ লোকপিয়ল অনুসৰি মঙ্গোলিয়াৰ জনসংখ্যা ২,৭৫৪,৬৮৫ জন।[5] খাল্‌খা ভাষিক গোষ্ঠীৰ লোক সকলেই মঙ্গোলিয়াৰ বৃহত্তম জনগোষ্ঠী। মঙ্গোলিয়সকল পৰম্পৰাগতভাৱে ঘাইকৈ যাযাবৰী বা অঘৰী জাতি। যিয়ে বৃত্তিৰ তাগিদাত কোনো স্থানতেই স্থায়ীভাৱে দীৰ্ঘকাল নাথাকে। কিন্তু সময়ৰ লগে লগে এই যাযাবৰী লোকৰ সংখ্যা কমি আহিছে। কিয়নো বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ বহুতে নগৰীয়া আৰামদায়ক আৰু সুবিধাজনক সভ্যতাক আঁকোৱালি লৈছে আৰু স্থায়ীভাৱে নগৰ-চহৰ সমূহতে থাকিবলৈ লৈছে। বৰ্তমান দেশখনৰ জনবসতি ২ জন প্ৰতি বৰ্গকিঃমিঃত। ৫৯% লোক নগৰ সমূহত বাস কৰে আৰু ৪১% লোক বসবাস কৰে নগৰ সমূহৰ বাহিৰত। তেওঁলোকৰ যাযাবৰী জীৱনৰ প্ৰতিক হৈছে এটি প্ৰাণী, সেয়া হৈছে ঘোঁৰা। অধিকাংশ প্ৰাপ্তবয়স্ক মংগোলিয় লোকেই পাকৈত ঘোঁৰা চালক। চহা সমাজত যাৰ মালিকি স্বত্ব্বত যিমান সংখ্যক ঘোঁৰা থাকে তেওঁক সিমানেই চহকী বুলি ধৰা হয়। তেওঁলোকৰ মানত ঘোঁৰা হৈছে আশা, শক্তি, গতি আৰু প্ৰগতিৰ প্ৰতিক। তেওঁলোকে গঢ়ি লোৱা পৰম্পৰাগত কাপোৰ আৰু কাঠ খোটাৰ তম্বুটোক স্থানীয় ভাষাত “গেৰ” বা ৰুছ ভাষাত “ইয়ুৰ্ট” বোলে। মঙ্গোলিয় সংগীত, মঙ্গোলিয় বাদ্য-যন্ত্ৰ, মঙ্গোলিয় গীত-মাত, নৃত্য আদিৰ আকৰ্ষণীয়তা অতুলনীয় আৰু অতি একক বিধৰ। মঙ্গোলিয় লোকসকলৰ মূল ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম

অৰ্থনীতি

[সম্পাদনা কৰক]

পশুপালন মংগোলিয় সকলৰ প্ৰাচীন বৃত্তি। দুগ্ধ, মাংস, ঊণ, ঊল উৎপাদন আৰু তাৰ সংৰক্ষণ ও ক্ৰয়-বিক্ৰয় সমান্তৰালভাৱে চলি আহিছে। আজি সি মঙ্গোলিয়াৰ বিৰাট খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰূপ লৈছে। ঘোঁৰা আৰু অন্য পশু সম্পদ ক্ৰয়-বিক্ৰয়ো চলি আহিছে। পাৰম্পৰিক চহা, যাযাবৰী পশুপালন অৰ্থনীতি এতিয়াও বিৰাজমান। কিন্তু বৰ্তমান ৰাষ্ট্ৰায়ত্ব কৃষি উৎপাদন প্ৰতিষ্ঠান সমূহে ক্ৰমান্বয়ে আগস্থান আৰু গুৰুত্ব লাভ কৰিছে। বস্ত্ৰ আৰু খনিজ উদ্যোগ সমূহেও প্ৰাধান্য লাভ কৰিছে। কিন্তু বেছিভাগ উদ্যোগ ৰাজধানী উলান বাটোৰ আৰু ইয়াৰ প্ৰধান নগৰ সমূহত কেন্দ্ৰিভূত। খনিজ মণিক বিশেষকৈ কয়লা, সোণ, ইউৰেণিয়াম তথা অন্যান্য ধাতুৰ মণিক উদ্ঘাটন, নিষ্কাষণ আৰু ৰপ্তানি উদ্যোগসমূহে বৰ্তমান মঙ্গোলিয়াৰ মুঠ ঘৰুৱা উৎপাদন ও অৰ্থনীতিলৈ প্ৰভুত বৰঙনি যোগাবলৈ সক্ষম হৈছে। “ডাৰ্‌চান” আৰু “চয়বাল্‌ছান” দুখন গুৰুত্বপূৰ্ণ কয়লা উৎপাদন নগৰী।

ছেঙ্গিজ খাঁ (Genghis Khan)

মঙ্গোলিয়াৰ ইতিহাস বা বুৰঞ্জী একেটা সময়তে অতি চমকপ্ৰদ আৰু ৰহস্যময়। অতীজৰে পৰা মঙ্গোলিয়া বিভিন্ন জাতিৰ শাসনত আছিল। জিয়ংনু, জিয়ান্‌বেই, ৰো’ৰাণ, গ’ক্‍টুৰ্ক আদি বেলেগ-বেলেগ জাতিয়ে ইটোৱে সিটোক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি মঙ্গোলিয়াত বিভিন্ন সময়ত নিজৰ-নিজৰ আধিপত্য বৰ্তাই ৰাখিছিল। জনগোষ্ঠী সমূহৰ মাজত একতা নাছিল। মঙ্গোলিয়াৰ শাসক সকল এটা সময়ত পৰাক্ৰমী, ৰণকৌশল পাকৈত যোদ্ধা আছিল। প্ৰবল পৰাক্ৰমী, নিপুণ যোদ্ধবীৰ তথা দুৰদৰ্শী সম্ৰাট ছেঙ্গিজ খাঁ (বা ছিঙ্গিজ খাঁ) এই মঙ্গোলিয়াৰে সন্তান আছিল। ১২০৬ খ্ৰীষ্টাব্দত মঙ্গোল জাতিৰ পিতা ছেঙ্গিজ খাঁই বিশাল মঙ্গোল সাম্ৰাজ্যৰ সূচনা কৰে। ছেঙ্গিজ খাঁৰ বিশাল সাম্ৰাজ্য সমগ্ৰ চীন দেশ, মধ্য এছিয়া, পাৰস্য লৈকে বিস্তাৰিত আছিল। তেখেতৰেই দূৰ সম্বন্ধীয় নাতি আছিল ভাৰতবৰ্ষত প্ৰথমজনা মোগল সম্ৰাট বাবৰ। সম্ৰাট ছেঙ্গিজ খাঁৰ দুৰ দৰ্শিতাৰ পৰিচয় পোৱা যায় তেখেতৰ কাম-কাজত। তেখেতে প্ৰথমে মঙ্গোলিয়াৰ যাযাবৰী যুঁযাৰু শক্তিশালী জাতিসমূহক যিকোনো প্ৰকাৰে একত্ৰিত কৰি অনৈক্যৰ মাজত ঐক্যৰ ডোলেৰে বান্ধি ৰখাত গুৰুত্ব আৰোপ কৰিছিল যাতে বহিঃ শক্তিসমূহে মঙ্গোল সমাজক পদানত কৰিব নোৱাৰে। সেয়েহে সম্ৰাট ছেঙ্গিজ খাঁক আজিও মঙ্গোল সমাজে জাতিৰ গুৰিয়াল হিচাপে মানে আৰু তেওঁক মহান মঙ্গোল হিচাপে গণ্য কৰে। ছেঙ্গিজ খাঁই বিশাল সাম্ৰাজ্য শাসনৰ সুবিধাৰ বাবে মঙ্গোলিয়াক অন্তঃমঙ্গোলিয়া (মূল ভূ-ভাগ) আৰু বহিঃমঙ্গোলিয়া হিচাপে দুভাগত বিভক্ত কৰিছিল। চীনৰ এটা সময়ৰ প্ৰবল প্ৰতাপী সম্ৰাট কুবলাই খাঁও এই ছেঙ্গিজ খাঁৰে বংশধৰ। কিন্তু পাছলৈ য়ুৱান বংশৰ পতনৰ লগে-লগে মঙ্গোল সমাজ আকৌ ভাগ-ভাগ হৈ পৰিল। ১৬-১৭ শতিকাত তিব্বতীয় বৌদ্ধ ধৰ্মৰ প্ৰভাৱত আহে। ১৭ শতিকাৰ পাছত চীনৰ কিং বংশৰ শাসনৰ তললৈ যায়। ১৯১১ চনত কিং বংশৰ পতনৰ পাছত মঙ্গোলিয়াই স্বাধীনতা ঘোষণা কৰে। কিন্তু ১৯২১ চনলৈকে চীনৰ অৰাজক পৰিস্থিতিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা পাবলৈ যথেষ্ট আন্দোলন কৰিব লগীয়া হয়। ১৯৪৫ চনত ই সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।

মঙ্গোলিয় জাতিৰ যাযাবৰী প্ৰকৃতিৰ কাৰণে তেওঁলোক এছিয়াৰ বিভিন্ন কোণতো সিঁচৰতি হৈ পৰিছিল। পূব এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূব এছিয়া, উত্তৰ-পূব ভাৰত পাৰ হৈ তেওঁলোক দক্ষিণ-পূব প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জতো বসতি কৰিছিলগৈ। সেয়ে এই সমগ্ৰ অঞ্চলটোতে মানৱ জাতিৰ এই বিশেষ শাৰীৰিক অৱয়বধাৰী (মঙ্গোলিয় শাৰীৰিক অৱয়ব) ঠাঁল বা গোষ্ঠীটোৰ লোক সকলৰ চেহেৰা-পাতিৰ মিল দেখা যায়।

শাসন ব্যৱস্থা

[সম্পাদনা কৰক]

১৯২৪ চনত মঙ্গোলিয়া হৈছিল “মঙ্গোলিয়া লোক প্ৰজাতন্ত্ৰ”। মঙ্গোলিয়া লোক প্ৰজাতন্ত্ৰক পৰিচালনা কৰিবলৈ আছিল “মহান খুৰ্ৰাল” (ই হৈছে মঙ্গোলিয়াৰ সংসদ, এতিয়াও বিদ্যমান), এখন মন্ত্ৰী পৰিষদ আৰু সভাপতি পৰিষদে বা প্ৰেছিডেন্সিয়েল কাউন্সিলে। সভাপতি পৰিষদৰ অধ্যক্ষ জন হৈছে ৰাষ্ট্ৰপতি বা প্ৰেছিডেণ্ট। ১৯৯২ চনত এখন নতুন সংবিধান ৰূপায়ণ কৰি লাগু কৰা হয়।

ৰাজধানী উলান বাটোৰ

[সম্পাদনা কৰক]

মঙ্গোলিয়াৰ ৰাজধানী উলান বাটোৰ। অতীজৰ নাম আছিল “উৰ্ঘাট”। বৰ্তমান ই দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু উদ্যোগিক কেন্দ্ৰস্থল। মুখ্য প্ৰশাসনিক ভৱন সমূহ, সংসদ আদি ইয়াতে অৱস্থিত। কেইবাটাও বস্ত্ৰ উদ্যোগ আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ কেন্দ্ৰস্থল এই উলান বাটোৰ।

চিত্ৰসংগ্ৰহ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Official Documents to be in Mongolian Script" (Chinese ভাষাত). UB Post. 2011-06-21. Archived from the original on 2011-11-01. https://web.archive.org/web/20111101013639/http://ubpost.mongolnews.mn/index.php?option=com_content&task=view&id=6478&Itemid=36। আহৰণ কৰা হৈছে: 2010-07-11. 
  2. Mongolia National Census 2010 Provision Results. National Statistical Office of Mongolia (in Mongolian.)
  3. "Mongolian" is included minorities like Kazakhs or Tuvans.
  4. Official landuse balanse data (2007)[সংযোগবিহীন উৎস]
  5. 5.0 5.1 Date: (2011-06-13). "Momgolia National Census 2010 Preliminary Results". National Statistical Office of Mongolia. http://www.toollogo2010.mn/doc/NSO_F-06-10-1.pdf। আহৰণ কৰা হৈছে: 2011-06-14. 
  6. 6.0 6.1 6.2 6.3 "Mongolia". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2011/01/weodata/weorept.aspx?pr.x=68&pr.y=1&sy=2008&ey=2011&scsm=1&ssd=1&sort=country&ds=.&br=1&c=948&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: 2011-04-21. 
  7. "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/। আহৰণ কৰা হৈছে: 2 March 2011. 
  8. "Human Development Report 2011". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Tables.pdf। আহৰণ কৰা হৈছে: 27 January 2012. 
  9. "Mongolia Standard Time is GMT (UTC) +8, some areas of Mongolia use GMT (UTC) + 7". Time Temperature.com. Archived from the original on 2007-10-13. https://web.archive.org/web/20071013100212/http://timetemperature.com/asia/mongolia_time_zone.shtml। আহৰণ কৰা হৈছে: 2007-09-30. 
  10. "The Mongolian government has chosen not to move to Summer Time". World Time Zone.com. http://www.worldtimezone.com/dst_news/dst_news_mongolia01.html। আহৰণ কৰা হৈছে: 2007-09-30. 
  11. "Mongolian Time Zones". http://www.statoids.com/tmn.html। আহৰণ কৰা হৈছে: 2011-05-20. 

আৰু পঢ়ক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
চৰকাৰ
তথ্য
ভ্ৰমণ