সমললৈ যাওক

কুৱেইট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুৱেইট
دولة الكويت
দাওলাত আল-কুৱেইট
Flag of কুৱেইট
Flag
প্ৰতীক of কুৱেইট
প্ৰতীক
Anthem: "আল-নশীদ আল-ওয়াতানি"
"জাতীয় সংগীত"
Location of কুৱেইট
ৰাজধানী
and largest city
কুৱেইট চিটি
Official languagesআৰৱী ভাষা
ধৰ্ম
ইছলাম
Demonymকুৱেইটি
Governmentসংবিধানিক ৰাজতন্ত্ৰ আমিৰাত[1]
 আমিৰ
চাবাহ আল-আহমাদ আল-জাবেৰ আল-চাবাহ
 প্ৰধানমন্ত্ৰী
জাবেৰ আল-মোবাৰক আল-হামাদ আল-চাবাহ
স্বাধীনতা
 যুক্তৰাষ্ট্ৰৰ পৰা
১৯ জুন , ১৯৬১
Area
 Total
17,818 বৰ্গ কি.মি. (৬,৮৮০ বৰ্গ মাইল) (১৫৭ তম)
 Water (%)
নগণ্য
Population
 ২০০৬ estimate
৩,১০০,০০০[2] (n/a)
 Density
131 /কিমি (৩৩৯.৩ /বৰ্গ মাইল) (৬৮ম)
GDP (PPP)২০০৫ estimate
 Total
$৮৮.৭ বিলিয়ন (n/a)
 Per capita
$২৯,৫৬৬ (n/a)
HDI (২০০৪)বৃদ্ধি ০.৮৭১
Error: Invalid HDI value (৩৩ম)
Currencyকুৱেইটি ডিনাৰ (KWD)
Time zoneUTC+৩ (AST)
 Summer (DST)
UTC+৩ ((পালন কৰা নহয়))
Calling code৯৬৫
Internet TLD.kw

কুৱেইট (আৰৱী: دولة الكويت) পশ্চিম এছিয়াত অৱস্থিত এখন আমিৰাত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে চৌদি আৰৱ আৰু উত্তৰ পশ্চিমত ইৰাক অৱস্থিত। ইয়াৰ উত্তৰ-দক্ষিণকৈ দীঘ সৰ্বোচ্চ ২০০ কিঃমিঃ(১২০ মাইল) আৰু পূব-পশ্চিমকৈ ১৭০ কিঃমিঃ (১১০ মাইল)। কুৱেইট এক আৰৱী শব্দ, ইয়াৰ অৰ্থ হল "পানীৰ কাষৰ মহল"। প্ৰায় ৩০ লাখ জনসংখ্যাৰ এই দেশত সাংবিধানিক ৰাজতন্ত্ৰ বিৰাজমান। ইয়াৰ চৰকাৰ সংসদীয়। কুৱেইট চিটি দেশ খনৰ আৰ্থিক আৰু ৰাজনৈতিক ৰাজধানী। কুৱেইটত কেইবাটাও দ্বীপ অন্তৰ্ভুক্ত। তাৰে ভিতৰত ইৰাকৰ সীমাত থকা বুমিয়ান দ্বীপ সৰ্ববৃহৎ।

১৯৯০ চনত ইৰাকে কুৱেইটৰ লগত যুদ্ধ কৰি নিজৰ অধীনত আনিছিল। সাত মাহ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীৰ দ্বাৰা কুৱেইট মুক্ত হয়। ঘূৰি যোৱা ইৰাকী সৈন্য সকলে প্ৰায় ৭৫০টা তেলৰ পুং জ্বলাই দিয়ে। ইয়াৰ ফলত আৰ্থিক ক্ষতিৰ লগতে পৰিৱেশৰো বিস্তৰ ক্ষতি সাধন হয়। এই যুদ্ধত কুৱেইটৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি সাধন হয় আৰু ইয়াক পুনৰ নিৰ্মাণ কৰিবলগীয়া হয়।

খাৰুৱা তেলৰ সঞ্চিত ভাণ্ডাৰৰ ভিতৰত কুৱেইট বিশ্বৰ ভিতৰতে পঞ্চম। সেইদৰে জনমূৰী আয়ৰ হিচাপত ই বিশ্বৰ একাদশ স্থানৰ ধনী দেশ। কুৱেইটত তেলৰ সন্ধান আৰু শোধনৰ প্ৰক্ৰিয়া ১৯৩০ চনৰ পৰা আৰম্ভ কৰা হৈছিল। ১৯৬১ চনত যুক্তৰাষ্ট্ৰৰ পৰা স্বাধীন হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশ খনৰ ৯৫ শতাংশ ৰপ্তানি আৰু ৮০ শতাংশ চৰকাৰী ৰাজস্ব তেল আৰু তেলৰ পৰা উৎপাদিত বস্তুৰ পৰায়ে আহে।

ৰাজনীতি

[সম্পাদনা কৰক]

কুৱেইট এখন সাংবিধানিক অৰ্ধ গণতান্ত্ৰিক আমিৰাত।[3][4][5][6] আমিৰ কুৱেইটৰ ৰাষ্ট্ৰপ্ৰধান তথা চৰকাৰ প্ৰধান। এই সংকৰ ৰাজনৈতিক তন্ত্ৰ নিৰ্বাচিত সাংসদ আৰু চৰকাৰৰ দ্বাৰা নিয়োজিত বিষয়া সকলৰ দ্বাৰা পৰিচালিত হয়।[7][8]

কুৱেইটৰ সংবিধান ১৯৬২ চনত গৃহীত কৰা হৈছিল। কুৱেইট মধ্য প্ৰাচ্যৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত নাগৰিকৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ আটাইতকৈ বেছি মুক্ত ৰাষ্ট্ৰ।[9][3][10] ফ্ৰীদম হাউচ নামৰ সংস্থায়ে ফ্ৰীদম ইন দা ৱৰ্ল্ড জৰীপ মতে কুৱেইটক পাৰ্টলি ফ্ৰী বা অৰ্ধ মুক্ত বুলি চিহ্নিত কৰিছে।[11]

প্ৰশাসন

[সম্পাদনা কৰক]

কুৱেইট ছয়খন প্ৰশাসনীয় অঞ্চলত বিভক্ত। এই অঞ্চল সমূহ আকৌ জিলাৰে ভাগ কৰা হৈছে।

কুৱেইটৰ প্ৰশাসনীয় অঞ্চল
অঞ্চল ৰাজধানী কালি
কিঃমিঃ²
জনসংখ্যা
লোকপিয়ল
২০০৫
সৃষ্টি
আল আশ্বিমাহ (আল কুঁৱায়ত)2)আল কুৱেইট২০০২৬১০১৩প্ৰাৰম্ভিক প্ৰশাসনীয় অঞ্চল
হায়াল্লিহায়াল্লি জিলা৮৪৪৮৭৫১৪প্ৰাৰম্ভিক প্ৰশাসনীয় অঞ্চল
আল ফাৰৱানীয়াআল ফাৰৱানীয়া১৯০৬২২১২৩আল আশ্বিমাহৰ পৰা, ১৯৮৮
আল আহমেডি 1)আল আহমেডি৫১২০৩৯৩৮৬১আল আশ্বিমাহৰ পৰা, ১৯৪৬
আল জাহৰা 3)আল জাহৰা১২১৩০২৭২৩৭৩আল আশ্বিমাহৰ পৰা, ১৯৭৯
মোবাৰাক আল কবিৰমোবাৰাক আল কবিৰ৯৪১৭৬৫১৯হায়াল্লিৰ পৰা, ১৯৯৯
মুঠ১৭৮১৮২২১৩৪০৩ 
1)১৮ ডিচেম্বৰ, ১৯৬৯ চনত চৌদি কুৱেইটি প্ৰশমন অঞ্চল ভংগ কৰা হয় ,
আৰু উত্তৰ অঞ্চলৰ ২৫৯০ কিঃমিঃ² আল আহমেডিত যোগ দিয়া হয় (লগতে কিছু অঞ্চল আল জাহৰাত যৌগ দিয়া হয় )
2) ফেইলকা দ্বীপ, মিচকান দ্বীপ আৰু আওহাহ দ্বীপেৰে গিঠিত
3) ৱাৰবাহ আৰু বুবিয়ান দ্বীপেৰে গঠিত

আদৰ্শ আৰৱী ভাষা কুৱেইটৰ চৰকাৰী ভাষা। আদৰ্শ আৰৱী ভাষা ধ্ৰুপদী আৰৱী ভাষাৰ এটি আধুনিকায়িত ৰূপ। ধৰ্মীয় আচাৰ অনুষ্ঠানত এতিয়াও ধ্ৰুপদী আৰৱী ভাষা ব্যৱহৃত হয়। অন্যান্য সমস্ত আনুষ্ঠানিক কামকাজ, শিক্ষা আৰু গণমাধ্যমত আদৰ্শ আৰৱী ভাষা ব্যৱহৃত হয়। কুৱেইটৰ জনগণৰ প্ৰায় ৮৫% লোকে মৌখিক আদান-প্ৰদানৰ বাবে উপসাগৰীয় আৰৱী ভাষা ব্যৱহাৰ কৰে। বিদেশী ভাষা হিচাপে ইংৰাজী ভাষা বহুলভাবে প্ৰচলিত। ইংৰাজীত ৰেডিঅ টিভিৰ অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Nominal.
  2. Including approximately two million non-nationals (2005 estimate).
  3. 1 2 "Kuwait's Democracy Faces Turbulence". Wall Street Journal. http://www.wsj.com/articles/SB123911916184897231 আহৰণ কৰা হৈছে: 12 March 2016.
  4. Selvik, Kjetil (2011). "Elite Rivalry in a Semi-Democracy: The Kuwaiti Press Scene". Middle Eastern Studies: 478. http://www.academia.edu/2904861/Elite_Rivalry_in_a_Semi-Democracy_The_Kuwaiti_Press_Scene.
  5. "Kuwait Country Report". Bertelsmann Foundation. Archived from the original on 2016-04-03. https://web.archive.org/web/20160403222427/https://www.bti-project.org/de/4579/laenderberichte/detail/itc/kwt/ity/2010/itr/mena/ আহৰণ কৰা হৈছে: 2016-11-28.
  6. Robert F. Worth. "In Democracy Kuwait Trusts, but Not Much". New York Times. http://www.nytimes.com/2008/05/06/world/middleeast/06kuwait.html?pagewanted=print&_r=0 আহৰণ কৰা হৈছে: 12 March 2016.
  7. Selvik, Kjetil (2011). "Elite Rivalry in a Semi-Democracy: The Kuwaiti Press Scene". Middle Eastern Studies খণ্ড 47 (3): 477–496. doi:10.1080/00263206.2011.565143.
  8. Ulrichsen, Kristian Coates (2014). "Politics and Opposition in Kuwait: Continuity and Change". Journal of Arabian Studies: Arabia, the Gulf, and the Red Sea খণ্ড 4 (2): 214–230. doi:10.1080/21534764.2014.974323. http://www.tandfonline.com/doi/abs/10.1080/21534764.2014.974323#.VNu5xPmUdCZ.
  9. "Kuwaiti Democracy: Illusive or Resilient?". American University of Beirut. পৃষ্ঠা: 7. Archived from the original on 10 October 2017. https://web.archive.org/web/20171010152647/http://www.aub.edu.lb/fas/ife/PublishingImages/IFE%20Report-web.pdf আহৰণ কৰা হৈছে: 12 March 2016.
  10. "Kuwait rated ‘partly free’ by Freedom House". Mubasher. Archived from the original on 2014-10-06. https://web.archive.org/web/20141006073504/http://english.mubasher.info/KSE/news/2231138/Kuwait-rated-partly-free-by-Freedom-House#.U-U8kPmSxfA আহৰণ কৰা হৈছে: 2016-11-28.
  11. "Freedom in the World: Kuwait". Freedom House. 2011. http://www.freedomhouse.org/report/freedom-world/2011/kuwait আহৰণ কৰা হৈছে: 25 June 2012.