সমললৈ যাওক

উত্তৰ কোৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্থানাংক: 40°00′N 127°00′E / 40°N 127°E / 40; 127

গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়া
Flag of উত্তৰ কোৰিয়া
Flag
Emblem of উত্তৰ কোৰিয়া
Emblem
Motto: 
  • 강성대국
  • কাংছং ডায়েগুক
  • শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ
Anthem: 
গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়াৰ শাসনক থকা অংশ সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে
গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়াৰ শাসনক থকা অংশ সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে
ৰাজধানী
and largest city
পিয়ং ইয়াং
Official languagesকোৰীয়
চৰকাৰী লিপিChosŏn'gŭl
Demonyms
  • উত্তৰ কোৰিয়ান
  • কোৰিয়ান
Area
• Total
1,20,540 বৰ্গ কি.মি. (46,540 বৰ্গ মাইল) (98th)
• Water (%)
4.87
Population
• 2013 estimate
24,895,000 (48th)
• 2011 census
24,052,231[1]
• Density
198.3 /কিমি (513.6 /বৰ্গ মাইল) (63rd)
GDP (PPP)2011 estimate
• Total
$40 billion[2]
• Per capita
$1,800[2]
GDP (nominal)2013 estimate
• Total
$15,4 billion[3]
• Per capita
$621[3]
HDI (1995)steady 0.766[4]
high (75th)
Currencyউত্তৰ কোৰিয়ান ৱন (₩) (KPW)
Time zoneUTC+৮:৩০ (পিয়ং ইয়াং সময়[5])
Date format
  • yy, yyyy년 mm월 dd일
  • yy, yyyy/mm/dd (CE–1911 / CE)
Calling code+৮৫০
Internet TLD.kp
  1. ^ Kim Jong-un holds four concurrent positions: First Secretary of the Workers' Party, Chairman of the Central Military Commission, First Chairman of the National Defence Commission and Supreme Commander of the People's Army, serving as the "supreme leader" of the DPRK.
  2. ^ Kim Yong-nam is the "head of state for foreign affairs". The position of president (formerly head of state) was written out of the constitution in 1998. Kim Il-sung, who died in 1994, was given the appellation "Eternal President" in its preamble.

উত্তৰ কোৰিয়া (ইংৰাজী: North Korea) উত্তৰ-পূৰ্ব এছিয়াৰ এখন ৰাষ্ট্ৰ যি কোৰিয়া উপদ্বীপৰ উত্তৰ অৰ্ধাংশকলৈ গঠিত। ইয়াৰ চৰকাৰী নাম হৈছে গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়া (কোৰীয়: 조선민주주의인민공화국, চোছন্‌ মিন্‌জুজুই্যই ইন্‌মিন্‌ কোংহুয়াগুক্‌)। উত্তৰ কোৰিয়াৰ উত্তৰে গণচীন, উত্তৰ-পূৰ্বে ৰাছিয়া, পূৰ্বে জাপান সাগৰ, দক্ষিণে দক্ষিণ কোৰিয়া আৰু পশ্চিমে পীতসাগৰ অবস্থিত। দেশখনৰ আয়তন ১,২০,৫৩৮ বৰ্গকিলোমিটাৰ। উত্তৰ কোৰিয়া ৰাষ্ট্ৰখন ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰে। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষত ছ'ভিয়েট সামৰিক বাহিনী কোৰীয় উপদ্বীপৰ অৰ্ধাংশ নিয়ন্ত্ৰণ কৰিছিল। ১৯৫০ৰ দশকৰ কোৰীয় যুদ্ধৰ পিছৰ পৰা ই সমাজতান্ত্ৰিক শাসনৰ অধীনত আছে। উত্তৰ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰৰ নাম পিয়ং ইয়াং। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া মাজত অবস্থিত কোৰীয় সেনামুক্ত অঞ্চল। আম্নোক নদী আৰু তুমাননদী উত্তৰ কোৰিয়া আৰু গণচীনৰ মধ্যবৰ্তী সীমান্তত অবস্থিত। তুমান নদীৰ এটি অংশ একেবাৰে উত্তৰ-পূৰ্ব অংশত ৰাছিয়া সীমান্ত আছে।[6]

অবিভক্ত কোৰিয়া মূলত জাপানৰ দখলত আছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধত পৰাস্ত হোৱাৰ সময়ত জাপানীসকলৈ সমাজতান্ত্ৰিক দেশ ছ'ভিয়েট সংঘৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ ফলত অবিভক্ত কোৰিয়া দুভাগ ভাগ হৈ যায়। তেতিয়া উত্তৰ কোৰিয়া ১৯৫০ চনত সমাজতান্ত্ৰিক দেশ ছ'ভিয়েট সংঘৰ মতাদৰ্শত সমাজতান্ত্ৰিক শাসন প্ৰচলন হয়, আনফালে দক্ষিণ কোৰিয়া পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতাদৰ্শত সেই পুঁজিবাদী গোটত যোগ দান কৰে। তেতিয়াৰে পৰা কোৰিয়া দুটা ভিন্ন নাম যথা উত্তৰ আৰু দক্ষিণ তথা দুটা ভিন্ন অথনৈতিক ব্যবস্থা আৰম্ভ হয়। দক্ষিণ কোৰিয়াত আমেৰিকাৰ পুঁজিবাদ আৰু উত্তৰ কোৰিয়াত ছ'ভিয়েট সংঘৰ মত সমাজতন্ত্ৰবাদ প্ৰচলন হয়। উত্তৰ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় গণতান্ত্ৰিক গণপ্ৰজাতন্ত্ৰী কোৰিয়া আৰ দক্ষিণ কোৰিয়াৰ চৰকাৰি নাম ৰখা হয় প্ৰজাতন্ত্ৰী কোৰিয়া। উত্তৰ কোৰিয়াৰ ৰাজধানীৰ হয় পিয়ং ইয়াং আৰ দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ হয় ছিউল

সমাজতান্ত্ৰিক তথা মাৰ্ক্সবাদী নেতা কিম ইল ছংয়ৰ নেতৃত্বাধীন কোৰিয়াৰ ৱাৰ্কাৰ্ছ পাৰ্টিৰ নিয়ন্ত্ৰণত উত্তৰ কোৰিয়াত একদলীয় শাসন আৰম্ভ হয়, মূলত যুদ্ধবিদ্ধস্ত দেশখনক পূণৰ্গঠনৰ বাবে পঞ্চবাৰ্ষিকী পৰিকল্পনা কৰা হয়। তাৰপিছৰ পৰা উত্তৰ কোৰিয়াই সমাজতান্ত্ৰিক পথত উন্নতি কৰিবলৈ আৰম্ভ কৰে। কিন্তু এই উন্নতি কোনো সমাজতান্ত্ৰিক দেশ হৈ বজাৰ অৰ্থনীতিৰ প্ৰবক্তা আমেৰিকাৰ মতবিৰোধ আৰম্ভ হয়। আমেৰিকাই এই দেশেৰ ৰাজনীতি সম্পৰ্কে নানা ধৰণৰ প্ৰশ্ন তুলে তথা নানা ভাবে সমাজতান্ত্ৰিক দেশ উত্তৰ কোৰিয়াৰ পতনৰ বাবে কাম আৰম্ভ কৰে। তেওঁলোকে এই দেশৰ মহান নেতা কিম ইল ছংয়ৰ নেতৃত্বক কেতিয়াবা অগণতান্ত্ৰিক, কেতিয়াবা ষ্টেলিনীয় বা একনায়কতান্ত্ৰিক শাসন হিচাপে উল্লেখ কৰে। তথাপি সমাজতান্ত্ৰিক দেশ উত্তৰ কোৰিয়াৰ নেতা কিম ইল ছংয়ৰ সমাজতান্ত্ৰিক তথা গণতান্ত্ৰিক আদৰ্শতেই দেশৰ প্ৰচুৰ উন্নতি সাধন কৰিছিল আৰু উন্নয়নত আগবাঢ়ি গৈছিল। সমাজতান্ত্ৰিক ভাবধাৰাৰ ছ'ভিয়েট সংঘৰ সৈতে তেওঁৰ সম্পৰ্ক মধুৰ আছিল। ছ'ভিয়েট সংঘৰ সমাজতান্ত্ৰিক উন্নয়নমুখীতাৰ প্ৰভাৱ উত্তৰ কোৰিয়াৰ উপৰও দেখা যায়। তথাপি পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰই এই উন্নতি সহ্য কৰিব নোৱাৰিছিল, কাৰণ সকলো সমাজতান্ত্ৰিক ৰাষ্ট্ৰ তেওঁলোকৰ দৃষ্টিত শত্ৰু আছিল। তেওঁলোকে সমাজতান্ত্ৰিক ৰাষ্ট্ৰ বিশ্বৰ পক্ষে কিমান ক্ষতিকৰ তাক তুলি ধৰি থাকে আৰু সকলো সমাজতান্ত্ৰিক ৰাষ্ট্ৰই যে মানবজাতি আৰু মানবাধিকাৰৰ প্ৰতি ভাবুকি স্বৰূপ তাক বাৰে বাৰে নানা কুটনীতিৰ মাধ্যমেৰে প্ৰকাশ কৰি থাকে। সমাজতান্ত্ৰিক ৰাষ্ট্ৰৰ পতন যে নিশ্চিত সেয়া তেওঁলোকে নানা ধৰণৰ পুঁজিবাদী আৰ্হিৰ মাধ্যমেৰে জানিবলৈ দিয়ে। সমাজতান্ত্ৰিক ৰাষ্ট্ৰ ব্যবস্থাই যে এইবাৰ আৰু এক মহাযুদ্ধৰ আৰম্ভ কৰিব সেই কথা পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰই পূৰ্বসংকেত কৰিছিল, যদিও ১৯৯০ চনত ছ'ভিয়েট সংঘৰ পতন পৰ্যন্ত কোনো সমাজতান্ত্ৰিক ৰাষ্ট্ৰই মহাযুদ্ধ আৰম্ভ কৰা নাই।

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰব্যবস্থা সাংবিধানিক ভাবে এক বহুদলীয় গণতান্ত্ৰিক ব্যবস্থা হলেও দেশখনত কাৰ্যত এটা একদলীয় শাসনব্যবস্থাত পৰিচালিত হয়। কিম জং দ্বিতীয়ৰ নেতৃত্বত কোৰিয়াৰ ৱাৰ্কাৰ্ছ পাৰ্টিই হল দেশৰ একমাত্ৰ শাসক ৰাজনৈতিক দল। দেশৰ চৰকাৰ ব্যবস্থা গণতান্ত্ৰিক কেন্দ্ৰিকতা নীতিৰ ওপৰত ভিত্তি কৰি গঠিত। সংবিধানত গণতান্ত্ৰিক চৰকাৰৰ কথা কোৱা হলেও কিম জং দ্বিতীয় আৰু মুষ্টিমেয় কেইজনমান নেতাই দেশখন পৰিচালনা কৰে। পশ্চিম বিশ্বত দেশখনক এক কমিউনিষ্ট ৰাষ্ট্ৰ হিচাপে গণ্য কৰা হলেও মাৰ্ক্সবাদ বা লেনিনবাদ নহয়, বৰং চুছে (Juche) তথা "স্বনিৰ্ভৰতা" হৈছে দেশখনৰ বৰ্তমান চৰকাৰী ৰাজনৈতিক দৰ্শন।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "DPR Korea 2008 Population Census National Report". প্ৰকাশক Pyongyang: DPRK Central Bureau of Statistics. 2009. Archived from the original on 31 March 2010. https://web.archive.org/web/20100331091148/http://unstats.un.org/unsd/demographic/sources/census/2010_PHC/North_Korea/Final%20national%20census%20report.pdf। আহৰণ কৰা হৈছে: 19 February 2011. 
  2. 2.0 2.1 North Korea Archived 2015-08-12 at the Wayback Machine, CIA World Factbook, accessed on 31 March 2013.
  3. 3.0 3.1 National Accounts Main Aggregate Database Archived 2016-02-05 at the Wayback Machine, United Nations Statistics Division, December 2012.
  4. "Table 1.3 : HDI ranking for developing countries, 1995". Human Development Report 1998. United Nations Development Program. 1998. পৃষ্ঠা: 33. http://hdr.undp.org/sites/default/files/reports/259/hdr_1998_en_complete_nostats.pdf#33। আহৰণ কৰা হৈছে: 2016-04-23. 
  5. "Turning back the clock - North Korea creates Pyongyang Standard Time". Reuters. 6 August 2015. http://www.reuters.com/article/2015/08/07/northkorea-time-idINKCN0QC04C20150807. 
  6. Frank Jacobs (21 February 2012). "Manchurian Trivia" (blog by expert). The New York Times. http://opinionator.blogs.nytimes.com/2012/02/21/manchurian-trivia/। আহৰণ কৰা হৈছে: 27 August 2012. 
  7. "Constitution of the DPRK". http://naenara.com.kp/en/great/constitution.php?22। আহৰণ কৰা হৈছে: 18 May 2014.